গো ষ্ঠী সংঘৰ্ষৰে জৰ্জৰিত অসমলৈও শৰৎ আহে সন্তৰ্পণে। অলেখ উৎকণ্ঠা আৰু উদ্বেগেৰে ভাৰাক্ৰান্ত মনবোৰতো শৰতে সানে পৱিত্ৰতা আৰু স্নিগ্ধতাৰ সুবাস।
এতিয়া আহিন। শৰতৰ মেঘমুক্ত নীলা আকাশ, ‘সুখী শেৱালিৰ উৰণীয়া গোন্ধে’ মানুহৰ মন পৰিষ্কাৰ কৰে। আচলতে কৰা উচিত। বেদনাৰ বিষয়, আধুনিক মানুহৰ বাবে বহুক্ষেত্ৰতে পদূলিৰ মূৰত নিশাটো ফুলি পুৱাতে সৰি ৰোৱা শেৱালি এপাহ তুলি ল’বলৈ সময় অথবা সুবিধাৰ অভাৱ। যান্ত্ৰিকতাৰ নিগনি দৌৰত মানুহ ভাৰাক্ৰান্ত। নগৰ, মহানগৰৰ কৃত্ৰিম পৰিৱেশৰ মাজত শৰৎ বা বসন্তৰ উপস্থিতিও সামান্য। নগণ্য। তথাপিও প্ৰকৃতিৰ অমল উৎসৱ উদযাপিত নোহোৱাকৈ নাথাকে। আমাক লাগে অকণমান সময় আৰু ইচ্ছা— সেই উৎসৱৰ ভাগীদাৰ হোৱাৰ। প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ ইচ্ছা আৰু আন্তৰিকাই পৃথিৱীকে সমৃদ্ধ কৰিব।
‘নীলা চৰাই’ৰ সুজন পাঠক সমাজ, লেখকসকল, শুভাকাংক্ষীলৈ শাৰদীয় শুভ কামনা জ্ঞাপন কৰিছোঁ।