গৰখীয়া পথাৰত
আকাশখন চাই
গকুলে কৈছিল—
আমাক ঢাকি থৈছে
বৰ-টৌ এটাই৷
আমি উদ্বিগ্নতাৰে সুধিছিলো,
ঢাকোনৰ সিপাৰে থাকে কি?
সি কৈছিল— পানী পানী পানী
শুনি অণ্ঠকণ্ঠ শুকাই গৈছিল আমাৰ
তাৰমানে তাতে থাকে সাগৰ!
যদি টৌ ফুটি হোৰাহোৰে সোমাই আহে পানী
তেনে আমাৰ কি হ’ব গতি?
গকুলে গুৰু-গম্ভীৰ মাতেৰে
দিছিল সোঁৱৰাই—
যদি বৰ-ভূঁইকঁপ এটা আহি
হিলাই দিয়ে টৌ
তেতিয়াহে আৰু নাথাকিব বচাৰ উপায়৷
আইতাইতো কৈয়ে থাকে
পঞ্চাশৰ ভূঁইকঁপৰ কথা…
তেন্তে এদিন নহয় এদিন সি
নাহিব জানো আকৌ?
আহি যদি হিলাই দিয়ে টৌ
কি হ’ব আমাৰ আৰু
মা দে’তা বৌৰ!
…শৈশৱৰ সেই দিন সেই কথা
অবুজ মনৰ সংশয়
সময়ৰ সোঁতে কেতিয়াবাই নিলে উটুৱাই
উটি গ’ল সমনীয়া যদু জীতেন যুগল
মাথোঁ থাকি গ’ল সিহঁতৰ
সোঁৱৰণি গধুৰ৷
🌷 | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।