বেণী গোঁঠা নৈখন আৰু প্ৰেমৰ আখৰা

বেণী গোঁঠা নৈখন আৰু প্ৰেমৰ আখৰা
  • 08 Mar, 2022

কপাহী চুলিকোছাত
অকঁৰা ফাগুনে সনা
মদাৰ, শিমলু ৰঙে ৰঙীন
বাঁহীৰ সুৰটিত চঞ্চলা গাভৰু।

দুপৰীয়াৰ নিৰ্জনতাতো
নীৰৱে বৈ থকা নৈখনৰ ভাঁজে ভাঁজে
হৃদয়ৰ স্খলন হ’ব খোজা আকুলতা…
দুষ্ট বতাহজাকে
বেণী গোঁঠা নৈখনৰ
উঠন বুকুৰ চাদৰখন পাৰলৈ খহায়…।

তৰ্জনী আঙুলিৰে আলিংগন
দেহৰ সিৰে সিৰে প্ৰবাহিত তৰংগ
নাভিৰ স্পন্দনত উতলা দেহ-মন
শুকুলা ডাৱৰৰ আৱৰণ ফালি
ধূলিকণাৰ আঁৰে আঁৰে
নষ্ট প্ৰেমিকৰ আখৰা…
লাজতে মাছৰোকাই ডেউকা কোবায়।

❧ | আৰু পঢ়ক:

Follow Nilacharai on Instagsram
বেণী গোঁঠা নৈখন আৰু প্ৰেমৰ আখৰা | ড° চৱন কুমাৰ শৰ্মা

Follow Nilacharai on Facebook