সজাৰ মইনা

সজাৰ মইনা
  • 30 Sep, 2022

তোৰ বুকুত আজি নতুনকৈ ফুলিছে
এপাহ খৰিকাজাঁই
চোতালত জোনাকবোৰো
সৰিছে নতুনকৈ।

তোৰেই সুবাস বিচাৰি
উৰি ফুৰে এটি
মৰম আকলুৱা হালধীয়া পখিলা…

কিদৰে বুজাওঁ তাক
তই যে এতিয়া
আনৰ চ’ৰাঘৰত সজোৱা
সজাৰ মইনা!

❧ | আৰু পঢ়ক:

Follow Nilacharai on Twitter
সজাৰ মইনা | কঙ্কণ কলিতা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক