প্ৰকৃতিৰ মতলীয়া সুৰত
ব’হাগে নাচিব হালি-জালি।
হাতবাউল দি মতা বৰষুণজাকে
ঘন মেঘৰ মাজেৰে নিগৰি নিগৰি
ধৰণী সেউজ কৰি গাব ব’হাগৰ গীত।
আহ!…
ব’হাগ তুমি অনন্য…
আলফুল কপৌফুলৰ সুবাসে
চাৰিওদিশ সুশোভিত কৰি
প্ৰকৃতিক আলিংগনৰ বাৰ্তা দিব।
প্ৰেমৰ আকুল আহ্বানে
দেহ-মন ত্বৰান্বিত কৰি,
অনুভূতিবোৰ জীপাল কৰি
আশাৰ ৰেঙণি তুলিব।
সঁচাই ব’হাগ তুমি অনন্য…
ডেকা-গাভৰুৰ জাকে হিলদল ভাঙি
প্ৰকৃতিক জগাব
প্ৰেমৰ হেন্দোলনি তুলি,
আশাৰ বীজেৰে প্লাৱন বোৱাই
ধৰণী পুলকিত কৰিব।
সঁচাই ব’হাগ তুমি অনন্য…
সাৰুৱা পথাৰ
ককাইৰ হাতৰ মুঠিৰ নাঙলৰ সীৰলুত
হুৰহুৰাই গায়
আশাৰ গান
আবেগৰ গান
চিঞৰি চিঞৰি…
আহাঁ ব’হাগ
তুমি আহাঁ
আশাৰ বীজ সিঁচি যোৱা
কৃষকৰ শইচ সঁজাল ধৰাই
সেউজ কৰা
ব’হাগ, সঁচাই তুমি অনন্য…
❧ | আৰু পঢ়ক:
- ওচৰৰ নৈখনত যেতিয়া বান আহে
- তোমাৰ ফাগুনে মোৰ ব’হাগক
- নদী বিষয়ক
- ভালপোৱাৰ বৰষুণ
- যজ্ঞেশ্বৰ শৰ্মাৰ কবিতা: ৰঙা নৈ এৰি গৈ
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক