লো কসাহিত্যৰ ক্ৰমবিকাশৰ প্ৰাথমিক তথা আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটোৱেই হ’ল লোকগীত। মানৱ মনৰ অনভূতি, আৱেগবোৰেই প্ৰকৃততে এই গীতসমূহৰ প্ৰধান উৎস। চহা প্ৰাণৰ পৰা নিজে নিজে নিৰ্গত হৈ অহা অখ্যাতজনৰ বিখ্যাত ৰচনা বা সৃষ্টিসমূহে মানুহক যুগ যুগ ধৰি আকৰ্ষিত কৰি আহিছে। লোকগীতৰ মাজেৰে প্ৰকাশিত হয় সৰ্বজনীন হৃদয়ৰ ভাষা। সাহিত্যিক সৌন্দৰ্যৰে সুশোভিত লোকগীতসমূহৰ মাজেৰে সমাজ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়। অংগৰাগো লোকগীতৰ মাজেৰে প্ৰকাশ হোৱা এক অন্যতম দিশ।
অতীজৰে পৰাই পুৰুষ-নাৰী উভয়ে অংগৰাগত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। বিশেষকৈ নাৰীসকলে নিজকে সৌন্দৰ্যময়ী কৰি তোলাৰ নিৰলস প্ৰয়াসেৰে অংগৰাগক অপৰিহাৰ্য স্থান দি অহা পৰিলক্ষিত হয়। মূৰৰ চুলিকোছাৰ পৰা ভৰিৰ নখটোলৈকে নিজকে বিভিন্ন প্ৰকাৰে সজাই-পৰাই ৰূপৱতী কৰি তুলিবলৈ প্ৰকৃতিৰ মাজৰ পৰা উপযুক্ত বা প্ৰয়োজনীয় নানা ফুল, গছ, পাত, লতিকা, শাক, তৰু, তৃণ আদিৰে নিজেই বিচাৰি-খুঁচৰি বিভিন্ন মিশ্ৰণ প্ৰস্তুত কৰি কেতবোৰ প্ৰসাধন দ্ৰব্য ব্যৱহাৰৰ উপযোগী কৰি তোলে।
অংগৰাগ বা সৌন্দৰ্য চৰ্চাত হালধিৰ প্ৰয়োগ এক উল্লেখনীয় বিষয়। এই হালধিৰ ব্যৱহাৰৰ বিষয়ে অসমীয়া বিভিন্ন লোকগীতত উল্লেখ আছে। হালধি অকল সৌন্দৰ্য বৰ্ধনৰ বাবেই নহয়, বিভিন্ন ৰোগ নিৰ্মূল কৰাটো সহায়ক হয়। বিয়ানাম লোকগীতৰ এক অন্যতম প্ৰধান অংগ। অসমীয়া সমাজৰ বিবাহ উৎসৱৰ বিভিন্ন ক্ষণত আয়তীসকলে বিভিন্ন প্ৰকাৰে বিয়া নাম গায়। দৰা-কইনাক গা ধুওৱাটো বিবাহৰ এটা অন্যতম মাংগলিক পৰম্পৰা। নৈ, পুখুৰীৰ পৰা তুলি অনা পানীক সেইদিনা গংগাৰ পানী বুলি মানি লোৱা হয় আৰু দৰা-কইনাক সেই পানীৰে মাহ-হালধি সানি গা ধুৱাই দিয়া হয় যাতে মাহ, হালধিৰ পৰশত দৰা-কইনাৰ ৰূপ দুগুণে বৃদ্ধি হয়। এই কাৰ্যত আয়তীসকলে যি বিয়ানাম গায়, তাত হালধিৰ ব্যৱহাৰৰ উল্লেখ থকা দেখা যায়। কইনাৰ গাত হালধি সানোতে গায়—
‘ৰাম ৰাম বেই পাই ঘূৰিলে ৰাম ৰাম পীৰা পাই বহিলে হাততে গংগাজল লৈয়েহে। তেল পাই আইদেৱে বৰণে সলালে হালধি পৰিলে চৰিহে।’
আকৌ গায়—
‘ৰাম ৰাম মাহো গেলোৱা ৰাম ৰাম হালধি গেলোৱা ৰাম ৰাম গেলোৱা নাদৰে পানী হে।’
ঠিক একেদৰে মাহ-হালধি বটি থাকোঁতে আয়তীসকলে গায়—
‘প্ৰথমতে মাহ দিয়া ঐ ৰাম, মহাযাত্ৰী লোক হে, হালধি ৰস আনি ঐ ৰাম, ঘঁহিলা গাৱত হে। হালধি হালধি তই বৰ হালধি ঐ ৰাম, তোৰে বৰা বৰা নাম হে। তোৰে খিয়াতি জগতে নধৰে, ঐ ৰাম, আহাঁ বিয়া ঘৰে যাওঁহে।’
আন এক বিয়ানামৰ নিদৰ্শন হ’ল—
‘ই বোলে আইদেউ সি বোলে আইদেউ আইদেউ তিয়হৰ জালি। কেলৈ ঘঁহিছা কেতুৰী হালধি আইদেউ কেতেকী পাহি।’
উজনি অসমত বৰকৈ প্ৰচলিত এটি বিয়ানাম হ’ল—
‘আইদেউ ধৰিলা উপবাসে থাকিলা হালধি মাহে গা ধুই আইদেউ ধুনীয়া হৈ পৰিলা।’
কইনাৰ গাত আত্মীয়সকলে হালধি সানি থাকোঁতে মাকৰ চকুৰে চকুপানী নিগৰা দেখি আয়তীসকলে গায়—
‘হালধিৰ বোলে আইদেউক পেলালে বুলাই। হাততে লোটা তুলি দিয়া গাৱে দুখ পায়।’
মাকে জীয়ৰীৰ ভৰিয়ে-হাতে হালধি সানি থাকোঁতে কইনাই মাকক ভৰিখন চুবলৈ দিবলৈ সংকোচ কৰা সময়ত আইসকলে গায়—
‘ৰাম ৰাম হালধি হালধি ৰাম ৰাম কেতুৰী হালধি ৰাম ৰাম ঘঁহে মৌৰাৰ চালি ধৰিহে। ৰাম ৰাম ভৰিলৈ হালধি ৰাম ৰাম নমাব নিদিয়ে ৰাম ৰাম মাকৰ মান হেৰায় বুলিহে।’
অসমীয়া সমাজৰ আন এটি পৰম্পৰাগতভাৱে চলি অহা অনুষ্ঠান হ’ল তোলনি বিয়া। কন্যা সন্তান গাভৰু হোৱাৰ লগে লগে তেওঁৰ জীৱনলৈ আহি পৰা দায়িত্ব তথা সংযমশীলতাৰ জ্ঞান দিয়াৰ উদ্দেশ্যে এই সামাজিক লোকাচাৰটি পালন কৰা হয়। কইনা পুষ্পিতা হোৱাৰ চাৰি দিনৰ দিনা আৰু সাত দিনৰ দিনা আয়তীসকলে ছোৱালীজনীক গা-পা ধুৱাই শুদ্ধ কৰে আৰু তেতিয়াই বিভিন্ন নাম গায়, যিবোৰ মৌখিক সাহিত্যৰ অন্যতম সমল। এই গীতবোৰতো হালধিৰ ব্যৱহাৰৰ কথা উল্লিখিত হয়—
‘ৰাম ৰাম ভালকৈ ধুৱাবি ৰাম ৰাম মাহ হালধিৰে।’
আৰু গায়—
‘হালধি নিদিবা হালধি নিদিবা, হালধি গোন্ধাই গাৱ, যমুনা নদীৰ ফেনে-ফোঁটোকাৰে বৈৰাতী ধুৱাব গাৱ।’
বিবাহ উৎসৱৰ দৰে চূড়াকৰণ অনুষ্ঠানতো হালধিৰ ব্যৱহাৰ হোৱা দেখা যায়। সোণাপুৰ অঞ্চলত প্ৰচলিত চূড়াকৰণৰ নামত হালধিৰ ব্যৱহাৰৰ কথা আছে এনেদৰে—
‘হালধি তিতিকি হালধি নিদিবি, হালধি গাৱে গোন্ধাইছে ৰাম জানকী।’
অসমৰ বাপতি সাহোন বিহু উৎসৱৰ লগত জড়িত বিহুগীতত হালধিৰ উল্লেখ বিভিন্ন ধৰণে আছে। গৰু বিহুৰ দিনা সকলোৱে মাহ-হালধি গাত সানে। ডেকা ল’ৰাহঁতে পহিলা বহাগৰ দিনাৰ পৰা হুঁচৰি জোৰে—
‘দেউতা অ’ খুজি মাগি এমুঠি ৰান্ধো। মাহ-হালধিৰে গৰুক গা ধুৱালোঁ তৰালি পঘাৰে বান্ধো।’
হালধিয়ে ছাল উজ্জ্বল আৰু সতেজ কৰাত সহায় কৰে। সেয়েহে সোণবৰণীয়া গাভৰুহঁতৰ সৌন্দৰ্যত মুগ্ধ হৈ গাঁৱৰ ডেকাসকলে এনেদৰে গায়—
‘হাতে মেলি হালধি ঘঁহিলি মালতী ভৰি মেলি ঘঁহিলি তেল, চুবুৰীয়াৰ ঘৰলৈ নেযাবি মালতী আটাই বেয়া কথাৰ মেল।’
অসমীয়া লোকসাহিত্য-সংস্কৃতিত গোৱালপৰীয়া লোকগীতে এক বিশাল ঠাই অধিকাৰ কৰি আছে। এই গোৱালপৰীয়া লোকগীততো হালধিৰ ব্যৱহাৰৰ কথা পোৱা যায়। তাৰেই এক নিদৰ্শন—
‘হলদি গোন্ধায়ৰে বাছাৰ গায়, ওচৰতে আছেৰে বাছা গৈৰং নদী দুই আনা ফেলাও বাছা যাব গায়েৰ হলদি হলদি ডগমগ বাছাৰে বুকু ভাঙিয়া পৰে বাছাৰ ৰূপৰে। কুতিলা গেল দৰদী ভাইৰে, আঞ্চলে মুচিয়া হলদি ৰাখো ৰূপৰ ধুৱাই মুৱাই পঞ্চ ঘাটেৰ পটুৱাতে ভৰি কুতি আছে বৰেৰ ভিনসি লওঁ কোলাত কৰি।’
হালধি সানোতে কইনাৰ গা শিয়ৰি উঠে বাবে গোৱালপৰীয়া ভাষাত ইয়াক শিঙৰানি বোলে। কোনো অঞ্চলত, বিশেষকৈ বৰ্ণহিন্দু অঞ্চল পশ্চিম গোৱালপাৰাৰ ধুবুৰী, গৌৰীপুৰ, বালাজান, গোলোকগঞ্জ, আগমনি আদি অঞ্চলত দৰা-কইনাক হালধি সানি গা ধুৱাওঁতে গীত গোৱা হয় এনেদৰে—
‘হলদি তুই বড় হলদিৰে বাছাৰে হলদি পাইলেন কোন খানে? মোৰ পিসিকে বান্দা থুইয়ে হলদি আনচি যায়া।’
তেতিয়া ব্যঙ্গাত্মকভাৱে গায়—
‘ওকি বাছাৰে সেই হলদিত হইলেন কি ডগমগৰে কাঁও দেয়ৰে হাত, কাঁও দেয়ৰে পায়ে ওকি বাছাৰে মায় দেয়ৰে চাঁদ বদনেৰে।’
অসমৰ লোকউৎসৱৰ ভিতৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাঁচদিনৰ পাছত উদযাপিত পচতি উৎসৱ অন্যতম। অসমৰ সত্ৰসমূহত এই পচতি উৎসৱ উলহ-মালহেৰে পালন কৰা হয়। এই উৎসৱত গোৱা নামৰ মাজতো হালধিৰ উল্লেখ পোৱা যায়। পচতি গীতত আছে—
‘কহিলা নন্দৰ আগে যত গুণ গ্ৰাম। বিধিমতে তোমাৰ থৈলন্ত কৃষ্ণ নাম॥ হালধি তৈল আৰু পানী মিহলায়। আনন্দতে গোপীসৱে গাৱত সিঞ্চয়॥’
মালিতা বা কাহিনী-গীতসমূহ সমাজ জীৱন তথা অসমীয়া লোকসাহিত্যৰ অন্যতম অংগ। অসমীয়া সমাজত প্ৰচলিত বিভিন্ন মালিতাৰ ভিতৰত মণিকোঁৱৰৰ গীত অন্যতম। এই মালিতা কিংবদন্তিৰ আধাৰত ৰচিত। মণিকোঁৱৰৰ জীৱনগাথা এই গীতসমূহতো হালধিৰ উল্লেখ আছে। কাচনকুঁৱৰী ফুলকুমলীয়া বয়সতে বিধৱা হোৱাৰ প্ৰসংগত এইদৰে গায়—
‘লুইতে এৰিলে দীঘলে এসুঁতি দিহিঙে এৰিলে কূল কাচনকুঁৱৰী ফুলতে বাৰী হ’ল হালধিৰ নুগুচিল বোল।’
বুৰঞ্জীমূলক মালিতাসমূহৰ ভিতৰত অন্যতম হ’ল বৰফুকনৰ গীত। বদন বৰফুকনক লৈ ৰচা এই গীতসমূহতো হালধিৰ উল্লেখ থকা পৰিলক্ষিত হয়—
‘লুইতে এৰিলে দীঘলে এসুঁতি দিহিঙে এৰিলে কূল আয়ে-বোপায়ে ধৰম বিয়া দিলে হালধিৰ নুগুচিল বোল।’
ঋতুকালীন গীত-নৃত্যৰ অন্যতম উদাহৰণ ক’লীবুঢ়ী নৃত্য কলিয়াবৰৰ এক উল্লেখযোগ্য সম্পদ। কলিয়াবৰৰে এটি বিশেষ অঞ্চল সোণাৰী কামাখ্যা গাঁৱৰ আঠখেলৰ গোপিনীসকল লগ লাগি গাঁৱৰ মূৰৰ হোঁকোৰাগুৰি নামৰ এডোখৰ ঠাইত ক’লীবুঢ়ী নচুৱায়। তাত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ। এই ক’লীবুঢ়ী নচুৱাওঁতে যিবোৰ গীত পৰিৱেশন কৰা হয়, সেই গীতসমূহৰ সুৰ বিশেষকৈ বিহুসুৰীয়া যদিও ওজাপালিৰ সুৰ মিশ্ৰিত থাকে। এই গীতবোৰতো হালধিৰ উল্লেখ পোৱা যায়। তেনে এক গীত—
‘হাতে মেলি হালধি নঘঁহিবি মালতী চুলি মেলি নঘঁহিবি তেল খৰাগড়ৰ মূৰলৈ নাযাবি মালতী আটাই ডেকা ল’ৰাৰ মেল।’
আনফালৰ পৰা এগৰাকীয়ে গায়—
‘হাতে মেলি হালধি ঘঁহিম মই মালতী চুলি মেলি ঘঁহিম মই তেল খৰাগড়ৰ মূৰলৈ যামেই মই মালতী ভাঙিম ডেকা ল’ৰাৰ মেল।’
উল্লেখযোগ্য হালধিৰ ব্যৱহাৰৰ কথা কেৱল লোকগীততেই উল্লেখ নাই, বৰং অসমীয়া সমগ্ৰ গীতিসাহিত্যতে কম-বেছি পৰিমাণে উল্লিখিত হৈছে। অসমীয়া গীতিসাহিত্যক চহকী কৰোঁতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও তেওঁৰ গীতত হালধিৰ কথা এনেকৈ উল্লেখ কৰিছে—
‘মাহ হালধি সানি কিয় কইনাজনী নোৱালি? তই জাননে, তই বাৰু কাৰ সপোন দেখা ছোৱালী— কইনাজনী নোৱালি।’
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱেও তেওঁৰ গীতত হালধিৰ কথা উল্লেখ কৰিছে—
‘বিহুটি বছৰি আহিবা অসমী আইকে জগাবা। বিপদৰ কালতো মাহ-হালধিৰে জাতিটোৰ দেহ-মন ধুৱাবা।’
মুঠতে অতীজৰে পৰা প্ৰাকৃতিক সামগ্ৰীৰে মানুহে দেহৰ শোভা বৰ্ধন কৰি আহিছে। সুগন্ধি আৰু প্ৰসাধন-প্ৰীতি এক মনস্তাত্ত্বিক সচেতনতা। সৌন্দৰ্য চৰ্চাত ফুটি উঠে ব্যক্তিৰ ব্যক্তিত্ব। অংগৰাগ কলা কেৱল ধুনীয়া সজা কথাই নহয়; অংগৰাগ কলাত স্বাস্থ্যৰ কথাও নিহিত আছে। এই কলাৰ চৰ্চা অতি পুৰণি। অংগৰাগৰ বিষয়ে ভাৰতীয় সাহিত্যৰ বিভিন্ন ঠাইত সমল পোৱা যায়। অত্ৰি মুনিৰ পত্নী অনসূয়া দেৱীয়ে সীতাক বনবাসৰ কালছোৱাত বনজ প্ৰসাধন সামগ্ৰী কিছুমান ব্যৱহাৰ কৰিবলৈ উপহাৰ দিয়াৰ কথা ৰামায়ণত পোৱা যায়। কালিদাস, ভৱভূতি, বাণভট্ট আদি কবি-নাট্যকাৰসকলৰ ৰচনাৰাজিতো নাৰী বন্দনাত অংগৰাগৰ বিভিন্ন সমলৰ বিষয়ে পোৱা যায়। এই অংগৰাগৰ বিভিন্ন সমলৰ বৰ্ণনা অসমীয়া লোকসাহিত্যত সুস্পষ্ট। এইদৰে অসমীয়া লোকগীতসমূহত অংগৰাগৰ বাবে ব্যৱহৃত বিভিন্ন প্ৰাকৃতিক উপাদানসমূহৰ পৃথকে পৃথকে কৰা বৰ্ণনাই অসমীয়া মানুহৰ সৌন্দৰ্য-সচেতনতাৰ স্বৰূপ উদ্ভাসিত কৰি অসমীয়া সাংস্কৃতিক জীৱনৰ এক বৈশিষ্ট্যপূৰ্ণ দিশ প্ৰতিফলিত কৰিছে।
❧ | আৰু পঢ়ক: