সন্দিকৈ কলেজৰ ৰঙা চুন্নি

সন্দিকৈ কলেজৰ ৰঙা চুন্নি
  • 27 Aug, 2022

খিলখিল হাঁহিৰে
দীঘলী পুখুৰীৰ বতাহজাক
উন্মনা কৰি ৰঙা চুন্নি উৰুৱাই
সন্দিকৈ কলেজৰ চিৎ পখিলাজাক
গুচি গৈছিল।

কটন কটন ফুটনি এটা লৈ
ম‌ই সদায় বাট চাওঁ
চুটিকৈ কোঁচাই লোৱা
আনবোৰতকৈ গাঢ় ৰঙা
সেই বিশেষ চুন্নিখনলৈ।

চুন্নিখনৰে তাই ঢাকি ৰাখে
পূৰাবলগীয়া বহুতো সপোন
বহুতো আশা আৰু হয়তো এবুকু প্ৰেম
সামান্য বতাহতো
তাই আলফুলে ধৰি ৰাখে চুন্নিখন
জানোচা অলপ অসাৱধান হ’লেই
উৰি যায় চুন্নিৰ তলত সংগোপনে ৰখা
বাখৰুৱা আশাবোৰ!

তাই খুব কমকৈ আহে দীঘলী পুখুৰীৰ পাৰলৈ
সেই বাবেই ম‌ই সদায় যাব লগা হয়
ক’বতো নোৱাৰি, কোনদিনা তাই আহে!

সিদিনা তাই আহিছিল
লাজৰঙা বেলি এটাই
তাইৰ গালত জিৰণি লৈছিল
এটা নিঃশব্দ যন্ত্ৰণাই
তাইক দেখিবলৈ আৰু ধুনীয়া কৰিছিল।

চুন্নিখনৰ আঁচল এটা তাই
বাওঁহাতৰ কিলাকুটিৰে মেৰিয়াই সমুখলৈ আনি
সৰু সৰু ‘পমপম’কেইটা লিৰিকি-বিদাৰি
কথা পাতিছিল লগৰীয়াৰ লগত,
তাইৰ ছাঁ পৰি দীঘলী পুখুৰীৰ পানীবোৰ
সাগৰ-নীলা হৈছিল।

মাথোঁ এটা পলক—
তাইৰ চকুৱে চকুৱে পৰিছিল
তাইৰ চকুৰ ভাষা পঢ়িব পৰাকৈ
নিজক সাজু কৰিছিলোহে
ছোৱালীবোৰৰ হাতৰ
চিপছ, চকলেট, মিচল ভজাৰ
কাগজবোৰ যিমানেই খৰমৰাই উঠিছিল
সিমানেই মোৰ বুকু ঢপঢপাইছিল,
এজনী বেপৰোৱা সন্দিকৈয়ে কৈয়ে দিছিল—
সৌটো চা চা—
প্ৰেমিক কটনিয়ান।

লাজত নে ভয়ত
কোমল বতাহতো ঘামত তিতি গৈছিল
মোৰ কটনিয়ান চাৰ্ট,
দীঘলী পুখুৰীত হাঁহিৰ ফোঁৱাৰা উঠিছিল
আৰু ম‌ই পিঠিত পৰা বন্ধুৰ হাতৰ পৰশৰ
’কৈ দিয়া বন্ধু কৈ দিয়া’ বোলা কথাটোৰ
জোখ-মাখ কৰিছিলোহে…

একো নোকোৱাকৈ কালৈকো নোচোৱাকৈ
ছোৱালীহঁতৰ মাজৰ পৰা
নোহোৱা হৈছিল সেই গাঢ় ৰঙা চুন্নিখন

মনটোৱে হাহাকাৰ কৰিছিল
আজিতো ম‌ই চুন্নিখনৰ লগত
কথা পতাৰ কথা আছিল
কথা দিয়াৰ কথা আছিল
চুন্নিৰ আঁৰত থকা সপোনবোৰ
পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা আছিল।

হঠাত হেৰাল চুন্নিখন,
সন্দিকৈ কলেজৰ সেই চুন্নিখন
মোৰ বাবে আছিল
প্ৰতিদিনৰ এটা নতুন পুৱা।

চুন্নিখনৰ এটা ‘পমপম’ পৰি আছিল
দীঘলী পুখুৰীৰ পাৰত,
ম‌ই বুটলি ল’লো বৰ মৰমেৰে
এটা অচিন চিনাকি গোন্ধ‌ই
মোক কʼলে হৃদয়ৰ বৰণৰ কথা।

চুন্নিখন এনেকৈ নোহোৱা কৰিব নোৱাৰি
চুন্নিখন এবাৰ হ’লেও
ওচৰৰ পৰা চোৱাৰ হেঁপাহতে
ম‌ই আকৌ আহিছোঁ দীঘলী পুখুৰীলৈ।

❧ | আৰু পঢ়ক:

সন্দিকৈ কলেজৰ ৰঙা চুন্নি | ৰিবা হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক