যোৰহাটত নেশ্যনেল বুক ট্ৰাষ্টৰ অনুবাদ কৰ্মশালা

যোৰহাটত নেশ্যনেল বুক ট্ৰাষ্টৰ অনুবাদ কৰ্মশালা
  • 15 May, 2023

নিবাৰৰ দোকমোকালিত চিলমিলকৈ টোপনি আহিবলৈ লওঁতেই বাছৰ পৰিচালকজনে মাত লগালে,— ‘দাদা, মেঘা ৰিজৰ্ট পালো। আপোনাৰ নামিবৰ হ’ল।’

কেঁচা টোপনি ভাগিল মোৰ। বাছখনৰ পৰা নামিলো। হাতৰ ঘড়ীটোলৈ চালো— ঘড়ীত চাৰি বাজি পঞ্চল্লিশ মিনিট। চাৰিদিন থাকিবলগীয়া হোটেলখনৰ দুৱাৰ তেতিয়ালৈ খোল খোৱা নাই। পাঁচ বাজি পঁয়ত্ৰিশ মিনিটলৈ অপেক্ষা কৰিলো। হোটেলৰ দুৱাৰ খোল খালে। দুৱাৰখন খুলি দিয়া কৰ্মচাৰীজনে মোৰ বাবে ঠিক কৰি থোৱা কোঠাটোলৈ আগবঢ়াই নিলে।

মই চাৰিদিনৰ বাবে যোৰহাটলৈ আহিছোঁ। নেশ্যনেল বুক ট্ৰাষ্টৰ উদ্যোগত আৰু অসমৰ জনপ্ৰিয় শিশু আলোচনী ‘মৌচাক’ৰ সহযোগত যোৰহাটত অনুবাদৰ কৰ্মশালা এখন অনুষ্ঠিত হ’ব। ইতিমধ্যে ইংৰাজী, হিন্দী আদি ভাষাত বুক ট্ৰাষ্টে প্ৰকাশ কৰা শিশু গ্ৰন্থবোৰ অসমীয়ালৈ অনুবাদ কৰা হ’ব। সেইবাবে অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় পঞ্চাশজন অনুবাদক আহি যোৰহাটৰ মেঘা ৰিজৰ্টত লগ লাগিছেহি। তেওঁলোকৰ মাজৰেই এগৰাকী অংশগ্ৰহণকাৰী ৰূপে মইও এই কৰ্মশালাত যোগ দিবলৈ আহিছোঁ।

ইতিমধ্যে চাৰিদিন একেলগে থাকিবলগীয়া আনজন আৱাসী মই অহাৰ আগেয়েই কোঠাত সোমাইছিল। তেওঁ দুৱাৰখন খুলি দিলে। মানুহজনক মই আগতে ক’ৰবাত দেখা যেন লাগিছে। মই তেখেতৰ পৰিচয় ল’লো— হয়, তেখেত মই ভবাজনেই। অসমৰ এগৰাকী বিখ্যাত কবি প্ৰকল্প ৰঞ্জন ভাগৱতী।

২৫ মাৰ্চ (২০২৩), শনিবাৰে পুৱা ন বাজি ত্ৰিশ মিনিটত বুক ট্ৰাষ্টে কৰ্মশালাৰ প্ৰথম অনুষ্ঠানটিৰ আয়োজন কৰিলে। বুক ট্ৰাষ্টৰ অসমীয়া ভাষা সচিব দ্বীপ শইকীয়াই আঁত ধৰা এই অনুষ্ঠানটোৰ উদ্দেশ্য সম্পৰ্কে প্ৰথমতে বাখ্যা কৰি তেওঁৰ সৈতে মঞ্চত উপস্থিত থকা সমল ব্যক্তি ‘মৌচাক মামা’ ৰূপে খ্যাত শ্ৰদ্ধাৰ শান্তনু তামুলী, প্ৰখ্যাত লেখক তথা শিশু সাহিত্যিক জয়ন্ত মাধৱ বৰা আৰু নেশ্যনেল বুক ট্ৰাষ্টৰ যুটীয়া সচিব নীলা জৈনক অংশগ্ৰহণকাৰীসকলৰ লগত পৰিচয় কৰাই দিলে। শ্ৰীযুত তামুলী আৰু শ্ৰীযুত বৰাই শিশু সাহিত্যৰ প্ৰাসংগিকতা তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিশু সাহিত‌্যসমূহ অসমীয়া ভাষা তথা ভবিষ্যৎ প্ৰজন্মৰ বাবে যে উপযোগী, সেয়া উল্লেখ কৰিলে। শ্ৰীযুতা জৈনে বুক ট্ৰাষ্টৰ এই মহান কৰ্মৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক জনালে। ইয়াৰ পাছতেই বুক ট্ৰাষ্টৰ অসমীয়া ভাষা সচিব শ্ৰীযুত শইকীয়াই অংশগ্ৰহণকাৰীসকলৰ চমু পৰিচয় দাঙি ধৰিলে।

অনুষ্ঠানৰ প্ৰাৰম্ভিক সভাখনৰ পাছতেই মেঘা ৰিজৰ্টৰ প্ৰথম মহলাত অনুবাদকসকলে ইতিমধ্যে জয়ন্ত মাধৱ বৰাৰ পৰা নিজ পছন্দ অনুযায়ী সংগ্ৰহ কৰা শিশু তথা কিশোৰসকলৰ বাবে উপযোগী গ্ৰন্থসমূহ অসমীয়ালৈ অনুবাদ কৰিবলৈ আৰম্ভ কৰে। উল্লেখযোগ্য যে অনুবাদকসকলে এই অনুবাদ কৰ্মৰ সৈতে একাত্ম হোৱাত প্ৰধান ভূমিকা পালন কৰে সমল ব্যক্তিসকলে।

নেশ্যনেল বুক ট্ৰাষ্টৰ অনুবাদ কৰ্মশালা

প্ৰায় পঞ্চাশজন অনুবাদকে প্ৰায় এশ পঞ্চাশখন কিতাপ অনুবাদ কৰিবলৈ লয়। ২৫ তাৰিখৰ নিশালৈ অনুবাদকাৰীসকলৰ দুই-এজনে একোখন কিতাপ অসমীয়ালৈ অনুবাদ কৰি সমল ব্যক্তি জয়ন্ত মাধৱ বৰাক অৰ্পণ কৰে। উল্লেখযোগ্য যে অনুবাদকসকলে অনুবাদৰ ক্ষেত্ৰত কিবা সমস্যাৰ সন্মুখীন হ’লেই শান্তনু তামুলী, জয়ন্ত মাধৱ বৰা আৰু দ্বীপ শইকীয়াই আগবঢ়োৱা সহযোগিতাই অনুবাদকসকলক যথেষ্ট পৰিমাণে সহায় কৰা পৰিলক্ষিত হয়।

এনেদৰে অনুবাদৰ কাম চলি থকাৰ সময়তেই শান্তনু তামুলী ছাৰ আৰু দ্বীপ শইকীয়া ছাৰে অনুবাদ কৰ্মসমূহ সম্পাদনা কৰি গ’ল। শইকীয়া ছাৰ আৰু তামুলী ছাৰৰ যেন মণিকাঞ্চন সংযোগহে ঘটিছে! শইকীয়া ছাৰে তেখেতৰ লেপটপৰ পৰা অনূদিত গ্ৰন্থসমূহ পঢ়ি গৈছে আৰু তামুলী ছাৰৰ পৰামৰ্শ মতে আৱশ্যকীয় সংশোধন কৰিছে। নাতিদূৰত বহি থকা জয়ন্ত মাধৱ বৰা ছাৰে অনুবাদ কৰ্মসমূহ সংগ্ৰহ কৰি অকলশৰে কাম কৰি আছে।

লাহে লাহে অনুবাদকসকলৰ কামৰ গতি বৃদ্ধি হ’ল। প্ৰায় সকলো অনুবাদকে দুখনকৈ গ্ৰন্থ অনুবাদ কৰিবলৈ সমৰ্থ হ’ল। আনফালে ‘মৌচাক’ আলোচনীৰ দুই নিষ্ঠাবান কৰ্মী জগত বৰা দাদা আৰু ভাতৃপ্ৰতিম সীমান্ত প্ৰতিম গগৈয়ে হাতে লিখা অনুবাদ কৰ্মসমূহ কম্পিউটাৰত সংৰক্ষণ কৰি গ’ল। ২৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈ সীমান্ত কম্পিউটাৰতেই বহি থাকিল। নিশা হোৱাৰ সময়ত সীমান্তই সদায়েই চকু মোহাৰি থকা দেখা গ’ল।

দেশ-বিদেশৰ গল্প, বিজ্ঞানভিত্তিক কাহিনী, দুঃসাহসিক অভিযান ইত্যাদিৰে সমৃদ্ধ বাংলা, হিন্দী আৰু ইংৰাজী ভাষাত লিখিত বিভিন্ন শিশুগ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত অনুবাদকসকলে কোনো বিশেষ নীতি অনুসৰণ নকৰি প্ৰায় স্বাধীনভাবে অনুবাদ কৰ্ম সম্পন্ন কৰা দেখা গ’ল। একেদৰে সমল ব্যক্তিসকলেও উৎস ভাষা আৰু লক্ষ্য ভাষাৰ মাজত সামঞ্জস্য ৰক্ষা কৰি অনুবাদকসকলে অনুবাদ কৰা গ্ৰন্থসমূহৰ চূড়ান্ত ৰূপ প্ৰস্তুত কৰি তোলে। ভাবানুবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই অনুবাদ কৰ্মশালাখন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত অনুবাদকসকলে লাভ কৰা এনেধৰণৰ স্বাধীনতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিলক্ষিত হয়।

নেশ্যনেল বুক ট্ৰাষ্টৰ অনুবাদ কৰ্মশালা

শান্তনু তামুলী

লাহে লাহে কামবোৰ শেষ হৈ আহিল। অনুবাদৰ এই বৃহৎ কৰ্মত আন এগৰাকী নীৰৱ অংশগ্ৰহণকাৰীৰ কথা নক’লে হয়তো এই প্ৰতিবেদন আধৰুৱা হৈ ৰ’ব। তেওঁ হৈছে— সুধীৰ প্ৰসাদ। নেশ্যনেল বুক ট্ৰাষ্টৰ গাণনিক বিষয়া শ্ৰীযুত প্ৰসাদ সমগ্ৰ কাৰ্যসূচীতে উপস্থিত থাকিল। নিশাৰ ভোজন সমাপ্ত কৰি তেওঁৰ সৈতে দেশ-বিদেশৰ কথা পতা সেইকেইদিনত আমাৰ বাবে যেন এক অভ্যাসত পৰিণত হ’ল। অসমলৈ আহি অসমবাসীৰ সৰলতাত মুগ্ধ হোৱা শ্ৰীযুত প্ৰসাদে অনুবাদ কৰ্মশালাৰ অন্তত জগত বৰা দাদাৰ সৈতে কাজিৰঙাও ফুৰি আহিল।

২৮ মাৰ্চ তাৰিখে নিশা কৰ্মশালাৰ সামৰণি অনুষ্ঠান আৰম্ভ হ’ল। নিশা আঠ বাজি ত্ৰিশ মিনিটত আৰম্ভ হোৱা এই অনুষ্ঠান প্ৰায় ন বাজি পোন্ধৰ মিনিটত শেষ হ’ল। কৰ্মশালাত যোগদান কৰা অনুবাদকসকলক প্ৰশংসা পত্ৰ আৰু মাননি প্ৰদান কৰা হ’ল। নেশ্যনেল বুক ট্ৰাষ্টৰ অসমীয়া ভাষাৰ সচিব দ্বীপ শইকীয়া, শান্তনু তামুলী আৰু জয়ন্ত মাধৱ বৰা ছাৰে অনুবাদ সম্পৰ্কীয় বিভিন্ন দিহা-পৰামৰ্শ দি অনুবাদকসকলক কৃতাৰ্থ কৰিলে। অংশগ্ৰহণকাৰী অনুবাদকসকলৰ দুই-এজনে কৰ্মশালাত অংশগ্ৰহণ কৰি তেখেতসকলে লাভ কৰা অভিজ্ঞতা সম্পৰ্কে সভাত সমৱেত লোকসকলক অৱগত কৰিলে।

অনুবাদৰ এই কৰ্মশালাই অসমৰ শিশু-সাহিত্যলৈ এক বিশেষ বৰঙণি আগবঢ়ালে বুলি ধাৰণা হয়। এনে ধৰণৰ অনুষ্ঠানসমূহ সাহিত্যৰ জগতখনত নিশ্চয়েই এক বিশেষ পদক্ষেপ ৰূপে স্বীকৃত হৈ ৰ’ব।

❧ | আৰু পঢ়ক:

যোৰহাটত নেশ্যনেল বুক ট্ৰাষ্টৰ অনুবাদ কৰ্মশালা | অভিজিত দত্ত
Follow Nilacharai on Facebook