প্র চণ্ড গৰমৰ অন্তত, শৰৎ কালৰ নির্মল পৰিৱেশত আহিন মাহত দুৰ্গা পূজা অনুষ্ঠিত হয়। দুর্গা পূজা প্রধানতঃ মূৰ্তি পূজা। মূর্ত্তি পূজাৰ প্রচলন পুৰাণৰ যুগৰ পৰাহে হয়। বৈদিক যুগত যাগ-যজ্ঞৰ মাধ্যমেৰে প্ৰকৃতিক পূজা কৰা হৈছিল। পুৰাণসমূহৰ কাহিনী বেদৰ কাহিনীৰ আধাৰতে ৰচিত। পুৰাণসমূহত দেৱ-দেৱীৰ উৎপত্তি, তেওঁলোকৰ বেশ-ভূষা আদিৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা যায়। মানুহে উপাস্য দেৱ-দেৱী বা ঈশ্বৰক উপাসনা কৰিবলৈ মূৰ্ত প্ৰতিৰূপ সৃষ্টি কৰি লয়। তেনে সাকাৰ ৰূপে অতি সোনকালেই মানুহৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে। সেয়াই চাগৈ মূৰ্তি পূজাৰ আৰম্ভণি।
মূৰ্তি শব্দটোৰ ব্যুৎপত্তিগত অর্থ হ’ল— মুচ্ছ মোহ সম্ভাৱনাযোঃ (পা), অৰ্থাৎ মোহ আৰু ভাবনা। দেৱ-দেৱীৰ মূৰ্তিৰ ক্ষেত্ৰত পিছৰ শব্দটি প্রযোজ্য। স্বামী বিবেকানন্দই আমেৰিকাত হিন্দু ধর্ম আৰু দৰ্শন সম্পৰ্কে ভাষণ দিয়াৰ সময়ও পশ্চিমীয়া কিছু লোকে তেওঁক মূৰ্তি পূজাৰ বিষয়ে কৈ তাচ্ছিল্য কৰিছিল। তাৰ প্রত্যুত্তৰত স্বামীজীয়ে এটি সুন্দৰ উদাহৰণ দাঙি ধৰিছিল। যাত্ৰাপথৰ কোনো ঠাইত পানী জমা হৈ থাকিলে ডেকাসকলে জাপ মাৰি পাৰ হ’ব পাৰে, কিন্তু শাৰীৰিকভাৱে দুৰ্বল অথবা বয়সস্থসকলে তেনে কৰিবলৈ অক্ষম হ’লে পানীৰ মাজতে দুই-এচপৰা ইটা দি থোৱা হয়, যাতে তেওঁলোকে ইটাৰ ওপৰত ভৰি দি পাৰ হ’ব পাৰে। পথচাৰীসকলৰ একমাত্ৰ উদ্দেশ্য হ’ল পানীখিনি পাৰ হোৱা, ইটা চপৰা নহয়। পানীখিনি শুকাই যোৱাৰ পাছত ইটাৰ প্ৰয়োজন নাই।
দুর্গা দেৱীক শক্তিৰ অধিষ্ঠাত্ৰী হিচাপে মূৰ্তিৰ জৰিয়তে পূজা কৰা হয়। আমাৰ সকলো কাম সুকলমে পৰিচালিত হ’বলৈ দৈহিক, মানসিক আৰু আধ্যাত্মিক শক্তিৰ প্রয়োজন। সেয়ে দেৱী দুর্গাক পূজা-অর্চনা কৰাৰ জৰিয়তে শক্তি আহৰণ কৰিব বিচৰা হয়। ৰামচন্দ্ৰৰ আৱিৰ্ভাৱৰ আগেয়ে ভাৰতবর্ষত দুর্গা পূজাৰ প্রচলন আছিল বুলি জানিব পৰা যায়। ঋকবেদৰ দশম মণ্ডলৰ ১২৫ সংখ্যক সূক্ত ‘দেৱী সূক্ত’ নামেৰে প্ৰসিদ্ধ। সৃষ্টিৰ আদিতে পৰমাত্মা শ্রীকৃষ্ণই বৃন্দাবনত শক্তি পূজা কৰিছিল। তাৰ পৰাই পৃথিৱীত শক্তি পূজা আৰম্ভ হয়। তাৰ পাছত প্রজাপতি ব্ৰহ্মাই মধু কৈটভ অসুৰৰ পৰা ভীতগ্রস্ত হৈ দুর্গা পূজা কৰে।
মৃত্যুৰ অধিপতি, তমোগুণীদেৱ মহাদেৱে ত্রিপুৰাসুৰকে বধ কৰিবলৈ শক্তি পূজা কৰিছিল। অমৰাৱতীতো দেৱেন্দ্ৰই দুৰ্বাশা ঋষিৰ শাপত পৰি স্বৰ্গ ৰাজ্য হেৰুৱাই ভক্তি ভাৱেৰে শক্তি পূজা কৰিছিল। তাৰ পাছত দেৱ-মনুষ্যসকলে দুর্গাক পূজিবলৈ লয়। মৃণ্ময় দুৰ্গা প্ৰতিমা সজাই পোনপ্ৰথমে মেধস মুনিৰ শিষ্য সুৰথে সমাধি বৈশ্যৰ সৈতে নৈৰ পাৰত বিধিপূৰ্বক মহাস্নান কৰি বলি আৰু হোমেৰে দুৰ্গা পূজা কৰিছিল। সেই পূজা বসন্ত কালত কৰা বাবে ‘বাসন্তী পূজা’ নামেৰে জনাজাত।
শাৰদীয় দুৰ্গা পূজাত আহিন মাহৰ শুক্লা প্রতিপদ তিথিৰ পৰা আৰম্ভ কৰি নৱমী তিথিলৈ দেৱীক নটা ৰূপত পূজা কৰা হয়। এই নটা দিনত দুৰ্গাদেৱীক নটা বিশেষ বিশেষ ৰূপত পূজা কৰা হয়। উল্লিখিত নটা দিনক ‘নৱৰাত্ৰি’ আৰু দেৱীৰ নটা ৰূপক ‘নৱদুৰ্গা’ বুলি কোৱা হয়। দুর্গাদেৱীৰ এই নটা ৰূপ হৈছে—
প্ৰথমং শৈল পুত্ৰিতী দ্বিতীয়ং ব্ৰহ্মচাৰিণী।
তৃতীয়ং চন্দ্ৰঘণ্টেতি কুষ্মাণ্ডেতি চতুৰ্থকম।।
পঞ্চমং স্কন্দমাতেতি ষষ্ঠং কাত্যায়নী তথা।
সপ্তমং কালৰাত্ৰিতি মহাগৌৰী অষ্টকম।।
নৱমং সিদ্ধিদাত্ৰী চ নৱদুৰ্গা প্ৰকীৰ্তিতাঃ।
উক্ত্যোন্যেনি নামানি ব্ৰহ্মানৌ মহাত্মনা।।
শৈলপুত্রী

শৈলপুত্ৰী
দুর্গা দেৱীৰ প্রথম ৰূপটো হৈছে শৈলপুত্রী। হিমালয়ৰ কন্যা ৰূপে জন্মগ্রহণ কৰা বাবে এওঁৰ নাম শৈলপুত্রী। দেৱীৰ সোঁহাতত ত্রিশূল, বাওঁহাতত কমল পুষ্প। তেওঁ বৃষভৰ পিঠিত আৰোহিতা। তেওঁ প্রথমে শিৱপত্নী আছিল। শিৱপত্নী সতী দক্ষ ৰজাৰ কন্যা আছিল। পিতৃ দক্ষই যজ্ঞ এটি অনুষ্ঠিত কৰি জোঁৱায়েক শিৱক নিমন্ত্ৰণ নকৰি আন সকলো দেৱ-দেৱতাক নিমন্ত্রণ কৰিলে। সেই যজ্ঞলৈ নিমন্ত্ৰণ অবিহনে সতী যাবলৈ ওলোৱাত শিৱই অনুমতি প্রদান নকৰিলে। তেতিয়া সতীয়ে দশ মহাবিদ্যা প্ৰদৰ্শন কৰি শিৱৰ পৰা অনুমতি লৈ পিতৃগৃহত উপস্থিত হোৱাত দক্ষই শিৱনিন্দা কৰাত সতীয়ে যজ্ঞস্থলীয়ে প্ৰাণ ত্যাগ কৰে। ইয়াৰ পাছত সতীয়ে হিমালয়ৰ কন্যা উমা ৰূপে জন্মগ্রহণ কৰিছিল।
ব্রহ্মচাৰিণী

ব্ৰহ্মচাৰিণী
দেৱীৰ দ্বিতীয় ৰূপ ব্রহ্মচাৰিণী। ইয়াত ব্রহ্ম শব্দটোৱে তপস্যা বুজাইছে। দ্বিতীয়া তিথিত দেৱী তপশ্চাৰিনী বা ব্রহ্মচাৰিণী ৰূপে বিদ্যমান। তেওঁৰ সোঁহাতত জপমালাআৰু বাওঁহাতত কমণ্ডলু ধাৰণ কৰিছে। পার্বতীয়ে দ্বিতীয়বাৰ হিমালয়ৰ কন্যা ৰূপে জন্মগ্রহণ কৰাৰ পাছত শিৱক পতি হিচাপে পাবলৈ নাৰদৰ অনুৰোধত বহু হেজাৰ বছৰ তপস্যা কৰিছিল। আনকি সেই সময়ত তেওঁ গছৰ পাত এটিও ভক্ষণ নকৰাকৈ থকা বাবেতেওঁৰ আন এটা নাম অর্পণা। অৱশেষও পিতামহ ব্ৰহ্মাই দেৱীৰ তপস্যাত সন্তুষ্ট হৈ তেওঁৰ মনোবাঞ্ছা পূর্ণ হ’বলৈ বৰ দিয়ে। দেৱীক এই ৰূপে নৱৰাত্রিৰ দ্বিতীয় দিনা পূজা কৰা হয়।
চন্দ্রঘণ্টা

চন্দ্ৰঘণ্টা
মা দুর্গাৰ তৃতীয় ৰূপ চন্দ্রঘণ্টা। দেৱীৰ মূৰত ঘণ্টাৰ আকাৰৰ অৰ্ধচন্দ্ৰ শোভিত হোৱা বাবে দেৱীক চন্দ্রঘণ্টা বোলা হয়। এই ৰূপত দেৱী দশভুজা। দহখন হাতত দশ অস্ত্ৰধাৰী, বাহন সিংহ।
কুষ্মাণ্ডা

কুষ্মাণ্ডা
চতুর্থত দেৱী কুষ্মাণ্ডা ৰূপত আৱিৰ্ভূত। অন্ধকাৰাচ্ছন্ন পৃথিৱীত আৱির্ভূত হৈ দেৱীয়ে সমগ্ৰ পৃথিৱীত পোহৰ বিলায়। এই অষ্টভুজা দেৱীৰ সাতখন হাতত কমণ্ডলু, ধনু, বাণ, পদুম ফুল, অমৃতৰ কলহ, চক্ৰ আৰু গদা থাকে। অষ্টমখন হাতত আছে সকলো প্ৰকাৰ সিদ্ধি আৰু নিধি প্ৰদানকাৰী জপৰ মালা। দেৱীৰ পূজাত অন্যান্য নৈবেদ্যৰ লগতে কুষ্মাণ্ড বা কোমোৰা বলি ৰূপে দিয়া হয় বাবে তেওঁক কুষ্মাণ্ডা বুলি কোৱা হয়।
স্কন্দমাতা

স্কন্দমাতা
স্কন্দমাতা দেৱীৰ পঞ্চম ৰূপ। কুমাৰ কাৰ্তিকৰ আন এটা নাম স্কন্দ। এই স্কন্দৰ মাতৃ হোৱা বাবে তেওঁৰ নাম স্কন্দমাতা। এওঁ চতুৰ্ভুজা। দেৱীয়ে ওপৰৰ হাতেৰে স্কন্দক ধৰি থাকে আৰু তলৰ হাতখন ওপৰফালে কৰি পদুম ফুল ধাৰণ কৰে। বাওঁফালৰ ওপৰৰ হাতখন তলৰফালে বৰাভয় মুদ্ৰা ৰূপে আৰু তলৰ হাতখন ওপৰলৈ তুলি পদুম ফুল ধাৰণ কৰে। দেৱী শুভ্ৰ বৰ্ণা আৰু পদুম ফুলৰ ওপৰত উপৱিষ্টা। দেৱীৰ বাহন সিংহ।
কাত্যায়নী

কাত্যায়নী
কাত্যায়নী দেৱীৰ ষষ্ঠ ৰূপ। কাত্য গোত্ৰত জন্মগ্ৰহণ কৰা মহৰ্ষি কাত্যায়নে বহু বছৰ ধৰি তপস্যা কৰিছিল যাতে মা ভগৱতীয়ে তেওঁৰ কন্যা ৰূপে জন্মগ্ৰহণ কৰে। তাৰ কিছু কাল পাছত দানৱ-অসুৰৰ উপদ্ৰৱত পৃথিৱী কম্পমান হোৱাত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে তেওঁলোকৰ তেজপুঞ্জৰ দ্বাৰা এক দেৱীৰ সৃষ্টি কৰে। সেই দেৱীকেই সৰ্বপ্ৰথমে কাত্যায়ন ঋষিয়ে আৰাধনা কৰিছিল বাবে দেৱীৰ অন্য এটি নাম কাত্যায়নী হ’ল। দেৱীয়ে কাত্যায়ন ঋষিৰ ঘৰত আহিন মাহৰ শুক্ল পক্ষৰ সপ্তমী, অষ্টমী আৰু নৱমী তিথিত পূজা গ্ৰহণ কৰি দশমীৰ দিনা মহিষাসুৰক বধ কৰে। কাত্যায়নীৰ দেহৰ বৰণ স্বৰ্ণৰ দৰে উজ্জ্বল, চতুৰ্ভুজা, সিংহবাহিনী। সোঁফালৰ ওপৰৰ হাত অভয় মুদ্ৰাত, তলৰ হাত বৰ মুদ্ৰাত আৰু বাওঁফালৰ ওপৰৰ হাতত তৰোৱাল, তলৰ হাতত পদুম ফুল থাকে।
কালৰাত্ৰি

কালৰাত্ৰি
কালৰাত্ৰি দেৱীৰ সপ্তম ৰূপ। দেৱীৰ বৰণ ক’লা, আউল-বাউল কেশ, ডিঙিত বিদ্যুতৰ দৰে ফুলৰ মালা, ত্ৰিনেত্ৰ আৰু বাহন গাধ। চতুৰ্ভুজা দেৱীৰ সোঁফালৰ ওপৰৰ হাত বৰদ মুদ্ৰা, তলৰ হাত অভয় মুদ্ৰাত থাকে। বাওঁফালৰ ওপৰৰ হাতত লৌহ অস্ত্ৰ, তলৰ হাতত খড়্গ থাকে।
মহাগৌৰী

মহাগৌৰী
মহাগৌৰী দেৱীৰ অষ্টম ৰূপ। দেৱী গৌৰবৰ্ণা, বসন-ভূষণ শ্বেতবর্ণ, বৃষভ বাহন আৰু চতুৰ্ভুজা। দুহাতে ডম্বৰ আৰু ত্রিশূল ধৰি থাকে আৰু আন দুখন হাত অভয় মুদ্রা আৰু বৰদান মুদ্রাত থাকে। শিৱক পতিৰূপে পাবলৈ তেওঁ অতি কঠোৰ তপস্যা কৰিছিল বাবে তেওঁৰ শৰীৰ ক’লা পৰিছিল। শিৱই তেওঁৰ তপস্যাত সন্তুষ্ট হৈ পৱিত্ৰ গঙ্গাজলেৰে গা ধুৱাই দিছিল, তেতিয়া তেওঁ গৌৰ বৰ্ণৰ হৈ পৰে।
সিদ্ধিদাত্ৰী

সিদ্ধিদাত্ৰী
দেৱীৰ নৱম ৰূপ সিদ্ধিদাত্ৰী। দেৱী পুৰাণ অনুসৰি এই দেৱীৰ কৃপাত শিৱই সকলো প্ৰকাৰৰ সিদ্ধি লাভ কৰিছিল। দেৱী চতুৰ্ভুজা, পদ্মাসনা আৰু সিংহবাহিনী। তেওঁৰ সোঁফালৰ হাতত চক্ৰ, ওপৰৰ হাতত গদা, বাওঁফালৰ তলৰ হাতত শংখ, ওপৰৰ হাতত পদুম ফুল বিৰাজমান।
আবহমান কালৰে পৰা অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত উলহমালহেৰে দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে। এই পূজা তথা দেৱী উপাসনাৰ মাধ্যমেৰে মানৱজাতি তথা জীৱকূলৰ কল্যাণ কামনাই কৰি অহা হৈছে। দেৱীয়ে সকলোলৈকে কৃপা বৰিষণ কৰক— এয়ে আমাৰ কামনা।
❧ | আৰু পঢ়ক:
- অসমত শক্তিতত্ত্বৰ প্ৰাচীনত্ব
- ‘দুৰ্গা’ নামৰ উৎপত্তি
- শক্তিতত্ত্ব আৰু অসমত ইয়াৰ ক্ৰমবিকাশ
- পূজাৰ গীত: মা তোমাৰ অহাৰ পৰিল দিন
- এই যেন আহিবা শৰৎ চুবলৈ
ছবি: ShotgunMavericks, CC BY-SA 4.0 via Wikimedia Commons
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক