ফে চবুকত এজনে এটা সৰু কাহিনীৰ আপডেট দিছিল। এটা গাধ আৰু এটা শিয়ালৰ মাজত বিতর্ক হ’ল। গাধই ক’লে— ‘ঘাঁহ ৰঙা’, শিয়ালে ক’লে— ‘নহয়, ঘাঁহ সেউজীয়াহে’। কোনেও কাৰো কথা মানি নলয়, শেহত বিতর্কই চৰম ৰূপ লোৱাত দুয়ো সমাধানৰ কাৰণে পশুৰাজ সিংহৰ ওচৰ পালেগৈ। সিংহই সকলো শুনি ক’লে— ‘গাধই ঠিক কথাই কৈছে— শিয়ালে ভুল কথাৰ বাবে শাস্তি পাব লাগে।’ গাধ আনন্দ মনেৰে আঁতৰি গ’ল আৰু শাস্তিপ্রাপ্ত শিয়ালে সাহস কৰি মহাৰাজক সুধিলে যে সকলোৱে জানে ঘাঁহ সেউজীয়া, তথাপি ৰজাই গাধই কোৱা ৰঙা ঘাঁহৰ কথা মানি ল’লে কিয়! ঘাঁহ জানো ৰঙা? সিংহই কলে— ‘ঘাঁহ ৰঙা নহয় বুলি ময়ো জানো, তয়ো জান, সকলোৱেই জানে, পিছে তোক শাস্তি দিলো, কাৰণ তই গাধৰ লগত তর্ক কৰিছিলি কিয়?’
এৰা, মূর্খ গাধৰ লগত তর্ক কৰাটোৱেই শাস্তিযোগ্য কাম। আজিকালি বিধানসভাত চলি থকা বিতর্কবোৰ শুনিলে মাজে মাজে গাধলৈকে মনত পৰে। পিছে কিছুমান ক্ষেত্ৰত গাধতকৈয়ো অধম যেন লগা কথা ওলায়, য’ত জানি-শুনিও ভুল কথাতে তার্কিক আঁকোৰগোজ হৈ থাকে। যেনে শাসকীয় পক্ষই সদনৰ বাহিৰে-ভিতৰে কয় বোলে সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা নাই (প্রশান্ত), মূল্যবৃদ্ধি হ’লেও ৰান্ধনীক সকাহ দিবলৈ চৰকাৰে হেজাৰ-দুহেজাৰ টকা দিছে (আঙুৰ), ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ বাবে অসমত নেমুটেঙাৰ দাম বাঢ়িছে (মৃণাল) ইত্যাদি। মন্ত্রী, বিধায়কসকলক গাধ, শিয়াল আদিৰ লগত তুলনা কৰাৰ বাবে জাঙুৰ খাই উঠাৰ অৱশ্যে দৰকাৰ নাই, কাৰণ ভাৰতীয় শাস্ত্ৰৰ কাহিনী, জনশ্রুতি, সাধুকথা ইত্যাদিবোৰত জীৱ-জন্তুৰ লগত মানুহক তুলনা কৰা প্রতীকী কাহিনী বহুত আছে। এইবোৰত সিংহ হৈছে ৰজাৰ প্ৰতীক, শিয়াল হৈছে ধূর্ততাৰ প্রতীক, গাধ মূখামি, মৎস্য, কুর্ম, বৰাহাদি উৰ্বৰতা অর্থাৎ অধিক জনসংখ্যা বঢ়োৱাৰ প্রতীক ইত্যাদি। বিষ্ণু শৰ্মাৰ ‘পঞ্চতন্ত্রৰ সাধু’ত এনে প্রতীকী কাহিনী বহুত আছে।
পশু-পক্ষীক প্ৰতীকৰ ৰূপত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত পৃথিৱীক গাইৰ লগত একাকাৰ কৰাটো একেবাৰে ঋকবৈদিক কালৰে কথা। গাই গৰুক প্রথম ঘৰচীয়া কৰাৰ পাছত (বনৰীয়া জন্তুক ঘৰচীয়া কৰাৰ ক্ষেত্ৰত প্রথম পশু কুকুৰ বুলি জনা যায়) মানুহে ইয়াৰ গাখীৰ খাই অমৃত খোৱা যেন পালে। ৰঙা, ক’লা, মুগা— বিভিন্নৰঙী সকলো গাইৰে গাখীৰ কিয় বগাহে হয়, তাকে লৈ ঋকবৈদিক ঋষিসকল যথেষ্ট সমস্যাত পৰিছিল, এইবোৰক লৈ নানা ‘তাত্ত্বিক’ ব্যাখ্যাও দিয়া হৈছিল। মানুহক উদ্ভিদজাত খাদ্য যোগান দিয়ে পৃথিৱীয়ে; সেইদৰে গাইৰ গাখীৰ আৰু ইয়াৰ পৰা উপজাত দ্রব্য সকলোবোৰেই মানুহৰ বাবে উপাদেয় খাদ্য, সেয়েহে গাইকো পৃথিৱীৰ সমপর্যায়ৰ মাতা হিচাপে মানুহে পূজা কৰিবলৈ ল’লে।
মানুহে খেতি কৰিবলৈ লোৱাৰ পাছত মতা গৰুও মূল্যৱান হ’ল। ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ পৃথু ৰজাই ‘পৃথিৱী দোহন কৰি সকলো ৰস আহৰণ কৰিলে; খাদ্যৰ অভাৱত মানুহৰ বিপদ হৈছিল। খাদ্যৰ বাবে বিস্তৃতভাৱে খেতি কৰি পৃথিৱীৰ ৰস উলিওৱাৰ লগত গাই গৰু দোহন কৰি দুগ্ধ উলিওৱাৰ তুলনা কৰা হৈছে। ঋষিসকলে জানিছিল— গায়ে গাখীৰ দিবলৈ দামুৰি লাগিব আৰু দামুৰি জন্মাবলৈ ষাঁড় গৰু লাগিব, সেইদৰে নাঙল টানিবলৈও বলদ লাগিব। সেয়েহে ষাঁড় আৰু বলদেও গাইৰ সমানেই গুৰুত্ব পালে— গৰুৰ মাংস খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ প্ৰসংগ আছেই। বলদ বা ষাঁড় হৈছে জ্ঞানৰ প্রতীক। মহাদেৱৰ বাহন ষাঁড়— ইয়াৰ অৰ্থটো হৈছে মহাদেৱেও জ্ঞানক ধাৰণ কৰি থাকে। নন্দী বা ষাঁড়টো শিৱৰ বৃষবাহন— ‘জ্ঞানঞ্চ শংকৰাদিচ্ছেৎ’— মহাদেৱৰ পৰা জ্ঞানৰ শিক্ষা ল’ব লাগে। ইয়াৰ লগতে ষাঁড় ধর্মৰো প্রতীক।
গৰুৰ এইবোৰ প্রতীকী প্রসংগ উত্থাপনৰ কথা আহিছে কিছুদিনৰ আগৰ এটি ঘটনাৰ আধাৰত। মাজুলীৰ যোৱা উপ নির্বাচনত মুখ্যমন্ত্ৰীয়ে নিজ দলৰ প্রার্থীজনক গাই গৰুৰ আখ্যা দিলে, তেওঁ জিকিলে হেনো দিনে ১৬ লিটাৰকৈ গাখীৰ দি সমষ্টিটোৰ ৰাইজক খুৱাব। মাজুলীৰ গোটেই ৰাইজৰ কথা বাদেই, কেৱল তেওঁক ভোট দি জিকোৱা ৭০ হেজাৰমান ভোটাৰ আৰু তেওঁলোকৰ পৰিয়াল মিলি হ’ব পৰা এক লাখমান মানুহে মাত্র ১৬ লিটাৰ গাখীৰেৰে কাৰ নাকত দিব সেয়াও প্রশ্ন নহয় যদিহে কথাটো প্রতীকী অর্থলৈ নিয়ে, একেদৰে পুৰুষ প্রার্থীয়ে গাই হৈ কেনেকৈ গাখীৰ দিব সেয়াও নধর্তব্য, কাৰণ প্রতীকেৰে বুজালে সকলো সম্ভৱ। প্রতীক হিচাপত ১৬ সংখ্যাটোৰো বিশেষ তাৎপর্য আছে। ইয়াত ‘গাখীৰ’ মানে ৰাইজৰ সকলো বস্তু, সেইদৰে ১৬ মানেও অত্যাৱশ্যকীয় সামগ্ৰীৰ সমাহাৰ। বিজেপিৰ প্রার্থীজন জিকিল, এতিয়া মাজুলীৰ ৰাইজে (অন্ততঃ ভোট দিয়াখিনিয়ে) তেওঁৰ পৰা চাগৈ গাখীৰ আৰু লাগতিয়াল বস্তুবোৰ পাইছে।
প্রতীকী অর্থত নির্বাচনৰ প্ৰাৰ্থীক গাইৰ লগত, তাকো যথেষ্ট পৰিমাণে গাখীৰ দিয়া গো-মাতাৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰীয়ে বিচক্ষণতাৰ পৰিচয় দিয়া যেন লাগিছিল। পিছে তেওঁ বিৰোধী প্রার্থীজনক গাখীৰ নিদিয়া মতা গৰু বুলি কৈ তেওঁক অলাগতিয়াল সামগ্রীলৈ পর্যবসিত কৰোঁতেই বুজিলো মুখ্যমন্ত্ৰীয়ে প্রাচীন কালৰ মহান প্রতীকীৰ ধাৰণা ব্যৱহাৰ কৰা নাই, কাৰণ সেই প্রতীক মতে মতা গৰুৰ মূল্যও কম নহয়— জ্ঞান আৰু ধৰ্মৰ প্রতীক সাঙুৰিলে বৰঞ্চ গাইতকৈ ষাঁড় বা বলদৰ মূল্যহে বেছি। ইয়াৰ পৰা বুজিব পাৰি যে মুখ্যমন্ত্ৰীজনাই হয় প্রতীকী অর্থ নাজানে বা জানিলেও সেই মহৎ অর্থ ব্যৱহাৰ নকৰি বিৰোধী প্রার্থীক পেংলাইহে কৰিছে। সি যি কি নহওক, প্রতীকী অর্থতেই হওক বা পেংলাইৰ অৰ্থতেই হওক, মাজুলীৰ গৰিষ্ঠ সংখ্যক ৰাইজে সেইবোৰ কথা মন কৰা নাই, মুখ্যমন্ত্ৰীয়ে ১২/১৪ খন মিটিং নাগালেও ভোট বিজেপিকেই দিলেহেঁতেন।
প্রাচীন কালত গুণ-কৰ্মৰ আধাৰতহে হেনো বর্ণ বিভাগ— ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰৰ সৃষ্টি হৈছিল। ইয়াৰে ব্রাহ্মণসকলে বেদাধ্যয়ন, যাগ-যজ্ঞ, নৱ প্ৰজন্মক শিক্ষাদান আদি কৰি সমাজৰ শীর্ষস্থানত উঠিছিল। ক্ষত্রিয়সকলে ৰজা হৈ, যুদ্ধ কৰি সকলোৰে ৰক্ষণাবেক্ষণ দিছিল। লাহে লাহে ব্রাহ্মণসকলে (এচামে) ৰজাঘৰীয়াক পৰামৰ্শ দিবলৈ ল’লে, বিনিময়ত ৰজায়ো সেইসকলক ধন-সম্পদ দি অর্থনৈতিকভাৱে টনকিয়াল কৰিলে। এসময়ত এনে প্রবাদ সৃষ্টি হ’ল যে যি জনপদ (ৰাজ্য)ত ব্রাহ্মণ-ক্ষত্রিয়ৰ সমিলমিল থাকিব, সেই জনপদৰ উত্তৰোত্তৰ উন্নতি অৱধাৰিত। ব্রাহ্মণে ক্ষত্রিয় ৰজাক মন্ত্রণা দিয়াৰ লগতে তোষামোদ কৰে, ওলোটাই ৰজাই ব্রাহ্মণক ধন-সম্পদেৰে উটাই দিয়ে। শাস্ত্ৰৰ ভাষাত এই ‘পৃষ্ঠ কণ্ডুয়ন’ বা পৰস্পৰৰ পিঠি খজুৱাই দিয়াৰ নাম হ’ল ‘সংসৃষ্টি’— সনা-পিটিকা, ৰজা আৰু ব্ৰাহ্মণৰ সনা-পিটিকাক লৈ এটা প্রতীকী কাহিনীও আছে, কাহিনীটো এনে ধৰণৰ—
পশু জগত আৰু জীৱনৰ ৰোমাঞ্চ দেখি উটবিলাকৰ বৰ ইচ্ছা হ’ল বিবাহ কৰোৱাৰ। যাৰ লগত বিয়া হ’ব সেই উটিনীসকলো দেখাই-শুনাই একেই, যেন কুঁহিপাত নথকা (মঞ্জৰীহীন) মৰুভূমিৰ লতা— তেওঁলোকৰ দেহো কোমলতাবিহীন। গতিকে বিয়াৰ সময়ত ৰোমাঞ্চৰ সৃষ্টি কৰিবলৈ কর্কশ উট-উটিনীসকলে আয়োজন কৰিলে গান- বাজনাৰ। উটৰ বিচাৰত গাধতকৈ ভাল গায়ক-গায়িকা নাই, গতিকে তেওঁলোকে বিবাহ বাহৰত গান গাবলৈ গাধৰ দলকেই নিমন্ত্রণ কৰিলে। গান-বাজনা আৰম্ভ হ’ল। গানৰ বিষয়বস্তু হল— উটৰ ৰূপ বর্ণনা— উটৰ দৰে সুন্দৰ চেহেৰাৰ প্রাণী জগততে নাই, লেংলেঙীয়া ঠেঙেই চাবা নে কুঁজ ওলোৱা পিঠিয়েই চাবা নে পদ সঞ্চালনেই চাবা। উটসকলে নিজৰ ৰূপৰ প্রশংসা শুনি বহি নাথাকিল। শায়ৰীৰ আকাৰত বুজা-নুবুজাকৈয়ে ‘ৱাহ ৱাহ’ কৰাৰ দৰে উটেও চিঞৰি উঠিল— ‘বাঃ, কি গলা, কি সুৰ— এনে সুন্দৰ গায়ক সঁচাকৈয়ে পৃথিৱীত নাই। এওঁলোকেই হ’ল সুৰৰ গুৰু। এনেদৰে পৰস্পৰে পৰস্পৰৰ প্ৰশংসাত মত্ত হৈ উঠিল।
আধুনিক কালত ব্রাহ্মণৰ ভূমিকা লৈছে বুদ্ধিজীৱীসকলে, এওঁলোক বিশিষ্ট শিক্ষাবিদ, উপাচার্য, অধ্যক্ষ, অধ্যাপক, লেখক, সাংবাদিক আদি বহু ধৰণৰ হ’ব পাৰে। প্রাচীন কালত সকলো ব্রাহ্মণে ৰজাক পৰামর্শ দি পিঠি খজুৱাবলৈ নাপায়, বহুতে ইচ্ছাও নকৰে, সেইদৰে কিছু ৰজায়ো ব্রাহ্মণ তোষণ নকৰিছিল। একেটা অৱস্থা আধুনিক কালতো— য’ত ৰজাৰ ভূমিকা লয় বিশেষভাৱে মন্ত্রীসকলে, লগতে কিছু পৰিমাণে শাসকীয় বিধায়কে। এতিয়াও মন্ত্রী-নেতা আৰু এচাম বুদ্ধিজীৱীৰ পাৰস্পৰিক প্রশংসা সততে শুনা যায়। আজিকালি ইলেক্ট্রনিক মাধ্যম বাৰুকৈয়ে শক্তিশালী আৰু সাংবাদিকসকলো অতি সক্রিয়। কোনো মন্ত্রী-নেতা-বিধায়কে কিবা ক’লেই এসোপামান মাইক্রফোনে মুখ আগুৰি ধৰে। এইবোৰো প্ৰায়েই দেখা যায় যে শাসকীয় দলৰ নেতাক বুদ্ধিজীৱীয়ে বা সাংবাদিকে বিপদত পেলাব পৰা ধৰণৰ প্রশ্ন নকৰে। সেইদৰে কিছুমান চেনেলত উদ্দেশ্যপ্রণোদিতভাৱে মুখ্যমন্ত্রী বা আন নেতাৰ সাক্ষাৎকাৰ লৈ এনে কিছুমান প্রশ্ন কৰে, যিবোৰৰ যোগেদি নেতাই নিজৰ ঢোলটো বজাবলৈ সুযোগ পায়।
প্রাচীন কালৰ কবিসকলে ৰজাৰ নামত স্তুতি-গীত লিখিছিল, দেৱতাৰ প্ৰতিও প্রায় সকলো ঋকেই হ’ল স্তুতি। কবিসকলে ৰজাক কয়— ‘দীর্ঘজীৱী হোৱা।’ এতিয়াৰ দিনত দলনেতাৰ পিছে পিছে ঘূৰাসকলে নেতাৰ লগতে সুৰ মিলাই চিঞৰে— ‘অমুক জিন্দাবাদ।’ পুৰণি আৰু নতুন শ্ল’গানৰ অৰ্থ একেই যদিও পার্থক্যটো হ’ল— প্রাচীন কবিয়ে নিজে ৰচনা কৰিব জানিছিল, আজিকালিৰ সকলৰ নিজে ৰচনা কৰাৰ ক্ষমতাও নাই। এওঁলোকৰ ওপৰৰ যিসকলৰ নিজৰ সৃষ্টিৰ ক্ষমতা আছে, অর্থাৎ বুদ্ধিজীৱীসকলে ৰজাৰ প্রশস্তিৰে লিখনি প্রস্তুত কৰে। এনে ধৰণৰ উচ্চ-নীচ স্তৱ গায়কৰ ব্যক্তিগত উদ্দেশ্য সম্পর্কে প্রাচীন শ্লোকত কোৱা হৈছে— ‘তৃষ্ণান্ধদৃক্ সেৱকঃ’, ইয়াত তৃষ্ণা মানে ব্যক্তিগত লোভ, টকা, ক্ষমা, বঁটা-বাহন আদিৰ লোভ। শ্লোকৰ কবিৰ ভাষাত— ব্যক্তিগত উন্নতিৰ বাবে এওঁলোকে প্ৰভুৰ ভৰিত পৰে। এওঁলোক বেছি উচ্চ খাপৰ নহয়।
দ্বিতীয় শ্ৰেণীটো হ’ল— এওঁলোকে প্ৰভুৰ গৃহৰ বাহিৰত ৰৈ থাকে, কেতিয়া প্রভু ঘৰৰ পৰা ওলাব আৰু কেতিয়া সাক্ষাৎ পাই নিজৰ অভাৱ-অভিযোগৰ কথা ক’ব। আজিকালি অৱশ্যে মন্ত্রী-নেতাৰূপী প্রভুসকলে এনে ব্যৱস্থা কৰিছে যে সাধাৰণ প্রাপ্য এটাৰ বাবেও এওঁলোকৰ কৃপা নহ’লে নহয়। সেয়েহে প্রাচীন কালত কেৱল সুবিধাবাদীসকল এই দলত আছিল যদিও আজিকালি সাধাৰণ লোকেও এনেদৰে নেতাৰ কৃপা পাবলৈ গৃহৰ সন্মুখত শাৰী পাতে।
প্রাচীন কালৰ ৰাজদর্শনার্থীসকলৰ বিষয়ে বাণভট্টই লিখিছে— ‘এওঁলোক যেন ৰঙামুখীয়া বানৰ, এওঁলোকক গালি দিলেও মুখৰ ৰং নসলায়, গাড়ী টনা ঘোঁৰাক খোৱাৰ লোভ দেখুৱাই যিফালেই ইচ্ছা চালনা কৰিব পৰাৰ দৰে এওঁলোককো ইচ্ছামতে চলাব পাৰি, নিজৰ কামৰ পৰা আঁতৰাই এওঁলোকক প্ৰভুৰ ওচৰত মূৰ দোঁৱাই ৰখাব পাৰি। ৰাজ অনুগ্রহ প্রার্থী মানুহ বিদ্বান হ’লেও মুৰ্খৰ দৰে কথা ক’বলৈ লয়, শক্তিমান হ’লেও কুষ্ঠ ৰোগীৰ দৰে হাত কোঁচ খাই থাকে অনবৰত। এনে লোকৰ ভিতৰি ঈর্ষাও থাকে। তেওঁলোকে যেতিয়া দেখে তোষামোদেৰে অযোগ্য লোকেও উচ্চ পদ পাইছে, তেতিয়া নিজেও তেনে কৰিবলৈ আগ্রহী হয়।’
বাণভট্টই আধুনিক কালৰ তোষামোদকাৰী বুদ্ধিজীৱীৰ কথা কোৱা নাছিল যদিও আধুনিক পর্যবেক্ষকে ইয়াতো সাদৃশ্য বিচাৰি পায়। যেনে বাণভট্টই কৈছিল— ‘ত্ৰিশংকুৰ দৰে স্বর্গ-মর্ত্য দুই লোকৰ পৰাই ৰাজ অনুগ্রহ প্রার্থীসকল আঁতৰি থাকিব লগা হয় আৰু সদায় মূৰ তল কৰিও থাকে এওঁলোকে।’ আধুনিক বুদ্ধিজীৱী (ৰাজ অনুগ্রহ প্রার্থী)ৰ সাদৃশ্য দেখুৱাই কোৱা হৈছে যে তেওঁলোকৰ স্বক্ষেত্র আৰু স্বৰ্গক্ষেত্র হ’ল নিজৰ বুদ্ধিজীৱিতাৰ ক্ষেত্ৰখন। নিজৰ এই ক্ষেত্ৰখন এৰি মন্ত্রী, নেতাৰ পিছে পিছে ঘূৰাৰ বাবে স্বক্ষেত্ৰত তেওঁলোক নিন্দিত হয়, সার্থক বুদ্ধিজীৱীসকলে ইয়াকে লৈ মন্ত্ৰীৰ অনুগামীসকলক উপহাস কৰে। আনহাতে, সাধাৰণ ৰাইজে এনে বুদ্ধিজীৱীক ঢুকি নাপায় বা পাবলৈও নিবিচাৰে— এই সাধাৰণ ৰাইজ হৈছে মর্ত্য। সেয়েহে তোষামোদকাৰী বুদ্ধিজীৱীয়ে স্বর্গ-মর্ত্য দুয়োটাই হেৰুৱাই ত্ৰিশংকুৰ দৰে ওলমি থাকে।
প্রাচীন কালৰে পৰা বৰ্তমানলৈ বোধহয় সবাতোকৈ শক্তিশালী ‘বাদ’টোৱেই হৈছে সুবিধাবাদ। এই বাদৰ ভক্ত অনেক, অৱশ্যে সামান্য ব্যতিক্রম বাদ দি সকলোৱেই এই বাদৰ অনুগামী যেন লাগে। গতিকে কিছু বুদ্ধিজীৱীৰ কথা লেখিলেনো কি হ’ব! সুবিধাৰ বাবে দল বাগৰাজনেই যেতিয়া ৰাজ্য ৰাজনীতিৰ মূর্ধন্য স্থান ল’বগৈ পাৰে, তেনেস্থলত বাকীসকল পিছ পৰি ৰ’ব কিয়? অগপ-কংগ্ৰেছ-বিজেপি ধৰণৰ অসমৰ ক্ষমতা হস্তান্তৰৰ ক্ষেত্ৰত এচাম লোকক সদায়েই কেন্দ্রৰ ওচৰত লেউসেউ হোৱা দেখা গৈছে। গতিকে ‘সুবিধাবাদ জিন্দাবাদ’ হ’বই। ৰাজনীতি এনেকৈয়ে চলি থাকিব আৰু সাধাৰণ ৰাইজৰ অৱস্থা বেয়া হৈয়েই থাকিব।
📚 | আৰু পঢ়ক: