জটিল যাত্ৰাৰ সহযাত্ৰী সদা
চকু মুদিলেই তোমাক পোৱা
আত্মা অমৰ
তুমি দেউতা
আকাশত থকা এটি তৰা

দিগন্তৰ আদি জানো থাকে
ব্ৰহ্মাণ্ডৰ অন্ত জানো আছে
একো নেহেৰায়
মাথোঁ মায়াই
অন্ধকাৰ বিলায়

লক্ষ্যৰ দিশে গতিশীল
আমাৰ সত্তা সমগ্ৰ
তোমাৰ নীতি আমাৰ পাথেয়
তুমি ধৰ্ম
তুমি কৰ্ম

সত্যৰ পৰীক্ষা সদায়েই কঠিন
তথাপি কৰিম অগ্নিস্নান
চকু মুদিলেই তোমাক পাম
তুমি দেউতা,
আকাশৰ উজ্জ্বল তৰা!

❧ | আৰু পঢ়ক:

তুমি দেউতা | হিৰেন কুমাৰ দেৱ শৰ্মা

Follow Nilacharai on Facebook