নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

সম্পৰ্ক এটা ধৰি ৰখাটো ইমান সহজ নহয়
আধুনিক মানুহৰ,
কেনেকৈ সলনি হয় পলকতে

মানুহ আগতেও অকলশৰীয়া আছিল
আছিল ভিৰৰ মাজত নিঃসংগতাৰে

সলনি হ’ল সময়
সলনি হ’ল মন-মানসিকতা

সম্পৰ্কত দিয়াৰ কথা নাথাকে
কেনেকৈ নিজৰ কৰি ল’ব পাৰি
অজুহাতেৰে
কেনেকৈ অভাৱ নোহোৱা কৰিব পাৰি

মোৰ অ’লৈ যাবলগীয়া আছে— লৈ যোৱা
মোৰ অমুকটো প্ৰয়োজন হৈছে— আনি দিয়া
মোৰ মন ভাল লগা নাই— ব’লা ফুৰিবলৈ যাওঁ
মোৰ ভাল লগা নাই— অলপমান কথা পাতোঁ

আজি মোৰ জন্মদিন— এইকেইটা উপহাৰ দিয়া
আজি আমাৰ প্ৰথম লগ পোৱাৰ দিন—
ব’লা বজাৰ কৰোঁ

তুমি মোৰ কথা কিয় নুশুনা— এনেকৈ নচলে সম্পৰ্ক
তুমি কিয় নোযোৱা— এনেকৈ নিটিকে সম্পৰ্ক
তুমি কিয় নিদিয়া— এনেকৈ নগঢ়ে সম্পৰ্ক

তোমাৰ কথা মই নুশুনো,
অথচ মোৰ কথা শুনিবই লাগিব

তুমি কেঁকাই থাকা
তুমি হতাশাত মৰি থাকা
তুমি ধাৰত ডুবি থাকা—
সময়ত মোৰ কাষত থাকিবই লাগিব
সম্পৰ্কটো জীয়াই ৰাখিব যদি খুজিছা
যদি ভাবিছা

আঃ বেলেগলৈ চোৱা কেনেকৈ হাঁহি-মাতি আছে
কেনেকৈ একেলগে থাকে

প্ৰয়োজন শেষ হ’ল
একেজন মানুহৰ লগত থাকিব পাৰিনে বছৰ বছৰ
ভালপোৱা-বেয়াপোৱাৰ গুৰুত্ব নাথাকে

থাকে মাথোঁ বাহ্যিক ধাৰাবাহিকতা—
সম্পৰ্কটো ধৰি ৰখাৰ
সম্পৰ্কটো জীয়াই ৰখাৰ।

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
সম্পৰ্ক | মণ্টু মৰাণ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক