বি গত শতিকাৰ অষ্টম আৰু নৱম দশকৰ সাহিত্যৰ জগতখনৰ দিক নির্ণয়কাৰী লেখকৰূপে খ্যাত মাৰ্টিন এমিচ (Martin Amis)ৰ যোৱা ১৯ মে’ (২০২৩)ত ৭৩ বছৰ বয়সত ফ্লৰিডাৰ নিজা বাসগৃহত মৃত্যু হয়। লেখকৰ পত্নী ইচাবেল ফনচেকাই কয় যে মৃত্যুৰ সময়ত তেওঁ কর্কট ৰোগত আক্ৰান্ত হৈছিল। এমিচৰ জন্ম হৈছিল ১৯৪৯ চনৰ ২৫ আগষ্টত।
চলমান ৰুশ্বডি, ইয়ান মেকইৱেন আৰু জুলিয়ান বাৰ্নছৰ লগতে মার্টিন এমিচে ১৯৮০ৰ দশকত বৃটিছ সাহিত্য জগতৰ গতিধাৰা নির্ণয় কৰিছিল। তেওঁৰ দুখন প্ৰসিদ্ধ উপন্যাস হৈছে মানি আৰু লণ্ডন ফিল্ডচ।
গার্ডিয়ান কাকতৰ সাহিত্য সমালোচক ৰবার্ট মেকক্ৰামে মত প্ৰকাশ কৰিছিল যে মার্টিন এমিচৰ মানি উপন্যাসখন ইতিহাসৰ এক বিশেষ সময়ক অংকিত কৰা গ্ৰন্থ, যিখন কেৱল ১৯৮০ৰ দশকৰে নহয়, বৰং ইংৰাজী ভাষাত অদ্যপি ৰচিত এশ উৎকৃষ্ট সাহিত্যকর্মৰ অন্যতম। কিতাপখনত আদিৰ পৰা অন্তলৈকে টকাই সৃষ্টি কৰা উন্মাদনা ফুটাই তুলিছে এক ধৰণৰ অভব্য (savage) হাস্যৰসৰ জৰিয়তে, যি আজি এংলো-আামেৰিকান কথোপকথনৰ বৈশিষ্ট্য হৈ পৰিছে।
এইগৰাকী ঔপন্যাসিকৰ আর্হি-বক্তব্যই সমালোচকৰ প্ৰশংসা আদায় কৰিছিল। পেৰিচ ৰিভিউ পত্ৰিকাৰ সৈতে এক সাক্ষাৎকাৰত এমিচে কৈছিল যে ৰহস্য উপন্যাসৰ বাবেহে উপন্যাসখনৰ প্লট বা কাহিনী বিন্যাস গুৰুত্বপূর্ণ, কিন্তু তেওঁৰ মানি উপন্যাসখন দৰাচলতে এক বক্তব্য দাঙি ধৰা উপন্যাসহে, যদিহে সেই বক্তব্য বা কণ্ঠস্বৰ নিষ্প্ৰভ হৈ পৰে, তেন্তে ঔপন্যাসিকজনো ব্যর্থ।
এমিচৰ জন্ম হৈছিল অক্সফোর্ডত। ব্ৰিটেইন, স্পেইন আৰু আমেৰিকাৰ স্কুলত শিক্ষালাভৰ অন্তত অক্সফোর্ডৰ ইগজেটাৰ কলেজৰ পৰা ইংৰাজীত প্ৰথম শ্ৰেণীৰ অনার্চ স্নাতক হয়।
এমিচে কৃতজ্ঞতাৰে স্বীকাৰ কৰে যে তেওঁক সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল মাহীমাক এলিজাবেথ জেন হাৱার্ডে, যি নিজেও আছিল এগৰাকী ঔপন্যাসিক। এটা সময়ত এমিচ আছিল এজন সাধাৰণ পৰ্যায়ৰ ছাত্ৰ, কিন্তু এলিজাবেথে নিয়মীয়াকৈ এমিচক পঢ়িবলগীয়া কিতাপ-পত্ৰ বা লেখাৰ তালিকা দিছিল।
মার্টিন এমিচৰ প্ৰথম উপন্যাস দ্য ৰাচেল পেপার্চ ১৯৭৩ চনত প্ৰকাশ হয়। সেই সময়ত তেওঁ টাইমচ লিটাৰেৰি চাপ্লিমেণ্টৰ এজন সহকাৰী সম্পাদক আছিল। প্ৰথম উপন্যাসখনেই ১৯৭৪ চনৰ চমাৰচেট মম বঁটা লাভ কৰে আৰু তাৰ পাছৰ বছৰ (১৯৭৫)ত প্ৰকাশ হয় ডেড বেবিজ। ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ নিউ ষ্টেটচমেন কাকতৰ সাহিত্য সম্পাদক হৈ থকাৰ সময়ত এমিচে তেওঁৰ তৃতীয়খন উপন্যাস চাকচেচ প্ৰকাশ কৰে।
মাৰ্টিন এমিচৰ প্ৰকাশিত গ্ৰন্থৰ একাংশ
এমিচৰ সাহিত্যকর্মক সঘনে তেওঁৰ দেউতাকৰ কর্মৰাজিৰ সৈতে তুলনা কৰা হয়, কিয়নো দেউতাক কিংচলে এমিচ আছিল বুকাৰ বঁটা বিজয়ী লেখক। ১৯৮৬ চনত কিংচলে এমিচক তেওঁৰ দা অ’ল্ড ডেভিলচ নামৰ উপন্যাসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। যদিও বুকাৰ অর্জন কৰিবলৈ মার্টিন এমিচ কাহানিও সক্ষম নহ’ল, ১৯৯১ আৰু ২০০৩ চনত দুবাৰকৈ তেওঁৰ নামে বাছনিৰ তালিকাত অন্তর্ভুক্ত হৈছিল। উপন্যাস দুখনৰ নাম আছিল— এজন নাজী যুদ্ধ অপৰাধীৰ জীৱনৰ আধাৰত ৰচিত টাইমচ এৰো আৰু আনখন উপন্যাস য়েল্লো ডগ ।
মার্টিন এমিচে এক সাক্ষাৎকাৰত কৈছিল যে দেউতাকৰ কৃতিত্বৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ এক হেঁচাৰ সন্মুখীন হোৱা হেতুকে তেওঁ এটা সময়ত দেউতাকৰ পৰা দূৰত্ব বঢ়াই তুলিছিল। ২০০০ চনত প্ৰকাশিত এক স্মৃতিকথাত মার্টিন এমিচে তেওঁ দেউতাকৰ পৰা আঁতৰি অহাৰ কাৰণৰ লগতে তেওঁৰে দুই সন্তানৰ মাতৃ তথা প্ৰথমা পত্নী, আমেৰিকাৰ বিদূষী মহিলা এণ্টনিয়া ফিলিপচৰ সৈতে বিচ্ছেদৰ সবিশেষ বর্ণনা কৰিছে।
❧ | আৰু পঢ়ক: