লভ ইজ ইন দ্য এয়াৰ: প্রেম সম্পর্কে বিখ্যাত উক্তি

লভ ইজ ইন দ্য এয়াৰ: প্রেম সম্পর্কে বিখ্যাত উক্তি
  • 10 Feb, 2022

প্ৰে ম এক শক্তিশালী আৱেগ যিয়ে মানুহক আশ্চৰ্যকৰ কাম কৰিবলৈ বাধ্য কৰিব পাৰে। ই সান্ত্বনা আৰু সুখৰ উৎস। প্ৰেম এক অনুভৱ, যাক বৰ্ণনা কৰা কঠিন, কিন্তু সদায়ে অন্বেষণ কৰাৰ বাবে মুক্ত।

প্ৰেম সম্পৰ্কত অনেক গুণী-জ্ঞানী লোকে তেওঁলোকৰ মন্তব্য আগবঢ়াই গৈছে, যিবোৰে আমাক অনুপ্ৰাণিত আৰু একে সময়তে অন্য এক দৃষ্টিকোণেৰ ভবাই তুলিব পাৰে।

লভ ইজ ইন দ্য এয়াৰ…! আগত ভেলেণ্টাইন ডে, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহৰ প্ৰেমময় পৰিৱেশত আগবঢ়াইছোঁ প্রেম সম্পর্কে বিখ্যাত উক্তি।

প্ৰেমৰ উক্তি

“প্ৰেম হৈছে সেই অৱস্থা, য’ত আন এজন ব্যক্তিৰ সুখ-আনন্দ নিজৰ বাবে অপৰিহাৰ্য হৈ পৰে।”
ৰবাৰ্ট এ. হেইনলিন (Robert A. Heinlein)

প্ৰেমৰ উক্তি

“প্ৰেম আপুনি বিচাৰি পোৱা বিষয় নহয়। প্ৰেম হৈছে এনে এক বিষয় যি আপোনাক বিচাৰি পায়।”
লৰেটা ইয়ং (Loretta Young)

প্ৰেমৰ উক্তি

“প্ৰেম হৈছে একমাত্ৰ শক্তি, যিয়ে শত্ৰুক বন্ধুলৈ ৰূপান্তৰ কৰিব পাৰে।”
—মাৰ্টিন লুথাৰ কিং, জুনিয়ৰ (Martin Luther King, Jr)

প্ৰেমৰ উক্তি

“আপুনি শিকিব পৰা আটাইতকৈ ডাঙৰ কথাটো হ’ল কেৱল প্ৰেম কৰা আৰু তাৰ বিনিময়ত প্ৰেম পোৱা।”
—মৌলিন ৰুজ (Moulin Rouge)

প্ৰেমৰ উক্তি

“প্ৰেম হৈছে সংগীতময় বন্ধুত্ব।”
—যোচেফ কেম্পবেল (Joseph Campbell)

প্ৰেমৰ উক্তি

“প্ৰেম হৈছে অনন্তকালৰ প্ৰতীক: ই সময়ৰ সকলো ধাৰণাক বিভ্ৰান্ত কৰে: আৰম্ভণিৰ সকলো স্মৃতি, সমাপ্তিৰ সকলো ভয় ই মচি পেলায়।”
—জাৰ্মেইন দে স্তেল (Germaine de Staël)

প্ৰেমৰ উক্তি

“মানুহৰ অস্তিত্বৰ সমস্যাৰ একমাত্ৰ যুক্তিযুক্ত আৰু সন্তোষজনক উত্তৰ হৈছে প্ৰেম।”
—এৰিক ফ্ৰম (Erich Fromm)

প্ৰেমৰ উক্তি

“প্ৰেম হৈছে বুদ্ধিমত্তাক হৰুৱাই কল্পনাৰ বিজয়।”
—এইচ এল মেনকেন (H.L. Mencken)

প্ৰেমৰ উক্তি

“প্ৰেম হৈছে ইন্দ্ৰিয়ৰ কবিতা।”
—অনৰে দে বালজাক (Honore de Balzac)

❧ | আৰু পঢ়ক: অনুৰাধা শৰ্মা পূজাৰীৰ উক্তি: ‘ইয়াত এখন অৰণ্য আছিল’ৰ বাছকবনীয়া উদ্ধৃতি

প্ৰেমৰ উক্তি

“প্ৰেম কেৱল অনুভূতি নহয়, ইয়েই একমাত্ৰ বাস্তৱ। প্ৰেম সৃষ্টিৰ কেন্দ্ৰবিন্দুত থকা চুড়ান্ত সত্য।”
—ৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindranath Tagore)

প্ৰেমৰ উক্তি

“প্ৰেম হৈছে এনে এক খেল যাক দুজনে খেলিব পাৰে আৰু দুয়ো জিকিব পাৰে।”
—ইভা গাবৰ (Eva Gabor)

প্ৰেমৰ উক্তি

“প্ৰেমেই একমাত্ৰ বস্তু যি আমাক নিজৰ পৰাই ৰক্ষা কৰিব পাৰে।”
—এলভিছ প্ৰেছলি (Elvis Presley)

প্ৰেমৰ উক্তি

“প্ৰেম কেতিয়াও শেষ নোহোৱা এক দুঃসাহসিক অভিযান।”
—উইলফ্ৰেড এ পিটাৰচন (Wilfred A. Peterson)

প্ৰেমৰ উক্তি

“প্ৰেম হৈছে অপ্ৰতিৰোধ্যভাৱে আকাংক্ষিত হোৱাৰ এক অপ্ৰতিৰোধ্য আকাংক্ষা।”
—ৰবাৰ্ট ফ্ৰষ্ট (Robert Frost)

প্ৰেমৰ উক্তি

“প্ৰেম অন্ধ নহয়— ই কেৱল বেলেগ দৃষ্টিৰে চাবলৈ সক্ষম কৰে।”
—মিগনন মেকলাফলিন (Mignon McLaughlin)

প্ৰেমৰ উক্তি

“প্ৰেম হৈছে আমাৰ পছন্দৰ যোগফল, আমাৰ কাৰ্যৰ ফলাফল।”
—পাওলো কোৱেলহো (Paulo Coelho)

প্ৰেমৰ উক্তি

“প্ৰেম হৈছে এক সিদ্ধান্ত, বিচাৰ আৰু চিন্তা।”
—এৰিক ফ্ৰম (Erich Fromm)

প্ৰেমৰ উক্তি

“প্ৰেম কোনো অনুভূতি নহয়, ই এক অস্তিত্বৰ অৱস্থা।”
—কেন কেয়েছ জুনিয়ৰ ( Ken Keyes Jr)

প্ৰেমৰ উক্তি

“আমি গভীৰভাৱে ভাল পোৱা সকলোবোৰ আমাৰ নিজৰ অংশ হৈ পৰে।”
—হাৰমান হেছ (Hermann Hesse)

প্ৰেমৰ উক্তি

“প্ৰতিদিনে মই তোমাক অধিক ভাল পাওঁ,
আজি ভাল পাওঁ কালিতকৈ অধিক আৰু কাইলৈতকৈ কম।”
—ৰোজমণ্ডে জেৰাৰ্ড (Rosemonde Gerard)

❧ | আৰু পঢ়ক: ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ অমৰ উক্তি

লভ ইজ ইন দ্য এয়াৰ: প্রেম সম্পর্কে বিখ্যাত উক্তি | তপোবন মিশ্ৰ