নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

শান্তিৰ বাবে যোগ: ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস

শান্তিৰ বাবে যোগ: ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস

যো গ হ’ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। ভাৰতীয় পৰম্পৰাত যোগ কেৱল শৰীৰচৰ্চাৰ অংগ মাত্ৰ নহয়, ই এক আধ্যাত্মিক পৰম্পৰা। সংস্কৃত ‘যোগ’ শব্দই একলগ কৰা বা ঐক্যৱদ্ধ কৰা বুজায়, অৰ্থাত যোগবিদ্যা হৈছে শৰীৰ আৰু চেতনাক একীভূত কৰাৰ এক প্ৰতীক।

যোগৰ বিষয়ে উল্লেখ থকা পুৰণি গ্ৰন্থসমূহৰ পৰা যোগবিদ্যাৰ সময়ক্ৰমৰ বিষয়ে স্পষ্টভাৱে জনা নাযায়। কিছুমান গ্ৰন্থ, যেনে- হিন্দুসকলৰ উপনিষদ বা বৌদ্ধধৰ্মৰ পালী ভাষাত লিখিত ধৰ্মশাস্ত্ৰ কিছুমানত যোগৰ বিষয়ে উল্লেখ পোৱা যায়। পতঞ্জলিৰ যোগসূত্ৰসূহ খ্ৰীষ্টজন্মৰ প্ৰায় পাঁচশ বছৰৰ আগতেই লিখা হৈছিল যদিও বিংশ শতিকাতহে যোগবিদ্যাই বিশেষ প্ৰসাৰ লাভ কৰা পৰিলক্ষিত হয়।

স্বামী বিবেকানন্দৰ সফলতাৰ পাছত, ঊনৈশ শতিকাৰ শেষভাগত আৰু বিংশ শতিকাৰ প্ৰাৰম্ভণিৰে পৰা বিভিন্ন সময়ত ভাৰতবৰ্ষৰ যোগাচাৰ্যসকলে পশ্চিমীয়া দেশসমূহত যোগবিদ্যাৰ প্ৰচাৰ কৰে। ১৯৮০ ৰ দশকত পাশ্চাত্যৰ দেশসমূহত শৰীৰচৰ্চাৰ অংগ হিচাপে ই জনপ্ৰিয় হয়।

যোগ দিৱসৰ লগো]

যোগ দিৱসৰ লগো | UN

কৰ্কট ৰোগ, স্কিজোফ্ৰেনীয়া, হাপানী, হৃদৰোগ আদিৰ ক্ষেত্ৰত যোগৰ প্ৰয়োগ আৰু সাফল্যৰ ক্ষেত্ৰত যথেষ্ট পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। এনে পৰীক্ষাসমূহৰ ফলাফল এতিয়াও স্পষ্টভাৱে নিৰ্ণয় কৰিব পৰা হোৱা নাই। কৰ্কট ৰোগৰ ক্ষেত্ৰত কিছুমান পৰীক্ষাৰ পৰা জনা গৈছে যে যোগাভ্যাস কৰাৰ ফলত কৰ্কট ৰোগ হোৱাৰ প্ৰৱণতা কমি যায় আৰু ৰোগীৰ মনস্তত্বত পৰা ইতিবাচক প্ৰভাৱে ৰোগ নিৰাময়ৰ সম্ভাবনা বৃদ্ধি কৰে।

২১ জুন দিনটো উত্তৰ গোলাৰ্দ্ধত বছৰৰ আটাইতকৈ দীঘল দিন। ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে ২০১৪ চনত ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱত সহমত প্ৰকাশ কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে। যোগাভ্যাস, ধ্যান, যোগৰ উপকাৰিতাৰ বিষয়ে সচেতনতা অনা আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ কৰাই হৈছে এই দিৱসৰ উদ্দেশ্য।

২০১৫ চনৰ ২১ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি প্ৰথম আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। ৮৪খন দেশৰ মুঠ ৩৫,৯৮৫জন অংশগ্ৰহণকাৰীৰ সৈতে ভাৰতৰ প্ৰধান নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰাজপথত ৩৫ মিনিট সময় জুৰি ২১ প্ৰকাৰৰ আসনৰ জৰিয়তে বিশ্ব যোগ দিৱসৰ শুভাৰম্ভণি কৰিছিল। এই বেলি (২০১৮) ‘শান্তিৰ বাবে যোগ’ (Yoga for Peace)ৰ মন্ত্ৰণা লৈ ষাঠি হাজাৰ অংশগ্ৰহণকাৰীৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক যোগ দিৱস পালন কৰিব উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ পথাৰত।

এই লেখকৰ সকলো লেখা চাওক →
শান্তিৰ বাবে যোগ: ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...