বন্ধ হ’ব ২০০০ টকীয়া নোট

বন্ধ হ’ব ২০০০ টকীয়া নোট
  • 19 May, 2023

শু কুৰবাৰে (১৯ মে’ ২০২৩) ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। অৱশ্যে ২০০০ টকীয়া নোট ৩০ ছেপ্টেম্বৰ, ২০২৩-লৈকে বৈধ হৈ থাকিব। সেই তাৰিখ পৰ্যন্ত ২০০০ টকীয়া নোট বেংকত জমা কৰা বা সালসলনি কৰাৰ সুবিধা থাকিব।

ৰিজাৰ্ভ বেংকৰ ঘোষণাটোত কোৱা হৈছে: “ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ‘ক্লীন নোট পলিচি’ অনুযায়ী ২০০০ টকা মূল্যৰ বেংকনোট প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এই বেংকনোটসমূহ আইনী মুদ্ৰা হিচাপে চলি থাকিব। প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আৰু জনসাধাৰণক পৰ্যাপ্ত সময় দিবলৈ সকলো বেংকে ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ২০০০ টকাৰ নোটৰ জমা আৰু/ বা বিনিময়ৰ সুবিধা প্ৰদান কৰিব লাগিব।”

ৰিজাৰ্ভ বেংকৰ ঘোষণা অনুসৰি জনসাধাৰণে তেওঁলোকৰ বেংক একাউণ্টত ২০০০ টকীয়া নোট জমা দিব পাৰিব বা যিকোনো বেংক শাখাত অন্য মূল্যৰ নোটৰ সৈতে বিনিময় কৰিব পাৰিব। ঘোষণাটোত কোৱা হৈছে— “বেংক একাউণ্টত সচৰাচৰ প্ৰচলিত নিৰ্দেশনা আৰু অন্যান্য প্ৰযোজ্য নিয়ম অনুসৰিয়েই ধন জমা কৰিব পাৰিব। অৰ্থাৎ এই ক্ষেত্ৰত কোনো নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই।”

২৩ মে’ তাৰিখৰ পৰা ২০০০ টকীয়া নোটৰ বিনিময় যিকোনো বেংকত এবাৰত ২০,০০০/- টকা পৰ্যন্ত কৰিব পাৰিব। আৰ বি আইৰ ইছ্যু বিভাগ থকা ১৯টা আঞ্চলিক কাৰ্যালয়তো এই সুবিধা উপলব্ধ হ’ব।

২০১৬ চনৰ নৱেম্বৰ মাহত ১০০০ আৰু ৫০০ টকীয়া নোটৰ বিমুদ্ৰাকৰণৰ পাছত ২০০০ টকীয়া নোটৰ প্ৰৱৰ্তন কৰা হৈছিল। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, অন্য মূল্যৰ মুদ্ৰা পৰ্যাপ্ত পৰিমাণত উপলব্ধ হোৱাৰ লগে লগে ২০০০ টকীয়া নোট প্ৰৱৰ্তনৰ উদ্দেশ্য পূৰণ হৈছিল। সেই কাৰণে ২০১৮-১৯ বৰ্ষৰ পৰা দুহেজাৰ টকীয়া নোটৰ ছপা বন্ধ কৰা হৈছিল।

বন্ধ হ’ব ২০০০ টকীয়া নোট | তপোবন মিশ্ৰ
Follow Nilacharai on Facebook