‘অ নুবাদ’ শব্দটোৰ সমার্থককৈ আৰু দুটা শব্দৰ আমাৰ ভাষাত সঘন প্রয়োগ হয়। শব্দ দুটা হ’ল— ‘ভাঙনি’ আৰু ‘তর্জমা’ (আমাৰ আনন্দচন্দ্ৰ আগৰৱালাদেৱক ‘ভাঙনি কোঁৱৰ’ বোলা হৈছে)।
অনুবাদ কর্মটো হ’ল এক ৰূপান্তৰকৰণ প্রক্রিয়া। অনুবাদ কৰা বুলিলে এটা ভাষাৰ পাঠ এটাক আন এটা ভাষালৈ ৰূপান্তৰিত কৰাটো বুজায়। ভাষাৰহে ৰূপান্তৰ হয়, ভাবটোৰ নহয়। কিমান সার্থকতাৰে এই ৰূপান্তৰ ঘটোৱা হয়, সেইটো অনুবাদকগৰাকীৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। মূলৰ ভাষা আৰু যিটো ভাষালৈ অনুবাদ কৰা হৈছে সেইটো ভাষা— এই দুয়োটাৰ ওপৰত থকা তেওঁৰ দখলৰ ওপৰত এই দক্ষতা নিৰ্ভৰশীল। অনুবাদটো আক্ষৰিক অর্থত মূলানুগ হ’লেই তাক যথার্থ বুলি কোৱা নাযায়, ই সুখপাঠ্যও হ’ব লাগে।
অনুবাদ এক বিশিষ্ট সাহিত্য কর্ম। ইয়াৰ ইতিহাস সু-প্রাচীন। বহুত যুগৰ পৰাই বিশ্বৰ বিভিন্ন ভাষাত অনুবাদে এক সুকীয়া স্থান অধিকাৰ কৰি আহিছে। ষষ্ঠদশ শতিকাৰ ইংৰাজী সাহিত্যত অনুবাদৰ ভূমিকা সম্পর্কে সেই সাহিত্যৰ ছাত্র মাত্রেই অৱগত।
বিশ্বৰ ভিন ভিন ভাষাৰ বহুতো মহৎ গ্রন্থ অন্য ভাষালৈ অনূদিত হৈছে। সেইবোৰৰ ভিতৰত আমাৰ মহাভাৰত, ৰামায়ণ, গীতা, উপনিষদ, পঞ্চতন্ত্র, হিতোপদেশ আদি গ্রন্থ আছে। বাইবেলখন বিশ্বৰ অসংখ্য ভাষালৈ অনুবাদ কৰা হৈছে। এই তালিকাখনৰ শেষ নাই। ইয়াত মাত্ৰ কেইখনমানৰ উদাহৰণহে উল্লেখ কৰা হৈছে।
বিশ্বসাহিত্য আৰু তুলনামূলক সাহিত্যত অনুবাদৰ তাৎপর্যপূর্ণ স্থান আছে। ‘গীতাঞ্জলি’ৰ ইংৰাজী অনুবাদৰ ভিত্তিতেই ৰবীন্দ্রনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল। উইন চাহাবে কৰা ‘শকুন্তলা’ৰ অনুবাদ পঢ়ি গ্যেটেই কালিদাসৰ এই অমৰ সৃষ্টিৰ উচ্ছ্বসিত প্রশংসা কৰিছিল।
সাম্প্রতিক কালত সাৰস্বত মহলত অনুবাদে ক্ৰমাৎ অধিক গুৰুত্ব লাভ কৰিবলৈ লৈছে। প্রযুক্তিবিদ্যাই ভৌগোলিক দূৰত্ব হ্রাস কৰি মানুহক শাৰীৰিকভাৱে পৰস্পৰৰ ওচৰ চপাত সহায় কৰিছে। অনুবাদে দূৰ কৰিছে বিভিন্ন ভাষা-ভাষী লোকৰ মাজত থকা মানসিক দূৰত্ব। বিভিন্ন ভাষিক গোষ্ঠীৰ ধ্যান-ধাৰণা সম্পর্কে অৱগত হোৱাত অনুবাদ সহায়ক হৈছে। আন্তর্জাতিক বুজা-পৰাৰ ক্ষেত্ৰত অনুবাদৰ অৰিহণা অসামান্য।
অনুবাদৰ প্ৰকাৰ ভেদ আছে। কিছুমান অনুবাদ আক্ষৰিক, আন কিছুমান ভাবানুবাদ। অনুসৃষ্টি (Transcreation) বুলি অভিহিত এক প্রকাৰ অনুবাদো আছে।
ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাৰ মহৎ গ্ৰন্থৰাজি দেশখনৰ অন্যান্য ভাষালৈ অনূদিত হোৱাটো কাম্য। এই বিৰাট দেশখনৰ জনসাধাৰণৰ মাজত বৌদ্ধিক আৰু আবেগিক ঐক্য আৰু বুজা-পৰাৰ সৃষ্টি কৰাত এনে অনুবাদ বিশেষভাৱে সহায়ক হ’ব বুলি ক’ব পাৰি। অসমীয়াৰ পৰা হিন্দী ভাষালৈ আৰু হিন্দীৰ পৰা অসমীয়া ভাষালৈ অনেক গ্রন্থ ইতিমধ্যে অনুবাদ কৰা হৈছে, কিন্তু দক্ষিণ ভাৰতীয়— মাৰাঠী, গুজৰাটী, মালয়ালি আদি ভাষালৈ বা সেইবোৰ ভাষাৰ পৰা আমাৰ ভাষালৈ অনুবাদ কাচিৎ দুই-এখনহে হৈছে। এই পৰিস্থিতিৰ পৰিৱৰ্তন হোৱাটো বাঞ্ছনীয়।
লেখা মাত্রকে অনুবাদ কৰিব পৰা নাযায়। মূলপাঠৰ ভাবটোৰহে মাত্র এটা আভাস দিব পৰা যায়। নির্বস্তুক (এবষ্ট্রেক্ট) চিন্তাবাদী ভাষাৰ অনুবাদ দুৰূহ কার্য। সৃষ্টিশীল সাহিত্যত, পাঠ একোটাৰ Cultural Contex-টো অনুবাদত পূৰাকৈ ৰক্ষা কৰাটো কেতিয়াবা কেতিয়াবা কঠিন হৈ উঠে। বহুতো সময়ত এই কথাটোৱেই অনুবাদৰ বাটত হেঙাৰ হিচাপে থিয় দিয়ে। কবিতাৰ অনুবাদ কৰাটো টান কাম। টানহে, অসম্ভৱ কিন্তু নহয়। কিন্তু মূলৰ সৌষ্ঠৱ অনুবাদত হেৰাই নোযোৱাকৈ নাথাকে। কবিতাৰ মনোগ্রাহী অনুবাদ কৰিব পৰা অনুবাদকৰ সংখ্যা বৰ বেছি নহয়। অনুসৃষ্টিৰ ব্যাপাৰটো পিছে সুকীয়া। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে জোনাকী যুগৰ কেইবাগৰাকী লেখকৰ ভালেকেইটা সুন্দৰ কবিতা ইংৰাজী কবিতাৰ অনুসৃষ্টি। মূলতে বিদেশী, কিন্তু সাজে-পাৰে, ভাবে-ভাষাই শুদ্ধ অসমীয়া। গুৰিটো যে ক’ৰবাত, কৈ নিদিলে বহুত পাঠকে ধৰিবই নোৱাৰিব। এনে এটা পৰিণত সৃষ্টি কৰিব পৰাটো লেখক এগৰাকীৰ বাবে কম কৃতিত্বৰ কথা নহয়।
অনুবাদে যিকোনো ভাষাৰে সাহিত্যৰ সমৃদ্ধি বঢ়ায়। অসমীয়া সাহিত্যকো অনুবাদে সমৃদ্ধ কৰিছে। আমাৰ ভাষাত সর্বশ্রেষ্ঠ অনুবাদক হ’ল মহাপুৰুষ দুগৰাকী। সংস্কৃতৰ পৰা অনুবাদ কৰা তেৰাসকলৰ কাব্যই আমাৰ সাহিত্যক ৰূপে-ৰসে-গন্ধে-বর্ণে বিভূষিত কৰিছে।
অনুবাদৰ বিষয়টোত কেইবাটাও তাত্ত্বিক প্রসঙ্গ জড়িত আছে। এই চমু আলোচনাটোত আমি সেইবোৰ উলিয়াব খোজা নাই।
ভিন ভিন ভাষাৰ বছা বছা পুথি যিমান পাৰি সিমান আমাৰ ভাষালৈ অনুবাদ হোৱাটো বাঞ্ছনীয়। বাংলা সাহিত্য এই বিষয়ত আমাৰ পথ প্রদর্শক হ’ব পাৰে। নতুন কিতাপ এখন বিদেশত ক’ৰবাত ওলাবহে লাগে, তাৰ বাংলা অনুবাদ কলকাতাৰ দোকানত আপুনি পাই গ’ল। এইক্ষেত্ৰত বাংলা প্রকাশকসকলৰ তৎপৰতা আমাৰ প্রকাশকসকলৰৰ অনুকৰণীয় হোৱা উচিত। পিছে আক্ষেপৰ কথা, আমাৰ বহুতো প্রকাশকে অনুবাদ গ্রন্থ প্রকাশ কৰিবলৈ ইচ্ছা নকৰে। খাটি-লুটি কৰালেও অনুবাদকৰ প্ৰাপ্যখিনি দিয়াত তেওঁলোকৰ কোনো কোনোৱে কৃপণালি কৰে। ‘অনুবাদহে, মূল ৰচনা নহয়’ বুলি কোৱাৰ ধৃষ্টতা দেখুৱায়। এনে মনোভাব আঁতৰিব লাগে।
অসমীয়া কিতাপৰ ইংৰাজী অনুবাদ হোৱাটোও সমানেই দৰকাৰী কথা। ইংৰাজী অনুবাদৰ যোগেদিহে বাহিৰৰ জগতখন আমাৰ ভাষা-সাহিত্যৰ লগত পৰিচিত হ’ব পাৰিব। ইয়াৰ বাবে ইংৰাজী ভাষাত দখল থকা অনুবাদকৰ প্রয়োজন হ’ব। মামণি ৰয়চম গোস্বামী দেশৰ বাহিৰে-ভিতৰে সুপৰিচিত হোৱাৰ অন্যতম এটা কাৰক হ’ল তেখেতৰ আত্মজীৱনী প্ৰমুখ্যে কেইবাখনো উপন্যাস আৰু কিছুমান চুটিগল্পৰ ইংৰাজী তথা হিন্দী অনুবাদ। ‘মিৰি জীয়ৰী’ আৰু ‘ভাৰণ্ড পখীৰ জাক’ নামৰ উপন্যাস দুখনে এই লেখকে কৰা ইংৰাজী অনুবাদৰ গুণত সর্বভাৰতীয় পর্যায়ত সুধীজনৰ উচ্চ প্রশংসা লাভ কৰিছে। অনুবাদ দুটা নোলোৱাহেঁতেন কিতাপ দুখনৰ কথা বাহিৰৰ বিদ্বান মহলে নাজানিলেইহেঁতেন।
আমাৰ সাহিত্যিক ধ্যান-ধাৰণা নিজৰ ভাষাটোৰ চাৰি বেৰৰ মাজতে সীমাবদ্ধ হৈ ৰোৱাটো আমাৰ মানসিক বিকাশৰ অনুকূল নহয়। মনৰ দিগন্ত প্ৰসাৰণৰ ক্ষেত্ৰত অনুবাদে বিশেষ অৰিহণা আগবঢ়াব পাৰে। সাহিত্যিক অনুশীলনৰ গতানুগতিকতা দূৰ কৰাৰ বাবেও অনুবাদ এক প্রশংসনীয় আহিলা।
অনুবাদ সম্পর্কে থোৰতে মনলৈ অহা কেইটামান মাত্র কথা ইয়াত উল্লেখ কৰা হ’ল। অনুবাদ সম্পর্কে এটা পৰিপাটি প্রবন্ধ বুলি এই লেখাটোক ধৰিব নালাগে। অনুবাদৰ বিষয়টোৰ বিস্তাৰিত আলোচনাৰ অৱকাশ আছে। আগ্রহী পাঠকে মন কৰিলে কৃষ্ণকান্ত সন্দিকৈদেৱৰ প্রবন্ধ ‘অনুবাদৰ কথা’ আৰু এই লেখকৰ অনুবাদ সম্পর্কে লিখা পুথিখন (জ্যোতি প্রকাশন, গুৱাহাটীৰ দ্বাৰা প্রকাশিত) পঢ়ি চাব পাৰে।
❧ | আৰু পঢ়ক:
- সামাজিক আৰু সাংস্কৃতিক সমৃদ্ধিৰ মাধ্যম স্বৰূপে অনুবাদ: সমস্যা আৰু সম্ভাৱনীয়তা
- আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম অনুবাদক আত্মাৰাম শৰ্মা
- পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ ব্যক্তিত্ব আৰু প্রতিভা
- মেক্সিম গৰ্কীৰ গল্প: এজন স্বজনবৈৰীৰ মাতৃ
- সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত সন্মুখীন হোৱা ভাষাগত সমস্যাৱলী | হিতেশ ডেকাৰ ‘আজিৰ মানুহ’ উপন্যাস আৰু ইয়াৰ অনূদিত ৰূপ ‘Wings of Desire’-অৰ উল্লিখনসহ