অভিপ্ৰায়ৰ উন্মোচন আৰু আৱাহনৰ লভিতা

অভিপ্ৰায়ৰ উন্মোচন আৰু আৱাহনৰ লভিতা
  • 17 Oct, 2022
প্ৰসংগ ১

সা ম্প্ৰতিক সময়ৰ প্ৰতিভাৱান নাট্যকৰ্মী, অভিনেতা, পৰিচালক বাহাৰুল ইছলাম, জ্যোতি নাৰায়ণ নাথ, হিমাংশু প্ৰসাদ দাস, পাপৰি মেধি আদিয়ে বিভিন্ন সময়ত গ্ৰীক নাট্যকাৰ চফোক্লিছৰ নাটক, বিশ্ববিশ্ৰুত কবি-নাট্যকাৰ ছেইক্সপিয়েৰৰ নাটক, ফৰাচী দাৰ্শনিক-সাহিত্যিক জাঁ পল ছাৰ্ত্ৰেৰ গল্প, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনপ্ৰিয় নাটকৰ অভিযোজনা (adaptation) মঞ্চস্থ কৰিছে। উদাহৰণ হিচাপে, বাহাৰুল ইছলামে ছাৰ্ত্ৰেৰ কাহিনীৰ আধাৰত ʼউঁচাই, জ্যোতি নাৰায়ণ নাথে ছেইক্সপিয়েৰৰ ʼমেকবেথʼৰ আধাৰত ʼঅভিবাদন মেকবেথʼ, হিমাংশু প্ৰসাদ দাসে ʼলেডি মেকবেথʼ, জ্যোতিপ্ৰসাদৰ ʼৰূপালীমʼৰ আধাৰত ʼমণিমুগ্ধʼ, ʼলভিতাʼৰ আধাৰত ʼলভিতা বৰুৱাʼ, পাপৰি মেধিয়ে চফোক্লিছৰ ʼএণ্টিগনিʼৰ আধাৰত ʼঅণ্টি-গণ-ইʼ আদি নাটক কৰাৰ কথা কʼব পাৰি। এয়া থাপতে পোৱা নামহে, এইসকলৰ বাহিৰেও অন্যান্য বহু নাট পৰিচালকে অসমৰ বিভিন্ন প্ৰান্তত নাট্য অভিযোজনা মঞ্চস্থ কৰি আহিছে। ভাৰত তথা পৃথিৱীৰে সৰ্বত্ৰ এইদৰে নাট্য অভিযোজনা মঞ্চস্থ হৈ আহিছে।

মঞ্চ অভিযোজনাৰ বাহিৰে মঞ্চ নাটক তথা গল্প-উপন্যাসৰ চলচ্চিত্ৰ অভিযোজনাও অনেক। আমাৰ ভবেন্দ্ৰ নাথ শইকীয়াৰ আটাইকেইখন চলচ্চিত্ৰই তেখেতৰ গল্প-উপন্যাসৰ অভিযোজনা। ʼচিৰাজʼ চলচ্চিত্ৰ একে নামৰ নাটকৰ অভিযোজনা। হিন্দী চলচ্চিত্ৰ ʼওমকাৰাʼ ছেইক্সপিয়েৰৰ ʼওথেলোʼৰ অভিযোজনা। শেহতীয়াকৈ অʼ টি টি প্লেটফৰ্ম যোগে সম্প্ৰচাৰিত ʼমন্দাৰʼ শীৰ্ষক বাংলা ৱেব চিৰিজটি ʼমেকবেথʼ নাটকৰ অভিযোজনা। এনেকুৱা অলেখ উদাহৰণ আছে। পৃথিৱীৰ সকলো দেশতে এইদৰে চলচ্চিত্ৰ অভিযোজনা হৈ থকা দেখিবলৈ পোৱা যায়।

প্ৰসংগ ২

শেহতীয়াকৈ আমিৰ খান অভিনীত ʼলাল সিং চাদ্ধাʼ নামৰ এখন হিন্দী চলচ্চিত্ৰই মুক্তি পাইছে। বিভিন্ন ইতিবাচক আৰু নেতিবাচক কাৰণত চলচ্চিত্ৰখনে মুক্তিৰ পূৰ্বৰ পৰাই বিতৰ্কৰ সূচনা কৰিছিল। যি কি নহওক, কʼব বিচৰা কথাটো হৈছে, এই চলচ্চিত্ৰখন ১৯৯৪ চনত মুক্তিপ্ৰাপ্ত ৰবাৰ্ট জেমেকিছ পৰিচালিত বিখ্যাত আমেৰিকান চলচ্চিত্ৰ ‘ফৰেষ্ট গাম্প’ৰ আনুষ্ঠানিক (official) ভাৰতীয় (বা হিন্দী) অভিযোজনা। লক্ষ্যণীয় যে মূল ‘ফৰেষ্ট গাম্প’ চলচ্চিত্ৰখন আকৌ উইনষ্টন গ্ৰূম ৰচিত, ১৯৮৬ চনত প্ৰকাশিত একে নামৰ উপন্যাসখনৰ অভিযোজনা। দেখা গʼল, চলচ্চিত্ৰৰো অভিযোজনা (ৰিমেক নহয়) হʼব পাৰে।

প্ৰসংগ ৩

যোৱা বছৰ (২০২১)ৰ শেষৰ ফালে সংবাদ মাধ্যমত প্ৰকাশিত এটা বিশেষ বাতৰিয়ে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। জামুগুৰিহাটৰ পৰা পৰিৱেশিত সেই বাতৰিত কোৱা হৈছিল— জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা সমিতি তথা অন্যান্য কেইবাটাও সামাজিক-সাংস্কৃতিক অনুষ্ঠানে স্থানীয় এগৰাকী ব্যক্তি অৰূপ শইকীয়াক সামাজিকভাৱে বৰ্জন তথা তেওঁৰ বিৰুদ্ধে পুলিচৰ ওচৰত গোচৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ব্যক্তিজনৰ ‘দোষ’ আছিল, তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া নাট ইংৰাজীলৈ অনুবাদ কৰি দেশে-বিদেশে পৰিৱেশন কৰিছিল। এই লৈ বাৰেচহৰীয়া ভাওনা সমিতিয়ে আপত্তি আৰু আলোচনা কৰাত ব্যক্তিগৰাকীয়ে ছচিয়েল মিডিয়াত বিষোদ্গাৰ কৰিছিল। সামাজিক বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা ৰাজহুৱা সভাখনতে ব্যক্তিগৰাকীয়ে যাতে পুনৰ ইংৰাজী ভাষাত ভাওনা পৰিৱেশন নকৰে তাৰবাবেও সকীয়নি জাৰি কৰা হৈছিল। সামাজিক বৰ্জন তথা পুলিচী কাৰ্যব্যৱস্থা গ্ৰহণৰ কঠোৰ সিদ্ধান্তৰ পৰৱৰ্তী সময়ত ‘অভিযুক্ত’ অৰূপ শইকীয়াই গলবস্ত্ৰে, তামোল-পাণৰ শৰাইৰে ক্ষমা প্ৰাৰ্থনা কৰিছিল আৰু খুব সম্ভৱতঃ বিষয়টোৰ সিমানতে অন্ত পৰিছিল।

প্ৰসংগ ৪

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ আন্দোলনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা, বিগত সময়ত অনেক ৰুচিশীল নাটক, বিশেষকৈ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ প্ৰায় আটাইকেখন নাটক পৰিৱেশন কৰা আৱাহন থিয়েটাৰ সম্প্ৰতি এক বিতৰ্কত সাঙোৰ খাই পৰিছে। থিয়েটাৰ দলটিয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ গুৰুত্বপূৰ্ণ নাটক ʼলভিতাʼৰ এক বিকৃত ৰূপক অভিজিৎ ভট্টাচাৰ্য নামৰ এক নাট্যকাৰৰ নাটক বুলি পৰিৱেশন কৰাৰ পাছতে বিতৰ্কৰ সূত্ৰপাত ঘটিছে। থিয়েটাৰৰ পোষ্টাৰত দেখা গৈছে— ʼৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ একে নামৰ অমৰ সৃষ্টিৰ আলমত অভিজিত ভট্টাচাৰ্যৰ লভিতাʼ। ʼলভিতাʼ নাটকখন অভিজিত ভট্টাচাৰ্যৰ কেনেকৈ হʼব পাৰে আৰু বিকৃত কিয় কৰিব পাৰে বুলি ইতিমধ্যেই সমালোচনাৰ জোৱাৰ উঠিছে। আৱাহন থিয়েটাৰৰ অন্যতম প্ৰযোজক তথা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে অনেক ডাল জোৰা দিয়া কথাৰে আত্মপক্ষ সমৰ্থনৰ চেষ্টা কৰি আছে যদিও সচেতন ৰাইজ আশ্বস্ত হʼব পৰা নাই। জ্যোতিপ্ৰসাদৰ দৰে প্ৰাতঃস্মৰণীয় এক পুৰোধাৰ সৃষ্টিত এইদৰে হাত দিয়াৰ স্পৰ্ধা অভিজিত ভট্টাচাৰ্য, প্ৰস্তুতি পৰাশৰ বা আৱাহন থিয়েটাৰে কেনেকৈ কৰিব পাৰে বুলি সংবাদ মাধ্যমৰ পৰা ছচিয়েল মিডিয়ালৈকে সচেতন সমাজে প্ৰশ্ন উত্থাপন কৰিছে।

পষ্টমৰ্টেম

ওপৰৰ প্ৰথম দুটা প্ৰসংগত বিতৰ্ক বা বিৰূপ সমালোচনা হোৱা আমি দেখা পোৱা নাই। নাট্য-চলচ্চিত্ৰ জগতত এক সৃষ্টিৰ অন্য ৰূপলৈ অভিযোজনা এক সচৰাচৰ চলি থকা প্ৰক্ৰিয়া। এক কালৰ নাটক বা চলচ্চিত্ৰক অন্য কালৰ উপযোগী কৰি কৰা অভিযোজনাও স্বাভাৱিক বুলি মানি অহা হৈছে। আঢ়ৈ হাজাৰ বছৰৰ আগৰ চফোক্লিছৰ নাটকক আজিৰ যুগপোযোগী কৰিবলৈ অভিযোজনাৰ নিশ্চয় প্ৰয়োজন আছে। কিন্তু সেয়ে কৰিবলৈ যাওঁতে মূল স্ৰষ্টাৰ বক্তব্য বা সৃষ্টিৰ মূল সুৰটোক কেতিয়াও বিকৃত বা সলনি কৰা নহয়। সাধাৰণতে এই ক্ষেত্ৰত আৰু এটা অলিখিত নিয়ম পালন কৰা হয়,— হয় অভিযোজিত নাটকখনৰ নাম মূল নাটকখনৰ পৰা বেলেগ কৰা হয় বা নাট্যকাৰৰ নাম হিচাপে মূল নাট্যকাৰৰ নাম ৰাখি অভিযোজনাকাৰী হিচাপে পাছৰ ব্যক্তিজনৰ নাম দিয়া হয়। কিন্তু দুয়ো ক্ষেত্ৰতে মূল নাট্যকাৰৰ নাম গুৰুত্বসহকাৰে উল্লেখ কৰা হয়।

এতিয়া ওপৰৰ তৃতীয় আৰু চতুৰ্থ প্ৰসংগ দুটা লিৰিকি-বিদাৰি চাব বিচাৰিছোঁ। সম্প্ৰতি চলি থকা চতুৰ্থটো প্ৰসংগই যুগপৎভাৱে তৃতীয়টো প্ৰসংগ মনত পেলাই দিলে আৰু তাৎক্ষণিকভাৱে আমাৰ মনলৈ আহিল এই শব্দটো— ইণ্টেনশ্যন (intention)! অৰূপ শইকীয়াই বিদেশত ইংৰাজী ভাষাত ভাওনা কৰাৰ আৰু অভিজিত-প্ৰস্তুতিয়ে জ্যোতিপ্ৰসাদৰ নাটকক অভিজিত ভট্টাচাৰ্যৰ নাটক বুলি মঞ্চস্থ কৰাৰ আঁৰৰ ইণ্টেনশ্যন বা অভিপ্ৰায় কি?

আমাৰ বিচাৰ-বিবেচনাই কয়, অৰূপ শইকীয়াৰ অভিপ্ৰায় কোনো ধৰণেই নেতিবাচক নাছিল। গুৰুজনাৰ সৃষ্টিক বহল সমাজলৈ লৈ যোৱাৰ ইতিবাচক চিন্তাধাৰাই তেওঁক ইংৰাজী ভাষাত ভাওনা কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল বুলি আমি বিশ্বাস কৰোঁ। শংকৰদেৱক তথাকথিত ʼবিশ্বদৰবাৰʼলৈ নিয়াৰ কথা আমি সততে আওৰাওঁ, কিন্তু তাকে হাতে-কামে কৰিবলৈ চেষ্টা কৰিলে আমি বিৰোধ কৰোঁ! গুৰুজনাই যে সেই সময়ৰ প্ৰচলিত অসমীয়া ভাষাত নাট ৰচনা নকৰি উত্তৰ ভাৰতৰ ব্ৰজভাষা-মৈথিলী-ভোজপুৰীৰ সংমিশ্ৰিত ব্ৰজাৱলীত নাট ৰচনা কৰিছিল, তাৰ আঁৰত বহল দৰ্শক বা পাঠক সমাজ এখন পোৱাৰ হাবিয়াস থাকিব পাৰে বুলি ভাবিব নোৱাৰিনে? যদি পাৰি, তেনেহʼলে অন্যান্য পৰম্পৰা অটুট ৰাখি অন্য ভাষাত নাট এখন কৰিব কিয় নোৱাৰি? অংকীয়া নাটৰ অন্যতম বৈশিষ্ট্য বুলি ব্ৰজাৱলী ভাষাক ধৰিলে অন্য ভাষাত পৰিৱেশিত নাটখনক ʼঅংকীয়াʼ নুবুলি সাধাৰণভাৱে শংকৰদেৱৰ নাট বুলিলেই কথাটো সহজ হৈ পৰে। ভাষাৰ প্ৰশ্নটো যদি ইমান ডাঙৰ, তেনেহʼলে অন্য ভাষালৈ অনূদিত কীৰ্তন-নামঘোষা-বৰগীতৰ প্ৰসংগত আমাৰ স্থিতি কি হʼব? গান্ধীজী অসমলৈ আহোঁতে মহাপুৰুষ মাধৱদেৱৰ ʼপাৱে পৰি হৰিʼ বৰগীতটোৰ ইংৰাজী অনুবাদ এটা তেখেতক দিয়া হৈছিল, সেই প্ৰসংগত আমি গৰিহণা প্ৰস্তাৱ এটা লোৱা ভাল হʼব নেকি?

শিল্প-সাহিত্যৰ অনুবাদ-অভিযোজনাৰ আঁৰৰ অভিপ্ৰায়ৰ উন্মোচন সেই সম্পৰ্কীয় সিদ্ধান্ত এটা গ্ৰহণৰ আগতে জৰুৰী বুলি বিবেচনা কৰাটো দৰকাৰী বুলি ভাবোঁ।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ʼলভিতাʼ নাটকক অভিজিত ভট্টাচাৰ্যৰ নামত বিকৃত ৰূপত পৰিৱেশন কৰাৰ আঁৰৰ অভিজিত-প্ৰস্তুতিৰ অভিপ্ৰায়ক ইতিবাচক বুলি আমি ভাবিব পাৰোঁনে? প্ৰকাশিত বাতৰি, দৰ্শকৰ উপলব্ধি জনাৰ পাছত তেওঁলোকৰ অভিপ্ৰায় সম্পৰ্কত নিঃসন্দেহে প্ৰশ্ন জাগ্ৰত হʼবই, বিৰোধ কৰাৰ প্ৰৱণতা আহিবই। প্ৰথমতেই চকুত পৰে— পোষ্টাৰত জ্যোতিপ্ৰসাদৰ নামটো ক্ষুদ্ৰ ৰূপত দি ʼঅভিজিত ভট্টাচাৰ্যৰ লভিতাʼ বুলি ডাঙৰকৈ দিয়া কাৰবাৰটো। কʼবলৈ গʼলে, জ্যোতিপ্ৰসাদৰ দৰে অসমীয়া সংস্কৃতিৰ প্ৰাণ-পুৰুষজনাৰ সৃষ্টিক অভিজিত ভট্টাচাৰ্যৰ বুলি কোৱাৰ স্পৰ্ধাতে অভিজিত-প্ৰস্তুতিৰ অভিপ্ৰায় স্পষ্ট হৈ পৰিছে। বিতৰ্ক সৃষ্টি কৰি অধিক দৰ্শকক প্ৰেক্ষাগৃহলৈ টানি অনাটোৱেই হয়তো তেওঁলোকৰ মূল অভিপ্ৰায়। তাৰ উপৰি নাটকখৰ মূল বক্তব্যৰ সালসলনি, ৰাজনৈতিকভাৱে সংবেদনশীল সংলাপৰ প্ৰয়োগ, গীতৰ সালসলনি আদিৰ আঁৰত তেওঁলোকৰ ৰাজনৈতিক লাভালাভৰ অংকও নিহিত হৈ থাকিব পাৰে বুলি আলোচনা হৈছে। কোনোৱে জ্যোতিপ্ৰসাদৰ সৃষ্টিসমূহৰ কপিৰাইট উকলি যোৱা বুলি সালসলনি কৰাৰ সপক্ষে যুক্তি দিব বিচাৰিছে। আমি ওপৰত উল্লেখ কৰা অনেক সৃষ্টিকৰ্মৰে কপিৰাইট উকলি গৈছে, সেইবুলি সেইসমূহ আনে নিজৰ বুলি দাবী কৰিছেনে? কপিৰাইট উকলি গʼলেই আনৰ কৰ্মক নিজৰ বুলি কʼব পাৰিনে? সেই অধিকাৰ কোনো আইনে দিয়া নাই।

বিগত বহু বছৰ ধৰি প্ৰায় আটাইকেইটা ভ্ৰাম্যমাণ থিয়েটাৰ দলৰে ‘ষ্টাৰ নাট্যকাৰ’ হʼল অভিজিত ভট্টাচাৰ্য। প্ৰতি বছৰে প্ৰতিটো নাট্যদলতে ভট্টাচাৰ্যৰ কমেও এখন (সাধাৰণতেই একাধিক) নাটক থাকেই। এই বছৰ আৱাহন থিয়েটাৰৰ তিনিওখন নাটকৰে নাট্যকাৰ অভিজিত ভট্টাচাৰ্য। বছৰি বিশ-ত্ৰিশখন নাটক ৰচনা কৰিব পৰা ইমান প্ৰতিভাশালী নাট্যকাৰজনে স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি জ্যোতিপ্ৰসাদৰ সৃষ্টিক আত্মসাৎ কৰাৰ চেষ্টা নকৰি সেই চানেকিৰ মৌলিক নাটক এখন ৰচনা নকৰিলে কিয়? প্ৰস্তুতি পৰাশৰৰ যদি সঁচা অৰ্থত জ্যোতিপ্ৰসাদৰ প্ৰতি শ্ৰদ্ধা আছিল, মূল নাটকখনকে পৰিৱেশন নকৰিলে কিয়? ʼলভিতাʼ নাটক ইতিমধ্যেই দুটাকৈ ভ্ৰাম্যমাণ থিয়েটাৰ দলে (চিত্ৰলেখা থিয়েটাৰ আৰু মকুন্দ থিয়েটাৰ) বহু বছৰ আগতে মঞ্চস্থ কৰিছিল, অৰ্থাৎ নাটকখন ভ্ৰাম্যমাণৰ মঞ্চত পৰিৱেশন কৰাত একো সমস্যা নাই। তেনেহʼলে অভিজিত ভট্টাচাৰ্যৰ নামত বিকৃত ৰূপত ʼলভিতাʼ কিয়? আচল কথাটো হʼল ইণ্টেনশ্যন! এনেকুৱা বেপেৰুৱা আৰু বেপৰোৱা ইণ্টেনশ্যনক ঘৃণা আৰু গৰিহণাৰে ওপচাই পেলোৱা উচিত।

সংযোজন

শেহতীয়া বাতৰি অনুসৰি ‘অভিজিত ভট্টাচাৰ্যৰ লভিতা’ নাটকখনৰ প্ৰদৰ্শন আৱাহন থিয়েটাৰে বাতিল কৰিছে। ঘোষণাটো কৰা ছচিয়েল মিডিয়াৰ টোকাটোত প্ৰস্তুতি পৰাশৰে কৈছে— ‘আমি মাত্ৰ এটি প্ৰয়াস কৰিছিলো, যদি আমাৰ এই প্ৰয়াসত ভুল-ত্ৰুটি ৰৈ গৈছে, তেন্তে আমাৰ এই সৎ উদ্দেশ্য তথা চেষ্টাক মাৰ্জনা কৰিব বুলি আমি আশা কৰিলো।’ উদ্ধৃত বাক্যশাৰীৰ ‘যদি’, ‘সৎ উদ্দেশ্য তথা চেষ্টা’— এই শব্দ আৰু বাক্যাংশ মন কৰক, অৰ্থাৎ অহমিকাৰ পৰা মুক্ত হৈ দোষ স্বীকাৰ কৰি নহয়, হেঁচাত পৰিহে সেও হৈছে কৰ্তৃপক্ষ। অনেক লেখা-মেলা-আলোচনা-যুক্তিৰ পাছতো তেওঁলোকে নিজৰ অপৰাধ স্বীকাৰ কৰা নাই— ‘যদি ভুল-ত্ৰুটি ৰৈ গৈছে’— যদি!

নিশ্চিতভাৱে বিষয়টোৰ অন্ত পৰা নাই। কাইলৈ কোনে আকৌ এই ধৰণৰ ‘সৎ উদ্দেশ্য’ লৈ কোন গৰাকী স্ৰষ্টাৰ সৃষ্টিৰে বেপাৰৰ বেহা মেলে, তাৰ নিশ্চয়তা নাই। সেয়েহে চকু-কাণ খোলা ৰখাই হ’ব এই ধৰণৰ ‘সৎ উদ্দেশ্য’ৰ বেপাৰীৰ আচল ৰখীয়া।

❧ | আৰু পঢ়ক:

Follow Nilacharai on Twitter
অভিপ্ৰায়ৰ উন্মোচন আৰু আৱাহনৰ লভিতা | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook