যেতিয়া
নাচনিৰ খোপাত উমলি থকা আবেলিৰ বেলি
পথাৰৰ দীঘল বঁকিয়াইদি যায়
ঢোলৰ চাপৰত আঁহতৰ পাত কঁপে।
জিৰ্ জিৰ্ মলয়াৰ কোমল পৰশত
বাঁহৰ শুকান পাত সৰে।
ব’হাগ ফুলিছে নাচনীৰ বুকুত…
গৰকাত সঘন ভৰ
নাচে নাচনী-জৰী,
তাঁতশালত অংকিত সপোন
দোৰপতিৰ সঘন চাবত।
ব’হাগ আহে
গাঁৱৰ আকাশে-বতাহে,
হুঁচৰি-নামত কঁপি উঠে গঞাৰ চোতাল।
আজি
উলটি চাওঁ—
সেই গাঁও
সেই পথাৰ
সেই চোতাল
সেই তাঁতশাল
সেই ব’হাগ…
কেতিয়াবা
ক’ৰবাত
কোনোবাখিনিত
কিয় জানো
উদং উদং লাগে
সেমেকা সেমেকা লাগে
ব’হাগৰ এই আকাশ…
❧ | ব’হাগৰ অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক