আ ধুনিক অসমীয়া কাব্য সাহিত্য আৰু গীতি সাহিত্যক ৰূপ-ৰস আৰু ভাৱৰ ছন্দময়তাৰে সমৃদ্ধ কৰোঁতাসকলৰ ভিতৰত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ স্থান নিঃসন্দেহে অদ্বিতীয়। ছয়ৰ দশকৰ শেষাৰ্ধ আৰু সাতৰ দশকৰ আৰম্ভণিতে ৰচিত হোৱা নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাসমূহ বিভিন্ন সময়ত প্ৰকাশ পোৱা সাতটা কাব্য সংকলনত সন্নিৱিষ্ট হোৱাৰ উপৰিও বিভিন্ন বাতৰি কাকত, আলোচনীৰ পাততো সিঁচৰতি হৈ আছে।
ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম প্ৰকাশিত কাব্য সংকলন হৈছে ‘বন ফৰিঙৰ ৰং’ (১৯৫৭)। পৰৱৰ্তী সময়ত তেখেতৰ ‘সমীপেষু’ (১৯৭৮), ‘দিনৰ পিছত দিন’ (১৯৭৭), ‘শব্দৰ ইপাৰে শব্দৰ সিপাৰে’ (১৯৯২), ‘অন্তৰংগ’ (১৯৭৮), ‘সুদীৰ্ঘ দিন আৰু ঋতু’ (১৯৮২), আৰু ‘অমিতাভ শব্দ’ (১৯৯৪)— এই কাব্য সংকলনকেইখন প্ৰকাশ পায়। উল্লেখ্য যে ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে ‘দিনৰ পিছত দিন’ কাব্যগ্ৰন্থৰ বাবে অসম সাহিত্য সভা বঁটা আৰু ১৯৮৩ চনত ‘সুদীৰ্ঘ দিন আৰু ঋতু’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। মূলতঃ গীতিধৰ্মী কবি ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কাব্যসৃষ্টি আৱেগ আৰু বুদ্ধিৰ যুগ্মৰূপ, অভিজ্ঞতাৰ মিতভাষ।
সামগ্ৰিকভাৱে তেখেতৰ কবিতাত প্ৰকাশিত হৈছে নৈসৰ্গিক প্ৰকৃতি-চিত্ৰণ, জীৱন-জিজ্ঞাসা, ঐতিহ্য অনুসন্ধানৰ বৰণীয় প্ৰচেষ্টা, নাৰী মনৰ প্ৰেম, কৰুণা, কামনা-বাসনা আৰু বৃহত্তৰ সমাজ-জীৱনৰ বিচিত্ৰ প্ৰতিচ্ছবি। তেখেতৰ কবিতাত শব্দচয়ন কোমল, তাত বিৰাজিত হৈছে এক স্বাভাৱিক সৰলতা। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত সমাজ-জীৱনৰ কাব্যিক প্ৰতিফলন ঘটিছে যদিও মূলতঃ তেওঁ নৱ্য ৰোমাণ্টিক ধাৰাৰ কবি।
ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ‘দ্ৰৌপদী’ এটা ব্যতিক্ৰমধৰ্মী, মনস্তাত্বিক বিশ্লেষাত্মক কবিতা। ভাৰতীয় জনজীৱনৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলোৱা প্ৰাচীন মহাকাব্য মহাভাৰতৰ এক আদৰ্শ নাৰী চৰিত্ৰ দ্ৰৌপদীৰ মনৰ মাজত লুকাই থকা চিৰন্তন নাৰী-মনটোৰ আশা-আকাংক্ষাৰ অনুপম চিত্ৰ কবিয়ে চিত্ৰিত কৰি তুলিছে কবিতাটোত। নাৰীমন অতিকে বিচিত্ৰ। এই বিচিত্ৰতাই নাৰীমনৰ বৈশিষ্ট্য। নাৰীসত্তাৰ চিৰন্তন দোষখিনি সযতনে বিলুপ্তিৰ গৰ্ভত বিলীন কৰি এগৰাকী নাৰীয়ে সাধনা আৰু সংযমৰ কঠিন পৰীক্ষাৰ মাজেদি নিজকে জনজীৱনৰ সন্মুখত আদৰ্শনীয় আৰু মহীয়ান কৰি তুলি ধৰে। ‘দ্ৰৌপদী’ কবিতাটোত কবিয়ে দ্ৰৌপদী চৰিত্ৰটোৰ আদৰ্শগত দিশটোক উপেক্ষা কৰি চিৰন্তন নাৰীসত্তা হিচাপে দ্ৰৌপদীক অতি সচেতনতাৰে বৰ্ণনা কৰিছে। নাৰীৰ বুকুত সৃষ্টিৰ আদিৰে পৰা সকলোৱে পাই আহিছে ৰহস্যৰ সন্ধান। অতি সূক্ষ্ম দৃষ্টিৰে নাৰীৰ মানসিক অভিব্যক্তিৰ বিশ্লেষণ কৰি কবিয়েও স্বীকাৰ কৰিছে নাৰীৰ চিৰৰহস্যময়ী ৰূপৰ কথা:
“মই ব্যতিক্ৰম
নহয় নহয়!
মই, মই যে মাথোঁ চিৰন্তন নাৰী
যুগমীয়া ৰহস্যৰে ভৰা
বিচিত্ৰ বৰ্ণালীৰ সহজ প্ৰকাশ।”
সৃষ্টিৰ আদিতমা নাৰীৰ মনত সৌন্দৰ্যৰ প্ৰতি যি দৃষ্টিভঙ্গী, সেয়া কবিতাটোত নিটোল ৰূপত প্ৰকাশিত হৈছে। সৌন্দৰ্যৰ যে কোনো নিৰ্দিষ্ট পৰিসীমা নাই, ই অসীম-অনন্ত, সেই কথা কবিয়ে কবিতাটোৰ মাজেৰে ব্যক্ত কৰিবলৈ প্ৰয়াস কৰিছে। দৈহিক কামনা-বাসনাৰ ঊৰ্ধ্বতো আৰু এখন মানসিক জগত আছে, য’ত সৌন্দৰ্যক স্বকীয় ৰূপত চোৱা হয়। সাধাৰণ দৃষ্টিত অধিক ক্ষেত্ৰতে সৌন্দৰ্যক ৰূপ-লাৱণ্যৰ আধাৰত বিচাৰ কৰিবলৈ যত্ন কৰা হয় যদিও কবিতাটিত কবিয়ে সৌন্দৰ্য যে কেৱল ৰূপৰ সমাহাৰ নহয়, সেই কথা অকপটে ক’ব বিচাৰিছে। নাৰী নিজেই অনন্ত সৌন্দৰ্যৰ আধাৰ, অথচ নাৰী হৃদয় আজীৱন সৌন্দৰ্যপিয়াসী। চিৰকাল সৌন্দৰ্যন্মুখ নাৰীমনে বিচাৰে সৌন্দৰ্যৰ এক নিটোল অখণ্ড ৰূপ, বিচাৰে স্পৰ্শযোগ্য ইন্দ্ৰিয়গ্ৰাহ্য আধাৰৰ মাজত। এক বিশেষ মানসিক স্তৰত উপনীত হৈ নাৰীয়ে উপলব্ধি কৰে যে প্ৰকৃত সৌন্দৰ্য নিহিত হৈ থাকে ব্যক্তিত্বসম্পন্ন মহামূল্যৱান গুণত, মেধা, বোধশক্তি আদি সুকুমাৰ গুণৰ অৱয়বতহে।
“এয়া এক অনুভৱ বিশেষ স্তৰৰ
এয়া এক মানসিক উপলব্ধি গভীৰ মনৰ
সৌন্দৰ্য নহয় মাথোঁ অপৰূপ অৱয়ব
ভংগি আৰু সুললিত স্বৰ
সৌন্দৰ্য লুকাই থাকে বোধ, মেধা, বীৰত্ব
পাণ্ডিত্য, ব্যক্তিত্ব আৰু
সুঠাম মনৰ কত প্ৰকাশত।”
নাৰীমনৰ এই বিচিত্ৰ অভিব্যক্তি কবিয়ে প্ৰতীকি ব্যঞ্জনাৰে প্ৰকাশ কৰিছে। ‘দ্ৰৌপদী’ এটা প্ৰতীকধৰ্মী কবিতা। মহাভাৰতৰ মহীয়সী নাৰী দ্ৰৌপদীক নাৰী মনৰ এক প্ৰতীক হিচাপে কবিয়ে ব্যৱহাৰ কৰিছে। দ্ৰৌপদী ভাৰতীয় আদৰ্শৰ মহান ধ্যান-ধাৰণাৰ প্ৰতীক। তথাপি নাৰীৰ অৱচেতন মনৰ গভীৰতাত গঢ় লোৱা চিন্তা-ভাৱনা দ্ৰৌপদীৰ মানসিকতাতো প্ৰতিফলিত হৈছে। কবিৰ মতে দ্ৰৌপদী কোনো এগৰাকী বিশিষ্ট নাৰী নহয়, দ্ৰৌপদী সমগ্ৰ নাৰী জাতিৰ প্ৰতীক। সাধাৰণ নাৰীৰ দৰে দ্ৰৌপদীৰ মনতো কামনা-বাসনা আছে। ই নিতান্তই স্বাভাৱিক। কবিৰ মতে তেনেবোৰ কথাত নতুনত্ব নাই। কিন্তু দ্ৰৌপদীৰ নতুনত্ব বা অগতানুগতিকতা এই খিনিতেই যে তেওঁ সত্যক সহজভাৱে স্বীকাৰ কৰি গ’ল। বাস্তৱ সত্যক স্বীকাৰ কৰাৰ সাহস সকলোৰে নাথাকে। সেইবাবে বহুতে মিছাৰ আশ্ৰয় লৈ সত্যক ঢাকি ৰাখে। কবিৰ ভাষাত সেইবোৰ ভণ্ডামি মাত্ৰ।
“যিবোৰ স্বীকাৰ ভণ্ডামিৰ মুখাৰ তলত
সৰ্বদায় গুপ্ত হৈ থাকে।”
সেইবাবে কবিয়ে নিঃসংকোচে স্বীকাৰ কৰিছে যে নাৰীৰ বাসনা কাহানিও সমাপ্ত নহয়। নাৰীৰ অৱচেতন মনত এক অতৃপ্ত বাসনাই দোলা দি থাকে। পূৰ্ণ প্ৰাপ্তিৰ সময়তো অৱচেতন মনক অতৃপ্তিৰ এক তীব্ৰ হাবিয়াসে নাৰীসত্তাক ক্ষত-বিক্ষত কৰে। এনে অতৃপ্তিৰ মূলতে হৈছে নাৰীৰ সৌন্দৰ্যস্পৃহা। সৌন্দৰ্যৰ প্ৰতি নাৰীৰ এক সহজাত দুৰ্বলতা আছে, সি দ্ৰৌপদীয়েই হওক বা সাধাৰণ নাৰীয়েই হওক। সেইবাবে পাণ্ডৱ-পত্নী দ্ৰৌপদীৰ ধীৰ-স্থিৰ মনীষী ধৰ্মৰাজ যুধিস্থিৰ, শালবৃক্ষ সমবলী ভীম, শৌৰ্য-বীৰ্য গুণসম্পন্ন অৰ্জুন, সৌম্য-শান্ত-নম্ৰ বীৰ নকুল-সহদেৱক স্বামী হিচাপে পোৱাৰ পাছতো কৰ্ণৰ প্ৰতি বিশেষ আসক্তি আছিল।
পঞ্চপাণ্ডৱক পাই দ্ৰৌপদী যেন আকণ্ঠ অমৃতৰেই পূৰ্ণ হৈছিল, তথাপি দ্ৰৌপদীৰ গোপন মণিকোঠাত আৰু এজন পুৰুষৰ সান্নিধ্য লাভৰ বাবে তৃষ্ণা জন্মিছিল। কবিৰ ভাষাত:
“বিচাৰো কৰ্ণক কিয়? কিয় এই তৃষ্ণা জাগে
আকণ্ঠ ভৰি মোৰ থাকোঁতে অমৃত!
এয়া যে মায়াৰ খেলা
দেহী আমি, তথাপি কৰো যে বাস
দেহৰ ঊৰ্ধ্বত।”
পাঁচগৰাকী গুণসম্পন্ন স্বামী থাকোঁতেও দ্ৰৌপদীয়ে কৰ্ণক মনেৰে বিচৰাৰ কাৰণ হ’ল মানুহৰ জৈৱিক বাসনা। দেহধাৰী প্ৰতিগৰাকী নাৰীৰ অন্তৰতে জৈৱিক কামনা-বাসনা আছে। কিন্তু সেই বাসনা গোপনে মনৰ ভিতৰতে পুহি ৰাখিবলগীয়া হয়, অতৃপ্ত তৃষ্ণাক নীৰৱে সহ্য কৰিবলগীয়া হয়। ‘দেহী আমি তথাপি কৰোঁ যে বাস দেহৰ ঊৰ্ধ্বত’— এয়া যেন নাৰীৰ যন্ত্ৰণা তথা ৰক্ষণশীল সমাজ ব্যৱস্থাৰ প্ৰতি কবিৰ প্ৰতীকধৰ্মী প্ৰতিবাদ। নাৰী যিমানই ঐশ্বৰ্যমণ্ডিতা নহওক কিয়, সেই ঐশ্বৰ্য, সেই অহংকাৰ নিৰৰ্থক। কবিয়ে শ্লেষধৰ্মী ভাষাৰে এই কথা ব্যক্ত কৰিছে:
“যেতিয়া নিজকে ভাবোঁ সবাতোকে
ঐশ্বৰ্যমণ্ডিতা বুলি
সকলো পাইছোঁ বুলি গৰ্বিত ভংগিত
স্ফীত হৈ উঠোঁ,
সেইটো ক্ষণতে মনৰ কোণত
অৱচেতনাই হাঁহে বিদ্ৰূপৰ হাঁহি
ধূৰ্ত এক খেলুৱৈৰ দৰে…।”
‘দ্ৰৌপদী’ কবিতাত আধুনিক আঙ্গিকৰ যোগেদি আধুনিক মানসিক ভাৱবোৰকে প্ৰকাশ কৰা হৈছে। মনৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াক বুজিব নোৱৰাৰ বাবেই প্ৰাচীন কালত বহুতো কথাক ‘পাপ’ আখ্যা দিয়া হৈছিল। কিন্তু মানুহৰ মনৰ শক্তি ইমান প্ৰবল যে তাৰ আগত নীতি-অনীতিৰ প্ৰশ্ন তুচ্ছ হৈ যায়। দ্ৰৌপদীয়ে কৰ্ণক বিচৰাটো দেখাত এক পাপ। কাৰণ তেওঁ ইতিমধ্যেই পাঁচজন স্বামীৰ পত্নী। কিন্তু নাৰীৰ এই বহুবল্লভা হোৱাৰ যি প্ৰৱণতা, তাৰ যোগেদি কবিয়ে দেখুৱাই দিব বিচাৰিছে নাৰী সৌন্দৰ্যপিয়াসী আৰু চঞ্চলা। সৌন্দৰ্যৰ সম্ভাৰ দেখিলেই তেওঁৰ মন উদ্বাউল হৈ উঠে। কিন্তু বাহিৰত সামাজিক নীতি-নিয়মৰ বাবে তাক গ্ৰহণ কৰিব নোৱৰাৰ কাৰণে সি অৱচেতনত স্তুপীকৃত হৈ ৰয়।
দ্ৰৌপদীৰ তেনে এক অৱস্থাই হৈছিল। সয়ম্বৰ সভাত কৰ্ণক দেখি তেওঁৰ ব্যক্তিত্ব আৰু বীৰত্বত মোহিত হৈছিল। কিন্তু ৰাজকীয় মৰ্যাদা ৰক্ষাৰ হেতু সুতপুত্ৰক গ্ৰহণ নকৰোঁ বুলি প্ৰত্যখ্যান কৰিছিল। কিন্তু সেই প্ৰত্যাখ্যানৰ মুহূৰ্ততে কৰ্ণই দ্ৰৌপদীৰ অন্তৰ বিদ্ধ কৰিলে। মাছ বিদ্ধ কৰিব খুজি কৰ্ণ বিফল হ’ল, কিন্তু দ্ৰৌপদীয়ে তেওঁৰ (কৰ্ণৰ) মাজত লুকাই থকা প্ৰকৃত পুৰুষসত্তাক দেখা পাই মোহিত হ’ল আৰু পৰৱৰ্তী সময়ত কৰ্ণৰ প্ৰতি দ্ৰৌপদীৰ অভিলাস বাঢ়ি যাবলৈ ধৰিলে। দ্ৰৌপদী চিৰসৌন্দৰ্য সন্ধানী প্ৰেমৰ উন্মুখ নাৰী।
প্ৰকৃতাৰ্থত সৌন্দৰ্যই সত্য আৰু সৌন্দৰ্যই প্ৰেম। নাৰী হৃদয়ৰ কামনা-বাসনা কেৱল ইন্দ্ৰিয়ৰ কামনা-বাসনাতেই সীমাবদ্ধ নহয়। ইন্দ্ৰিয় বাসনাৰ ঊৰ্ধ্বতো প্ৰেমৰ প্ৰকাশ মূৰ্ত হয়। নাৰী হৃদয়ৰ চিৰকাংক্ষিত এই সৌন্দৰ্যবোধৰ মূৰ্তপ্ৰকাশ দ্ৰৌপদীয়ে বিচাৰি পাইছিল মহাৰথী কৰ্ণৰ মাজত। সেয়ে পাণ্ডৱ-পত্নী হৈয়ো দ্ৰৌপদীৰ অতৃপ্ত নাৰীসত্তাই কৰ্ণপ্ৰাপ্তিৰ কামনা কৰাটো একো দোষণীয় নহয়। কাৰণ দ্ৰৌপদীৰ মাজত সেই একেজনী আদিতমা নাৰীয়েই বিৰাজমান:
“মোৰ বাসনাত কোনো নতুনত্ব নাই
আদিতমা নাৰীৰ মনৰ ৰং আৰু সুৰভিয়ে
মনৰ মজিয়াত মোৰ আল্পনা আঁকে
মোৰ দোষ ক’ত?”
কবিৰ মতে, সৌন্দৰ্যপিয়াসী নাৰীয়ে জগতৰ সকলো সৌন্দৰ্য আহৰণ কৰি আনি এক বিচিত্ৰ ধৰণৰ জীৱন যাপন কৰিব বিচাৰে। নাৰীয়ে মাতৃ, পত্নী, ভগ্নী আদি বিভিন্ন ৰূপৰ সমন্বয়ৰ জৰিয়তে জীৱনৰ পৰিপূৰ্ণতা লাভ কৰিব বিচাৰে। এই সৌন্দৰ্য কবিৰ মতে একোপাহ ৰঙীন ফুল আৰু সেই বৰ্ণাঢ্য ৰঙৰ বৰ্ণাঢ্য ফুলৰে তেওঁৰ মনৰ মাজত অৱস্থিত সৰু বননিখন ভৰাই ৰাখিবলৈ তেওঁৰ ভীষণ হেঁপাহ:
“প্ৰতিটো ৰঙৰ প্ৰতিপাহ ফুল যদি
থাকিলহেঁতেন মোৰ
মৰমৰ, জীৱনৰ সৰু বননিখনত!”
শিল্পগুণ বিশিষ্ট ‘দ্ৰৌপদী’ কবিতাটোত কবিয়ে শব্দপ্ৰয়োগৰ ক্ষেত্ৰতো বিশেষ সচেতনতা অৱলম্বন কৰিছে। সাধাৰণতে শব্দৰ যোগেদি চিত্ৰ নিৰ্মাণ কৰাৰ ক্ষমতা কবিয়ে কবিতাটোৰ মাজেৰে সূক্ষ্মতাৰে প্ৰকাশ কৰিছে। অৱচেতন মনৰ গোপন ভাষাকো তেওঁ অভিনৱ ৰূপত কবিতাটোত ৰূপদান কৰিছে। কবিতাটোৰ আংগিকৰ ক্ষেত্ৰত মুক্তক ছন্দ, প্ৰতীক, নিপুণ চিত্ৰকল্পৰ প্ৰকাশ আৰু বিষয়বস্তুৰ ক্ষেত্ৰত ফ্ৰয়েদীয় মনঃস্তত্বৰ ভাৱধাৰা ব্যতিক্ৰমী ৰূপত মূৰ্ত হৈ পৰিছে। আনহাতে গদ্যধৰ্মী বাকভঙ্গীয়েও কবিতাটোক ৰসোত্তীৰ্ণ কৰি তুলিছে। বিচিত্ৰ নাৰীমন, ৰহস্যময়ী নাৰীৰূপ, নাৰীৰ অসীম সৌন্দৰ্যতৃষ্ণা, অৱচেতন মনৰ গোপন অনুভূতিৰ উন্মুক্ত প্ৰকাশ— এই আটাইবোৰ দিশ ‘দ্ৰৌপদী’ কবিতাত ব্যঞ্জিত হৈছে। মনোজগতৰ বিশ্লেষাত্মক প্ৰচেষ্টা থকাৰ কাৰণে কবিতাটিত মনস্তাত্ত্বিক দৰ্শনৰ ক্ষীণ প্ৰভাৱো পৰিলক্ষিত হয়। মুঠতে ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ‘দ্ৰৌপদী’ নাৰী মনৰ মানসিক সূক্ষ্ম অনুভূতি, সৌন্দৰ্যবোধ আৰু বিচিত্ৰ মানসিকতা ৰূপায়িত কৰা এক অন্যতম সাৰ্থক কাব্যসৃষ্টি।
❧ | আৰু পঢ়ক: