সূ ক্ষ্ম অন্তৰ্দৃষ্টি, সুগভীৰ পৰ্যৱেক্ষণ আৰু স্বকীয় ৰচনাশৈলীৰে অসমীয়া সাহিত্য জগতত এক সন্মানীয় আৰু আছুতীয়া স্থান অধিকাৰ কৰা বৰেণ্য কথাশিল্পী সাহিত্যাচাৰ্য মহিম বৰাদেৱে অর্ধ শতাধিক গল্প ৰচনাৰে আধুনিক অসমীয়া গল্প সাহিত্যৰ ক্ষেত্ৰখনলৈ বৰণীয় অৱদান আগবঢ়াই থৈ গৈছে। মহিম বৰা প্ৰধানকৈ ‘কাঠনিবাৰী ঘাট’ৰ স্রষ্টা আৰু ‘ৰঙাজিঞাৰ কবি’ হিচাপে সুপ্রতিষ্ঠিত। তাৰ উপৰি তেখেত একেধাৰে ঔপন্যাসিক, শিশু-সাহিত্যিক আৰু প্ৰবন্ধকাৰ। তেখেতৰ ‘এধানি মাহীৰ হাঁহি’ উপন্যাসখনিয়ে ২০০১ বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মহিম বৰাৰ গল্পপুথিসমূহ হ’ল— ‘কাঠনিবাৰী ঘাট’, ‘দেহা গৰকা প্রেম’, ‘মই, পিপলি আৰু পূজা’, ‘ৰাতি ফুলা ফুল’ আদি। মহিম বৰাৰ সাহিত্য অসমৰ গাঁৱলীয়া জীৱনৰ বর্ণাঢ্য অভিজ্ঞতা আৰু গ্রাম্য পৰিৱেশৰ বৰ্ণনাৰে সমৃদ্ধ। জীৱন যাত্ৰাৰ সৰু সৰু কিছুমান অভিজ্ঞতাৰ পৰাই তেওঁৰ গল্পৰ কাহিনী নিৰ্মাণ কৰিছে। আনহাতে, কিছুমান গল্প হাস্যৰসাত্মক বর্ণনাৰে সমৃদ্ধ হৈ উঠিছে। সামাজিক সমস্যা, জৈৱিক সমস্যা, নীতি আৰু আদৰ্শৰ সংঘাট বা সংগ্রাম— এইবোৰ বৰাদেৱৰ গল্পৰ মূল বস্তু নহয় নতুবা তেখেতৰ গল্পই কোনো বিশেষ তত্ত্ব বা নীতি প্ৰচাৰ কৰা পৰিলক্ষিত হোৱা নাই৷ মহিম বৰাৰ সার্থকতা হ’ল তেওঁৰ গল্পৰ মাজৰ ছবিবোৰ। জীৱনৰ জটিলতাৰ মাজলৈ নগৈ জীৱনৰ বাটত ঘটা কিছুমান আৱেগ আৰু উত্তেজনাময় অথচ ৰহস্যজনক চিত্র অংকন কৰি পাঠকক ধৰি ৰাখিব পৰাটোৱেই তেওঁৰ কৃতিত্ব। তেওঁৰ এই অভিনৱ ৰচনাশৈলীয়ে সকলোকে সন্মোহিত কৰে৷ বৰাদেৱৰ গল্পৰ আন এক উল্লেখনীয় বৈশিষ্ট্য হ’ল গ্রাম্য কথনভঙ্গী। অসমীয়া ভাষাৰ চহা ৰূপটো যেন তেওঁৰ গল্পবোৰে ধৰি ৰাখিছে৷ তেওঁৰ গল্পৰ বিশেষ এক বৈশিষ্ট্য হ’ল তেওঁৰ বৰ্ণনা ৰীতি। অতি চিৰিয়াছ বিষয় একোটাকো তেওঁ অতি হাস্যৰসাত্মকভাৱে বৰ্ণনা কৰি পৰিশেষত অতি নাটকীয়ভাৱে কাৰুণ্য ফুটাই তোলে। লঘু বৰ্ণনাৰ শেষত উপস্থাপিত এনে ধৰণৰ ইংগিতে পাঠকৰ অন্তৰত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হয়। বিশিষ্ট সাহিত্য-সমালোচক ড° আনন্দ বৰমূদৈয়ে মহিম বৰাৰ গল্প-সৃষ্টি সম্পর্কে লিখিছে— “সৃষ্টিশীল লিখক হিচাপে তেওঁৰ প্রয়োজনীয় সমালোচনাত্মক ভেদজ্ঞান আছে আৰু গল্পক স্বতঃস্ফূর্তভাৱে নিজৰ গতিত আগবাঢ়ি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাবলৈ নিদিয়ে। গল্পৰ পৰিণতিক তেওঁ সদায় নিয়ন্ত্ৰণত ৰাখে আৰু তেওঁৰ জীৱনবোধে তাক নিয়ন্ত্রণ কৰে। তেওঁৰ জীৱনবোধ ট্রেজিক। আকাংক্ষা আৰু প্ৰাপ্তিৰ ব্যৱধানত তেওঁৰ গল্পসমূহৰ পৰিণতিত কৰুণ সুৰ বাজি উঠে। তেওঁৰ গল্পত হাস্যৰসবোধ উজ্জ্বল, কিন্তু স্থায়ী ৰস কৰুণ। পৰিস্থিতি, পৰিৱেশ আৰু ঘটনাৰ বিসংগতি লক্ষ্য কৰোঁতে মহিম বৰাৰ শক্তিশালী নাট্যজ্ঞান প্রকাশ পায় আৰু নাটকীয় দ্বন্দ্ব বিৰোধৰ আঁতটিয়ে তেওঁৰ গল্পক দ্রুত গতিশীল কৰে।” (‘মহিম বৰাৰ গল্প আৰু কবিতা’, ‘সাতসৰী’, ১৬-৩১ জুলাই, ২০০৬)
‘কাঠনিবাৰী ঘাট’ এটি দীঘলীয়া গল্প। গল্পটো লেখকৰ নিজৰ বাস্তৱ অভিজ্ঞতাৰ ৰসাল বর্ণনা। কাঠনিবাৰী ঘাটত জাহাজৰ বাবে অপেক্ষা কৰি কটোৱা এটি উজাগৰী নিশা, তাৰ ৰোমাঞ্চকৰ পৰিৱেশ আৰু আকস্মিক কৰুণ পৰিসমাপ্তিয়েই গল্পটোৰ প্ৰধান উপজীৱ্য। গল্পটো লেখকৰ নিজৰ অভিজ্ঞতাৰ মনোৰম বর্ণনাৰে আৰম্ভ হৈছে। গল্পটোৰ বিষয়বস্তু সংক্ষেপে এনেধৰণৰ— ব্ৰহ্মপুত্ৰৰ পাৰত দ’ম হৈ পৰি আছে কয়লাৰ পাহাৰবোৰ। বাৰিষা বতৰত ব্ৰহ্মপুত্ৰৰ পানী ৰাজআলিৰ কাষ পায়গৈ। বালিৰ ওপৰত চচ, তর্জা আদি পেলাই অহা-যোৱা কৰা বাট কৰা হৈছে। এয়েই কাঠনিবাৰী ঘাট। ইয়াত এখন চাহৰ দোকান আছে। দোকানখন বালিত পোতা বাঁহৰ চাঙৰ ওপৰত খেৰৰ চালি দি নির্মিত। জাপ দুৱাৰখন বহল। কেৰাচিন টিনৰ টাপলি দি সজা। বাঁহৰ খুঁটা চাৰিটাৰ ওপৰত দুচলা ফলীয়া বাঁহ দি নিৰ্মাণ কৰা এখন বহা বেঞ্চ। ইয়াত যাত্রীসকলে চাহ খোৱা, বিড়ি কিনা, চিগাৰেট জ্বলোৱা, কথা পতা আদি কৰিব পাৰে।
লেখকে এখন গৰুগাড়ী আহি ঘাটৰ ওচৰত ৰোৱা দেখিলে। গৰুগাড়ীখনৰ পৰা এজন পোন্ধৰ-ষোল্ল বছৰীয়া ল’ৰা আৰু এগৰাকী সদ্য বিবাহিতা মহিলা ঘাটলৈ নামি আহে। সেইদিনা জাহাজ বহু পলমকৈ অহাৰ কথা। সন্ধ্যা লাগি যোৱাৰ পাছতো জাহাজৰ কোনো খবৰ নাহিল। জাহাজঘাটত লেখকে দেখা পোৱা ল’ৰাজনৰ নাম আছিল বৰুণ আৰু গাভৰুজনী বৰুণৰ বায়েক। তেওঁলোকে ঘাটত জাহাজৰ অপেক্ষাত থাকোঁতে ক্ৰমাৎ লেখকৰ লগত পৰিচয় হ’ল। গাভৰুগৰাকীৰ দেউতাকে এখন চাহ বাগানত চাকৰি কৰে। গাভৰুগৰাকীৰ বিয়া হোৱা বেছিদিন হোৱা নাই। স্বামীৰ ঘৰ যোৰহাটত। তেওঁলোক যোৰহাটলৈ যাবলৈ আহিছে। গাভৰুগৰাকী এসপ্তাহৰ কাৰণে দেউতাকৰ ঘৰলৈ আহিছিল। কিন্তু হঠাতে যোৰহাটৰ পৰা এখন টেলিগ্রাম অহাত সদ্য বিবাহিতা গাভৰুগৰাকী ভায়েক বৰুণৰ সৈতে যোৰহাটলৈ যাবলৈ আহিছে। তেওঁলোক জাহাজৰে শিলঘাটলৈ যাব আৰু তাৰ পাছত বাছত উঠি যোৰহাটলৈ যাব। টেলিগ্রামখনত গাভৰুগৰাকীৰ স্বামীৰ চাইকেল দুর্ঘটনা হোৱা বুলি লিখিছে আৰু চিন্তাৰ কোনো কাৰণ নাই বুলি জনাইছে। কিন্তু সোনকালে মাতি পঠোৱা বাবে গাভৰুগৰাকীয়ে ভায়েক বৰুণক লগত লৈ জাহাজঘাটলৈ আহিছে।
সেইনিশা জাহাজখন সময়মতে আহি নোপোৱাত ৰাতিটো ঘাটতে থাকিবলগীয়া হ’ল। লেখকৰ লগত গাভৰুগৰাকী আৰু ভায়েক বৰুণৰ চিনা-পৰিচয় হোৱাৰ পাছত লাহে-লাহে আত্মীয়তা গঢ়ি উঠে।
বহু পলমকৈ জাহাজখন ঘাটত আহি ৰয় যদিও কিবা যান্ত্রিক বিজুতিৰ বাবে মেৰামতি কৰিব লাগিব বুলি টিকট মাষ্টৰে জনালে। জাহাজখনৰ পৰা বৰুণৰ বায়েকৰ এজন দূৰ সম্পৰ্কীয় দেওৰেক নামি আহিল। তেওঁৰ নাম মামু। দেওৰেকে নবৌৱেকক আগবঢ়াই নিবলৈ আহিছে। গাভৰুগৰাকীয়ে স্বামীৰ দুৰ্ঘটনাৰ বিষয়ে দেওৰেকক প্রশ্ন কৰাত চিন্তাৰ কোনো কাৰণ নাই বুলি কয়। তেতিয়া গাভৰুগৰাকীৰ লগতে বৰুণ আৰু লেখকে যথেষ্ট সকাহ অনুভৱ কৰে৷ বৰুণৰ বায়েকে নাও এখন ভাড়া কৰি শিলঘাটলৈ যাব বিচাৰে, কাৰণ জাহাজত গ’লে পলম হ’ব আৰু শিলঘাটৰ পৰা যোৰহাটলৈ যোৱা বাছখন ধৰিব নোৱাৰিব। সেই মতেই তেওঁলোকে নাও এখন ভাড়া কৰি শিলঘাটলৈ ৰাওনা হ’ল। লগত লেখক আৰু গাভৰুগৰাকীৰ দেওৰেক মামুও আহে। শিলঘাটত বৰুণ আৰু বৰুণৰ বায়েক বাছত উঠে। ইফালে মামু চাহ দোকানলৈ গৈ বহু দেৰিলৈকে উলটি নহাত লেখকে তেওঁক বিচাৰি চাহৰ দোকান পায়। তেতিয়া মামুৱে উত্তেজিত হৈ চিগাৰেট হুপি আছিল। লেখকে মামুক সোনকালে বাছত উঠিবলৈ কয়। তেতিয়া মামুৱে লেখকক এইবুলি জনালে যে সি অভিনয় হে কৰি আছে, নবৌৱেকৰ আগত মিছা কথা কৈ আহিছে। সঁচা কথাটো হ’ল, ককায়েকৰ মটৰ দুৰ্ঘটনাত মৃত্যু হৈছে। কথাখিনি কৈয়ে মামুৱে বাছখনত জঁপিয়াই উঠে আৰু বাছখনে যাত্ৰা আৰম্ভ কৰি অদৃশ্য হৈ পৰে।
এইখিনিয়েই গল্পটোৰ মূল কথা। লেখক মহিম বৰাদেৱে অতি সহজ-সৰল অথচ প্রাঞ্জল গ্রাম্য কথনভঙ্গীৰে জীৱন্ত ৰূপত ‘কাঠনিবাৰী ঘাট’ক মূৰ্ত কৰি তুলিছে। বৰুণৰ বায়েকৰ স্বামীৰ মৃত্যু হৈছে। তাৰ সদ্য বিবাহিতা গাভৰু বায়েকৰ জীৱনলৈ অকাল বৈধব্য নামি আহিছে। সেয়ে হয়তো সেন্দূৰৰ বাটি যেন বেলি বা তাইৰ কপালৰ ফোঁটটোৰ ওপৰত লেখকে ইমান গুৰুত্ব দিছে। লেখকৰ বৰ্ণনাত এনে এক পৰিৱেশ সৃষ্টি হৈছে য’ৰ পৰা পাঠকে এনে কাৰুণ্যপূর্ণ পৰিণতিৰ পূর্বাভাস পাব পাৰে। বৰুণৰ বায়েকৰ কপালৰ দগমগীয়া সেন্দূৰৰ উজ্জ্বল ফোঁটটো নোহোৱা হ’বলৈ আৰু বেছি পৰ নাই। তাইৰ গাৰ পৰা মাহ-হালধি-তেলৰ মলমলীয়া গোন্ধটো এতিয়াও যোৱা নাই। তাইৰ মুখখন পৰিপূৰ্ণ। দীঘলীয়া বেলুনৰ দৰে গোল-গোল হাত। গাৰ বৰণ উজ্জ্বল হালধীয়া। অসমীয়া পাটৰ সাজযোৰো দেখাত বৰ ধুনীয়া। শহুৰ-শাহু, দেওৰ আৰু স্বামীৰে পৰিপূৰ্ণ এখন সুখৰ সংসাৰ। কিন্তু তাইৰ এই সুখৰ সংসাৰখন ভাঙি থানবান হ’বলৈ যে আৰু বেছি সময় নাই, সেই কথা তাই বুজা নাই৷ সেয়ে তাই বৰুণে কোৱা কথাবোৰ, মামুৱে কোৱা কথাবোৰ বিশ্বাস কৰিছে। মামুৰ সৈতে আনন্দ মনেৰে কথা পাতিছে। কিন্তু লেখকৰ বৰ্ণনা শৈলীৰ নিপুণতাৰ বাবে পাঠকে তাইৰ বিধৱা জীৱনৰ ইংগিত গল্পটোৰ ঠায়ে ঠায়ে নানাভাৱে লাভ কৰিবলৈ সক্ষম হয়। উদাহৰণ স্বৰূপে— ‘মই মাত্র প্রকাণ্ড সেন্দূৰ বাটি যেন হৈ পৰা বেলিটোলৈ চাই আছিলো।…’ ‘চাওঁতে চাওঁতে সৰু সৰু ঢৌবিলাকে সেন্দূৰবিলাক টপাটপ সানি ক’ৰবাত মৌমেল চাবলৈ লৰ মাৰিলে।…’ ‘কোনোবাই খঙত যেন গোটেই সেন্দূৰখিনি থেকেচা মাৰি সিঁহতৰ গাতে পেলাই দিলে’, ‘উকা কপালৰ তিৰোতা এগৰাকী যেনেই লাগিল’, ‘আৰু সেন্দুৰৰ ফোঁটটো! কি দগমগীয়া ৰঙা জুই সেইকুৰা!’ ‘হঠাৎ চকু পৰিল, বৰুণৰ বাইদেৱেকৰ ফোঁটটো তেজৰ দৰে দগমগাবলৈ ধৰিছে। নাৱৰ পৰা মূৰটো অলপ হলাই দিয়াত ঢৌৰ প্রতিবিম্ববোৰ গোটেই মুখখনেদি চকমকাই পাৰ হৈ গৈছে। ঢৌবোৰে যেন ফোঁটটো ভাগ বাটি লৈ যাব।‘ প্রিয়জনে যেন আগতেই অশুভ কথাৰ উমান পায়। সেয়েহে বায়েকে মামুক জাহাজৰ পৰা নামি অহা দেখা পাই কৈছিল, “তোমাক প্রথমে দেখি মোৰ বুকুখন কঁপি উঠিছিল।”
গল্পকাৰে মামুৰ চৰিত্ৰটো সার্থকভাৱে অংকন কৰিছে। মামুৱে সুন্দৰ অভিনয় কৰিছে। কোনোপধ্যেই প্রকৃত ঘটনাটো নবৌৱেকক জানিবলৈ দিয়া নাই। এনে কোনো কথা বা আচৰণ নাই, যাৰ পৰা নবৌৱেকৰ সন্দেহ হ’ব পাৰে। মামুৱে কৈছে— “যায় যদি লৈ যাও নাইবা ময়ে ফুৰি চাকি যাওঁ, এইবুলি আহিলো।” আচলতে তেওঁ বৰুণৰ বায়েকক নিবলৈহে আহিছে, এইটো স্পষ্ট হয়, যেতিয়া তেওঁ কয়— “নবৌ যাব খুজিছে যেনে তেনে। গতিকে নাও ভাড়া কৰি যোৰহাটৰ প্রথম বাছ ধৰিম। জাহাজ বালিত লাগিছিল, কিবা এটা বেয়া হ’ল। মেৰামতি কৰিলেহে যাব। গতিকে জাহাজত গ’লে দেৰি হ’ব।”— যথার্থতে ইয়াত মামুৰ অভিনয় নৈপুণ্যও আছে।
মহিম বৰাৰ অনন্য সৃষ্টি ‘কাঠনিবাৰী ঘাট’ গল্পটোৰ আন এক বিশেষত্ব হৈছে— গল্পটোত সর্বসাধাৰণ মানুহৰ কথা অতি জীৱন্ত ৰূপত ফুটি উঠিছে। সস্ত্রীক নেপালী পৰিয়ালৰ চাউলভজা খোৱা, চাওতালি কি উৰিয়া মানুহৰ কথা, পশ্চিমীয়া নাৱৰীয়াজন আৰু ব্ৰহ্মপুত্ৰৰ বালিতে সৰু সংসাৰ পতা চাহ দোকানীৰ কথা ইত্যাদিবোৰৰ বিষয়ে এই প্রসংগতে উনুকিয়াব পাৰি। ইফালে অসমীয়া মধ্যবিত্ত পৰিয়ালৰ এক প্ৰাণৱন্ত ছবি অংকিত হৈছে ‘কাঠনিবাৰী ঘাট’ গল্পটোত। গল্পকাৰ মহিম বৰাই বৰুণ আৰু বৰুণৰ বায়েকৰ প্ৰসংগৰে অতি সচেতনতাৰে মধ্যবিত্ত পৰিয়ালৰ এখন চিত্র খুব সজীৱ কৰি তুলিছে। বায়েকৰ বৰ্ণনাত অসমীয়া বোৱাৰীৰ এক নিখুঁত ৰূপ প্রতিফলিত হোৱা বুলি একে আষাৰতে ক’ব পাৰি। তাই চুটকেচ্ছত নাৰিকলৰ লাড়ু লৈ আহিছিল। তদুপৰি অসমীয়া পাটৰ সাজযোৰ পিন্ধা বায়েকৰ মাজত অসমীয়া নাৰীৰ চিৰন্তণ ৰূপ মূর্ত হৈ উঠিছে।
প্ৰকৃতিৰ বৰ্ণনা বাদ দিলে গল্পটো আধৰুৱা হৈ থাকিব। ‘প্রকাণ্ড সেন্দূৰৰ বাটি যেন হৈ পৰা বেলিটোলৈ চাই আছিলো’, ‘ক’ৰবাত এৰাই থকা চপৰা এটা লৰ মাৰি গৈ পানীত জাঁপ দিলেগৈ’, ‘পানীৰ তলত চেলেকণা মাছ কেইটামানে খিক্ খিককৈ হঁহাৰ শব্দ স্পষ্টকৈ শুনা গল’, ‘ওচৰতে শিহু এটাই মূৰ দাঙি ৰাতি কিমান হ’ল এবাৰ চাই ল’লে’ আদি কৰি বিভিন্ন সময়ত প্রয়োগ কৰা প্রাকৃতিক বর্ণনাই গল্পটো নিটোল কৰি তুলিছে। চিত্রকল্প, প্রতীক, সম্প্রসাৰিত ৰূপকৰ ব্যৱহাৰে ‘কাঠনিবাৰী ঘাট’ গল্পটোৰ প্রধান বিশেষত্ব। গল্পটোত “মই সেইবিলাকৰ একোকে কৰা নাছিলো, মাত্র প্রকাণ্ড সেন্দূৰ বাটি যেন হৈ পৰা বেলিটোলৈ চাই আছিলো। জাহাজ আহিব ৰাতি ন বজাতহে, অৰ্থাৎ সেইটোৱেই নিয়ম। দিনে-পোহৰেই আহি মই ঘাট পালোহি। চাওঁতে চাওঁতে সৰু সৰু ঢৌবিলাকে সৰু সৰু আঙুলিৰে সেন্দূৰবিলাক টপাটপ সানি ক’ৰবাত মৌ-মেল চাবলৈ লৰ ধৰিলে। কোনোবাই খঙত যেন গোটেই সেন্দূৰখিনি থেকেচা মাৰি সিহঁতৰ গাতে পেলাই দিলে, উকা কপালৰ তিৰোতা এগৰাকী যেনেই লাগিল।”— কথাখিনিৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা সূর্যস্তৰ চিত্রকল্পক সম্প্রসাৰিত কৰি কাহিনী সজোৱা হৈছে। প্রকৃতপক্ষে সদ্য বিবাহিতা গাভৰুগৰাকীৰ জীৱনত মৃত্যুৱে সৃষ্টি কৰা পৰিৱৰ্তনৰ কথা পাঠকৰ কল্পনাৰ বাবে এৰি দি গল্পটো শেষ কৰা হৈছে। আনহাতে সম্প্রসাৰিত চিত্রকল্পৰ সচেতন প্রয়োগৰ বাবেই মামুৱে লেখকক কোৱা শেষৰ কথাকেইষাৰৰ বহু আগতেই পাঠকৰ মনত গাভৰুগৰাকীৰ ভৱিষ্যৎ সম্পৰ্কত অনিশ্চয়তাৰ সৃষ্টি হয়। এনেদৰেই কাব্যিক ৰূপ-ৰসেৰে সিক্ত কৰি গল্পকাৰ মহিম বৰাই গল্পটোক এক আকর্ষণীয় মাত্রা প্রদান কৰিছে।
❧ | আৰু পঢ়ক: মহিম বৰাৰ গল্প ‘টোপ’
পৰিশেষত ক’ব পাৰি, বৰেণ্য কথাশিল্পী মহিম বৰাদেৱৰ ‘কাঠনিবাৰী ঘাট’ গল্পটো নিয়তিৰ পৰিহাস মণ্ডিত এক উৎকৃষ্ট সৃষ্টিকর্ম।
Follow Nilacharai on Facebook