নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্রয়াস কলাকেন্দ্রৰ আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্রয়াস কলাকেন্দ্রৰ আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস

২ ৯ এপ্ৰিলৰ আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱসৰ প্ৰাকসন্ধ্যা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত মহানগৰীৰ সত্ৰীয়া সংস্কৃতিৰ প্রশিক্ষণ অনুষ্ঠান প্রয়াস কলাকেন্দ্রই এটি বৰ্ণাঢ্য শাস্ত্ৰীয় নৃত্যানুষ্ঠান অনুষ্ঠিত কৰে। ২৮ এপ্রিলৰ সন্ধ্যা আয়োজিত এই অনুষ্ঠানত প্ৰয়াস কলাকেন্দ্ৰৰ শিল্পীসকলৰ উপৰি ৰাজ্যৰ ভিন্ন প্রান্তৰ আৰু ৰাজ্যৰ বাহিৰৰো শাস্ত্রীয় নৃত্যশিল্পীয়ে অংশগ্রহণ কৰে।

বি পাল্কি
বি পাল্কি

পদ্মশ্রী যতীন গোস্বামীৰ নৃত্য নির্দেশনাত সত্ৰীয়া নৃত্যশিল্পী তথা প্রয়াস কলাকেন্দ্রৰ সম্পাদিকা ডিম্পী বৈশ্য আৰু বেদান্ত বিকাশ দত্তই পৰিৱেশন কৰা ‘গোপী উদ্ধৱ সংবাদ’ শীৰ্ষক নৃত্য সংৰচনাৰে নৃত্যৰ সন্ধিয়াটি মুকলি কৰা হয়। ডিম্পী বৈশ্যই নিজা পৰিকল্পনা আৰু সংৰচনাৰে ‘ৰুক্মিণী’ শীর্ষক আন এটি একক নৃত্যানুষ্ঠান পৰিৱেশন কৰে।

ময়ূৰী শৰ্মা
ময়ূৰী শৰ্মা

অনুষ্ঠানটিত উদীয়মান কথক নৃত্যশিল্পী বি পাল্কীয়ে গুৰু মৰমী মেধিৰ নৃত্য পৰিচালনা আৰু জয়প্রকাশ মেধিৰ সংগীত সংৰচনাত এটি শিৱ বন্দনা আৰু শুদ্ধ কথক নৃত্য পৰিৱেশন কৰে।

ময়ূৰী শৰ্মা
ময়ূৰী শৰ্মা

এই সকলৰ উপৰি ময়ূৰী শৰ্মা (কথক, মধ্যপ্ৰদেশ), অভিষেক দাস (ভাৰত নাট্যম, বঙাইগাঁও), স্তুতি হাজৰিকা, শিৱাংগী ৰত্না বৰুৱা (সত্ৰীয়া), কস্তুৰী দত্ত, ৰোজা বৰুৱা, ৰিমঝিম চুতীয়া, অনসুমী শর্মা কাশ্যপ, পার্থ সাৰথি বৰা, নিমিশা লস্কৰ, সুস্মিতা আদিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে।

অভিষেক দাস
অভিষেক দাস

অনুষ্ঠানৰ প্ৰাৰম্ভতে বিশিষ্ট নৃত্যশিল্পী পদ্মশ্রী যতীন গোস্বামী, সংগীত নাটক অকাদেমি বঁটা প্রাপক সত্ৰীয়া শিল্পী ৰামকৃষ্ণ তালুকদাৰ, সংগীত সত্ৰৰ সচিব ৰঞ্জুমণি শইকীয়া, নৃত্যগুৰু ড° মনীষা দেৱী, ড° অঞ্জনাময়ী শইকীয়া, ৰিংকুমণি শইকীয়া আৰু নৃত্য-নাট্য সমালোচক অতুল দত্তক সম্বৰ্ধনা জনোৱা হয়।

শিৱাংগী ৰত্না বৰুৱা
শিৱাংগী ৰত্না বৰুৱা
বেদান্ত বিকাশ দত্ত
বেদান্ত বিকাশ দত্ত

অনুষ্ঠানটিৰ আঁত ধৰে মাণিক কাকতিয়ে।

ছবি: অনজন ডেকা | ফিচাৰড্ ইমেজত: ডিম্পী বৈশ্য
এই লেখকৰ সকলো লেখা চাওক →
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্রয়াস কলাকেন্দ্রৰ আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস | মালিনী গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...