ৰাছিয়া-ইউক্ৰেন সংঘাত: অমানৱীয় ট্ৰলিং বনাম ভৱিষ্যৎ গঢ়াৰ সপোন আৰু অধিকাৰ


- 02 Mar, 2022
ৰা ৰাছিয়া-ইউক্ৰেন সংঘাতৰ ফলস্বৰূপে নিহত ভাৰতীয় শিক্ষাৰ্থী নবীন শেকৰাপ্পা জ্ঞানগৌডাৰ (Naveen Shekarappa Gyanagoudar)-এ শিক্ষান্ত পৰীক্ষাত ৯৭% নম্বৰ লাভ কৰিছিল, কিন্তু নিজৰ দেশত চিকিৎসা বিজ্ঞান পঢ়িবলৈ ছীট নাপালে। বিশ্বৰ যিকোনো সুবিধাজনক ঠাইত পঢ়া, কেৰিয়াৰ গঢ়াৰ সপোন প্ৰয়াসী সকলৰ অধিকাৰ আছে। উন্নততৰ জীৱন গঢ়াৰ সাধনা কৰিব বিচৰা নৱ-প্ৰজন্মক ভাল পাওঁ, সন্মান কৰোঁ। হিতাধিকাৰীৰ চাউল খাই স্বাধীন চৰ্চা বাদ দি সমাজৰ ‘নতুন জাতৰ ব্ৰইলাৰৰ জীৱন’ কটাব খোজা বহু লোকতকৈ তেওঁলোকক সন্মান কৰোঁ।
With profound sorrow we confirm that an Indian student lost his life in shelling in Kharkiv this morning. The Ministry is in touch with his family.
We convey our deepest condolences to the family.
— Randhir Jaiswal (@MEAIndia) March 1, 2022
যুদ্ধৰ পৰিস্থিতি হোৱা বাবেই ইউক্ৰেনত পঢ়িবলৈ যোৱা সকলৰ আজিৰ তাৰিখত অসুবিধা হৈছে ঠিকেই, কিন্তু বিদেশৰ বহু দেশতে বিভিন্ন পাঠ্যক্ৰম কৰিবলৈ বহু শিক্ষাৰ্থীয়ে নিজৰ সুবিধা মতে বা নিজে সুবিধা কৰি গৈয়েই আছে আৰু যাবই। আমি তেওঁলোকক ক্ষণিকৰ নিকৃষ্ট আনন্দৰ বাবে হাঁহিয়াতৰ পাত্ৰ কৰিব পাৰোঁ, কিন্তু তেওঁলোকৰ উছাহক বাধা দিব কেতিয়াও নোৱাৰোঁ। কাৰণ, উন্নততৰ জীৱনৰ হাবিয়াসেই হৈছে মানৱ সভ্যতাৰ উত্তৰণৰো এক মৌলিক তাড়না, যাৰ অবিহনে সভ্যতাৰেই বিকাশ নহ’লহেঁতেন।
বিদেশত পঢ়িবলৈ যোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত মেডিকেল পঢ়া সকলে ভাৰতলৈ ঘূৰি আহিলে ভাৰতীয় লাইচেঞ্চৰ বাবে এটা পৰীক্ষা দিব লাগে আৰু তাত সফলতাৰ হাৰ দহ শতাংশমানহে বুলিও প্ৰকাশ পাইছে। তেন্তে অসফল সকলৰ কি হ’ব, কিয়নো যায় বুলি বহুতেই প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু ইউক্ৰেনৰ দৰে দেশত মেডিকেল পঢ়িলে জাৰ্মানীৰ দৰে দেশত কৰ্ম-সংস্থানৰো বাট মুকলি হয়। শেহতীয়াকৈ ইউৰোপিয়ান ইউনিয়নৰ সদস্য হোৱাৰ বাবে ইউক্ৰেইনে কৰা আবেদনৰ পাছত সেয়া গৃহীত হ’লে ইউৰোপৰ বহু দেশতে তেনে শিক্ষাৰ্থীসকলৰ ডিগ্ৰী বৈধ বিবেচিত হ’ব। ইউৰোপিয়ান ইউনিয়ন (EU)-ৰ সদস্য হোৱাৰ লগে লগে এতিয়া ইউক্ৰেন এৰি যোৱা শৰণাৰ্থীসকলৰ ২-৩ বছৰৰ বাবে ইউৰোপৰ যি কোনো দেশতে থকাত কোনো অসুবিধা নহ’ব।
আনবোৰ পাঠ্যক্ৰম পঢ়া বহুতেই দেশে-বিদেশে সংস্থাপন লাভ কৰে; ভাৰতলৈ ঘূৰি আহিবই লাগিব বুলি ভবাটো বন্ধ কৰিলেই নতুন বাট নিশ্চয় মুকলি হব। আৰু এতিয়া পৰিৱৰ্তিত পৰিস্থিতিয়ে নতুন ৰাস্তাও নিশ্চয়কৈ মুকলি কৰিব।
নিজৰ ভৱিষ্যৎ গঢ়াৰ অধিকাৰ সকলোৰে আছে। সেই সপোন খেদাৰ তাড়নাৰ বাবেই দেশৰ পৰা বিদেশলৈ, বিদেশৰ পৰা দেশলৈ অহৰহ মানুহ গৈছে, আহিছে। বাংলাদেশ, ভাৰত, পাকিস্তান তথা এছিয়াৰ বিভিন্ন দেশৰ পৰা মানুহ গৈ বিশেষকৈ ইউৰোপ, আমেৰিকা আৰু আৰবত সংস্থাপিত হৈছে। তেওঁলোকে বিদেশী মুদ্ৰা ভাৰতলৈ আমদানি কৰি অৰ্থনীতিলৈ অৰিহণাও যোগাইছে। ভাৰতৰ কেৰেলা, পঞ্জাৱ আদি ৰাজ্যৰ কথা পঢ়িলেই কথাবোৰ গম পোৱা যায় যে প্ৰতিখন গাঁৱৰ লোক কিদৰে বিশ্বৰ ভিন্ন প্ৰান্ত পঢ়া তথা কৰ্মৰ তাড়নাত প্ৰব্ৰজিত হৈছে। কোনোবাই ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰি Greener Pasture-ৰ নাগৰিকত্ব লৈছে, কোনোৱে ভাৰতীয় হৈয়ে ৰৈছে। আনকি ৰাছিয়াত পঢ়িবলৈ যোৱা ডাক্তৰ অভয় সিং ৰাছিয়াত পুটিনৰ পাৰ্টিৰ বিধায়কো হৈছে। একেদৰেই বহু দেশতে নাগৰিকত্ব লৈ প্ৰথম অথবা দ্বিতীয় প্ৰজন্মৰ বহু ভাৰতীয় মূলৰ লোকেই আনকি ৰাজনৈতিক নেতৃত্বও ল’বলৈ সক্ষম হৈছে। সকলোৱে পঢ়ি ঘৰলৈ, গাঁৱলৈ বা দেশলৈ আহি ইয়াত ‘লাইচেঞ্চ’ লৈ কাম কৰাটোকেই একমাত্ৰ উপায় বুলি ভাবি ৰৈ থকা নাই।
নতুন ঠাইলৈ গ’লে তাৰ পৰা চালে বিশ্বৰ প্ৰতি দৃষ্টিভংগীও সলনি হয়। কিন্তু ক’বলৈ বেয়া, যিসকলে নিজে কোনো সাধনা কৰি উন্নততৰ শিক্ষা বা উন্নততৰ দেশ বা ঠাইৰ জীৱনৰ প্ৰতি আগ্ৰহ জন্মাব পৰা নাই, তেওঁলোকেও এই শিক্ষাৰ্থীসকলক ট্ৰল কৰিছে, তেওঁলোকৰ প্ৰসংগত কটু মন্তব্য কৰিছে, যিটো বিপদত পৰা ক্ষণত অতি অমানৱীয় কথা হৈছে। আৰু এনে দৃষ্টিভংগী ছ’চিয়েল মেডিয়াত পোষণ কৰা সকলে, ৰাজকোষৰ ধন ‘অপাৰেচন গংগা’ উদ্ধাৰ অভিযান খৰচ কৰাত গাত লগাৰ প্ৰতিক্ৰিয়া দিয়া সকলে, নিজকে চিকুটি চাওকচোন, তেওঁলোকে প্ৰকৃততে ৰাজকোষলৈ টেক্সৰ ৰূপত কিমান অৰিহণা যোগাইছে! বহুতেই হিতাধিকাৰী হ’বলৈ নিজকে বিপিএল কৰি ৰখাকেই কেৰিয়াৰ বুলি ভবাৰ ‘দেশী ভাব’তেই আচ্ছন্ন!
যেতিয়াই কোনো যুদ্ধসদৃশ দুৰ্যোগ আহিছে, বিদেশত থকা ভাৰতীয়ক উদ্ধাৰ কৰাৰ দায়িত্ব ঐতিহাসিকভাৱেই ভাৰত প্ৰজাতন্ত্ৰই কৰি আহিছে আৰু কৰি থাকিব। সেয়া কোনো এজন শাসনত থকা ব্যক্তিয়ে পোন প্ৰথমবাৰৰ বাবে কৰা কাম নহয়, সেই কথাও আমি বুজি উঠা উচিত।
জেলেনেস্কি-পুটিন
যুদ্ধৰ পৰিস্থিতিত বিশ্বৰ নেতাসকলে কি স্থিতি গ্ৰহণ কৰে, সেয়া গোটেই বিশ্বৰ বাবেই স্পৰ্শকাতৰ কথা হৈ পৰিছে। কি জেলেনেস্কি (Volodymyr Zelenskyy: ইউক্ৰেনৰ ৰাষ্ট্ৰপতি), কি পুটিন (Vladimir Putin: ৰাছিয়াৰ ৰাষ্ট্ৰপতি)— এখন তাল কেতিয়াও নাবাজে। দুয়োজন নেতাৰে কথা-কৰ্ম-চিন্তাত থকা স্বেচ্ছাচাৰিতা আৰু কম্প্ৰমাইজ নকৰাৰ স্থিতিয়ে ইউক্ৰেনৰ জনতাকে নহয়, বিশ্বৰ প্ৰায়বোৰ দেশৰ জনতাকেই শংকিত কৰি তুলিছে। কাৰণ পৰমাণু যুদ্ধ নহলেও অৰ্থনৈতিক অৱৰোধৰ ফলত দেশে-বিদেশে সাধাৰণ মানুহৰ জেপত জুই লগাটো এতিয়া নিৰ্ঘাত হৈ পৰিছে। পুটিন ইমানেই স্বেচ্ছাচাৰী হৈছে যে কোনোৱেই তেওঁক কোনো কথাত না ক’ব নোৱৰা বা মত নিমিলিলে মতামত দিব নোৱৰা অৱস্থাত উপনীত হোৱা বুলি বহু ৰাষ্ট্ৰপ্ৰধানে মত প্ৰকাশ কৰিছে। ভবা ধৰণে ইউক্ৰেন দখল কৰিব নোৱাৰি, কি স্থিতি পুটিনে গ্ৰহণ কৰে, তাৰ ওপৰতে এতিয়া বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ পৰিছে। বিশ্বৰ ভূ-ৰাজনীতিত তৰিৎগতিত পৰিৱৰ্তন আহিছে। জাৰ্মানী, ডেনমাৰ্ক, চুইডেন আদি দেশে যুদ্ধ আদিৰ পৰা আঁতৰি থকাৰ নীতিৰ সা-সলনি কৰি আত্মৰক্ষাৰ বাবে সমৰসজ্জাত একত্ৰিত হোৱা বা নিজৰ প্ৰতিৰক্ষা বাজেট বৃদ্ধিৰ কথাও ঘোষণা কৰিছে। ফলত অনাগত দিনবোৰত যে ভূ-ৰাজনীতিৰ পাকচক্ৰত গোটেই বিশ্বৰে সাধাৰণ জনতা ত্ৰষ্ট হ’ব লাগিব সেই কথা নিশ্চিত হৈ পৰিছে।
📚 | আৰু পঢ়ক:
- পষ্ট-ট্ৰুথ যুগৰ দুমুখীয়া তৰোৱাল
- গ্ৰামাঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব নেকি
- কনাক নামৰ কাউৰীটো
- শাসক, সমৰ্থক, তোষামোদকাৰী স্তাৱক আৰু মেৰুদণ্ডহীন মিডিয়া
- ঘৃণা আৰু ভয়ৰ সামাজিকীকৰণ
ফিচাৰড্ ইমেজত: নবীন শেকৰাপ্পা জ্ঞানগৌডাৰ
Follow Nilacharai on Facebook