অ সমৰ নাট্য আন্দোলনৰ ইতিহাসত জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমাজৰ এক অগ্ৰণী স্থান আছে। সাংস্কৃতিক ঐতিহ্য আৰু নব্য চিন্তা-চেতনাৰে সমৃদ্ধ জামুগুৰীয়া সংস্কৃতিপ্ৰাণ ৰাইজৰ আশাশুধীয়া ত্যাগ আৰু শ্ৰমত গঢ় লৈ উঠা, সোণালী জয়ন্তীৰ আলোকেৰে উদ্ভাষিত এই অনুষ্ঠানটোৰ তিনিকুৰি চৈধ্য বছৰীয়া জীৱনকালত চকু ফুৰালে অসমৰ নাট্য আন্দোলনৰ উত্তৰণত জামুগুৰিহাটৰ অৰিহণা যে নিচেই কম নহয়, সেয়া স্পষ্ট হৈ পৰে। নাট্যযাত্ৰাৰ স্বৰ্ণিল গৌৰৱেৰে গৌৰৱান্বিত বাপুজী ভৱন নাট্য সমাজে তেজপুৰৰ দিল্লী পাব্লিক স্কুলৰ সহযোগত যোৱা ১৮ ফেব্ৰুৱাৰী (২০২৪)ৰ নিশা অসমৰ দুগৰাকী স্বনামধন্য নাট্যকৰ্মী তথা নাট্যকাৰ-পৰিচালক ভৱানী ভূঞা আৰু পংকজজ্যোতি ভূঞাৰ সুদক্ষ পৰিচালনাৰে দুটিকৈ দৰ্শনীত নিৱেদন কৰে নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাট্যসৃষ্টি ‘ভোগজৰা’।
প্ৰখ্যাত বুৰঞ্জীবিদ ড° সূৰ্য কুমাৰ ভূঞাৰ ‘কোঁৱৰ বিদ্ৰোহ’ গ্ৰন্থত বৰ্ণনা কৰা আহোম স্বৰ্গদেৱ চুন্যেওফাৰ ৰাজত্ব কালত হোৱা বিদ্ৰোহৰ আলমত নটসূৰ্য ফণী শৰ্মাই ৰচনা কৰিছিল বুৰঞ্জীমূলক নাটক ‘ভোগজৰা’। স্মৰ্তব্য যে ‘ভোগজৰা’ নাটকত নটসূৰ্যই নিজে লক্ষ্মী সিংহৰ চৰিত্ৰত বলিষ্ঠ অভিনয় কৰি কাললৈ কীৰ্তি ৰাখি থৈ গৈছে। তদুপৰি অসমৰ ভ্ৰাম্যমাণ নাট্যমঞ্চতো ‘ভোগজৰা’ স্বকীয় গৌৰৱেৰে উজলি আছে। ১৯৬৩ চনৰ ২ অক্টোবৰ তাৰিখে পাঠশালা হৰিমন্দিৰ প্ৰাঙ্গনত অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল অচ্যুৎ লহকৰৰ মানস সন্তান নটৰাজ থিয়েটাৰে প্ৰথম নাট মঞ্চস্থ কৰে। হৰিমন্দিৰ প্ৰাঙ্গনৰ অস্থায়ী মঞ্চত নটৰাজ থিয়েটাৰে মঞ্চস্থ কৰা প্ৰথম বৰ্ষৰ প্ৰথম নিশাৰ প্ৰথমখন নাটক আছিল নটসূৰ্য ফণী শৰ্মাৰ ‘ভোগজৰা’ ।
আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত তেওঁৰেই আপোন ভতিজাক টিপমীয়া কোঁৱৰৰ বিদ্ৰোহ, ৰাজসিংহাসনৰ প্ৰতি টিপমীয়াৰ চূড়ান্ত অভিলাষৰ উপৰিও টিপমীয়াৰ চাৰিত্ৰিক স্খলন, ৰাজবিষয়া কলিতা ফুকনৰ ভনীয়েক ৰূপাৰ সৈতে কৰা মিছা প্ৰেম, সন্তান সম্ভৱা ৰূপাক কৰা চৰম প্ৰতাৰণা আৰু নদীৰ বুকুত পেলাই কৰা হত্যাৰ অপচেষ্টা, ৰূপাৰ মানসিক বিকৃতি ঘটা, ৰূপা পাগলীৰ কৰুণ জীৱন কাহিনী, খুৰাক লক্ষ্মী সিংহৰ সুন্দৰী যুৱতী সৰু পত্নী পৰ্বতীয়া কুঁৱৰীক নিজৰ প্ৰেম আৰু লালসাৰ জালত বন্দী কৰি টিপমীয়াই লক্ষ্মী সিংহক গোপনে হত্যা কৰি নিজে আহোম ৰাজসিংহাসন দখল কৰিবলৈ কৰা ভয়ংকৰ ষড়যন্ত্ৰৰ কথা ‘ভোগজৰা’ নাটকত অতি সুন্দৰভাৱে অংকন কৰিছে নাট্যকাৰ ফণী শৰ্মাই।
স্বৰ্গদেউ লক্ষ্মী সিংহৰ যাতে অপঘাতত মৃত্যু হয় আৰু নিজৰ ৰাজসিংহাসন দখলৰ সপোন পূৰণ হয়, তাৰ বাবে টিপমীয়া কোঁৱৰে ৰাজকাৰেঙৰ লিগিৰী ৰূপহীৰ সহযোগত কাতিৰাম বেজৰ হতুৱাই স্বৰ্গদেউৰ সোণৰ ভোগজৰাত মন্ত্ৰপূত চূণৰ দাগ লগায়। স্বৰ্গদেৱে ভোগজৰাত চূণৰ দাগ দেখি সেই দাগ কোনে লগালে তাৰ উৱাদিহ ল’বলৈ বহু চেষ্টা কৰে যদিও বিফল হয়। কিন্তু স্বৰ্গদেৱৰ সোঁহাতস্বৰূপ কলিতা ফুকনে কৌশলপূৰ্ণভাৱে টিপমীয়াৰ সকলো ষড়যন্ত্ৰ তথা কুকীৰ্তি প্ৰমাণ সহকাৰে স্বৰ্গদেউৰ সন্মুখত ফাদিল কৰে। এইদৰে কলিতা ফুকনে নিজ ভগ্নী ৰূপাৰ সৈতে টিপমীয়াই কৰা চৰম অন্যায় আৰু প্ৰতাৰণাৰ প্ৰতিশোধ লয়। টিপমীয়াৰ সকলো ষড়যন্ত্ৰৰ কথা গম পোৱাৰ পাছত টিপমীয়াক পোতাশালত বন্দী কৰি শেষত কিদৰে স্বৰ্গদেৱে সৰু কুঁৱৰী অৰ্থাৎ টিপমীয়াৰ প্ৰেয়সী পৰ্বতীয়া কুঁৱৰীৰৰ হতুৱাই টিপমীয়াৰ চকু কঢ়াৰ নিৰ্দেশ দিয়ালে সেয়াও নাট্যকাৰে সুন্দৰ ৰূপত তুলি ধৰিছে।
সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিত সফলভাৱে মঞ্চায়ন কৰিবলৈ নাটকৰ মূল কাহিনীৰ হেৰফেৰ নকৰি কিছু পৰিমাণে সম্পাদনা কৰি নিটোল ৰূপত উপস্থাপন কৰাত সফল হৈছে বুলি একেষাৰে ক’ব পাৰি। নবীন প্ৰৱীণ নাট্যশিল্পীৰ অপূৰ্ব অভিনয় তথা পোহৰ, আৱহ সংগীত, ৰূপসজ্জা আৰু দৃশ্যসজ্জাৰ সুন্দৰ ব্যৱহাৰেৰে পৰিচালকদ্বয় ভৱানী ভূঞা আৰু পংকজজ্যোতি ভূঞাই উপহাৰ দিলে এখন সৰ্বাংগসুন্দৰ নাটক।
নাটখনিত লক্ষ্মী সিংহৰ চৰিত্ৰ ৰূপায়ণ কৰে চতিয়া সমষ্টিৰ জনপ্ৰিয়, দক্ষ বিধায়ক তথা এগৰাকী বলিষ্ঠ অভিনেতা পদ্ম হাজৰিকাই। এসময়ত বহুসংখ্যক নাটকত সুদক্ষ অভিনয়েৰে নিজৰ অভিনয় প্ৰতিভাৰ স্বাক্ষৰ ৰাখি যোৱা পদ্ম হাজৰিকাই ৰাজনৈতিক ব্যস্ততাপূৰ্ণ জীৱন আৰু শাৰীৰিক অসুস্থতাকো নেওচি লক্ষ্মী সিংহৰ দৰে জটিল চৰিত্ৰ এটাত সাৱলীল তথা বলিষ্ঠ অভিনয়েৰে দুয়োটি দৰ্শনীতে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। টিপমীয়াৰ চৰিত্ৰত নৱাগত অভিনেতা প্ৰিয়াংকু বৰুৱাই যথেষ্ট সাৱলীল আৰু বলিষ্ঠ অভিনয় কৰিছে বুলি ক’ব পাৰি। নাটখনিৰ অন্যতম মুখ্য চৰিত্ৰ কলিতা ফুকনৰ চৰিত্ৰত প্ৰৱীণ অভিনেতা প্ৰদ্যুন্ম হাজৰিকা সফল হৈছে যদিও কিছু কিছু সংলাপ আৰু উচ্চস্বৰৰ হোৱাৰ প্ৰয়োজন আছিল।
কাতিৰাম বেজৰ চৰিত্ৰত বলিষ্ঠ অভিনেতা শৈলেন বৰকটকীয়ে সাৱলীল অভিনয় কৰিছে। বিশেষকৈ জৰা-ফুকাৰ সময়ত তেখেতৰ হাতত বিহলঙনী আৰু ঢেকীয়াৰ প্ৰয়োগ আৰু মন্ত্ৰপ্ৰয়োগৰ উপস্থাপন শৈলীয়ে দৃশ্যটো অধিক মনোগ্ৰাহী কৰি তুলিছে। নাটকখনৰ আন এটি চৰিত্ৰ পুৰোহিতৰ চৰিত্ৰত জামুগুৰিহাটৰ জ্যেষ্ঠ নাট পৰিচালক, অভিনেতা জনাৰ্দন ভূঞাই কম সময়ৰ বাবে হ’লেও দক্ষ অভিনয় কৰি দৰ্শকক আপ্লুত কৰি তোলে। বেতবৰীয়াৰ চৰিত্ৰত নৱাগত মৃণাল কৃষ্ণ হাজৰিকা, বুদুৰ চৰিত্ৰত নিৰঞ্জন দাস, চাওদাং বৰুৱাৰ চৰিত্ৰত বিকিৰাজ বাৰূতী আৰু তামুলীৰ চৰিত্ৰত নৱদ্বীপ ভূঞা সফল হৈছে বুলিব পাৰি। একেদৰে কাম বৰুৱাৰ চৰিত্ৰত নৱ বৰা আৰু চিনাতলীয়াৰ চৰিত্ৰত সত্যৰঞ্জন বৰাই পৰিপক্ব অভিনয় কৰিছে।
নাটখনিৰ মুখ্য নাৰী চৰিত্ৰৰ সংখ্যা পাঁচটা। নাৰী চৰিত্ৰৰ ভিতৰত প্ৰথমেই নাম ল’ব লাগিব ৰূপা পাগলীৰ চৰিত্ৰটো। ক’ব পাৰি, এই চৰিত্ৰটো অসমীয়া নাটকৰ নাৰী চৰিত্ৰসমূহৰ ভিতৰতে এটি অত্যন্ত জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ চৰিত্ৰ। নাটখনিত ৰূপা পাগলীৰ চৰিত্ৰত অভিনয় কৰা নৱগতা অভিনেত্ৰী এনিশা বৰাৰ বলিষ্ঠ অভিনয় বহুদিনলৈ ৰাইজে মনত ৰাখিব। বিশেষকৈ চৰিত্ৰটিয়ে দাবী কৰা চকু মুখৰ প্ৰকাশভংগী (এক্সপ্ৰেশ্যন)ৰ ক্ষিপ্ৰ পৰিৱৰ্তন সুন্দৰ ৰূপত তুলি ধৰাৰ উপৰিও চৰিত্ৰটিত সোমাই পৰি শেষলৈকে অভিনয়ৰ ভাৰসাম্য ৰক্ষা কৰি ভৱিষ্যতে এগৰাকী প্ৰতিভাৱান অভিনেত্ৰী হোৱাৰ ইংগিত অভিনেত্ৰীগৰাকীয়ে বহন কৰিছে।
পৰ্বতীয়া কুঁৱৰীৰ চৰিত্ৰটিত নৱগতা সুপ্ৰিয়া শৰ্মাইও সুন্দৰ অভিনয় কৰিছে। ৰূপহী কুঁৱৰীৰ চৰিত্ৰত কুমকুম শইকীয়া ওজাই অভিনয় দক্ষতাৰ পৰিচয় দিছে। বিশেষকৈ দেওধনী নৃত্যটো সুন্দৰকৈ উপস্থাপন কৰাত তেওঁ সফল হৈছে বুলিব পাৰি। লংকলিৰ চৰিত্ৰত পাপৰি বৰুৱা আৰু সহিতাৰ চৰিত্ৰত ৰীতা শইকীয়াই দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
খুলীয়াৰ চৰিত্ৰত অংকুৰ বৰা, জয়ঢোল বাদক শান্তনু বৰা আৰু তালীয়া নৃপেন তামুলীৰ লগতে নাটখনিৰ অন্যান্য পাৰ্শ্ব চৰিত্ৰসমূহত বংশী ভূঞা, মনজ্যোতি হাজৰিকা, গজেন শইকীয়া, সংগ্ৰাম ৰতন ৰাজবংশী, সত্যজিৎ দাস, ৰঞ্জন দাস, দীপজ্যোতি দাস, তীৰ্থ দাস, মামণি শইকীয়া, ৰুণজুন শইকীয়া, জানমণি দাস, ৰীতাঞ্জলি শইকীয়াই নাটখনিৰ অগ্ৰগতিত সহযোগ আগবঢ়ালে।
নাটখনিৰ মঞ্চসজ্জাৰ দিশত বাবলু হাজৰিকা, অভিজিৎ বৰা আৰু ৰাজদ্বীপ ভূঞা, ৰূপসজ্জা আৰু সাজসজ্জাত কৌশিক শইকীয়া, মনজ্যোতি হাজৰিকা, বিপ্লৱ বৰা, সংগ্ৰাম ৰতন ৰাজবংশী, ৰাজেন বৰকটকী আৰু সাগৰিকা শইকীয়া বৰাই সহযোগিতা আগবঢ়ালে।
নাটখনি সামগ্ৰিকভাৱে সফল হোৱাৰ আন এটি শক্তিশালী দিশ হৈছে আৱহ সংগীতৰ সুষম প্ৰয়োগ। অসমৰ ভালেমান মঞ্চত আৱহ সংগীতৰ কাম কৰা যুৱ শিল্পী শোভিত ৰঞ্জন বৰাই সুন্দৰ তথা পৰিপাটি আৱহ সংগীতেৰে নাটখনি আগবঢ়াই নিলে। আৱহ সংগীতত সহযোগ আগবঢ়াইছিল জ্যোতিপ্ৰকাশ বৰুৱা আৰু জুবিন শইকীয়াই। অৱশ্যে এটা বিষয় উল্লেখ কৰিব লাগিব যে শব্দ আৰু পোহৰৰ কিছু বিজুতিয়ে মাজে মাজে নাটকখনৰ গতিত কিছু হেঙাৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত এই সৰু-সুৰা খুটি-নাটি আঁতৰ কৰিব বুলি আমাৰ বিশ্বাস।
পৰিশেষত আশা কৰিছোঁ, পৰিচালকদ্বয় ভৱানী ভূঞা আৰু পংকজজ্যোতি ভূঞাৰ লগতে নাট্যচৰ্চাৰ স্বকীয় গৌৰৱেৰে মহীয়ান জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমাজে ভৱিষ্যতলৈ আৰু সফল তথা শক্তিশালী নাটক প্ৰযোজনাৰে অসমীয়া নাট্য আন্দোলনক সমৃদ্ধ কৰি তুলিব।
| আৰু পঢ়ক:
- জামুগুৰিহাটত ‘সুন্দৰম’ৰ নাট্য-নিৱেদন: মহাত্মাৰ আত্মা
- মাউৰত নোযোৱা কেইটাৰ কাহিনী
- ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ: দহখন মননশীল নাটকে মুহিলে দুলীয়াজানবাসীক