ফা গুন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ ফাকুৱাক হোলী, দৌলোৎসৱ, ফল্গূৎসৱ, ফাগুৱা, ফাকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। ফগ্লূৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।
অসমৰ বহু স্থানত দৌল উৎসৱ উদযাপনৰ বিশেষ পৰম্পৰা চলি আহিছে। বৰপেটা, বৰদোৱা, মাজুলী, হাজো, দৰং আদি ঠাইত বিভিন্নভাৱে পালন কৰা হয় এই উৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান নগাঁৱৰ বৰদোৱা আৰু বৰপেটাৰ দৌল উৎসৱে সমগ্ৰ অসমতে এক বিশিষ্ট স্থান দখল কৰিছে। অসমত দৌল উৎসৱৰ পাতনি মেলিছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে। ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত। সেইদিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বৰদোৱা থানত উদযাপিত দৌল উৎসৱ বা হোলী উৎসৱ ইয়াৰ ধৰ্মীয় আৰু সাংস্কৃতিক ইতিহাসৰ এক অবিচ্ছেদ্য অংগ। ঐতিহাসিক তথ্য অনুসৰি, ২১ বছৰ বয়সতে ‘কৃষ্ণৰ কিঙ্কৰ’ শঙ্কৰদেৱে ভূঞাসকলৰ লগতে নিজেও হাতে-কামে লাগি ‘চিহ্নযাত্ৰা’ ভাওনাৰ থলীতে নিৰ্মাণ কৰিলে দৌলৰ ভেটি (১৩৯২ শক)। চৰিত পুথি মতে, শঙ্কৰদেৱে নিজে তামৰ চৰিয়াৰে মাটি কঢ়িয়াই নিৰ্মাণ কৰাইছিল এই দৌলৰ ভেটি। এই মাটি খান্দোতেই উদ্ধাৰ হোৱা বিষ্ণু বা গোৱিন্দ মূৰ্তিয়েই আজিৰ দৌল গোৱিন্দ। সাত বৈকুণ্ঠৰ আৰ্হিৰে সাত খলপীয়াকৈ নিৰ্মাণ কৰোৱা আসনত এই গোৱিন্দ মূৰ্তি স্থাপনেৰে আৰম্ভ হ’ল দৌল গোৱিন্দৰ দৌল উৎসৱ। দৌলৰ পূজা-অৰ্চনাৰ দায়িত্ব দিয়া হ’ল ৰামৰাম গুৰুক।
‘দৌল’ শব্দৰ অৰ্থ হৈছে ভগৱান কৃষ্ণৰ আসন বা সিংহাসন। দৌলোৎসৱৰ দিনা কৃষ্ণৰ মূৰ্তি সজোৱা আসনত ৰখা হয় আৰু নাম-কীৰ্তনৰ সৈতে এক ডাঙৰ শোভাযাত্ৰা কৰা হয়। ইয়াৰ লগতে প্ৰাকৃতিক ৰঙৰে হোলী খেলা হয়। শঙ্কৰদেৱে তীৰ্থযাত্ৰা আৰম্ভ কৰাৰ আগতে তেওঁৰ শিষ্য ৰামৰাম গুৰুক দৌল উৎসৱ পৰিচালনাৰ দায়িত্ব দিছিল। ১৪৭০ খ্ৰীষ্টাব্দত তেওঁ বটদ্ৰৱা থানত আনুষ্ঠানিকভাৱে এই উৎসৱৰ আৰম্ভণি কৰিছিল। তেওঁ তেওঁৰ শিষ্য বলৰাম আতাক মাৰুৱাপুৰীয়ালৈ ফাকুগুৰি (প্ৰাকৃতিক ৰঙৰ গুৰি) সংগ্ৰহ কৰিবলৈ পঠিয়াইছিল। দহ দিনৰ পাছত বলৰাম আতা সাতটা মাটিৰ ভাঁৰত ফাকুগুৰি লৈ উভতি আহিছিল। উৎসৱৰ শুভ দিন নিৰ্ণয় কৰিবলৈ জ্যোতিষী সন্ধৰা দলৈক কোৱা হৈছিল। তেওঁ কৈছিল যে ফাল্গুনী নক্ষত্ৰত থকা পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা উচিত। তাৰ পাছৰে পৰা এই দিনটোত উৎসৱ পালন কৰা হৈছে।
১৫১৬-১৭ খ্ৰীষ্টাব্দত শঙ্কৰদেৱে নিৰাপত্তাৰ কাৰণে বৰদোৱা এৰি যোৱাৰ পাছত, তেওঁৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতিনী কনকলতা আৰু ভতিজা দামোদৰ আতাৰ নেতৃত্বত ১৬৫৬ খ্ৰীষ্টাব্দত থানখন পুনৰুজ্জীৱিত কৰা হৈছিল। কিন্তু শঙ্কৰদেৱৰ উত্তৰাধিকাৰীসকলৰ মাজত হোৱা বাদ-বিবাদৰ পৰিণতিত বৰদোৱা সত্ৰ বৰহিচা (নৰোৱা সত্ৰ) আৰু সৰুহিচা (শলগুৰি সত্ৰ) নামে দুখন সত্ৰত বিভক্ত হয়। ১৯৫৮ চনত দুয়োখন সত্ৰৰ মধ্যস্থলত উমৈহতীয়া কীৰ্তন ঘৰ সাজি উলিওৱা হৈছিল। বৰদোৱা ধামত কেন্দ্ৰ কৰি গঢ় লৈ উঠা শ্ৰীশ্ৰীনৰোৱা সত্ৰ আৰু শ্ৰীশ্ৰীশলগুৰি সত্ৰই প্ৰতি বছৰে পৰম্পৰাগতভাৱে তিনদিন ধৰি দৌল উৎসৱ পালন কৰে।
বৰদোৱা থানৰ দৌল উৎসৱ

বৰদোৱা থানত দৌল উৎসৱ তিনিদিন ধৰি মহা উলহ-মালহেৰে পালন কৰা হয়। প্ৰথম দিনটোত গন্ধ উৎসৱ অনুষ্ঠিত হয়। গন্ধ উৎসৱ হ’ল গোসাঁইৰ অধিবাস অনুষ্ঠান। এই দিনা মন্দিৰৰ শুদ্ধিকৰণ আৰু সজ্জা কৰা হয়। কৃষ্ণৰ মূৰ্তি গৰ্ভগৃহৰ পৰা উলিয়াই আনি পৱিত্ৰ শিলিখা গছৰ তলৰ অস্থায়ী মণ্ডপত ৰখা হয়। ইয়াত মূৰ্তিটো সুগন্ধি দ্ৰব্য, গাখীৰ আৰু তুলসীৰ পানীৰে স্নান কৰোৱা হয়।
দ্বিতীয় দিনটোত অৰ্থাৎ পূৰ্ণিমা তিথিত দৌল উৎসৱৰ মুখ্য অনুষ্ঠান অনুষ্ঠিত হয়। এই দিনা দেৱতাৰ পূজা-অৰ্চনা কৰা হয় আৰু কৃষ্ণৰ মূৰ্তিত ফাকু লগোৱা হয়। ভকতসকলে নাম-কীৰ্তন কৰি কৃষ্ণৰ ঐশ্বৰিক উপস্থিতি অনুভৱ কৰে। ভক্ত-বৈষ্ণৱসকলে ইজনে সিজনক ফাকু লগায়। হোলীগীত গোৱা হয়। খোল-তালৰ শব্দই বতাহ মুখৰিত কৰে। কিংবদন্তি অনুসৰি, কৃষ্ণই তেওঁৰ প্ৰিয়া ঘুনুচাৰ ঘৰত সাত দিন কটাইছিল। এই পৌৰাণিক কাহিনীক সুঁৱৰি উৎসৱত কৃষ্ণ আৰু ঘুনুচাৰ মাজত এক প্ৰতীকী বিবাহ অনুষ্ঠানো কৰা হয়। কৃষ্ণৰ মূৰ্তি ঘুনুচাৰ ঘৰলৈ নিয়া আৰু তাৰ পাছত মন্দিৰলৈ লৈ যোৱা শোভাযাত্ৰাই এই ঐশ্বৰিক মিলনক প্ৰতিনিধিত্ব কৰে।
তৃতীয় দিনা অনুষ্ঠিত হয় ‘দৌল যাত্ৰা’। ইয়াতে উৎসৱৰ সমাপ্তি ঘটে। সেই দিনা কৃষ্ণৰ মূৰ্তি এখন সুসজ্জিত দোলাত ৰখা হয়। গায়ন বায়ন, ভকত-বৈষ্ণৱ, আইমাতৃসকলৰ অংশগ্ৰহণেৰে আকৰ্ষণীয় এক সমদলেৰে গোসাঁইক দৌলমন্দিৰলৈ নি আনুষংগিক নিয়ম নীতি পালন কৰি দৌলৰ চৌপাশে সাতবাৰ প্ৰদক্ষিণ কৰা হয়। দৌলযাত্ৰাৰ সময়ত প্ৰতিঘৰ গৃহস্থই নিজৰ পদূলিবোৰ মচি বটাত তামোল-পাণ ৰাখি ধূপ-ধূণা-বন্তিৰে গোসাঁইক সেৱা জনায়। দৌলৰ চৌপাশে ঘূৰাৰ পাছত কৃষ্ণ গোসাঁইক ওভোতাই আকৌ কীৰ্তন ঘৰলৈ লৈ অনা হয়। গোসাঁইক বৰদোৱা কীৰ্তন ঘৰৰ আশে পাশে থকা বৰহিচা, সৰুহিচা আৰু বৰভেটী গাঁৱত ফুৰোৱা হয়। ওভতনি পথত শ্ৰীশ্ৰীনৰোৱা সত্ৰ আৰু শ্ৰীশ্ৰীশলগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ ঘৰত আৰু ডেকা গোসাঁইসকলৰ ঘৰতো গোসাঁইৰ প্ৰৱেশ কৰায়। নীতি-নিয়ম কৰি কীৰ্তনঘৰৰ মূল প্ৰৱেশদ্বাৰ অভিমুখে গতি কৰে আৰু পৰম্পৰাগত ৰীতি-নীতি অনুসৰি দেৱতাক পুনৰ গৰ্ভগৃহত স্থাপন কৰা হয়। ‘দুৱাৰ ধৰা’ অনুষ্ঠানেৰে উৎসৱ সমাপ্ত হয়।
বৰপেটা সত্ৰৰ দৌল উৎসৱ

বৰপেটা হৈছে অসমৰ বৈষ্ণৱ সংস্কৃতিৰ কেন্দ্ৰ। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে। সেই দিনাৰ পৰা পৰম্পৰাগভাৱে ইয়াক পালন কৰি অহা হৈছে। এই ‘দুৰ্লভ কেলি’ৰ অৰ্থে মাধৱদেৱে বিশেষভাৱে সিন্ধুৰা, ভাটিয়ালী আৰু তুৰ বসন্ত ৰাগত দৌলৰ গীত ৰচনা কৰে।
বৰেপটা সত্ৰত দৌল উৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া বা পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ’লে চাৰিদিনীয়াকৈ বা পাঁচদিনীয়াকৈ আৰু চ’ত মাহৰ পূৰ্ণিমা তিথিত দৌল হ’লে তিনিদিনীয়াকৈ পালন কৰা হয়। চাৰিদিনীয়া বা পাঁচদিনীয়া দৌলক ডেকাদৌল আৰু তিনিদিনীয়া দৌলক বুঢ়াদৌল বোলা হয়। দৌলোত্সৱৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ বা ‘বহ্নোৎসৱ’ বা ‘গন্ধ’, দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বা ‘ফাকুৱা’ বোলা হয়।
গোন্ধযাত্ৰাৰ দিনা বৰপেটাৰ ২২খন হাটীৰ উপৰিও ইয়াৰ আশেপাশে থকা অঞ্চলসমূহৰ ভক্তসকলে নল, খাগৰি, ইকৰা আদিৰে সত্ৰৰ টুপৰ চোতালত এক আকৰ্ষণীয় মেজি সাজে। আবেলি এক নিৰ্দিষ্ট সময়ত দৌলগোবিন্দ মহাপ্ৰভুক ভাজঘৰৰ পৰা গায়ন-বায়ন, ঢুলীয়া সমন্বিতে ভক্তবৃন্দই পূব দুৱাৰেদি উলিয়াই আনে। সন্ধিয়ালৈ এই সমাৱেশত গোসাঁই (শ্ৰীকৃষ্ণ)ক মেজিৰ কাষলৈ নিয়া হয়। মেজিৰ জুই প্ৰজ্জ্বলিত হোৱাৰ পাছত গোসাঁইক চাৰিউফালে সাতপাক ঘূৰাই ‘মেজি পুওৱা’ বা ‘মাঘ পুওৱা’ অনুষ্ঠান উদযাপন কৰা হয়। এই সময়ত ঢোল, খোল, দবা, শংখ, ঘণ্টা আদিৰ শব্দৰ সৈতে হোলীগীতৰ ধ্বনিয়ে পৰিৱেশ মুখৰিত কৰে। স্থানীয়ভাৱে তৈয়াৰ কৰা আতচবাজী প্ৰদৰ্শন কৰা হয়।
সাতপাক ঘূৰোওৱাৰ পাছত গোসাঁইক উত্তৰ-পশ্চিম দিশৰ ‘যোগমোহন গৃহ’ত সযত্নে স্থাপন কৰা হয়। নক্ষত্ৰ গণনাৰ শুভ সময় অনুসৰি গোসাঁইক দৌলত স্থাপন কৰা হয়। দৌলত আৰোহণৰ সময়ত গায়ন-বায়ন, ঢুলীয়া আৰু ভক্তবৃন্দৰ জয়ধ্বনিৰে সাতোটা চিৰিত সাতপাক ঘূৰাই দোলাত স্থাপন কৰা হয়। নিশালৈ কীৰ্তন আৰু যাত্ৰাভিনয়ৰে ভক্তসকল উৎসৱৰ আনন্দত মগ্ন হয়।
ভৰদৌল মানে দৌলযাত্ৰাৰ বিশেষ দিন। সেই দিনা পুৱা যোগমোহনৰ ঘৰলৈ আই-বাপসকল গৈ গুৰুঘাট বজাই গোসাঁইক আৱাহন কৰে। ভৰদৌলৰ পাছদিনা ফাকুৱা বা হোলী পালিত হয়। এই উৎসৱক স্থানীয়ভাৱে ‘সুঁৱেৰী’ বা ‘সৌৰী’ বুলি কোৱা হয়। ভৰদৌলৰ নিশাই দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইক মঠত স্থাপন কৰা হয়। সুঁৱেৰীৰ দিনা আবেলি গোসাঁইক মঠৰ চোতাললৈ লৈ আহি পূজাৰ বিশেষ আয়োজন সম্পন্ন কৰা হয়। পূজাৰ অন্তত গোসাঁইক দক্ষিণে কলবাৰী সত্ৰলৈ নি দোলাত স্থাপন কৰে। গোসাঁইৰ পূজনৰ অন্তত গোসাঁইক মণিকূটত পুনৰ প্ৰৱেশ কৰোৱা হয় আৰু ইয়াৰেই দেউল উৎসৱৰ সমাপ্তি ঘটে।
বাহ ভঙা পৰ্ব বুলি এটা পৰম্পৰা আছে। কিংবদন্তি অনুসৰি মহাপ্ৰভুৱে লক্ষ্মীক এৰি ঘুনুছাৰ ঘৰলৈ গৈছিল। কিন্তু উভতি অহাৰ লগে লগে তেওঁক চৌহদত প্ৰৱেশৰ অনুমতি দিয়া নহয় আৰু চাৰিটা ভলুকা বাঁহৰ বাধাৰ সন্মুখীন হয়। মহাপ্ৰভু আৰু লক্ষ্মীৰ শিষ্যসকলে ক্ষমতাযুদ্ধত যোগদান কৰে আৰু শেষত বাঁহ ভাঙি মহাপ্ৰভুৱে পুনৰ মন্দিৰৰ চৌহদত প্ৰৱেশ কৰে।
দৌল উৎসৱৰ তাৎপৰ্য ধৰ্মীয় ভক্তিতেই সীমাবদ্ধ নহয়। উৎসৱটোৰ ঐতিহাসিক শিপা বৈদিক আৰু পৌৰাণিক যুগলৈকে বিস্তৃত। হোলীৰ উল্লেখ নাৰদ পুৰাণ, ভৱিষ্য পুৰাণ আৰু জৈমিনি মীমাংসাৰ দৰে প্ৰাচীন গ্ৰন্থত পোৱা যায়। প্ৰাচীন শাস্ত্ৰমতে, হিৰণ্যকশিপু আছিল এজন শক্তিশালী অসুৰ ৰজা। ভগৱান বিষ্ণুৱে হত্যা কৰা ভায়েক হিৰণাক্ষৰ মৃত্যুৰ প্ৰতিশোধ ল’ব বিচাৰিছিল হিৰণ্যকশিপুৱে। গতিকে নিজকে শক্তিশালী কৰিবলৈ তেওঁ বছৰ বছৰ ধৰি তপস্যা কৰিছিল। অৱশেষত তেওঁ বৰ লাভ কৰিছিল। কিন্তু বৰ লাভৰ পাছতে হিৰণ্যকশিপুৱে নিজকে ভগৱান বুলি গণ্য কৰিবলৈ ধৰিলে আৰু অত্যাচাৰী হৈ উঠিল। তেওঁ অহংকাৰী হৈ সকলোকে তেওঁক দেৱতাৰ দৰে পূজা কৰিবলৈ আদেশ দিলে। আন কোনো দেৱতাক ভক্তি কৰাত বাধা দিলে। কিন্তু তেওঁৰ নিজৰ পুত্ৰ প্ৰহ্লাদে বিষ্ণুৰ প্ৰতি অটল ভক্তি ৰাখিলে আৰু পিতৃক দেৱতা বুলি মানিবলৈ অস্বীকাৰ কৰিলে।
প্ৰহ্লাদৰ অবাধ্যতাত খঙত উত্ৰাৱল হৈ হিৰণ্যকশিপুৱে তেওঁক মাৰিবলৈ কেইবাবাৰো চেষ্টা কৰিলে, কিন্তু প্ৰতিবাৰেই ভগৱান বিষ্ণুৱে প্ৰহ্লাদক ৰক্ষা কৰিলে। শেষত হিৰণ্যকশিপুৱে তেওঁৰ ভনীয়েক হোলিকাৰ সহায় বিচাৰিলে। হোলিকাই এক শক্তিশালী বৰ লাভ কৰিছিল। এই অনুসৰি তাইক জুয়ে পুৰিব নোৱাৰিছিল। পৰিকল্পনা আছিল যে প্ৰহ্লাদক হোলিকাৰ সৈতে জ্বলি থকা চিতাত বহুৱাব, য’ত তাই অক্ষত থাকিব আৰু প্ৰহ্লাদ জুইত ভস্ম হ’ব। কিন্তু হোলিকাৰ দুৰ্ভাৱনামূলক উদ্দেশ্যৰ বাবে তাইৰ ঐশ্বৰিক বৰটোৱে তাইক ৰক্ষা কৰিব নোৱাৰিলে। জুই জ্বলি উঠোঁতে হোলিকাহে জুইত ভস্ম হ’ল, আনহাতে প্ৰহ্লাদ অক্ষত হৈ ওলাই আহিল। বিষ্ণুৰ প্ৰতি তেওঁৰ অটল বিশ্বাসে প্ৰহ্লাদক ৰক্ষা কৰিলে। সেইবাবেই অপশক্তিক নাইকিয়া কৰিবলৈ হোলিকা দাহন কৰা পৰম্পৰা আজিও ফাকুৱাৰ আগদিনা প্ৰচলিত আছে। ই অতি প্ৰাচীন আৰু ধৰ্মীয় উৎসৱ।
আন এটা কিংবদন্তি অনুসৰি, এই উৎসৱ কৃষ্ণৰ ৰাধা আৰু গোপীসকলৰ সৈতে খেলাৰ সৈতে জড়িত। দৌল উৎসৱত ফাকু লগোৱাৰ পৰম্পৰা কৃষ্ণৰ এই খেলাৰ সৈতে জড়িত। ইয়াৰ উপৰিও মহাভাৰতত উল্লেখ আছে যে কুৰু বংশৰ পিতামহ ভীষ্মক এই দিনটোত দাহন কৰা হৈছিল। এই উৎসৱ শৈৱ পৰম্পৰাৰ সৈতেও যুক্ত কৰিব পাৰি। কিংবদন্তি অনুসৰি, যেতিয়া দেৱী পাৰ্বতীয়ে ভগৱান শিৱৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিছিল, কামদেৱে শিৱৰ ফালে এক বাণ মাৰিছিল। ক্ৰোধান্বিত হৈ শিৱই কামদেৱক পুৰি পেলাইছিল। এই ঘটনাক ‘কাম দহন’ বুলি কোৱা হয়, যি হোলী উৎসৱৰ সৈতে জড়িত আৰু ই ইচ্ছাৰ ওপৰত আত্ম-নিয়ন্ত্ৰণৰ বিজয়ক প্ৰতিনিধিত্ব কৰে।
বৰদোৱা আৰু বৰপেটাৰ দৌল উৎসৱ অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক চেতনাৰ এক চিৰন্তন উদযাপন। নৱবৈষ্ণৱ পৰম্পৰাৰ এই দৌল উৎসৱে মহাপুৰুষ শঙ্কৰদেৱৰ ধৰ্মীয় আদৰ্শ আৰু শিক্ষাক প্ৰতিফলিত কৰে। ইয়াৰ ৰীতি-নীতি, শোভাযাত্ৰা আৰু ভক্তিমূলক হোলি গীতৰ জৰিয়তে উৎসৱটোৱে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু বৈষ্ণৱ ধৰ্মৰ সমৃদ্ধ ঐতিহ্যক জীয়াই ৰাখিছে।
❧ | আৰু পঢ়ক: