অনুৰাধা শৰ্মা পূজাৰীৰ উক্তি: ‘ইয়াত এখন অৰণ্য আছিল’ৰ বাছকবনীয়া উদ্ধৃতি
- 08 Jan, 2022
বি শিষ্ট ঔপন্যাসিক, গল্পকাৰ, নিৱন্ধকাৰ অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ ‘ইয়াত এখন অৰণ্য আছিল’ শীৰ্ষক উপন্যাসৰ বাবে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ২০১৮ চনত প্ৰথম প্ৰকাশ হোৱা এই উপন্যাসখনৰ ইতিমধ্যে পাঁচটা সংস্কৰণ প্ৰকাশ পাইছে। জানুৱাৰী ২০২২-ত গ্ৰন্থখনৰ পঞ্চমটো সংস্কৰণ প্ৰকাশ হৈছে। বনলতাই প্ৰকাশ কৰা ১৭৬ পৃষ্ঠাৰ উপন্যাসখনৰ পঞ্চমটো সংস্কৰণৰ মূল্য ২৫০.০০ টকা। অনুৰাধা শৰ্মা পূজাৰীৰ প্ৰকাশিত আৰু জনপ্ৰিয় গ্ৰন্থৰ ভিতৰত উল্লেখনীয় হৈছে— কলিকতাৰ চিঠি, ডায়েৰি, আমেৰিকান চৰাইখানাত সংবাদ, অট’গ্ৰাফ, বসন্তৰ গান, এজন অসামাজিক কবিৰ বায়’গ্ৰাফী, কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া, হৃদয় এক বিজ্ঞাপন, এজন ঈশ্বৰৰ সন্ধানত, কাঞ্চন, নীল প্ৰজাপতি, সোণ হৰিণৰ চেঁকুৰ, ব’ৰাগী নদীৰ ঘাট, নাহৰৰ নিৰিবিলি ছাঁ, মেৰেং, ৰাগ-অনুৰাগ আদি। তেখেতৰ প্ৰথম উপন্যাস আছিল হৃদয় এক বিজ্ঞাপন। এইখন উপন্যাসে পাঠকৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।
অনুৰাধা শৰ্মা পূজাৰীয়ে ১৯৬৪ চনত যোৰহাটত জন্ম লাভ কৰিছিল। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্বিবদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত অনুৰাধা শৰ্মা পূজাৰীয়ে কলিকতাত সাংবাদিকতা বিষয়ত আৰু পশ্চিমবংগৰ সাংস্কৃতিক দপ্তৰৰ অধীনত চলচ্চিত্ৰ ৰসাস্বাদন বিষয়ত শিক্ষা গ্ৰহণ কৰে। কলিকতাত থকা সময়ৰে পৰা তেখেতে অসমীয়া বাতৰি কাকতত বিবিধ বিষয়ত নিৱন্ধ লিখিবলৈ লয়। কলিকতাৰ পৰা অসমলৈ ঘূৰি অহাৰ পাছৰে পৰা তেখেত সক্ৰিয়ভাৱে সাংবাদিকতাৰ লগত জড়িত হৈ পৰে। বৰ্তমানে তেখেত অসমীয়া সাপ্তাহিক কাকত ‘সাদিন’ৰ সম্পাদক হিচাপে কৰ্মৰত হৈ আছে।
মূলতঃ অৰণ্য আৰু মানুহৰ সংঘাতক লৈ লিখিত অনুৰাধা শৰ্মা পূজাৰীৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত উপন্যাস ‘ইয়াত এখন অৰণ্য আছিল’ৰ পৰা কেইটিমান বাছকবনীয়া উক্তি তুলি অনা হৈছে। আশা কৰা হৈছে, ইয়াৰ দ্বাৰা পাঠকসকলে চিন্তাৰ খোৰাক পোৱাৰ লগতে ইতিমধ্যে উপন্যাসখন নপঢ়া পঢ়ুৱৈসকলে উপন্যাসখন পঢ়িবলৈ উদ্বুদ্ধ হ’ব।
সময়
সময় বিষয়টো মনৰ সৈতে জড়িত। একো কাম নাথাকিলে সময় এক বন্ধ পানীৰ ডোবা। অজস্ৰ কাম থাকিলে সময় জলপ্ৰপাত, দুখৰ সময় নাযায়-নুপুৱায়, সুখৰ সময় এটা ফৰ্মূটিৰ দৰে, আহিল আৰু গ’ল।
—অনুৰাধা শৰ্মা পূজাৰী (‘ইয়াত এখন অৰণ্য আছিল’ উপন্যাসৰ পৰা)
শান্তি
শান্তি কোন পথে আহে! হাজাৰ বছৰ ধৰি, মানুহৰ এয়াই সন্ধান নহয় জানো? সশস্ত্ৰবাদ, অহিংসবাদ, যুক্তিবাদ, মানৱতাবাদ, বামপন্থা, সোঁপন্থা, মধ্যমপন্থা, হিন্দু ধৰ্ম, ইছলাম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, জৈন ধৰ্ম, পৃথিৱীৰ সকলো বাদ, পন্থা, ধৰ্মৰ মূল উদ্দেশ্যই সদায় ‘শান্তি’ৰ শেষ বাণী শুনাই আহিছে।
—অনুৰাধা শৰ্মা পূজাৰী (‘ইয়াত এখন অৰণ্য আছিল’ উপন্যাসৰ পৰা)
সাংবাদিক
সাংবাদিক সৈনিকৰ দৰে হ’ব লাগে। ন’ ইম’শ্যন, ন’ ৰিগ্ৰেট, অনলী নিউজ— ট্ৰুথফুল নিউজ। সৈনিকে যুদ্ধক্ষেত্ৰত আবেগবৰ্জিতভাৱে যিদৰে যুদ্ধ কৰে। আবেগ মাত্ৰ এটাই— সেই সময়ত দায়িত্ব ভালদৰে পালন কৰা। সাংবাদিক হ’ব লাগে আবেগবৰ্জিত। বাতৰি পৰিৱেশনৰ সত্যতা আৰু দায়িত্বই মূল কথা।
অধিকাৰ
পৃথিৱীখনেই অধিকাৰৰ ভোকত যুদ্ধসন্ত্ৰস্ত। ছিৰিয়াৰ পৰা ম্যানমাৰলৈকে— কোনোবাই যদি অধিকাৰ কৰিছে, কোনোবা উচ্ছেদিত হৈছে। এই ভোক পেটৰ ভোকতকৈও ভয়ংকৰ।
বিশ্বাস
নতুন ঘৰ সাজিবলৈ বিশ্বাসী কাৰিগৰৰ প্ৰয়োজন নহয়, কিন্তু পুৰণি ঘৰবোৰত প্ৰথম চৰ্তটোৱেই থাকে— বিশ্বাসী ভৃত্য, বিশ্বাসী ড্ৰাইভাৰ, বিশ্বাসী মিস্ত্ৰী। ‘বিশ্বাস’ শব্দটো যিমানে আপুৰুগীয়া হৈছে সিমানে বিশ্বাসী মানুহৰ দাম বাঢ়িছে।
আন্তৰিকতা
তেজ-মঙহবোৰ হেৰালেও আন্তৰিকতা মানুহৰ মাজে মাজেই ঘূৰি ফুৰে, নানা ৰূপত।
প্ৰব্ৰজন
চৰাইবোৰৰ দৰেই পুৰণি মানুহৰ প্ৰব্ৰজনৰ ইতিহাস। প্ৰতিজন মানুহেই যদি শিপা বিচাৰি উভতি যাত্ৰা কৰে, তেওঁ এনে এখন ঠাই পাবগৈ, যিখন ঠাইৰ সংস্কৃতি, ভাষা তেওঁৰ বাবে অচিনাকি।
ধৰ্ম
এই যে মন্দিৰ-মছজিদ সাজি মানুহে মাটি দখল কৰিছে— তেওঁলোক জানো প্ৰকৃততে ধাৰ্মিক? ধৰ্মই জানো আনৰ অধিকাৰ গ্ৰাস কৰিবলৈ শিকায়?
মানুহ
মানুহেই এদিন সকলোকে অঘৰী কৰিব।
অঘৰী হ’ব অৰণ্য, অঘৰী হ’ব মানুহ— ঠিকনাহীন হ’ব পৃথিৱী।
উন্মাদ মানুহ
ঋকবেদৰ সৃষ্টিৰ আদি ক্ষণলৈ উভতিছোঁ নজনাকৈয়ে, ‘অন্ধকাৰ বিৰাজ কৰিছিল আদিতে, অন্ধকাৰত সকলো লুকাই আছিল— সীমাহীন অমূৰ্ত অন্ধকাৰ…’, মানুহৰ সৈতেই আহিছিল সকলো ধ্বংসৰ বীজ পৃথিৱীলৈ। পৰ্বত, সমুদ্ৰ, নদী, উপত্যকা, পাহাৰ, নিজৰা, আকাশ, বতাহ সকলো জয়ৰ কামনাত উন্মাদ মানুহ।
❧ | আৰু পঢ়ক:
- বিদ্যাৰ্থী আৰু যুৱসমাজলৈ ড° এ পি জে আব্দুল কালামৰ দহোটা শপত
- ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ অমৰ উক্তি
- নজানে কিছ ৰূপ মে নাৰায়ণ মিল যায়
Follow Nilacharai on Facebook