অ তনু ভূঞাৰ ‘সাংবাদিকতাৰ অকথ্য’ পঢ়িলো। বহুদিনৰ আগতে ভূঞাৰ গল্প দুই-এটা অ’ত-ত’ত পঢ়া মনত আছে। মনত আছে ভূঞাই লিখা একাংক নাটকৰ কথা। তাৰ পিছত তেখেতৰ সাংবাদিকতাৰ কালছোৱাত বিশেষ একো কৃতিত্ব নেদেখিলো যদিও ‘নিউজ লাইভ’ত তেখেতৰ অতিচাৰে সচেতন ৰাইজৰ চকু কপালত তুলিছিল। গতিকে গল্প আৰু নাটক লিখা অতনু ভূঞাইনো সাংবাদিকতাৰ কি অকথ্য লিখিলে, তাকে চাবলৈ কিতাপখন আদ্যোপান্ত পঢ়িলো। পঢ়ি অনুভৱ হ’ল যে লিখাবোৰ অপাঠ্যহে হৈছে। ছাত্ৰ অৱস্থাৰ পৰাই সাংবাদিকতাত জড়িত হৈ পিছলৈ টিভি চেনেলৰ এডিটৰ-ইন্-চীফ পদ গৰকা এগৰাকী ব্যক্তিৰ লেখা এনে ধৰণৰ অপাঠ্য হ’ব বুলি ভবা নাছিলো।
যদিও কিতাপখনৰ নাম ‘সাংবাদিকতাৰ অকথ্য’,— ভূঞাৰ কৰ্মকাণ্ডত ‘সাংবাদিকতা’ৰ চৰিত্ৰ নায়েই। কিতাপখনৰ সমগ্ৰ লেখাৰ মাজেৰে প্ৰকাশ পাইছে যে যদি ভূঞাই কৰা কামক সাংবাদিকতা বুলি কোৱা হয়, তেন্তে সাংবাদিকতা মানে কোনো বিশেষ ৰাজনৈতিক দলৰ ভৃত্যস্বৰূপে কাম কৰা, সুবিধা পালেই সহকৰ্মীক লেং মৰা, ব্যৱসায়ী আৰু ৰাজনৈতিক দালালৰ এৰেহা চোবোৱা ইত্যাদি।
কিতাপখনৰ আদিতে ‘এইখন আত্মজীৱনী বুলি ক’লে ভুল কোৱা হ’ব’ বুলি লিখি বেটুপাতৰ পিছফালে গ্ৰন্থখন আত্মজীৱনীমূলক বুলিছে, ইংৰাজীত দিয়া ভূমিকালিপিতো কিতাপখনক ‘An Autobiography’ বুলি কোৱা হৈছে। কিতাপখনৰ পাতে পাতে মিথ্যাচাৰ আৰু শঠতাৰ কেনে প্ৰকাশ হৈছে, তাক অলপমান ফঁহিয়াই চাইছোঁ।
ভূঞাই পঢ়ি থাকোঁতেই ‘পূৰ্বাঞ্চল প্ৰহৰী’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ হৈছিল। এই হিন্দী ভাষাৰ কাকতখনলৈ হিন্দী নজনা ভূঞাক মাতি অনাৰ কাৰণ আছিল— ভূঞাই ‘গৰম খবৰ’ দিয়ে (পৃষ্ঠা-১১)। গৰম খবৰ!
সুবিধা পালেই সুৰাৰ ৰাগীত মতলীয়া হোৱা, অশ্লীল কৌতুক কোৱা, সেই অশ্লীল কৌতুকবোৰকে শিশু সাহিত্যলৈ ৰূপান্তৰ কৰা, মাদ্ৰাজত কাপোৰ-কানিৰ বাকচ হেৰুৱাই ফাইভ ষ্টাৰ হোটেলত মন্ত্ৰী ৰচিদুল হকৰ সৈতে অন্তৰ্বাস পিন্ধি মদ খোৱা ইত্যাদি কথাবোৰ অন্তৰংগ বন্ধু-বান্ধৱৰ সৈতে হোৱা আড্ডাৰ কথোপকথনহে হোৱা উচিত, ISBN নম্বৰধাৰী কিতাপৰ ছপা অংশ হোৱা উচিত নহয়। অৱশ্যে ৰুচিবোধত অসুস্থতা থাকিলে এইবোৰকে নিলিখি আৰু কি লিখিব?
ভূঞাই সাংবাদিকতা কৰা কাকতৰো স্বত্বাধিকাৰী ৰাজকোষ লুণ্ঠনকাৰী। জেলৰ ভাত খোৱা, চি বি আইৰ চৰ খোৱা ৰাজেন বৰাৰ ‘আজিৰ বাতৰি’ৰ কৰ্মচাৰী আছিল অতনু ভূঞা। গতিকে ভূঞাৰ ভাল সংগত বাস নহ’লেই। তেখেতৰ সংগী— হয় দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী, ভ্ৰষ্ট ছাল্ফা অথবা নীতিবোধ নোহোৱা ব্যৱসায়ী। তেখেতৰ লেখাই এই ছবিয়েই আঁকিছে।
ভূঞাই এটা কাম বৰ কৌশলেৰে কৰিছে। ‘সাংবাদিকতাৰ অকথ্য’ নাম দি তেওঁ ৰাজেন বৰা আৰু দ্বীগেন বৰাৰ অকথ্যহে ভালকৈ চৰ্চা কৰিলে। ভূঞাৰ নীতিবোধো অদ্ভুত। কিতাপখনৰ ৪১ পৃষ্ঠাত লিখিছে যে বিধান সভাৰ অধ্যক্ষৰ বিৰুদ্ধে হত্যাকাণ্ডৰ অভিযোগ আহোঁতে অধ্যক্ষই সংবাদমেল পাতি সাংবাদিকক নোটৰ বাণ্ডিল বিলোৱাত ভূঞাৰ ভীষণ খং উঠিছিল;— সেইজন ভূঞাই ছাল্ফাই চলোৱা ‘খবৰ’ত কাম কৰোঁতে কয়লা চিণ্ডিকেট আৰু চেকগেটৰ ধনৰ ভাগো গ্ৰহণ কৰিছিল।
ভূঞাই দুটা কাৰণত হেনো ‘খবৰ’ত যোগ দিছিল। প্ৰথম— ছাল্ফাৰ অফুৰন্ত পইছা আছে আৰু দ্বিতীয়তে তেওঁলোক অসমীয়া ল’ৰা। ভূঞাই অসমীয়া ল’ৰাকেইটাৰ পৰা দিনে পাঁচশকৈ টকাৰ মদকে খাইছিল বুলিছে।
পোনপতীয়াকৈয়ে হওক বা আওপকীয়াকৈয়ে হওক, সাংবাদিকতাৰ ভাৱত থকা দিনকেইটাত ভূঞা ডাঙৰীয়াই কংগ্ৰেছ দলৰ অনুগত হিচাপেই কাম কৰা বুলিয়েই কিতাপখনত প্ৰকাশ পাইছে। যিবা হিতেশ্বৰ শইকীয়াক অলপ বেয়া পাইছিল, দেউতাকৰ চিকিৎসাৰ বাবে শইকীয়াৰ পৰা ২৫ হাজাৰ টকা পোৱাত সেইখিনিও নাইকিয়া হ’ল। তদুপৰি ভূঞাই কাম কাম কৰা ‘আজিৰ বাতৰি’ৰ সংকট কালত হিতেশ্বৰ শইকীয়াই ৫ লাখ টকা দি সহায় কৰিছে— এইবোৰ কথাৰ প্ৰকাশে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো যে কিছুসংখ্যক গণতন্ত্ৰ হত্যাকাৰীৰ হাতোৰাতহে বন্দী, সেই কথা ভূঞাই ‘অকথ্য’ বুলিলেও পেচাগত গোপনীয়তাৰ বাবেহে অকথ্য— ৰাইজক এইবোৰ ভণ্ডামিৰ বিষয়ে কোৱাটো জৰুৰীহে। গতিকে কিতাপখন বহুলাংশে অপাঠ্য যদিও ৰাইজে বৰ আপোন বুলি ভাবি থকা বাতৰি কাকতবোৰ যে ভূঞাহঁতৰ দৰে কিছুমান স্বাৰ্থান্বেষীৰ পৰিচালনাত আৰু ৰাজনৈতিক নেতা-ব্যৱসায়ীৰ অশুভ পৃষ্ঠপোষকতাৰে চলি থাকে সেই কথাৰ উমান কিতাপখনৰ পৰা পঢ়ুৱৈয়ে পাব। অৱশ্যে প্ৰফুল্ল মহন্ত, ৰাজেন বৰাৰ কথা কাহানিবাই বাতৰি কাকতত ওলাই গৈছে— সেয়া ভূঞাৰ নিজা উদ্ঘাটন নহয়।
ভূঞাই কিছুমান অদ্ভুত কথা লিখিছে। ১৭৪ পৃষ্ঠাত আত্মসন্মানবোধ থকা বাবেই ভূঞাই ‘খবৰ’ৰ চাকৰি এৰিলে বুলিছে। চিণ্ডিকেটৰাজৰ আন্ধাৰ জগতে চলোৱা কাকতত কাম কৰি দুই নম্বৰী ধনেৰে উদৰ পুৰাই থকা ভূঞাৰো আত্মসন্মানবোধ আছে! কিতাপৰ শেষৰ ফালে ভূঞাই আক্ষেপ প্ৰকাশ কৰিছে— অখিল গগৈৰ বিৰুদ্ধে ‘নিউজ লাইভ’ৰ বাহিৰে আন কোনো মেডিয়াই প্ৰকাশ নকৰিছিল। ভূঞাই অতদিনে সাংবাদিকতা কৰি এইটোও বুজা নাছিল যে অখিলক সুৰক্ষিত ৰাখিবলৈ প্ৰিণ্ট আৰু ইলেকট্ৰনিক মেডিয়াই চেষ্টা কৰিছিল এইবাবেই যে অখিল ৰাইজৰ সমস্যা লৈ ব্যস্ত আছিল। কেৱল ‘নিউজ লাইভ’-এহে অখিলৰ চৰিত্ৰত দাগ লগাবলৈ অহৰ্নিশে চেষ্টা কৰি একাশৰীয়া হৈ পৰিছিল। ৰাজভক্তিত গদ্ গদ্ হৈ থকা বাবেই হয়তো ভূঞাৰ এই অন্ধতা।
২২৩ পৃষ্ঠাত ভূঞাই লিখিছে— তেওঁ হেনো তিনিজন মুখ্যমন্ত্ৰীৰ ৰোষৰ বলি। পিছে ভূঞাই এটা হিচাপ পাহৰিছে,— তেওঁ ৰোষৰহে বলি, তাকো সেইসকল মন্ত্ৰীৰ ৰাজনৈতিক দৰ কচাকচিত ভূঞাই তাল ৰাখিব নোৱৰা বাবেহে। ভূঞা এতিয়াও বাহাল-তবিয়ত; আপোচহীন সাংবাদিকতাৰ বাবে পৰাগ কুমাৰ দাস, অনিল মজুমহাৰহঁতেতো জীৱনেই এৰিব লগা হ’ল।
এটা দৰকাৰী অকথ্য ভূঞাই নিলিখিলে— চিলভিয়াচ কন্দপানক ৰাজ্যসভালৈ নিবলৈ যে বেচাযোৱা চাৰিজন বিধায়কক মন্ত্ৰী হিমন্তবিশ্বই গাড়ীৰে কঢ়িয়াই নিছিল, তাৰে ভিডিঅ’ ফুটেজৰ বিষয়ে একো নক’লে ভূঞাই। বোধকৰোঁ ‘নিউজ লাইভ’ত পুনৰ সোমোৱাৰ বাট মুকলি ৰাখিবলৈকে।
‘আঁক-বাক’ৰ হৈ গণেশ চন্দ্ৰ নাথৰ দ্বাৰা প্ৰকাশিত, সুদৃশ্য ছপা-বন্ধাৰে ২২৪ পৃষ্ঠাৰ ‘সাংবাদিকতাৰ অকথ্য’ৰ বিক্ৰীমূল্য এশ আশী টকা।