নোটা: 'নাকচ কৰাৰ অধিকাৰ'ৰ বাটত এখোজ

নোটা: 'নাকচ কৰাৰ অধিকাৰ'ৰ বাটত এখোজ
  • 07 Apr, 2019

না গৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ কল্পে জোঁৰ পুৰি হাত পোৱাৰ উপক্রম হওঁতেও বিজেপিৰ কোলাৰ পৰা নামিব নিবিচৰা, মন্ত্রীত্বৰ মৌকোঁহৰ পৰা মুখ তুলিব নিবিচৰা অথচ সদায় ৰাইজৰ লগত থকা বুলি হকে-বিহকে ৮৫৫জন শ্বহীদৰ প্রসংগেৰে ডিঙিৰ সিৰ ফুলাই বীৰ-বচন মতা অসম গণ পৰিষদৰ নেতাসকলক বিজেপিক এৰি অসমৰ ৰাইজৰ লগ ল’বলৈ অনেক অনুৰোধ, আকুল আহ্বান জনাব লগা হ’ল। সেয়া এক দীঘলীয়া আহ্বান আৰু গৰিহণাৰ অধ্যায়! অৱশেষত ৰাইজৰ প্ৰৱল আহ্বান আৰু গৰিহা হজম কৰি অগপৰ তিনি হর্তা-কর্তা-বিধাতাই বিজেপি দল আৰু চৰকাৰৰ লগত ‘সম্পর্ক চ্ছেদ কৰিলো’ বুলি পুৰণি কায়দাৰ ঊর্ধ্ববাহু সংলাপ আওঁৰাওঁতেই অজলা ৰাইজখন মোহ গল— বোলে, ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিল; এতিয়া তেওঁলোকে ৰাইজৰ লগ লৈ বিধেয়ক আৰু অসমীয়া জাতিধ্বংসী কার্যকলাপ বিৰোধী সংগ্রামখন আগুৱাই নিব। ‘কংগ্রেছী’ জ্বালা-যন্ত্রণা আৰু ‘ভাজপায়ী’ বিশ্বাসঘাতকতা আৰু শ্লোগান সর্বস্বতাৰ পৰিপ্ৰেক্ষিতত নিজৰ ল’ৰাকেইটাই অন্ততঃ আঞ্চলিকতাবাদৰ বন্তিগছি জ্বলাই ৰাখিব বুলি আশ্বস্ত হৈ লোকসভাৰ নিৰ্বাচনত ভোটটো বাছাহঁতকে দিব পৰা যাব বুলি আশাৰ শিখা এটি জ্বলাওঁতেই অগপৰ স্বনামধন্য নেতাগণে তাতে পানী এচলু দি মাথোঁ ৬০ দিনৰ ভাওনা সামৰি সুৰসুৰকৈ নিজকে আৰু দলটোক বিজেপিত জাহ নিয়ালেগৈ। ৰাইজৰ আশা-আকাংক্ষা সেইফালেই ‘ভচৌ’ উঠিল। আমাৰ উত্তৰপৰীয়ানী আইতাই ক’বৰ দৰে— সেই অনা ডেলে!

ঠিক এনে সময়ৰে পৰা তিনিআলি-চাৰিআলিৰ আড্ডা, দোকান-পোহাৰৰ টুকুৰা আলাপ-আলোচনা আৰু চছিয়েল মিডিয়াত এটা কথাৰ চল মন কৰা গল— বোলে, এইবাৰ লোকসভাৰ নিৰ্বাচনত ভোটটো ‘নোটা’তে দিম।‘নোটা সম্পর্কে আমাৰ ভোটাৰ ৰাইজ ইতিমধ্যেই কম-বেছি পৰিমাণে জ্ঞাত হৈছে। ২০১৩ চনৰে পৰা ‘নোটা’ (NOTA- None of the above—ওপৰৰ এজনো নহয়)ক আমাৰ ইভিএম আৰু বেলট পেপাৰৰ ভিতৰুৱা কৰা হৈছে। পিপ’লছ ইউনিয়ন ফৰ চিভিল লিবার্টিজ বনাম ভাৰত ৰাষ্ট্রৰ এটা গোচৰৰ ৰায়ত উচ্চতম ন্যায়ালয়ে ভাৰতীয় নির্বাচন প্রক্রিয়াত নোটাক অন্তর্ভুক্ত কৰিবলৈ নির্দেশ জাৰি কৰে (২৭ ছেপ্তেম্বৰ, ২০১৩)। সেই মর্মে, নির্বাচনত নঞর্থক (Negative) ভোটক অন্তর্ভুক্ত কৰা পৃথিৱীৰ চতুর্দশ দেশ হৈ পৰিল ভাৰত৷ ভাৰতৰ আগতে নির্বাচনত নোটাক মান্যতা দিয়া দেশকেইখন হ’ল— বাংলাদেশ, ব্রাজিল, বেলজিয়াম, চিলি, কলম্বিয়া, ফিনলেণ্ড, ফ্রান্স, গ্রীচ, চুইডেন, স্পেইন, ইউক্রেইন, আমেৰিকা যুক্তৰাষ্ট আৰু আমেৰিকাৰ নেভাদা প্রদেশ।

নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা এজনো প্রার্থী বা দলক পছন্দ নহ’লে নোটাত ভোট দি সেই অপছন্দ প্রতিপন্ন কৰিব পৰা যায়। কোনো ৰাজনৈতিক ব্যৱস্থাৰ প্রতিবাদকল্পেও নোটাত ভোট দিব পাৰি। ৰাষ্ট্ৰীয় নির্বাচন আয়োগৰ এটি প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে— “The main objective of the ‘NOTA’ option is to enable electors who do not wish to vote for any of the candidates to exercise their right not to vote for any candidate without violation of the secrecy of their decision.” (EC/PN/58/2015, Dated: 18th September, 2015)। স্বাভাৱিকতে প্রশ্ন উঠিব, নোটা ভোটৰ প্রতীকী অপছন্দ বা প্রতিবাদে নির্বাচনৰ ফলাফলক প্রভাৱিত কৰিব পাৰিব জানো? ইয়াৰ পোনপটীয়া উত্তৰ হ’ব— নোৱাৰে। দ্বিতীয় প্রশ্ন— তেনেহ’লে ভোট নিদিয়া আৰু নোটাত ভোট দিয়া একে কথাই নহ’লনে? এই প্রশ্নটোৰ পৰাই নোটাৰ গুৰুত্ব আৰম্ভ হয়। এই প্রসংগৰ পৰাই নোটাৰ যোগাত্মক আৰু বিয়োগাত্মক প্রভাৱ সম্পর্কেও আলোচনাৰ বাট মুকলি হয়।

প্রত্যক্ষভাৱে নোটা ভোটে নির্বাচনৰ ফলাফলত একো প্ৰভাৱ নেপেলায়। কাৰণ, নোটাত পৰা ভোটখিনি বাদ দিয়েই ফলাফলৰ হিচাপ-নিকাচ কৰা হয়। তৎসত্ত্বেও ভোট নিদিয়া আৰু নোটাত ভোট দিয়া একে নহয়। ভোট নিদিলে, কিয় ভোট নিদিলে তাৰ একো ব্যাখ্যা বা বার্তা নির্বাচন আয়োগ বা ৰাজনৈতিক দল-প্রার্থীলৈ নাযায়। কিন্তু নোটাত ভোট দিলে এটা স্পষ্ট বার্তা যাব যে উপযুক্ত প্রার্থী নথকাত বা ৰাইজে গ্রহণ নকৰা দলৰ প্রার্থীত্ব থকা বাবে নাগৰিকে নোটাত ভোট দিছে। অৱশ্যে এই মুহূৰ্তলৈকে এনে বার্তা বা ব্যাখ্যা বিশেষ ‘শক্তিশালী’ হ’ব পৰা নাই৷ আৰম্ভণিৰ পৰা এতিয়ালৈ নোটা সম্পর্কীয় পৰিসংখ্যাবোৰ মন কৰিলে ইয়াৰ ‘শক্তি’ৰ বিষয়ে এটা ধাৰণা কৰিব পৰা যাব। ২০১৩ চনত অনুষ্ঠিত হোৱা চত্তিছগড়, মিজোৰাম, ৰাজস্থান, মধ্যপ্রদেশ আৰু দিল্লীৰ বিধান সভা নির্বাচনত মুঠ ভোটৰ ১.৮৫ শতাংশ আছিল নোটা ভোট (প্রায় ১৫ লাখ)। ২০১৪ চনত অনুষ্ঠিত আঠখন ৰাজ্য (হাৰিয়ানা, ঝাৰখণ্ড, অন্ধ্র প্রদেশ, চিকিম, ওড়িশা, অৰুণাচল প্রদেশ, জম্মু আৰু কাশ্মীৰ, মহাৰাষ্ট্র)ৰ বিধান সভা নির্বাচনত নোটা ভোটৰ পৰিমাণ আছিল ০.৯৫ শতাংশ। ২০১৪ চনত অনুষ্ঠিত লোকসভাৰ নিৰ্বাচনত নোটা ভোটৰ পৰিমাণ আছিল ১.১ শতাংশ। ২০১৫ চনত অনুষ্ঠিত দিল্লী আৰু বিহাৰৰ বিধান সভা নির্বাচনত নোটাৰ পৰিমাণ আছিল ২.০২ শতাংশ (দিল্লী: ০.৪০, বিহাৰ: ২.৪৯)। ২০১৬ চনত অনুষ্ঠিত অসম, পশ্চিম বংগ, কেৰালা, পুডুচেৰি আৰু তামিলনাডুৰ বিধান সভা নিৰ্বাচনত নোটা ভোটৰ পৰিমাণ আছিল ১.৬ শতাংশ। ২০১৮ চনত অনুষ্ঠিত পাঁচখন ৰাজ্যৰ নিৰ্বাচনত নোটা ভোট পৰিছিল প্রায় ১৫ লাখ (চত্তিছগড়: ২ শতাংশ, মধ্যপ্রদেশ: ১.৪ শতাংশ, ৰাজস্থান: ১.৩ শতাংশ, তেলেংগানা: ১.১ শতাংশ, মিজোৰাম: ০.৫ শতাংশ)।

এতিয়ালৈকে প্রত্যক্ষ কৰা সীমিত শক্তিৰ বাবেই সম্ভৱতঃ ৰাজনৈতিক দলবিলাকক নোটাই এতিয়াও চিন্তিত বা দায়িত্বশীল কৰি তুলিব পৰা নাই। কিন্তু নোটাৰ শক্তি বাঢ়ি অহাৰ লগে লগে ই যে ভাৰতীয় ৰাজনৈতিক পৰিমণ্ডলত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰিব, তাৰ উমান পাব পাৰি। গণতন্ত্রত নাগৰিকৰ এক অব্যর্থ পাশুপাত হ’ব পৰাৰ সম্ভাৱনীয়তা নোটাৰ মাজত সোমাই আছে। সামগ্রিকভাৱে নোটাৰ শক্তি সীমিত যেন লাগিলেও আন এক দৃষ্টিকোণৰ পৰা ই কি ধৰণে শক্তি সঞ্চয় কৰিব লাগিছে, সেয়া দেখা পোৱা যায়। ২০১৩ চনৰ পৰ ২০১৬ চনলৈকে অনুষ্ঠিত বিভিন্ন ৰাজ্যৰ বিধান সভা নির্বাচনসমূহত ২৬১টা সমস্তিত বিজয়ী আৰু বিজিত প্রার্থী ভোটৰ ব্যৱধানতকৈ নোটা ভোটৰ পৰিমাণ বেছি আছিল। ২০১৪ চনৰ লোকসভা নির্বাচনত এনে ধৰণৰ সমষ্টিৰ সংখ্যা আছিল ২৪। গতিকে দেখা গ’ল, নোটাৰ শক্তি সীমিত হলেও উপেক্ষণীয় নহয়। ওপৰত উল্লেখ কৰা সমষ্টিসমূহৰ ফলাফলত নোটা ভোটে নিশ্চিতভাৱে ভূমিকা গ্রহণ কৰিলে। ইতিমধ্যে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ ৰাজ্যিক নির্বাচন আয়োগে এই নীতি বলৱৎ কৰিছে যে যদি কোনো সমষ্টিত নোটা বিজয়ী হয়, অর্থাৎ সর্বাধিক ভোট যদি নোটাত পৰে, তেনেহ’লে সেই সমষ্টিত পুনৰ নির্বাচন অনুষ্ঠিত হ’ব। এই নীতি সমগ্ৰ দেশৰ বাবে বলৱৎ হ’লে ই এক পৰম প্রাপ্তি হ’ব। লগতে যদি তেনে ধৰণৰ সমষ্টিৰ সকলো প্রার্থীৰ প্রার্থীত্ব নাকচ কৰি নতুন প্রার্থী দিবলগীয়া কৰাটো নিয়ম কৰিব পৰা যায় তেনেহ’লে নোটা নিশ্চিতভাৱে সাধাৰণ ৰাইজৰ হাতৰ এক অসাধাৰণ অস্ত্র হৈ পৰিব। এনে ধৰণৰ অস্ত্ৰৰ শক্তি ইতিমধ্যেই পোলেণ্ড, ৰাছিয়া, ইণ্ডোনেছিয়া আদি দেশৰ জনতাই ৰাজনৈতিক দল আৰু নেতাক দর্শন কৰাইছে।

নোটাৰ নঞর্থক প্রভাৱৰ কথা আলোচনা কৰিলে প্রথমেই মনলৈ আহে— নোটাৰ সুৰুঙাৰে অতি অযোগ্য প্রার্থীও নির্বাচিত হোৱাৰ থল থাকে। অর্থাৎ ৰাজনৈতিক আৰু সামাজিকভাৱে সচেতন নাগৰিকে বহুল পৰিমাণে নোটা প্রদান কৰিলে, প্রলোভনৰ দ্বাৰা মোহান্ধ হৈ থকা ৰাজনৈতিক আৰু সামাজিকভাৱে অপৰিপক্ক নাগৰিকৰ দ্বাৰা অযোগ্য প্রার্থী নির্বাচিত হ’ব পাৰে। ইয়াৰ উপৰি ভাৰতীয় মানুহৰ সামাজিক বৈষম্যমূলক মানসিকতাৰ এখন ছবিও নোটাৰ জৰিয়তে দেখা পোৱা যায়। আৰম্ভণিৰ পৰা নোটাৰ পৰিসংখ্যাসমূহ বিশ্লেষণ কৰিলে দেখা যায়, সাধাৰণতে অনুসূচিত জাতি-জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিসমূহত নোটা ভোটৰ পৰিমাণ অধিক। সাধাৰণ শ্ৰেণীৰ লোকে অনুসূচীভুক্ত লোকক ভোট দিয়াতকৈ নোটাত ভোট দিয়াই ভাল বুলি বিবেচনা কৰাৰ উমান ইয়াৰ পৰা পোৱা যায়। সামাজিকভাৱে অস্থিৰ, বিশেষকৈ বাওঁপন্থী উগ্রপন্থা প্রভাৱিত সমষ্টিসমূহতো নোটাৰ আধিক্য লক্ষ্য কৰা যায়।

পৰিসংখ্যাসমূহৰ পৰা দেখা যায়, প্রতিবাদৰ এক প্রতীক হিচাপে নোটাই ভাৰতীয় নির্বাচন প্রক্রিয়াত নিজৰ স্থান ইতিমধ্যে গজগজীয়া কৰিবলৈ সক্ষম হৈছে। আগন্তুক দিনত ইয়াৰ বহুল ব্যৱহাৰ আৰু আলোচনা-পর্যালোচনাই নোটাক প্রতিবাদৰ এক প্ৰতীকৰ পৰিৱর্তে ‘নাকচ কৰাৰ অধিকাৰ’ (Right to reject)ত পৰিণত কৰাব পাৰিব বুলি ধাৰণা হয়। এই প্রসংগৰেই ইতিমধ্যে মাদ্রাচ উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থ জড়িত আবেদন (PIL) দাখিল কৰা হৈছে।

নোটাক শক্তিশালী কৰাৰ স্বাৰ্থতে নির্বাচন আয়োগৰ দৰে আমিও আবেদন জনাওঁ— ভোট নিদিয়াকৈ নাথাকিব। উপযুক্ত প্রার্থী বা পার্টী নাই বুলি অনুভৱ হ’লে ভোট নিদিয়াকৈ থকাৰ পৰিৱৰ্তে নোটাত ভোট দিয়ক— নিশ্চিতভাৱে দিয়ক। প্রতিবাদ সাব্যস্ত কৰক। নোটাক সাধাৰণ মানুহৰ হাতৰ পাশুপাতত পৰিণত কৰাৰ অভিযানত অংশ লওক।

এতিয়াও যদি ভাবিছে— নোটাই কি কৰিব, ‘উৰহ (অযোগ্য প্রার্থী, দল)ৰ খং ভগা ঢাৰি (নোটা)ত জাৰিলে’ কি লাভ হ’ব— তেনেহ’লে এনেকৈ ভাবক— ভগা ঢাৰি কোবাই কোবাই সত্ৰৰ বাজ কৰিব পাৰিলে ভাৰতীয় ৰাজনীতিৰ উৰহবোৰো পলাবলৈ বাধ্য হব।

‘দেশৰ মহা উৎসৱ’ (দেশ কা মহা ত্যোহাৰ— নির্বাচন আয়োগৰ প্ৰচাৰ)ত অংশ ল’বলৈ আপোনাক স্বাগতম।

[তথ্য আৰু পৰিসংখ্যাসমূহ ভাৰতৰ নির্বাচন আয়োগৰ ৱেবচাইট (eci.gov.in), দ্য হিন্দু (thehindu.com), দ্য কুইন্ট (thequint.com) আৰু দ্য ইকনমিক টাইমছ (economictimes.indiatimes.com)ৰ পৰা লোৱা হৈছে।]

নোটা: 'নাকচ কৰাৰ অধিকাৰ'ৰ বাটত এখোজ | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook