(ড° স্বাতী কিৰণ বাইদেউৰ হাতত)
আমি যোৱাৰ বেলা দুপৰীয়া
পাতলীয়াকৈ বৰষুণ দি আছিল
এবুকু সেউজীয়া পিন্ধি কথাৰ মালিহা
ঠাহ খাই আছিল
তুমি তুলি দিলা আমাৰ হাতত
’নৈশ গান্ধাৰ’
হাতৰ পৰা বুকুলৈ বুকুৰ পৰা চকুলৈ
উভতি আহোঁতে কি কি হেৰুৱালো
নে দি থৈ আহিলো
দুখ
পোছাকৰ তলত অন্য এটি পোছাক আঁৰি
চহৰখন জী থাকে
ডিবৰুৰ পাৰে পাৰে
মন গ’লেই এতিয়াও তিতোঁ
’প্রিয় চহৰৰ আত্মা’ বিচাৰি
ভিজাওঁ মনৰ মৰিশালী
‘ৰূপকথাৰ ঈশ্বৰ’— মানুহ
মানুহ হৈ ৰ’ব
পুৰাতন সাধুকথাৰে।
❧ | আৰু পঢ়ক:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক