কপাহী চুলিকোছাত
অকঁৰা ফাগুনে সনা
মদাৰ, শিমলু ৰঙে ৰঙীন
বাঁহীৰ সুৰটিত চঞ্চলা গাভৰু।
দুপৰীয়াৰ নিৰ্জনতাতো
নীৰৱে বৈ থকা নৈখনৰ ভাঁজে ভাঁজে
হৃদয়ৰ স্খলন হ’ব খোজা আকুলতা…
দুষ্ট বতাহজাকে
বেণী গোঁঠা নৈখনৰ
উঠন বুকুৰ চাদৰখন পাৰলৈ খহায়…।
তৰ্জনী আঙুলিৰে আলিংগন
দেহৰ সিৰে সিৰে প্ৰবাহিত তৰংগ
নাভিৰ স্পন্দনত উতলা দেহ-মন
শুকুলা ডাৱৰৰ আৱৰণ ফালি
ধূলিকণাৰ আঁৰে আঁৰে
নষ্ট প্ৰেমিকৰ আখৰা…
লাজতে মাছৰোকাই ডেউকা কোবায়।
❧ | আৰু পঢ়ক:
- বিপুল জ্যোতি শইকীয়াৰ কবিতা: মহাযুদ্ধৰ মহাকাব্য
- ফাগুনেতো আৰু নাজানে তোমাৰ প্ৰেমৰ দিনৰ কথা
- ডায়েৰীৰ পৃষ্ঠাত এটি নীৰৱ নিশা
- পোখা মেলাৰ আখৰা
- সন্ধ্যাৰাগ
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক