ম হাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অভ্ৰভেদী ব্যক্তিত্ব আৰু দিগন্ত-প্ৰসাৰী প্ৰতিভাই অসমীয়া জাতিক বিশিষ্ট মৰ্যাদাৰে জীয়াই থাকিবলৈ সম্বল দিছে, প্ৰেৰণা দিছে আৰু সমন্বয়ৰ জয়গান গাই সাম্য-মৈত্ৰীৰ চন্দ্ৰাতপৰ তলত জাতীয় সংহতি দৃঢ় কৰি ৰাখিবলৈ বিশিষ্ট অৰিহণা যোগাই আহিছে। শঙ্কৰদেৱ গুৰুজনাৰ এনে বহুমুখী প্ৰতিভাৰ বলৰেই অসম আৰু অসমীয়া জাতি আত্ম-সন্মানেৰে চিৰকাল সমুজ্জ্বল হৈ থাকিব। গুৰুজনাই ষোড়শ শতিকাৰ দোকমোকালিতে আধ্যাত্মিক চেতনাৰ অংকুৰণ ঘটাই অজ্ঞ-অনাখৰী জনতাক কৃষ্ণভক্তিৰ মালা পিন্ধাই বিভিন্ন ধৰ্ম তথা জাতি-উপজাতিৰে বহুধা বিভক্ত সমাজখনক একত্ৰিত কৰি এখন বৰ অসমীয়া সমাজ গঢ়ি থৈ গৈছে। ইয়াৰ লগে লগে গুৰুজনাই অসমীয়া জাতীয় জীৱনলৈ আগবঢ়ালে অসমীয়া সমাজৰ অবিচ্ছেদ্য সম্পদ— নামঘৰ।
গুৰুজনাই নামঘৰক কেৱল ভক্তিধৰ্ম প্ৰচাৰৰ মাধ্যম হিচাপেই নহয়, তেৰাৰ প্ৰৱৰ্তিত গীত-মাত, নৃত্য, নাট-ভাওনা আদি কলা-সংস্কৃতিৰ চৰ্চা আৰু অনুশীলনৰ মূল কেন্দ্ৰ তথা সমাজৰ অনেক মাংগলিক উৎসৱ-পাৰ্বণ পালনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে বিভিন্ন ধৰণৰ সামাজিক আলাপ-আলোচনা, বিচাৰ-বিবাদ আদি নিষ্পত্তিৰ উদ্দেশ্যেও নামঘৰ নিৰ্মাণ কৰিছিল। নামঘৰ গুৰুজনাৰ দিগন্তপ্ৰসাৰী সৃষ্টি প্ৰতিভাৰ উজ্জ্বল স্বাক্ষৰ। এই নামঘৰতে যাতে বিভিন্ন জাতি-উপজাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একেখন মজিয়াতে ঠাই দিব পৰা যায়, তাৰ বাবে গুৰুজনাই চেষ্টাৰ ত্ৰুটি কৰা নাছিল।
নামঘৰ অসমীয়াৰ আঁহে-কোঁহে সোমাই থকা এটি সম্পদ। নামঘৰেই হ’ল অসমীয়াৰ সামূহিক প্ৰাৰ্থনাগৃহ আৰু ৰংগমঞ্চ। যি ঠাইতেই নতুনকৈ বসতি আৰম্ভ কৰাৰ মানসৰে দুই-চাৰিঘৰ লোকে ভেটি বান্ধে, সেই ঠাইতেই এটি নামঘৰ প্ৰতিষ্ঠাৰ চিন্তাই পোখা মেলে। দৰাচলতে গুৰু দুজনাই ৰোপণ কৰি যোৱা দিনৰে পৰা প্ৰতিটো নামঘৰতে গুৰুকেইজনাৰ তিথি, বিভিন্ন ধৰ্মীয় অনুষ্ঠান, ভাওনা-সবাহ, গাঁৱৰ মেল-মিটিং, নৃত্য-গীতৰ চৰ্চাৰ থলী হিচাপে নামঘৰকেই ব্যৱহাৰ কৰি আহিছে অসমীয়া সমাজে। এক কথাত, সৰ্বগুণাকৰ শঙ্কৰদেৱে অসমীয়া জাতিটোক দি যোৱা এই অনবদ্য অৱদান নামঘৰ তেতিয়াৰ পৰা এতিয়ালৈকে আৰু অসমীয়া জাতি থকালৈকে অসমীয়া জাতিৰ জনজীৱনৰ পৱিত্ৰ ধৰ্মসাধনাৰ থলী হিচাপে বন্দিত হৈ আহিছে আৰু থাকিব।
নামঘৰৰ সৃষ্টি সম্পৰ্কে ড০ লক্ষ্মীনন্দন বৰাদেৱে তেখেতৰ ‘যাকেৰি নাহিকে উপাম’ গ্ৰন্থত উল্লেখ কৰিছে যে মহাপুৰুষ শঙ্কৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষাগ্ৰহণ কৰি গৃহলৈ অহাত তেৰাৰ বংশ-পৰিয়াল তথা গাঁৱৰ ৰাইজে তেৰাৰ মুখৰ পৰা ভগৱন্তৰ গুণ-মহিমা শুনিবলৈ ভিৰ কৰাত তেওঁৰ মাৰল ঘৰত ভকতক বহিবলৈ ঠায়ে নোযোৰাত এটি মুকলি ঘৰৰ কথা চিন্তা কৰি পিতৃ কুসুম্বৰ ভূঞাৰ সৰিয়হতলীৰ শিলিখাজোপাৰ দক্ষিণ-পূব দিশত এটি কীৰ্তনঘৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত কৰিলে আৰু ৰাইজৰ সহযোগত অতি কম দিনৰ ভিতৰতে কীৰ্তনঘৰ খেৰ-বাঁহেৰে নিৰ্মাণ কৰি উলিয়ালে। কীৰ্তনঘৰৰ পূবমূৰে উত্তৰা-দক্ষিণাকৈ এটি মণিকূট সাজিলে। মণিকূটৰ সোঁমাজত সপ্তবৈকুণ্ঠৰ আধাৰত সাতখলপীয়াকৈ সিংহাসন পাতি বিষ্ণুৰ চতুৰ্ভুজ মূৰ্তি প্ৰতিষ্ঠা কৰা হ’ল। এই উপাসনা-গৃহক কিছু লোকে হৰি-মন্দিৰ, কিছুৱে কীৰ্তনঘৰ বুলি অভিহিত কৰিছিল যদিও গুৰুজনাৰ মতসাপেক্ষে এই গৃহভাগৰ নাম হৰিনামৰ আলয়— নামঘৰ নামেৰে আজিও অসমীয়া সমাজত পৰিচিত হৈ আহিছে।
নামঘৰসমূহলৈ লক্ষ্য কৰিলে দেখা যায় এইসমূহ এটা বিশেষ ঠাঁচ বা আকৃতিত নিৰ্মাণ কৰা হয়। গুৰুজনাই এই বিশেষ ঠাঁচ বা আৰ্হি ক’ৰ পৰা কেনেকৈ ল’লে সেই সম্পৰ্কত বিভিন্ন মতবাদ আছে। ইয়াৰ সৰ্বসন্মত বাস্তৱ আৰু আধুনিক বাখ্যা অনুসৰি মতবাদসমূহক তিনি ভাগত ভাগ কৰা হৈছে— আধ্যাত্মিক, পৰমাৰ্থিক আৰু লৌকিক। আধ্যাত্মিক মতবাদ অনুসৰি গুৰুজনাৰ ধৰ্মৰ মূল চালিকা শক্তিয়েই যিহেতু নাম, গতিকে ভেটিটোক ধৰ্মৰ লগত, দুই পাশে থকা দুই দুৱৰীক জয় আৰু বিজয়ৰ লগত, চাৰি বেৰক চাৰিবেদৰ লগত, দুৱাৰডলিটিক ব্ৰহ্মাৰ লগত, চ’তিসমূহক পুৰুষোত্তমৰ লগত, দমৰাক চতুৰ্ভুজৰ লগত, মাৰলীক শঙ্কৰ-মাধৱৰ লগত, চালদুখনিক ভগৱানৰ বাহন গৰুড় পক্ষীৰ দুই ডেউকাৰ লগত, গুৰুৰ মুখেৰে নিৰ্গত অমৃত সদৃশ বাক্যসমূহক গাঁঠিৰ লগত তুলনা কৰা হয়। তদুপৰি একোটা নামঘৰত পাঁচটা কোঠালি থাকে আৰু বাৰটা মূল খুঁটা থাকে। এই বাৰটি খুঁটাক গুৰুজনাৰ বাৰভকত বুলি কোৱা হয়। সেই বাৰজন ভকত হ’ল— নাৰায়ণ ঠাকুৰ, ৰামৰাম গুৰু, বৰ শ্ৰীৰাম, মথুৰা, হৰিহৰ, গোবিন্দ, পৰমানন্দ, বাঢ়ৈ, মাধৱ, বলো আৰু সনাতন।
পৰমাৰ্থিক তত্ত্ব অনুসৰি আকৌ নামঘৰ আৰ্হিৰ বাখ্যা এনেদৰে দিয়া হৈছে যে ভগৱন্ত পুৰুষে মানৱ সমাজৰ বাবে শম, দম, তপ, শৌচ (আচাৰ-ব্যৱহাৰ), জ্ঞান-বিজ্ঞান, আস্থা আদিৰ দ্বাৰা নিৰ্ধাৰণ কৰি এক সুন্দৰ ব্যৱস্থা দি গৈছে। সেই ব্যৱস্থাৰাজিকে আলম কৰি মানৱ দেহৰ লগত ৰিজাই নামঘৰৰ আৰ্হি নিৰ্মাণ কৰিছিল। আমাৰ দেহটো ক্ষিতি (মাটি), অপ (পানী), ব্যোম (আকাশ), মৰুৎ (বায়ু) আৰু তেজস্ব (জুই)— এই পাঁচটা বস্তুৰ সংমিশ্ৰণৰে গঠিত। পৰমাৰ্থিক তত্ত্বই এই পাঁচটা বস্তুকে আলম কৰি নামঘৰটি পাঁচকোঠলীয়া কৰা হয় বুলি কয়। সেইদৰে শৰীৰেই মণিকূট, নামঘৰৰ ভিতৰৰ থাপনাই হৃদয় আৰু ভকতৰ মুখেই হুতাশন (জুই) বুলি মানি লোৱা হৈছে। সেইদৰে বাৰটি মূল খুঁটাক বাৰ বৈষ্ণৱ আৰু ভগৱানৰ চৈধ্য পাৰিষদক পাটিখুঁটাসমূহৰ লগত তুলনা কৰা হয়।
আকৌ ব্যাসদেৱ প্ৰণীত ভাগৱতৰ বাৰটা স্কন্ধৰ ব্যাখ্যা মতে, যিদৰে ভগৱানৰ বিভিন্ন অংগ-প্ৰত্যংগৰ ৰূপেই ভাগৱত হিচাপে ধৰা হয়, সেইদৰে পৰমাৰ্থিক তত্ত্বমতে নামঘৰৰ উত্তৰভাগ স্বৰ্গ অৰ্থাৎ ‘সত্ত্ব’, মধ্যভাগ ‘ৰজ’ (মানে সৌন্দৰ্যবৰ্ধক), নামঘৰৰ মধ্যভাগ শৰাই-শলিতা, গুৱা-পাণ, নানা উপকৰণ আৰু খোল-তাল আদিৰে সুসজ্জিত কৰি ৰখা হয়। দক্ষিণৰ নিম্নভাগ ‘তম’ (তম মানে আন্ধাৰ)। গতিকে নামঘৰৰ দক্ষিণফালটোৰ অন্ধকাৰ দূৰ কৰি ৰাখিবলৈ তাত বন্তি জ্বলোৱা হয়। ইয়াৰ উপৰি মানুহৰ মাজৰ শোক-মোহ, হিংসা-দ্বেষ আদিৰ তমসা আঁতৰাবলৈ নামঘৰৰ সিংহাসনত প্ৰতিষ্ঠা কৰা হয় মহাভাগৱত।
এই দুই বাখ্যাৰ উপৰিও বাস্তৱবাদী পণ্ডিতসকলে ক’ব খোজে যে নামঘৰৰ মূল আৰ্হি আছিল তিব্বতবৰ্মীয় জনজাতীয় গাঁৱত থকা মৰংঘৰ বা ডেকাচাং। এই মৰংঘৰ বা ডেকাচাঙবোৰ আছিল গাঁৱৰ ডেকাহঁতৰ শৰীৰ চৰ্চাৰ কেন্দ্ৰ আৰু গাঁৱৰ প্ৰতিৰক্ষাৰ কাৰণে ইয়াতে তেওঁলোকে ৰাতি একেলগে শোৱাৰ ব্যৱস্থা কৰিছিল। তেওঁলোকৰ ৰাজহুৱা অনুষ্ঠান বা উৎসৱ-পাৰ্বণসমূহো তাতে হৈছিল। এই মৰংঘৰৰ সৈতে নামঘৰৰ আৰ্হি অথবা ঐতিহ্যৰ মিল ঘটোৱাটো নৱবৈষ্ণৱ আন্দোলনৰ অন্যতম বিস্ময় বুলি ক’ব লাগিব। তদুপৰি এই তথ্যৰ পৰা শঙ্কৰদেৱৰ দিনত পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনৰ এনাজৰীডাল কিমান সুদৃঢ় আছিল, তাৰ এক জলন্ত উদাহৰণো পোৱা যায়। লৌকিক তত্ত্ব মতে, নামঘৰটি এখন গাঁৱৰ প্ৰাণকেন্দ্ৰ। নামঘৰক কেন্দ্ৰ কৰিয়েই এখন গাঁও বৰ্তি আছে।
নামঘৰসমূহে আমাৰ ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক চিন্তাৰ সুবিমল প্ৰবাহ অব্যাহত ৰাখিছে আৰু অসমীয়া জাতিক স্বকীয় ধ্যান-ধাৰণা আৰু সাংস্কৃতিক বৈশিষ্ট্যৰে মহিমামণ্ডিত কৰি ৰাখিছে। সমাজৰ সৰু-বৰ, ধনী-দুখীয়া সকলোকে নিবিড়ভাৱে সামৰি লোৱা আৰু ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰা গুৰুজনাৰ এই কালজয়ী সৃষ্টি নামঘৰৰ প্ৰধান অংগসমূহ হৈছে— কীৰ্তনঘৰ, বাটচ’ৰা, ছোঁঘৰ আৰু মণিকূট। নামঘৰৰ মূলগৃহভাগত কীৰ্তন-ভাগৱত শ্ৰৱণ-কীৰ্তন কৰা হয় বাবে ইয়াক কীৰ্তনগৃহ নামেৰেও জনা যায়। আগৰ দিনত নামঘৰসমূহ কাঠ, বাঁহ, বেত, খেৰ, ইকৰা-খাগৰি আদিৰে সাজি উলিওৱা হৈছিল। গুৰুজনাই নামঘৰৰ মূলগৃহভাগ সপ্তবৈকুণ্ঠৰ আধাৰত পূবা-পশ্চিমাকৈ সাজি উলিয়াইছিল। পশ্চিমফালে মুধচত টুপ ভাঙি অৰ্ধগোলাকাৰ কৰি সজা হৈছিল। নামঘৰৰ বেৰবোৰ সাধাৰণতে উন্মুক্ত বা কোনো কোনো ঠাইত আধালৈকে বেৰ দিয়া হয়। ইয়াৰ মূল উদ্দেশ্য আছিল জাতি-উপজাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ বাবে নামঘৰৰ চাৰিবেৰ সদায় খোলা। তদুপৰি অংকীয়া নাট-ভাওনা আদি যাতে নামঘৰৰ বাহিৰৰ পৰা দৰ্শকে শ্ৰৱণ-দৰ্শন কৰিব পাৰে, এই কথালৈ লক্ষ্য ৰাখিও নামঘৰৰ চাৰিবেৰ উন্মুক্ত কৰি ৰখা হয়।
নামঘৰৰ মণিকূটৰ ফালৰ পৰা প্ৰথম কোঠালিৰ প্ৰথমযোৰ খুঁটা এৰি দ্বিতীয় কোঠালিৰ খুঁটাযোৰৰ উত্তৰফালৰ খুঁটাটো হ’ল লাইখুঁটা বা গুৰুখুঁটা। এই খুঁটাটোৰ মৰ্যাদা অতি উচ্চ। এই খুঁটাত প্ৰতিষ্ঠিত আসনত কেৱল গুৰু মৰ্যাদাসম্পন্ন ব্যক্তিকহে বহুওৱা হয়। নামঘৰৰ এই মূলগৃহভাগতেই সমূহীয়া নাম-প্ৰসংগ, নাট-ভাওনা আদি প্ৰদৰ্শন কৰা হয়। মূল কীৰ্তনগৃহৰ দীঘ-প্ৰস্থৰ নিৰ্দিষ্ট জোখ-মাপ নাই যদিও সাতবৈকুণ্ঠৰ আৰ্হিৰে সাত কোঠালি কৰি খেলৰ ৰাইজৰ সংখ্যা চাই দীঘ-প্ৰস্থ নিৰূপণ কৰি নিৰ্মাণ কৰা হয়। নামঘৰৰ মূল কীৰ্তনঘৰৰ পশ্চিমে কিছু দুৰত দুচলীয়াকৈ পূবা-পশ্চিমা এটি বাটচ’ৰা নিৰ্মাণ কৰা হয়, যাক ‘কৰাপাট’ বুলিও কোৱা হয়। নামঘৰত প্ৰৱেশৰ ইয়েই মুখ্য দ্বাৰ। এই বাটচ’ৰা বা কৰাপাটৰ গুৰুত্বও অসীম। ভাওনা-সবাহ আদিত এই বাটচ’ৰাতেই সত্ৰাধিকাৰ, বিশিষ্ট ভকত-বৈষ্ণৱসকলক আদৰণি জনোৱা হয়।
ভাওনাৰ যাৱতীয় সা-সৰঞ্জাম ৰাখিবৰ বাবে নামঘৰৰ কাষতে দক্ষিণফালে এটি ঘৰ সজা হয়। ইয়াক ছোঁঘৰ বোলে। ছোঁ-মুখা, ভাৱৰীয়া বহা আসন, দধিমথা শাল আদিকে ধৰি ভাওনাৰ বিভিন্ন লাগতিয়াল সা-সামগ্ৰী ৰখা, ভাওনাৰ দিনা ভাৱৰীয়াৰ সাজ-সজ্জা, ৰূপ-সজ্জা আদি কৰিবৰ বাবে এই ছোঁঘৰ বিশেষভাৱে প্ৰয়োজনীয়। ছোঁঘৰ নাথাকিলে কিছু কিছু অঞ্চলত নামঘৰৰ মণিকূটৰ উত্তৰফালে খেৰ, টিন আদিৰে এচলীয়াকৈ চালি দি ছোঁঘৰৰ কাম চলোৱা হয়। এই চালিক ‘হাতী-চালি’ আখ্যা দিয়া হয়। ইয়াৰ উপৰিও ৰঙিয়াল গৃহ নামঘৰৰ অন্য এক অংগ। এই ঘৰতে বিভিন্ন সেৱা-সবাহৰ নিমন্ত্ৰিত ভকত-বৈষ্ণৱ, আইমাতৃসকলক আপ্যায়ন কৰা হয়, লগতে প্ৰয়োজন অনুসৰি সাজপাৰ আদি পিন্ধা কামতো এই গৃহ ব্যৱহাৰ কৰা হয়। নামঘৰৰ টুপৰ কাষতে পূৰ্বতে এই ঘৰ সাজিছিল যদিও আজিকালি ঠাইভেদে অন্য সুবিধাজনক ঠাইত সাজি লোৱা হয়।
নামঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হ’ল মণিকূট। নামঘৰৰ লগতে লাগি থকাকৈ পূব দিশত এই মণিকূট সজা হয়। এই গৃহ উত্তৰা-দক্ষিণা। মণিকূট গৃহ মুধচৰ দুয়োদিশে টুপ দি নিৰ্মাণ কৰা হয়। মহাপুৰুষীয়া সমাজে এই মণিকূট গৃহতে বহি ধৰ্ম চৰ্চাৰ অনুষ্ঠান পতাৰ উপৰিও গ্ৰন্থাগাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰে। বৰদোৱা থানত মণিকূটৰ সোঁমাজতে নামঘৰৰো সোঁমাজত পৰাকৈ গুৰু আসন স্থাপন কৰা হৈছে। বৰপেটা থানতো নামঘৰৰ পূবৰ কোঠাৰ সোঁমাজত গুৰু আসন স্থাপন কৰা হৈছে। এই দুই আৰ্হিৰেই অসমৰ নামঘৰসমূহতো গুৰু আসন স্থাপন কৰা হৈ আহিছে।
গুৰু আসন তিনি প্ৰকাৰৰ— সিংহাসন, গৰুড়াসন আৰু ময়ূৰাসন। ৰাজহুৱা নামঘৰসমূহত সিংহাসন স্থাপন কৰা হয়। এই তিনিওবিধ আসনতে যেতিয়া ভাগৱত স্থাপন কৰা হয়, তেতিয়া ইয়াক ‘গুৰু আসন’ আখ্যা দিয়া হয়। সাধাৰণতে ৰাজহুৱা নামঘৰসমূহৰ সিংহাসন সাত খলপীয়া। চাৰি চৰণৰ ওপৰত ভিত্তি কৰি চাৰিকোণীয়া খলপাবোৰ ক্ৰমে ওপৰলৈ সৰু কৰি নিয়া হয়। চাৰিওকোণৰ খুঁটাবোৰ খোদিত কৰা হয়। ধৰ্মৰ চাৰিখুঁটিৰ আধাৰত আসনৰ মূল চাৰি চৰণৰ প্ৰতি চৰণৰ তলত ঊৰ্ধ্বক্ৰমত চলঙত মূৰ সুমুৱাই থকা চাৰিটা কাছ, প্ৰতিটো কাছৰ ওপৰত একোটাকৈ বইত পৰা হাতী আৰু প্ৰতিটো হাতীৰ ওপৰত একোটাকৈ সিংহ খোদিত কৰা হয়। ইয়াৰো বিশেষ তাৎপৰ্য আছে। কাছ ভকতৰ সংযমৰ প্ৰতীক। বিপদৰ সংকেত পালে কাছই নিজৰ অংগসমূহ ভিতৰত সুমুৱাই ৰাখিব পাৰে। ভকতেও সেই অনুপাতে ৰিপুসমূহ দমন কৰিব পাৰে। ৰিপু তথা পাপৰূপ হাতীয়ে কেতিয়াবা ভকতৰ মন বিচলিত কৰিলেও নাম ৰূপী সিংহই তাক দমন কৰি ৰাখে। সিংহাসনভাগ হেঙুল-হাইতালেৰে মনোমোহাকৈ বোলোৱা হয়। সিংহাসনৰ খলপাসমূহতো দশৱতাৰ, কৃষ্ণলীলা, ৰামলীলা আদি দৰ্শনীয় ৰূপত অংকন কৰা হয়। সিংহাসনৰ সাত খলপাক সপ্তবৈকুণ্ঠৰ লগত তুলনা কৰা হয়।
সিংহাসনৰ একেবাৰে ওপৰ খলপাত দৌলাকৃতিৰ এটি ঘৰ থাকে। তাৰ নাম ‘আমহী ঘৰ’। আমহী ঘৰৰ তিনিফালে কাপোৰ বা হেঙুল-হাইতালেৰে বোলোৱা মিহি তক্তাৰ বেৰ থাকে। দৌলাকৃতিৰ ঘৰটোৰ ওপৰত এটা কলচী থাকে। এই আমহী ঘৰটোতে পূৰ্ণকৃষ্ণ ভগৱন্তৰ বাংময় ৰূপ ভাগৱত শাস্ত্ৰ প্ৰতিষ্ঠা কৰা হয়। সচৰাচৰ পুথিভাগৰ ৰক্ষণাবেক্ষণৰ বাবে ফুলজাৰী কটা ধুনীয়া পেৰাত তলে-ওপৰে বগা কাপোৰ মেৰিয়াই ঢাকি ৰখা হয়। লগতে সিংহাসন ভাগ বিশেষভাৱে বোৱা ফুলবছা গামোচাৰে সজাই তোলা হয়। এভাগি শুধ বগা চন্দ্ৰাতপ আমহী ঘৰ বা সিংহাসনৰ তথা ভগৱন্তৰ নিবাসস্থলৰ ওপৰত তৰি দিয়া হয়।
নামঘৰ পৰিচালনা কাৰ্যত যিজন লোক জড়িত, তেওঁক ‘নামঘৰীয়া’ বুলি কোৱা হয়। নামঘৰীয়াজনৰ ভূমিকা অপৰিসীম। তেখেতে জনজীৱনৰ সচেতন ব্যক্তি হিচাপে দায়িত্ব পালন কৰে। তেখেতৰ আহ্বানক্ৰমে গাঁৱৰ লোকসকল নামঘৰত সমবেত হৈ নামঘৰৰ লগতে গাঁওখনৰ বিভিন্ন কল্যাণমূলক কাম-কাজৰ বিষয়ে আলোচনা কৰে আৰু ইয়াক ৰূপায়ণৰ বাবে কাৰ্যপন্থা হাতত লয়। নামঘৰীয়াজনে গাঁৱৰ জনসাধাৰণক দৈনন্দিন কাম-কাজৰ সময়সূচী নিৰূপণৰ কাৰণে ডবাৰ সংকেতধ্বনি ব্যৱহাৰ কৰে। নামঘৰৰ অন্যতম প্ৰয়োজনীয় বাদ্য হৈছে ডবা। অতীজতে পুৱা নামঘৰত ডবা বাজি উঠাৰ লগে লগে গৰখীয়াই গৰু চ’ৰাবৰ কাৰণে পথাৰলৈ ওলাইছিল আৰু গাঁৱৰ প্ৰতিঘৰ মানুহে গৰু-গাই মুকলি কৰি দিছিল। সন্ধ্যা নামঘৰত ডবা বাজি উঠাৰ লগে লগে মানুহে নিজৰ ঘৰত প্ৰৱেশ কৰি গোসাঁইঘৰত থাপনাৰ ওচৰত চাকি-বন্তি দি সেৱা জনাইছিল। কেতিয়াবা নামঘৰৰ ডবাৰ সংকেতধ্বনিয়ে গাঁৱৰ লোকক বিপদৰ আগজাননী দিয়াৰ লগতে সাৱধান কৰি দিয়ে। গাঁৱৰ কোনো লোকৰ ঘৰত কিবা ডাঙৰ বিপদ হ’লে, জুই লাগিলে তাৎক্ষণিক সহায়ৰ বাবে ডবা বজাই গাঁৱৰ মানুহক মতাৰ নিয়ম এতিয়াও আছে।
নামঘৰক লৈয়ে গুৰুজনাই কলা-সংস্কৃতিৰ লগতে সামাজিক দিশটো আগবঢ়াই নিছিল। অসমীয়া গ্ৰাম্য সমাজৰ কলা-কৃষ্টি আৰু সংস্কৃতি সাধনাৰ আৰু চৰ্চাৰ থলী গাঁৱৰ নামঘৰটো। গাঁৱৰ ডেকাচামে এই নামঘৰৰ মজিয়াতে গীত-মাত-বাদ্য, অভিনয় আদি দিশৰ চৰ্চা কৰাৰ সুযোগ পায়। নামঘৰৰ পৰা ভাহি অহা খোল-তাল-নেগেৰাৰ সুমধুৰ শব্দই গাঁওখন জীপাল কৰি ৰাখে। নামঘৰতেই গুৰুজনাই গণতন্ত্ৰৰ প্ৰথম বীজ ৰোপণ কৰিছিল। নামঘৰতেই সমাজৰ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ন্যায় বিচাৰ প্ৰদান কৰা হৈছিল। সৰ্বসাধাৰণে নামঘৰত সমবেত হৈ সত্য কথা কোৱা কাৰণে কোনো দোষী সাৰি যাব পৰা নাছিল। দোষীক দণ্ডও বিহা হৈছিল। দোষীক শাস্তি প্ৰদানে সামাজিক শৃংখলা, ঐক্য-শান্তি বজাই ৰখাত সহায় কৰিছিল। সমাজৰ অতি দুৰ্দান্ত লোকেও নামঘৰৰ সমুখেদি যাওঁতে ভক্তিৰে মূৰ দোঁৱাই যায়।
বছৰেকৰ বিহুৰ দিনা গাঁৱৰ নামঘৰত সমবেত হৈ সকলোৰে কুশল-মংগল কামনা কৰি ঈশ্বৰৰ নাম লোৱাৰ লগতে ইজনে সিজনৰ প্ৰতি শ্ৰদ্ধা, মৰম আন্তৰিকতা বিলাই একতা-সম্প্ৰীতিৰ ধ্বজা উৰুৱাই আহিছে। নামঘৰলৈ যোৱাৰ সময়ত অসমীয়া জাতীয় সাজ পিন্ধাত গুৰুত্ব দিয়া হয়। চুৰীয়া-চোলা আৰু কান্ধত গামোচা লৈহে নামঘৰত প্ৰৱেশ কৰা নিয়ম।
অসমৰ গ্ৰাম্যসমাজত নামঘৰটি হৈছে গাঁওখনৰ প্ৰতিগৰাকী লোকৰে হিয়াৰ আমঠু। ব্যক্তিগত মনোমালিন্য বা আক্ৰোশ থাকিলেও দুজন ভিন্ন চৰিত্ৰৰ মানুহেও সমানেই প্ৰস্তুত গাঁৱৰ নামঘৰটোৰ বাবে ত্যাগ স্বীকাৰ কৰিবলৈ। হজেই হওক, তিথি-পাৰ্বণেই হওক বা ভাওনা-সবাহেই হওক, নামঘৰৰ মজিয়াতেই ফুটি উঠে জাতীয় ঐক্য-সংহতিৰ নিভাঁজ ছবি। গাঁৱৰ নামঘৰত ভাওনা পাতিছে বুলি ক’লে গাঁওখনৰ লগতে ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলটোলৈকে যি এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হোৱা দেখা যায়, সি আন কোনো মাধ্যমেই সৃষ্টি কৰিব নোৱাৰে।
জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ এই মহান অৱদান নামঘৰে যোৱা ছশটা বছৰ অসমীয়া জাতিক ঐক্য-সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি, মানুহক ঈশ্বৰাভিমুখী কৰি তোলাৰ লগতে সামাজিক-সাংস্কৃতিক দিশত অনবদ্য বৰঙণিৰে সমৃদ্ধ কৰি আহিছে আৰু অসমীয়া জাতি জীয়াই থকালৈকে জাতিটোক উদ্ভাষিত কৰি ৰাখিব।
| আৰু পঢ়ক: