বিভোৰে নিয়মিত সুৰাপান কৰে। তপস্যাই তাক সুৰাপান নকৰিবলৈ সদায় অনুৰোধ, অনুনয়-বিনয় কৰে যদিও একো ফল নধৰে। কেতিয়াবা তাই তাক গালি-গালাজো পাৰে। যিদিনা তাই অতিষ্ঠ হৈ কন্দা-কটা কৰে, সেইদিনা বিভোৰে পাছদিনাৰ পৰা আৰু সুৰাপান নকৰে বুলি তাইৰ মূৰত ধৰি শপত খায়, কিন্তু ৰাতিপুৱাৰ লগে লগে তাৰ মনত সেই শপতৰ একো নাম-গোন্ধেই নাথাকেগৈ। সন্ধিয়া আকৌ টেঁটুলৈকে এসোপা গিলি সি ঘৰ সোমায়হি।
বিভোৰে সুৰাপান কৰিলেও আজিলৈকে সি ক’তো, কাৰো লগতে একো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা নাই। সি মদ খাই আজিলৈকে কাৰো লগতে কাজিয়া-পেচাল কৰা নাই, ক’তো খালে-ডোঙে পৰি থকা নাই। সি বাইক চলায়ে অফিচলৈ যায়; কিন্তু নাই, কোনেও ক’ব নোৱাৰে— আজিলৈকে সি কাৰোবাক খুন্দিয়াবলৈ ধৰিছে, কাৰোবাৰ লগত অগা-ডেৱা কৰিছে। নিজৰ ওপৰত ইমানেই নিয়ন্ত্ৰণ তাৰ! কেতিয়াবা তপস্যাই যদি তাক বুজায়— ‘তুমি জনা-বুজা মানুহ হৈ কিয় মদ খোৱা? মদে লিভাৰ নষ্ট কৰে। মদাহী মানুহ বেছি দিন জীয়াই নাথাকে’, তেতিয়া বিভোৰে তাইক ওলোটাই সান্ত্বনা দিয়ে— ‘বুইছা, মানুহে সুৰাক খাব লাগে, সুৰাই মানুহক খাবলৈ দিব নালাগে। তেতিয়া মানুহৰ একো অপকাৰ নহয়।’
ইয়াৰ পাছত বিভোৰে কেইজনমান বিখ্যাত মানুহৰ উদাহৰণ দি কয়— ‘এই লোকসকলৰ নাম শুনিছা নহয়? নিজৰ নিজৰ ক্ষেত্ৰত এখেতসকল বিখ্যাত ব্যক্তি। এই ব্যক্তিসকলেও সুৰাপান কৰিছিল। কিন্তু এখেতসকলৰ সুৰাপান কৰাৰ ফলত মৃত্যু হোৱা নাছিল, বাৰ্ধক্যজনিত কাৰণতহে মৃত্যু হৈছিল। গতিকে তুমি নিশ্চিন্তে থাকা— ময়ো সোনকালে নমৰোঁ, কমেও আশী বছৰ জীয়াই থাকিম।’
নিৰুদ্দিষ্ট মৰূদ্যানৰ গান
সুপ্ৰকাশ ভূঞা
বিভোৰ আৰু তপস্যাৰ বিয়া হোৱা ছমাহমানহে হৈছে। সিহঁতৰ এৰেঞ্জড মে’ৰেজ। বিয়াৰ আগেয়ে তপস্যাই ঘুণাক্ষৰেও গম পোৱা নাছিল বিভোৰে সুৰাপান কৰে বুলি। বিয়াৰ পাছত প্ৰথম এমাহমান বিভোৰে বহুত কষ্ট কৰি সুৰাপানৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ সমৰ্থ হৈছিল। কিন্তু তাৰ পাছত আৰু সি নোৱাৰিলে। ‘পুনঃ মুচিক ভবঃ’ হ’ল। বিয়াৰ পাছত প্ৰথম যিদিনা বিভোৰ সুৰাপান কৰি ঘৰ সোমাইছিল, সেইদিনা তপস্যাৰ যে কি অৱস্থা হৈছিল! তাই বহুত ভয় খাইছিল। নিজতকৈও তাই মাকৰ ঘৰখনৰ কথা বেছি চিন্তা কৰিছিল। তাইৰ মাক-দেউতাক বা সিহঁতৰ তাৰ মানুহবোৰে যদি তাইৰ গিৰীয়েক মদাহী বুলি গম পায়, তেনেহ’লে কি হ’ব? তপস্যাহঁতো চহৰৰে বাসিন্দা যদিও এইবোৰ ক্ষেত্ৰত সিহঁত এতিয়াও যথেষ্ট শুচি-বায়ুগ্ৰস্ত। সুৰাতো দূৰৰে কথা; চাধা, চিগাৰেট, জৰ্দা আদিও সিহঁতৰ ঘৰখনত এতিয়াও অস্পৃশ্য। সিহঁতৰ আত্মীয়-স্বজনৰ ঘৰতো এইবোৰ খোৱা মানুহ কোনো নাই। তপস্যাহঁতে শৈশৱৰে পৰা দেউতাকে মুহুদি হিচাপে অকল তামোল এখনহে মুখত লোৱা দেখি আহিছে। অৱশ্যে সিহঁতৰ ঘৰত শিৱপূজা পাতিলে ঘোঁটা অকণ নকৰাকৈ নাথাকে। কিন্তু সিহঁতে সেয়া বাবাৰ প্ৰসাদ হিচাপেহে গ্ৰহণ কৰে।
তপস্যাই চিনেমা-থিয়েটাৰ, গল্প-উপন্যাস আৰু বাস্তৱতো সুৰাপায়ী মানুহ দেখিছে, তেওঁলোকৰ বিষয়ে পঢ়িছে আৰু তেওঁলোকৰ লগত খন্তেক সময়ৰ বাবে হ’লেও ভেটা-ভেটি হৈছে যদিও নিজে এজন সুৰাপায়ী মানুহৰ লগত সংসাৰ কৰিব লাগিব বুলি কাহানিও কল্পনাও কৰা নাছিল। এই প্ৰত্যক্ষ অভিজ্ঞতা যে গল্প-উপন্যাস, চিনেমা-থিয়েটাৰতকৈ বহু বেলেগ, বহু ভয়াৱহ, তাই প্ৰথম দিনাই হাড়ে-হিমজুৱে বুজি পাইছিল। সেইদিনা সন্ধিয়া ঘৰ সোমোৱাৰ পাছত বিভোৰ তাইৰ পৰা আঁতৰি আঁতৰি ফুৰিছিল। তপস্যাৰ লগত তাই খুব কম কথা পাতিছিল। কিবা কথাত তাই বিভোৰৰ কাষ চাপি গ’লেই সি হাতেৰে মুখখন ঢাকি ধৰিছিল। তথাপি বিভোৰৰ মুখৰ পৰা এটা বিচিত্ৰ গোন্ধ নিৰ্গত হৈ তপস্যাৰ নাকত লাগিছিলহি। গোন্ধটো কিহৰ প্ৰথমে তাই ধৰিব পৰা নাছিল। আচলতে মদৰ গোন্ধটো মাৰ যোৱাবলৈ বিভোৰে জৰ্দা পাণ এখন খাই আহিছিল। সুৰা আৰু জৰ্দাৰ গোন্ধ মিহলি হৈ এটা বিচিত্ৰ গোন্ধৰ সৃষ্টি হৈছিল। তপস্যাৰ কলেজীয়া বন্ধু সমৰে নিয়মীয়াকৈ জৰ্দা পাণ খাইছিল, কেতিয়াবা সুৰাপানো কৰিছিল। তপস্যাই বে’ডৰুমৰ দুৱাৰ বন্ধ কৰি লগে লগে তালৈ ফোন লগাইছিল। তাইৰ মুখৰ পৰা বিভোৰৰ মুখৰ বিচিত্ৰ গোন্ধটো আৰু অস্বাভাৱিক আচৰণখিনিৰ বিষয়ে শুনাৰ পাছত সমৰে তপস্যাক নিশ্চিতি দিছিল— বিভোৰে মদ্যপানেই কৰি আহিছে। লগে লগে তপস্যাৰ হাতৰ পৰা ফোনটো খহি পৰিছিল। তাইৰ দুচকুৰে ধাৰাসাৰ চকুলো ব’বলৈ লৈছিল। তপস্যাৰ এনেকুৱা লাগিছিল যেন মুহূৰ্ততে তাইৰ সংসাৰখন পুৰি চাৰখাৰ হৈ গ’ল! তপস্যাই নিজকে নিজে প্ৰশ্ন কৰিছিল— তাই এতিয়া মদাহী মানুহ এটাৰ লগত কেনেকৈ সংসাৰ কৰিব? কেনেকৈ একেখন বিছনাতে শুব? একেখন টেবুলতে খাব? একেলগে ক’ৰবালৈ ওলাই যাব?… সেইদিনা তপস্যাই ভাত খাব পৰা নাছিল, সেই বিষয়ে বিভোৰক একো প্ৰশ্ন কৰা নাছিল। কিন্তু ৰাতিপুৱা তাই উগ্ৰমূৰ্তি ধাৰণ কৰি তাৰ লগত তৰ্কযুদ্ধত লিপ্ত হৈছিল। বিভোৰে এশবাৰমান ‘ছৰি’ বোলা সত্ত্বেও তাই ক্ষান্ত হোৱা নাছিল। তপস্যাৰ ইমানেই খং উঠিছিল যে পাৰিলে বিভোৰক যেন তাই কেঁচাই কেঁচাই চোবাইহে পেলাব! পাছলৈ অৱশ্যে কথাবোৰ অলপ স্বাভাৱিক হৈ আহিছিল।
অৱশ্যে সুৰাপানৰ অভ্যাসটোৰ বাহিৰে বিভোৰৰ আন একো বদ অভ্যাস নাই। মানুহ হিচাপে সি অতি ভাল। মৰমিয়াল, দয়ালু, কৰ্মী। তপস্যাক সি ইমানেই মৰম কৰে, তাইৰ ইমানেই যত্ন লয় যে কথাটোৱে তাইক গৰ্বিত কৰি তোলে। ৰাতিপুৱাৰ চাহকাপ সদায় সি নিজেই বাকি তপস্যাক বহি থকাতে দি আহেগৈ— যিটো আন স্বামী-স্ত্ৰীৰ ক্ষেত্ৰত ওলোটা হয়। তপস্যাই ডাঙৰকৈ কাহ এটা মাৰিলেও সি ফাৰ্মাচিলৈ দৌৰ মাৰে। তাই যি লাগে বুলি কয়, সি তাকেই আনি দিয়ে। তেনেকৈ নিজৰ ক্ষতি কৰি হ’লেও বিভোৰে আনক সহায় কৰিবলৈ পিছনোহোঁহকে। নিজৰ জেপ উদং কৰি দিয়ে। আকৌ অফিচতো বিভোৰে কামত কোনোদিনেই ফাং-ফুং নকৰে। কাৰো পৰা এপইচাও ঘোচ নাখায়। সকলো নাৰীয়েই চাগৈ বিভোৰৰ দৰে পুৰুষ এজনকে স্বামী হিচাপে কামনা কৰে।
বিভোৰৰ চেহেৰা-পাতি চকুত লগা। চেষ্টা কৰাহেঁতেন সি অনায়াসে চিনেমাৰ অভিনেতা হ’ব পাৰিলেহেঁতন। তপস্যাই কেতিয়াবা ভাবে— বিয়াৰ পূৰ্বে বিভোৰে সুৰাপান কৰে বুলি জনাহেঁতেনো তাই চাগৈ তাক অপচন্দ কৰিব নোৱাৰিলেহেঁতেন। বিভোৰৰ বাকী গুণবোৰৰ তলত তাৰ এই দোষটো চেপা খুৱাই তাই তাক গ্ৰহণ কৰাৰ যুক্তি কিছুমান নিজেই সৃষ্টি কৰি ল’লেহেঁতেন। যেনে, আজিকালি বহু পুৰুষেই অলপ-অচৰপ সুৰাপান কৰেই, অতিমাত্ৰা নহ’লে উৎকৃষ্ট সুৰাই বিশেষ অপকাৰ নকৰে, পুৰুষ মানুহক কিবা এটাতো নিচা লাগেই… ইত্যাদি। তপস্যা বাৰু প্ৰথম দৃষ্টিতে বিভোৰৰ প্ৰেমত পৰি গৈছিল নেকি? লাভ এট ফাৰ্ষ্ট ছাইট!
আজিকালি সুৰাপান কৰা, ড্ৰাগছ লোৱা, ভাং খোৱা মানুহক সৎ পথলৈ ঘূৰাই অনাৰ ঢেৰ চিকিৎসা ওলাইছে। তপস্যাই কেতিয়াবা ভাবে— বিভোৰক বাৰু তেনেকুৱা এজন চিকিৎসকৰ ওচৰলৈকে লৈ যোৱা ভাল হ’ব নেকি? কথাটো তাই বিভোৰৰ কাণো চোৱায়, কিন্তু সি ইয়াৰ নামেই নুশুনে। তাৰ হেনো এইটো বেমাৰ নহয়, এটা অভ্যাসহে!
এদিন সন্ধিয়া বিভোৰ ঘৰ সোমোৱাৰ পাছতে তপস্যাই তাক চিধা সাৱধান বাণী শুনালে— ‘তুমি যদি মদ খাবলৈ নেৰা, মই কাইলৈকে মাৰ ঘৰলৈ গুচি যাম।’
‘তুমি মোক ব্লেক মেইল কৰা নাইতো?’— বিভোৰে দোৰোল নোখোৱা জিভাৰে ওলোটাই তপস্যাক সুধিলে।
‘নাই কৰা। সঁচাকৈ কৈছোঁ।’
‘তুমি মোক অকলশৰীয়াকৈ এৰি থৈ যাব পাৰিবা?’
‘পাৰিম।’
‘তেনেহ’লে তুমি মোক ভাল নোপোৱা?’
নাই, তপস্যাই বিভোৰৰ এই প্ৰশ্নটোৰ একো উত্তৰ নিদিলে। তাই লৰালৰিকৈ পাকঘৰত সোমালগৈ।
পাছদিনা ৰাতিপুৱা তপস্যাই সঁচাকৈয়ে বেগ এটাত কাপোৰ ভৰোৱা দেখি বিভোৰে অলপ ভয় খালে। সি সেমেনা-সেমেনি কৰি তপস্যাক ক’লে— ‘মোক দুদিনমান সময় দিয়াচোন। ইমান দিনৰ পুৰণি অভ্যাস এটা ইমান ফটচনে কেনেকৈ এৰোঁ মই?’
‘ঠিক আছে। তোমাক মই তিনি মাহ সময় দিলো। এই কেইমাহৰ ভিতৰত মদক তুমি তোমাৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি ভাবিব পাৰিব লাগিব।’
‘চেষ্টা কৰি চাওঁচোন কি কৰিব পাৰোঁ।’
তপস্যাই কাপোৰ-কানিখিনি বেগৰ পৰা উলিয়াই থ’লে। তাই আচলতে এনেয়েহে বিভোৰক ভয় খুৱাইছিল। তাক এই ‘সাধাৰণ’ কথাটোৰ কাৰণেই ত্যাগ কৰাটো তাইৰ দ্বাৰা এতিয়া আৰু সম্ভৱ নহয়। তপস্যা ইতিমধ্যে বিভোৰৰ প্ৰেমত পৰি গৈছে। বিয়াৰ আগৰ প্ৰেমতকৈ পাছৰ প্ৰেমৰ চোক হেনো বেছি!
পাৰ্শ্বৰাগ
আকাশ দীপ্ত ঠাকুৰ
তপস্যাই লক্ষ্য কৰে— বিভোৰে যিদিনা বেছিকৈ সুৰাপান কৰে, সেইদিনা তাৰ মুখত কথাৰ আখৈ ফুটে। বিভোৰৰ মুখৰ গেলা গোন্ধটোৰ বাহিৰে তাৰ কথাখিনি তাই অকণো বেয়া নাপায়। সি কথাৰ ফুলজাৰি মাৰি থাকে আৰু তাই তাৰ কথা শুনি শুনি কাম-বনত লাগি থাকে। কেতিয়াবা বিভোৰে তাইক এনেকুৱা কিছুমান প্ৰশ্ন সোধে, যিবোৰে তাইক বৰ আমোদ দিয়ে। যেনে, এদিন সি তাইক সুধিলে— ‘চিঙৰা আৰু কচুৰিৰ মাজত সম্পৰ্ক কি কোৱাচোন?’
তপস্যাই হাঁহিটো কোনোমতে টিপি ৰাখি ক’লে— ‘নাজানো। তুমিয়েই কোৱাচোন।’
‘মোমাই-ভাগিনৰ।’
‘কেনেকৈ? দুয়োটাৰে চৰিত্ৰ দেখোন বেলেগ!’
‘কংস আৰু শ্ৰীকৃষ্ণ, মোমাই তামুলী আৰু লাচিতৰ চৰিত্ৰ জানো একে আছিল?’
‘তথাপি কিবা এটা যোগসূত্ৰতো থাকিব লাগিব!’
‘দস্তুৰমত আছে।’
‘কি? কেনেকুৱা?’
‘চিঙৰাৰ খোলাটোও ময়দাৰ, কচুৰিৰ খোলাটোও ময়দাৰ। চিঙৰাও তেলত ডুবাই ভাজে, কচুৰিও তেলত ডুবাই ভাজে। আৰু দুয়োটাৰে সোৱাদ নিমখীয়া।’
‘হাঃ…হাঃ…হাঃ…!’— তপস্যাই এইবাৰ নাহাঁহি নোৱাৰিলে।
আন এদিন বিভোৰে তপস্যাক একেলগে সুধিলে— ‘চছমা পিন্ধা চাকৰ দেখিছা? উজলা মেম? আৰ্মিৰ গাড়ীত তেল নোহোৱা হোৱা?’
তপস্যাই চিন্তা কৰিলে— ক’ৰবাত দেখিছে নেকি তাই এইকেইটা ‘বস্তু’? ওহোঁ, তাইৰ মনত নপৰিল। অৱশ্যে দেখাৰ কথাও নাই। চছমা পিন্ধিব পৰা সামৰ্থ্য থকা মানুহ এজন কেতিয়াও আনৰ ঘৰত চাকৰ খাটিবলৈ নাযায়। আৰু উজলা মেম দেখাটোতো দূৰৰে কথা, তাই আজিলৈকে মেমেই দেখি পোৱা নাই। আকৌ আৰ্মিৰ গাড়ীত তেল নোহোৱা হ’বনো কিয়? তেওঁলোকে লগে লগে সুকীয়া তেলৰ টেংকাৰ এখন লৈয়ে ফুৰায়।
অৱশ্যে তপস্যায়ো কেতিয়াবা বিভোৰক কিবা-কিবি প্ৰশ্ন সোধে। সি নিঃসংকোচে সেইবোৰৰ উত্তৰ দি যায়। তপস্যাৰ প্ৰশ্নবোৰ ঘাইকৈ বিভোৰৰ বিবাহ-পূৰ্ব জীৱনক কেন্দ্ৰ কৰিয়েই হয়। যেনে, সি ক’ত পঢ়িছিল, মেছত আছিল নে হোষ্টেলত, সিহঁতে কি কি দুষ্টামি কৰিছিল, চাকৰিৰ কাৰণে কিমান ইণ্টাৰভিউ দিছিল ইত্যাদি। নিচাযুক্ত অৱস্থাত থাকিলে মানুহে হেনো মিছা কথা নকয়, ক’ব নোৱাৰে। এদিন এনেকৈ বিভোৰক কথা সুধি থাকোঁতে তপস্যাই হঠাতে খেয়াল কৰিলে— ইমান দিনে বিভোৰক আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোকে সোধা হোৱা নাই তাইৰ— বিবাহৰ পূৰ্বে কাৰোবাৰ লগত তাৰ প্ৰেমৰ সম্পৰ্ক আছিল নে নাই? কথাটো তাইৰ মনলৈ আহিল হয়, কিন্তু কথাটো বিভোৰক সুধিবলৈ সংকোচ লাগিল। জানোচা এই কথাটো সুধিলে সি তাইক বেয়া পায়! কিয়নো এইটো এটা বৰ স্পৰ্শকাতৰ প্ৰশ্ন। তাই তাক কিবা সন্দেহ কৰিছে বুলিও সি ভাবি ল’ব পাৰে। তেতিয়া সিহঁতৰ সম্পৰ্কটোলৈ জটিলতা আহি যাব। সাংসাৰিক জীৱন তিক্ততাৰে ভৰি পৰিব। তপস্যাৰ মনলৈ আন এটা ভাবোঁ আহিল— বিভোৰে যদি এই প্ৰশ্নটো ওলোটাই তাইক সুধি দিয়ে? তাই তাক সঁচা কথাটোৱেই ক’ব। কিন্তু সেই সঁচা কথাটো যদি বিভোৰে বিশ্বাস নকৰে? তাইৰ দৰে সুন্দৰী যুৱতী এজনীৰ বিবাহ-পূৰ্ব জীৱনত প্ৰেমিক নথকাটোহে অস্বাভাৱিক, থকাটো নহয়। কলেজীয়া জীৱনত তপস্যালৈ কেইবাটাও ল’ৰাই প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু তাই কাৰো প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। কিয়নো সেই ল’ৰাকেইটাৰ এটাৰ প্ৰতিও তাইৰ মনত আৱেগ সঞ্চাৰ হোৱা নাছিল। আৰু তপস্যা কাৰোবাৰ প্ৰেমত পৰিবলৈ পোৱাৰ আগতেই বিভোৰৰ লগত তাইৰ বিয়া বন্দৱস্ত হৈ গৈছিল। বিভোৰৰ ক্ষেত্ৰতো নিশ্চয় একে কথাই খাটিব। সিয়ো এজন সুন্দৰ-সুঠাম যুৱক। কলেজীয়া জীৱনত, আজিৰ পৰা আঠ-দহ বছৰ পূৰ্বে সি নিশ্চয় আৰু ধুনীয়া আছিল। তাৰ প্ৰতিও চাগৈ অনেক যুৱতী আকৰ্ষিত হৈছিল। কিন্তু এই ক্ষেত্ৰত কথাটো তাইৰ দৰে নহ’বও পাৰে। সেই যুৱতীবোৰৰ কোনোবা এজনীৰ প্ৰতি বিভোৰে আকৰ্ষণ নকৰাকৈ আছিলনে চাগৈ?
হঠাৎ তপস্যাৰ মনত আৰু এটা প্ৰশ্নৰ উদয় হ’ল— বিভোৰে কিয় সুৰাপান কৰে? কিবা দুখত নহয়তো? যদি হয়, এই দুখৰ কাৰণ প্ৰেমজনিতওতো হ’ব পাৰে! নাই, কথাটো আৰু বেছি দূৰলৈ ভাবিবলৈ তপস্যাৰ সত নগ’ল। ভাবিবলৈ ভয় লাগিল তাইৰ।
এনেকৈয়ে দোধোৰ-মোধোৰ অৱস্থাৰে কেইদিনমান পাৰ হ’ল। দিনবোৰ যিমানেই গৈ থাকিল, সিমানেই তপস্যাৰ মনো অশান্তিৰে ভৰি পৰিল। তাই যেতিয়ালৈকে বিভোৰক কথাটো নোসোধে, তেতিয়ালৈকে তাইৰ যেন নিস্তাৰ নাই! ইপিনে বিভোৰে লাহে লাহে মদ খোৱাটো কমাই আনিলে। সি আজিকালি সপ্তাহত দুই-তিনি দিনমানহে সুৰাপান কৰে। কথাটোৱে এতিয়া আকৌ তপস্যাৰ মনত এফালে আনন্দৰ মলয়া বতাহো বোৱালে, আনফালে বিষাদৰ ধুমুহাও সৃষ্টি কৰিলে। কিয়নো তাই যিদিনাই বিভোৰক কথাটো সুধিব বুলি মনটো স্থিৰ কৰি ৰাখে, সেইদিনাই সি সুৰামুক্ত হৈ আহে। আৰু এইটো কথা তাই বিভোৰৰ সুস্থ অৱস্থাত তাক কেতিয়াও সুধিব নোৱাৰে। সুধিবলৈ তাইৰ সাহস নহয়।
এদিন অৱশ্যে তপস্যাৰ আশা পূৰণ হ’ল। তাইলৈ সুযোগ এটা আহিল। সেইদিনা বিভোৰে সম্পূৰ্ণ দহ দিনৰ মূৰত সুৰাপান কৰি ঘৰলৈ আহিছিল। তপস্যাই আৰু পলম নকৰিলে। বিভোৰৰ নিচা ফটাৰ আগেয়েই তাই তাক ক’লে— ‘তোমাক কথা এটা সোধোঁ, বেয়া পাবা নেকি?’
বিভোৰে নাটকীয় ভংগিমাৰে ক’লে— ‘সোধা ডাৰ্লিং। এটা নালাগে, হাজাৰটা সোধা। তোমাক মই বেয়া পাব পাৰোঁ নেকি? তুমি মোৰ প্ৰেমৰ পূজাৰীনি, হৃদয়ৰ ৰাণী। তোমাৰ অবিহনে মোৰ জীৱন বৃথা…!’
‘হ’ব, হ’ব। তুমি এতিয়া মোক তোষামোদ কৰিবলৈ এৰা। মোৰ কথাটো শুনা।’
‘কোৱা প্ৰিয়ে, তোমাৰ কথা শুনিবলৈ মোৰ কৰ্ণ যুগল সদায় উদগ্ৰীৱ হৈ থাকে।’
তপস্যা অলপ সময় ৰ’ল। তাৰ পাছত তাই সেপ ঢুকি বিভোৰক সুধিল— ‘বিয়াৰ আগতে তুমি কাৰোবাৰ প্ৰেমত পৰিছিলানে?’
‘আজি আকৌ তোমাৰ মোক এইটো কথা সুধিবলৈ কিয় মন গ’ল?’
‘এনেয়ে, কোৱাচোন।’
‘ক’ম, কিন্তু আজি নকওঁ।’
‘কেতিয়া ক’বা?’
‘বেলেগ এদিন।’— তপস্যাক আৰু কথা বঢ়াবলৈ সুযোগ নিদি বিভোৰ ঢলং পলংকৈ বে’ডৰুমলৈ সোমাই গ’ল।
কিন্তু তপস্যাৰ জীৱনলৈ বিভোৰৰ সেই ‘বেলেগ দিন’টো আৰু কেতিয়াও নাহিল। কিয়নো বিভোৰে সেইদিনাৰ পৰা সুৰাপান কৰিবলৈ একেবাৰে এৰি দিছিল। কিন্তু কথাটোত তপস্যাই যিমান সুখ পাব লাগিছিল, সিমান নাপালে। তপস্যাৰ এনে লাগিল যেন তাই এটা মহা ভুল কৰি পেলালে! বিভোৰে সুৰাপান কৰি থকা হ’লেই ভাল আছিল।
অস্তাচল
শেৱালি নাথ

আকাশৰ সীমা
প্ৰশান্ত কুমাৰ নেওগ

বল্মীক
সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা

বৈকুণ্ঠ প্ৰয়াণ
সপোনজ্যোতি ঠাকুৰ

প্ৰেমৰ আন এটা গল্প
ধ্ৰুৱজ্যোতি শৰ্মা
এই লেখাটি সম্পূৰ্ণকৈ আৰু বিজ্ঞাপনমুক্তভাৱে পঢ়িবলৈ নীলা চৰাইৰ সদস্য হওক
অসমীয়া ভাষা-সাহিত্যৰ সুস্থ বৌদ্ধিক চৰ্চাক আগবঢ়াই নিবলৈ আৰু আমাৰ সকলো সংৰক্ষিত লেখা নিৰ্বিঘ্নে পঢ়িবলৈ আমাৰ পাঠক সমাজৰ সৈতে যুক্ত হওক।
বা কেৱল এই লেখাটি পঢ়িবলৈ (বিজ্ঞাপনযুক্ত) এটা বিনামূলীয়া একাউণ্ট সৃষ্টি কৰক
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক


