আপুনি দিয়ক মোক এটা শিৰোনাম,
এটা কবিতা দিম মই আপোনাক,
আপুনি দিয়ক মোক শব্দ কিছুমান,
তাৰ এক ক্ৰম দিম মই আপোনাক৷

আপুনি দিয়ক মোক কিছু অলংকাৰ,
তাৰে সজাম মই কবিতা আপোনাৰ৷

আপুনি দিয়ক মোক অলপ শয়ন জিৰণিৰ,
মই দিম আপোনাক এটা নীলা চৰাই দূৰণিৰ৷

নীলা চৰাই পুহিবলৈ লাগে খুদকণ শোকৰ,
আৰু লাগে বুকুৰ একোণত নিৰলা এটি পঁজা,
খুদকণ আৰু পঁজা নাথাকিলেও মই দিব
পাৰিম আপোনাক নীলা চৰাইৰ এই কবিতা৷

❧ | আৰু পঢ়ক:

নীলা চৰাই | প্ৰকল্প ৰঞ্জন ভাগৱতী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

চিকাৰী

চিকাৰী

কৃষ্ণ আৰু কংস
  • কবিতা
    • ডা° হেমন্ত কুমাৰ গোস্বামী

কৃষ্ণ আৰু কংস