গাঁ ঠিৰ ‘গাঁঠি’ নাম হোৱাৰ এটা কাহিনী আছে। তাৰ জন্মৰ আগমুহূর্তত সি মাকৰ পেটত নাড়ীডালেৰে এনেকৈ গাঁঠি এটা লগাইছিল যে তেতিয়ালৈকে তিনিশ পঁয়ত্রিছটি শিশুক ‘ডেলিভাৰী’ কৰা অভিজ্ঞ চৰকাৰী চিকিৎসক ভৱেশ মেধিয়েও চকুৰে সৰিয়হ ফুল দেখি গৈছিল। গাঁঠিক ভূমিষ্ঠ কৰিবলৈ তেওঁ মূৰৰ ঘাম ভালেখিনি মাটিত পেলাব লগা হৈছিল। সি সুকলমে মাতৃগর্ভৰ পৰা ওলাই অহাৰ পাছত ডাক্তৰ মেধিয়ে ধেমালিতে মাকক লৈছিল— ইয়াৰ নাম গাঁঠিকে ৰাখিবা বুইছা।
ডাক্তৰ মেধিয়ে ধেমালিতে কোৱা কথাষাৰ গাঁঠিৰ মাকে পিছে গুৰুত্ব সহকাৰেই লৈছিল। তাই ল’ৰাটিক ‘গাঁঠি’ বুলিয়েই মাতিবলৈ লৈছিল আৰু মাকে সেই বুলি মতা দেখি বাকী মানুহবোৰেও তাক গাঁঠি বুলিয়েই মাতোঁতে মাতোঁতে তাৰ নামটো গাঁঠিয়েই হৈ গৈছিল। ল’ৰালিত মানুহে তাক গাঁঠি বুলি মাতিলে তাৰ খং উঠিছিল, সমনীয়াবোৰে তাক জোকাইছে বুলি ভাবি সি সিহঁতক মাৰিবলৈ খেদি গৈছিল। পাছলৈ অৱশ্যে শুনি শুনি অভ্যাস হৈ যোৱাত নামটো সি সহজভাৱেই লৈছিল।
গাঁঠিৰ পোছাকী নাম ফণীন্দ্র। কিন্তু তাৰ সেই নামটো কাকতে-পত্ৰইহে। সকলোৱে তাক গাঁঠি বুলিয়েই মাতে, আনকি স্কুলৰ মাষ্টৰসকলেও। সকলোতে সি গাঁঠি নামেৰেই জনাজাত। মাকে তাৰ গাঁঠি নামটো সঠিক অর্থতে ৰাখিছিল। খুঁটি খাব পৰা হোৱাৰ পাছত সি যিবোৰ কামত ধৰিলে, তাৰ নামটোৰ সৈতে সেইবোৰ কাম খাপ খাই পৰিছিল।
গাঁঠিৰ জন্ম এটি দৰিদ্র ব্রাহ্মণ পৰিয়ালত। তাৰ তিনি বছৰ বয়সতে পিতৃৰ আকস্মিক মৃত্যু ঘটাত পৰিয়ালটোৰ দুখে কুলাই-পাচিয়ে নধৰা হৈছিল। গাঁঠিৰ মাকে লগুণ কাটিব জানিছিল। মাকে লগুণ বেচি পোৱা পইচাকেইটাৰেই প্রাণী দুটি টুকটুক-টাকটাককৈ চলি আছিল। লণ্ডণ কটা হোৱাৰ পাছত সেইবোৰ পাঁচ ইঞ্চিমান দীঘলকৈ গাঁঠি দি পকাই বান্ধিব লাগে। লণ্ডণত গাঁঠি দিয়াৰ নিয়ম আছে। মাকে গাঁঠিক পাঁচ বছৰ বয়সতে লগুণত গাঁঠি দি বান্ধিবলৈ শিকাই দিছিল। আৰু আচৰিত কথা, সিও অতি সোনকালেই কামটো শিকি পেলাইছিল। গাঁঠিৰ গাঁঠি দিয়া কাম এইটোৱেই প্রথম।
গাঁঠিৰ মগজুটো সিমান চোকা নাছিল। পাঠশালা স্কুলৰ দুশ্রেণীমান পঢ়িয়েই সি সৰস্বতী দেৱীক তা তা-গুডবাই জনাইছিল। মাকে তাক যজমানী শিকিবলৈ উৎসাহ দিছিল যদিও সি সেই কামটোৰ প্রতি বৰ আগ্রহী নাছিল। ফলত অলপ বুজন হোৱাৰ পাছৰ পৰা সি গাঁঠি দিয়া কাম কিছুমানতে মনপুতি লাগি গ’ল আৰু তাৰ সহজাত প্রতিভাৰে সি সেইবোৰ কামত শীঘ্ৰে পাকৈত হৈও উঠিল। সি বেৰৰ কামিত দিয়া, ঘৰৰ ছালত দিয়া, ডলা-চালনিত দিয়া গাঁঠিবোৰ ইমানেই নিকপকপীয়া যে সেইবোৰ নাকাটিলে কোনেও খুলিবই নোৱাৰে। সি সজা বিছনি, ডলা-খৰাহি, পাচি-চালনি, খালৈ-জাকৈ আদিৰ কদৰ অঞ্চলটোত বহুত। সেইবোৰ বস্তু সি বজাৰলৈ নিয়াৰ লগে লগেই বিক্ৰী হৈ যায়। কিছুমানে ঘৰতে অর্ডাৰ দিও নিয়েহি। আকৌ গাঁঠিয়ে যদি ধানৰ বস্তাতএবাৰ গাঁঠি দিয়ে,চাইকেলৰ যিমানেই জার্কিং নহওক, বস্তাৰ গাঁঠি কেতিয়াও খোল নাখায়। গাঁৱৰ সকলোৱে গাঁঠিৰ হতুৱাইহে মৰাপাট বন্ধায়। পানীত গোৰাই ঠাৰিবোৰৰ পৰা এৰুৱাই শুকুৱাই থোৱা মৰাপাটবোৰ মুঠা মুঠাকৈ বন্ধাৰ এটা নিয়ম আছে। এই কামটো সকলোৱে কৰিব নোৱাৰে, নাজানে। গাঁঠিৰ গাঁৱৰ আশেপাশে থকা কেইবাখনো গাঁৱৰ ভিতৰত এই কামটো কৰা মানুহ মাত্ৰ এজনেই আছিল। পনপলৌ নামৰ সেই মানুহজন ঢুকুওৱাৰ পাছত এতিয়া এই কামটো অকল গাঁঠিয়েহে কৰিব পাৰে। গতিকে মৰাপাট খেতি উঠোৱাৰ সময়ত গাঁঠিৰ উপার্জন ভালেই হয়। তাক বহুতে আগধন দি ‘বুক’ কৰি থয়।
গাঁঠি যে কামৰ গাঁঠিতহে পাকৈত, তেনে নহয়। সি কথাতো গাঁঠি দিয়াত নিপুণ। গাঁঠিয়ে সংগদোষত পৰি কৈশোৰৰ পৰাই চুখা খাবলৈ শিকিছিল। চুখাৰ প্রতি সি সাংঘাতিকভাৱে আসক্ত হৈ পৰিছিল। কেতিয়াবা যেনিবা তাৰ গুমটি দোকান এখনৰ ওচৰত নাইবা কাৰোবাৰ ঘৰত বহি থাকোঁতে চুখা খাবলৈ মন গ’ল, অথচ সি চাধাৰ টেমাটো লগত নিবলৈ পাহৰিলে, দোকানখনৰ সন্মুখত বা মানুহঘৰত যদি কোনোবা জ্যেষ্ঠজন থাকে,সি তেতিয়া দোকানীজনক বা মানুহঘৰৰ সৰু ল’ৰা-ছোৱালীক চূণ অকণ এনেকৈ খোজে— ডব্লিউ অকণ দিয়াচোন। ইয়াৰ গূঢ়ার্থটো এনেকুৱা— হোৱাইটৰ আদ্যাক্ষৰ ডব্লিউ। হোয়াইট মানে বগা। চূণ বগা। গতিকে ডব্লিউ মানে চূণ! চূণতো আৰু শুদাই নাখায়, সেয়ে সি যাক চূণ খোজে, তেওঁ চূণৰ লগতে তাক চাধা অকণো দি দিয়ে।
গাঁঠিয়ে ডেকা কালত সংগদোষত পৰি কৰা আন এটা অপকর্ম হল— পর্ণগ্রাফী পঢ়া। সিহঁতৰ গাঁৱৰ পৰা পাঁচ কিলোমিটাৰ আঁতৰৰ সৰু চহৰখনৰ কিতাপৰ দোকান এখনৰ পৰাই সিহঁতে এই কিতাপবোৰ সংগ্ৰহ কৰিছিল। কিতাপৰ দোকানৰ সন্মুখত সদায় কাকত-আলোচনী চাই থকা কোনোবা নহয় কোনোবা এজন থাকেই। চিনাকিয়েই হওক বা অচিনাকিয়েই হওক, এনেকুৱা জ্যেষ্ঠ মানুহৰ উপস্থিতিত গাঁঠিয়ে দোকানীজনক এনেকুৱা কিতাপ খুজিবলৈ লাজ পায়। সেয়ে সি নিজে নাম দি লোৱা ভাষাৰে দোকানীজনক এনেকুৱা কিতাপ খোজে— দাদা, নতুন কিবা ডেকা কিতাপ আহিছে যদি দিয়কচোন। গাঁঠিৰ ভাষাত ‘ডেকা কিতাপ’ মানে পর্ণগ্রাফী। দোকানীয়ে গাঁঠিৰ ইংগিত বুজি পাই খবৰ কাগজেৰে তেনেকুৱা কিতাপ এখন তাক বান্ধি দিয়ে।
গাঁঠিয়ে যিবোৰ গাঁঠি দিয়া কাম কৰি দুপইচা ঘটিছিল, তাৰে ঘৰখন পোহপাল দিয়াটো কঠিন হৈ পৰিছিল। বস্তু-বাহানিৰ দাম বানপানী বঢ়াদি দিনক দিনে বাঢ়িহে গৈছে, কমাৰ নাম-গোন্ধ নাই। তাতে গাঁঠিৰ বিয়াৰ বয়সো হৈ আহিছিল। সংসাৰ আৰম্ভ কৰিলে খৰচ আৰু বাঢ়ি যাব। সেয়ে গাঁঠি নতুন কাম এটাৰ সন্ধানত আছিল। কিন্তু সি যে গাঁঠি দিয়া কামৰ বাহিৰে আন একো কামেই নাজানে! সি কি কৰে এতিয়া? ভাবি-গুণি থাকোঁতেই গাঁঠিৰ ওচৰলৈ কাম এটা নিজে নিজে লৰি আহিল। কাষৰ গাঁওখনৰ ৰত্ন ঠিকাদাৰে টেণ্ট হাউছ এটা খুলিবলৈ মন মেলিলে। তেওঁৰ প্রথমে প্রথমে বাহিৰা মানুহৰ হাতত টেণ্ট হাউছটো গতাই দিবলৈ মন নগ’ল। টেণ্ট হাউছৰ মূল কামটোৱেই হল গাঁঠিৰ কাম। গাঁঠি যিমানেই ভালকৈ দিয়া যাব, টেণ্ট হাউছটোও সিমানে মজবুত হ’ব। সেয়ে ঠিকাদাৰে গাঁঠিকে মাতি নি টেণ্ট হাউছটো চলোৱাৰ দায়িত্ব দিলে। গাঁঠিতকৈ এই কামটোৰ দায়িত্ব কোনে বেছি ভালকৈ ল’ব পাৰিব? গাঁঠিয়ে এই কামটো অতি সোনকালেই শিকি-বুজি ল’লে। তাৰ কামৰ সুবাদত ৰত্ন ঠিকাদাৰৰ টেণ্ট হাউছটোৱে ভাল উপার্জন কৰিবলৈ ধৰিলে। মাত্র তিনি বছৰৰ ভিতৰতে টেণ্ট হাউছটোৱে ইমান প্রসাৰ লাভ কৰিলে যে গাঁঠিহঁতে একেদিনাই থকা পাঁচখন বিয়াও সামৰিব পৰা হ’লগৈ। আৰু এনেকৈ মানুহ এঘৰত বিয়াৰ ৰভা দিবলৈ যাওঁতেই গাঁঠিৰ ছোৱালী এজনীৰ লগত লগুণ-গাঁঠি লাগিল!
চামধৰা গাঁৱৰ প্রতুল শৰ্মাৰ সৰুজনী জীয়েকৰ বিয়া। টেণ্টৰ ঠিকা পাইছে গাঁঠিহঁতেই। গাঁঠিয়ে টেণ্টৰ একেবাৰে ওপৰৰ বাঁহ এডালত গাঁঠি দি আছে। তেনেতে মৰমলগা মুখৰ পাটগাভৰু এজনীয়ে ওপৰলৈ চাই মাত লগালে— গাঁঠি দা, নামক। চাহ একাপ খাই লওকহি।
ছোৱালীজনী যিটো খুঁটাৰ ওচৰত ৰৈ আছিল, গাঁঠি সেইটো খুঁটাৰেই বান্দৰৰ দৰে চুঁচৰি তললৈ নামি আহিল।
‘মইতো তোমাক চিনি নাপাওঁ! তুমি মোৰ নামটো কেনেকৈ জানিলা?’— গাঁঠিৰ কপালৰ গাঁঠি থুপ খাই গ’ল।
‘আপুনিহে চিনি নাপায়, আপোনাক এই অঞ্চলৰ সকলোৱেই চিনি পায়। কোনোবাই আমাৰ এম এল এৰ নামটো নাজানিলেও আপোনাৰ নামটো সকলোৱেই জানে!’ ছোৱালীজনীৰ কথাত গাঁঠিয়ে গর্ব অনুভৱ কৰিলে। তাৰ মনটো একেবাৰে গংগাটোপৰ দৰে ফুলি গ’ল।
‘পিছে তোমাৰ নামটো কি? গাঁঠিয়নী নহয়তো?’— গাঁঠিয়ে কৌতুকমিশ্রিত হাঁহিৰে ছোৱালীজনীক জোকালে।
‘নহয় দেই! মোৰ নাম শেৱালি।‘ ছোৱালীজনীয়ে হাতৰ কেটলিটোৰ পৰা ডিছপজেবল গিলাচত গাঁঠিক চাহ বাকি দিলে।
‘এৰা, ধুনীয়া ছোৱালী এজনীৰ নাম শেৱালি নহৈ গাঁঠিয়নী হ’বনে?’
‘মই ধুনীয়া নে কি?’
‘ধুনীয়া নহয়, বহুত ধুনীয়া।‘
শেৱালি লাজত ৰঙা-ছিঙা পৰি গ’ল। তাই মুখেৰে কিবা এষাৰ ক’ব খুজিছিল, তেনেতে আন এজনী ছোৱালীয়ে ষ্টীলৰ থাল এখনত পিঠা-পনা লৈ অহাত শেৱালি ৰভা বান্ধি থকা গাঁঠিৰ লগৰ আন আন ল’ৰাকেইটাক চাহ দিবলৈ লৰালৰিকৈ সেই ঠাইৰ পৰা আঁতৰি গ’ল।
‘গাঁঠি দা, পিঠা লওক।‘— পিঠা-পনা দিবলৈ অহা তাৰ অচিনাকি ছোৱালীজনীয়েও তাক নাম কাঢ়ি মতাত গাঁঠি এইবাৰ আৰু আচৰিত নহ’ল। সিহে চিনি নাপায়, তাকতো সকলোৱেই চিনি পায়!
ইয়াৰ পাছৰ ঘটনাবোৰ হিমা দাসৰ দৌৰৰ দৰেই দ্রুতগতিত ঘটি যাবলৈ ধৰিলে— শেৱালিৰ লগত গাঁঠিৰ ম’বাইলত কথা-বতৰা চলিল, প্রেম হ’ল আৰু এবছৰ। পাছত সিহঁতৰ জীৱন দুটা সামাজিকভাৱে গাঁঠি লাগি গ’ল। গাঁঠিৰ বিয়াৰ দিনা আয়তীসকলে অলপ সলনি কৰি এনেকৈ যোৰা নাম গালে— ৰভাৰ গাঁঠি হেলেকা, ৰভাৰ গাঁঠি হেলেকা/ আমাৰে কইনাৰ চকুদুটা টেলেকা…, আমাৰ গাঁঠি দুখীয়া, হাতত নাই ধন/ বুকুত পিছে জোৰ আছে, কৰিবা মন…।
বিয়াৰ পাছদিনাই লগৰবোৰে গাঁঠিক ক’লে— ইমান দিনে তই য’ত-ত’ত গাঁঠি দিহে আছিলি, এতিয়াৰ পৰা পিছে তই গাঁঠি খুলিবও লাগিব!’
‘কিহৰ গাঁঠি?’— গাঁঠিয়ে সঁচাকৈয়ে কথাটো নুবুজিলে। লগৰবোৰে কথাটো তাক কাণে কাণে বুজাই দিয়াত সি লাজত ৰঙা-ছিঙা পৰি গ’ল।
কিন্তু যিটো কামৰ কাৰণে গাঁঠি অঞ্চলটোত বিখ্যাত, যিটো কামে তাক খুৱাই আছে, যিটো কামৰ কাৰণে সি শেৱালিৰ দৰে এজনী মৰম লগা,পৰিশ্ৰমী, সৎ স্বভাৱৰ ছোৱালীৰ জীৱনৰ লগত তাৰ জীৱনটো গাঁঠি লগাব পাৰিলে, সেই কামেই যে এদিন গাঁঠিৰ মান-সন্মান লাঘৱ কৰিব, তাৰ লাজৰ মূৰটো খাব, সেই কথা সি কল্পনাও কৰিব পৰা নাছিল।
বিয়াৰ পাছত গাঁঠি প্রথম ৰাতি থকাকৈ শহুৰৰ ঘৰলৈ ওলাইছে। সি ঘৰত সাধাৰণতে দক্ষিণ ভাৰতৰ মানুহৰ দৰে পোন্ধ নমৰাকৈ চুৰিয়া পিন্ধি থাকে। কিন্তু শহুৰৰ ঘৰততো সি আৰু এনেকৈ থাকিব নোৱাৰে! তাৰ নাথাকিলেও শেৱালিৰ মান-সম্মানৰ কথা আছে। সেয়ে তাই গিৰিয়েকৰ বেগৰ ভিতৰত আন আন কাপোৰৰ লগতে পায়জামা এটাও ভৰাই ল’লে। শেৱালিহঁতৰ পৰিয়ালটো ডাঙৰ। প্রথম দিনাই সিহঁতে ইঘৰ-সিঘৰকৈ কেইবা ঘৰতো ফুৰিব লগা হ’ল। নিজৰ ছোৱালী কাৰণে শেৱালি সাৰি গ’ল, কিন্তু নতুন জোঁৱাই হিচাপে নাখাওঁ-নথওঁ কৰা সত্ত্বেও গাঁঠিয়ে প্রতিঘৰতে কিবা নহয় কিবা এটা পেটত পেলাব লগা হ’লেই। শহুৰৰ ঘৰে নতুন জোঁৱাইক খুৱাবলৈ নিশাৰ সাজতো মাছ-মাংস-কণী—আটাইবোৰৰ ব্যৱস্থা কৰিলে। গাঁঠি কামৰ মানুহ। সি দিনটোত মাত্র তিনিবাৰ খায়— পুৱা, দুপৰীয়া আৰু ৰাতি। এনেকৈ ওপৰা-উপৰিকৈ খোৱাৰ অভ্যাস তাৰ একেবাৰে নাই। ফলত পুহৰি পুহৰি পোহৰ হওঁতেই গাঁঠিৰ ‘বৰভাগ’ৰ প্রৱণতা হ’বলৈ ধৰিলে। শহুৰৰ ঘৰৰ মানুহে পেটবেমাৰী বুলি ভাবে বুলি তাৰ ইমান পুৱাই বাহিৰ ফুৰিবলৈ যাবলৈ লাজ লাগিল। ভালকৈ পোহৰ হোৱালৈ সি বিছনাখনতে ইকাতি-সিকাতি কৰি টিপি থাকিল। কিন্তু পেটটোৱে ইমানেই সবলভাৱে বিদ্রোহ আৰম্ভ কৰি দিছিল যে সি এনেকৈ বেছি সময় থাকিব নোৱাৰিলে। ঘৰৰ বাকীবোৰ মানুহ নৌ উঠোঁতেই সি কুকুৰ লৰ দি পায়খানাত সোমালগৈ। তাতেই তাৰ গাঁঠিটো লাগিল! ইয়াৰ আগেয়ে এদিনো পায়জামা পিন্ধি নোপোৱা গাঁঠিয়ে লৰালৰিৰ কোবত পায়জামাৰ চোঁচনি-গাঁঠিটো যিফালে ধৰি টানিব লাগিছিল সেইফালে নাটানি ইটো ফালে টনাত গাঁঠিটো খোলা নাখাই টান হৈহে পৰিল। পায়জামাটো সোনকালে খুলিবলৈ গাঁঠিয়ে যিমানেই জোৰ দিলে, সিমানেই গাঁঠিটো ক্ৰমাৎ টান হৈ গৈ থাকিল। ইপিনে তাৰ আৰু ধাৰণ ক্ষমতা নোহোৱা হৈ গৈছিল। ফলত গাঁঠিৰ কাপোৰে-কানিয়ে…!
| পূৰ্বৰ খণ্ড পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৩: কুকুৰ-পুৰাণ
ইয়াৰ পাছত শহুৰৰ ঘৰত নতুন জোঁৱাই গাঁঠিৰ কেনেকুৱা দশা হ’ব পাৰে, সেই কথা পাঠক-পাঠিকাসকলে নিজেই অনুমান কৰি লওক।
Follow Nilacharai on Facebook