ক র্মসূত্ৰে আমি মহাৰাষ্ট্ৰৰ পুনেত অৰ্থাৎ ভাৰতবর্ষৰ পশ্চিম প্ৰান্তত বসবাস কৰোঁ। শীতকালি যেতিয়া আবেলি ৪ বজাত এই প্ৰান্ত ৰ’দৰ পোহৰৰে চিকমিকাই থাকে, সেই সময়ত আমাৰ গৃহৰাজ্য অসমত বেলি ডুবি গধূলি হ’বলৈ আৰম্ভ কৰে। মহাৰাষ্ট্ৰ-গুজৰাটৰ মানুহ যি সময়ত নিজ নিজ কর্মক্ষেত্ৰত উদ্যমেৰে লাগি থকা পৰিলক্ষিত হয়, সেই সময়ত অসমত কর্মচাৰীয়ে অফিচ-কাছাৰীক দিনটোলৈ বিদায় দি ঘৰমুৱা হ’বলৈ ধৰে। তেনে সময়তে মনলৈ চিন্তা আহে যে অসম তথা উত্তৰ–পূবৰ ভৌগোলিক অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি এক সুকীয়া টাইম জ’ন (time zone)-ৰ প্ৰয়োজন আছে নেকি? সময়ে সময়ে এনে দাবী উত্থাপন নোহোৱাও নহয়। শেহতীয়াকৈ কিছু দিনৰ আগতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে এই বিষয়ে দাবী তুলি দৃষ্টি আকর্ষণ কৰিছিল। কিন্তু বিষয়টো বিশেষ আগবঢ়া পৰিলক্ষিত নহ’ল। ভৌগোলিক দিশৰ পৰা চাবলৈ গ’লে পূবৰ অৰুণাচল প্ৰদেশ আৰু পশ্চিমৰ গুজৰাটৰ মাজৰ দূৰত্ব প্ৰায় ৩,০০০ কিঃমিঃ। দুয়োখন ৰাজ্যৰ সূর্যোদয় আৰু সূর্যাস্তৰ সময়ৰ মাজত পার্থক্য প্ৰায় দুঘণ্টা। সেই দিশৰ পৰা চাবলৈ গ’লে অসমত ১০ বজাত চৰকাৰী কাৰ্যালয় খোলাৰ সময়লৈ আমি দুঘণ্টা সময়ৰ দিনৰ পোহৰ (Daylight) অপচয় কৰিছোঁ। সূর্যাস্তৰ ক্ষেত্ৰতো একেই কথা খাটে। বিশেষকৈ শীতকালি ৪ বজাতে গধূলি হোৱাৰ লগে লগে পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ কেৱল ৬ ঘণ্টাহে কর্মসময় আমি লাভ কৰোঁ। পশ্চিম ভাৰতৰ মানুহে যি সময়ত ৮-৯ ঘণ্টাকৈ কাম কৰিবলৈ সুযোগ পায়, সেই সময়ত দিনৰ পোহৰৰ অপচয় কৰি আমি আমাৰ কর্মসময় হ্ৰাস কৰি আনিছোঁ।
উত্তৰ-পূবৰ বাবে সুকীয়া টাইম জ’নৰ দাবী আজিৰ পৰা প্ৰায় ১৬ বছৰ পূর্বে ২০০১ চনতেই আৰম্ভ হৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনত তদানীন্তন বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কপিল ছিবালে এই বিষয়টোক সম্পূর্ণৰূপে খাৰিজ কৰি ভাৰতীয় নির্ধাৰিত সময় মতেই চলি যোৱাৰ পৰামর্শ দিছিল। ২০০৬ চনত পৰিকল্পনা আয়োগ (বর্তমানৰ নিটি আয়োগ)-এ বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি উত্তৰ-পূবৰ বাবে সুকীয়া টাইম জ’নৰ পোষকতা কৰিছিল। পূর্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও অসমৰ চৰকাৰী কর্মচাৰীৰ কর্মসংস্কৃতি হ্ৰাস পোৱাৰ বাবে দিনৰ পোহৰৰ অপচয়কে দোষাৰোপ কৰি এক সুকীয়া টাইম জ’নৰ দাবী তুলিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অনীহা তথা অসহযোগিতাৰ বাবে বিষয়টোৱে সাফল্য লাভ কৰিবলৈ সক্ষম নহ’ল।
লক্ষণীয়ভাৱে, ব্ৰিটিছৰ শাসনকালত ভাৰতবর্ষত তিনিটা টাইম জ’ন আছিল— বম্বে টাইম জ’ন, কলিকতা টাইম জ’ন আৰু বাগান টাইম জ’ন। ইয়াৰে বাগান টাইম জ’ন আজিও চাহ বাগানত প্ৰচলিত। ভাৰতীয় নির্ধাৰিত সময় (IST)ৰ পৰা ই এঘণ্টা আগবঢ়া। এই বাগান টাইম জ’নকে অসমৰ আনুষ্ঠানিক টাইম জ’ন হিচাপে ব্যৱহাৰ কৰিবলৈ তৰুণ গগৈয়ে প্ৰস্তাৱ দিছিল। তেনে কৰা হ’লে অসমৰ কর্মসময় আৰু এঘণ্টা বৃদ্ধি হ’লহেঁতেন। ভাৰতবর্ষৰ বিকশিত চহৰ আৰু ৰাজ্যসমূহ, যেনে— মুম্বাই, বেংগালুৰু, হায়দৰাবাদ, দিল্লী আদিয়ে দিনৰ পোহৰক সঠিকভাৱে ব্যৱহাৰ কৰি উন্নয়নৰ জখলাত আগবাঢ়িব পাৰিছে। উত্তৰ-পূর্বাঞ্চল ঔদ্যোগিক তথা অর্থনৈতিকভাৱে পিছপৰি থকাৰ ইয়ো এক অন্যতম কাৰণ। দিনৰ পোহৰৰ সঠিক ব্যৱহাৰ নোহোৱাৰ বাবেই ভালেসংখ্যক ঔদ্যোগিক প্ৰতিষ্ঠানে অসমত উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই প্ৰান্তৰ মাজত দূৰত্ব প্ৰায় ৪,৫০০ কিঃমিঃ। সূর্যোদয়-সূর্যাস্তৰ পার্থক্যৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাত ৪টাকৈ টাইম জ’ন আছে। তেনেস্থলত ভাৰতবর্ষত অন্ততঃ দুটা টাইম জ’নৰ সৃষ্টি কৰাত অসুবিধা ক’ত? শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ নির্দেশনা বিচাৰি দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন নাকচ কৰিছে। ন্যায়ালয়ৰ যুক্তি অনুসৰি দুটা ভিন্ন টাইম জ’নে বিশৃংখলতাৰ সৃষ্টি কৰিব। বিশেষকৈ ট্ৰেইন চলাচলৰ ক্ষেত্ৰত ই এক সমস্যাৰ সৃষ্টি কৰিব আৰু দুর্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পাব। কিন্তু এনে জটিলতাক আতঁৰ কৰিব পৰাটো সম্ভৱ, প্ৰয়োজন মাথোঁ আন্তৰিকতাৰ।
স্বাধীনতাৰ পাছৰে পৰাই উত্তৰ-পূর্বাঞ্চল ভাৰতৰ মূলসুঁতিৰ পৰা কিছু পৃথক তথা এলাগী হৈ আছে। বিভিন্ন কেন্দ্ৰীয় চৰকাৰেও উত্তৰ-পূবক মাহীআইৰ দৃষ্টিৰে চাই আহিছে বুলি নিয়মিত অভিযোগ উত্থাপন হয়। এনে পৰিস্হিতিত উত্তৰ-পূবৰ বাবে এক সুকীয়া টাইম জ’ন প্ৰৱর্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিকতাৰ অভাৱ। সেয়েহে এই বিষয়টো কেন্দ্ৰৰ কোনেও আজিকোপতি গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাই আৰু ৰাজ্য চৰকাৰসমূহেও ইয়াক সজোৰে উত্থাপন কৰাত ব্যর্থ হৈছে। তদুপৰি সুকীয়া টাইম জ’ন প্ৰৱর্তন কৰিলে উত্তৰ-পূব অঞ্চল মূলসুঁতিৰ ভাৰতৰ পৰা অধিক বিচ্ছিন্ন হৈ পৰা তথা এক সুকীয়া স্বাধীনতা লাভ কৰি বিদ্ৰোহী তথা উগ্ৰপন্থী সংগঠনসমূহ অধিক সক্ৰিয় হৈ পৰিব পাৰে বুলিও কেন্দ্ৰীয় চৰকাৰ কিছু পৰিমাণে শংকিত। কিন্তু অসম তথা উত্তৰ-পূবৰ ৰাইজে ভালদৰেই জানে যে অঞ্চলটোৰ প্ৰধান সমস্যা হৈছে অর্থনৈতিকভাবে এই অঞ্চল যথেষ্ট পিছপৰা। সুকীয়া টাইম জ’নে এই সমস্যা সমাধান কৰাত বহু পৰিমাণে সহায় কৰিব। দিনৰ পোহৰৰ অপচয় ৰোধৰ দ্বাৰা বিদ্যুৎ সংকটত জুৰুলা হোৱা অসমৰ দৰে ৰাজ্য এখনত বিদ্যুতৰ নাটনিৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস কৰিব পৰা যাব। সূৰ্যাস্তৰ পাছত অতিৰিক্ত বিদ্যুৎ খৰচ কৰি উদ্যোগ চলাওঁতে বহু প্ৰতিষ্ঠান সমস্যাৰ সন্মুখীন হয়। সেই সম পৰিমাণৰ খৰচ প্ৰতিষ্ঠানৰ উৎপাদন বঢ়োৱাত সহায়ক হ’ব। তেনে পৰিস্থিতিত বাহিৰৰ বহু প্ৰতিষ্ঠানো অসমত উদ্যোগ স্থাপনৰ বাবে আগ্ৰহী হ’ব। সুকীয়া টাইম জ’নৰ দ্বাৰা সময়ৰ অপচয় ৰোধ হোৱাৰ উপৰিও বিদ্যুৎ ৰাহিকে ধৰি অন্যান্য খৰচ-পাতিও হ্ৰাস পাব তথা উৎপাদন বৃদ্ধি পাব।
২০১২ চনত এক গৱেষণা পত্ৰৰ দ্বাৰা National Institute of Advanced Studies-ৰ এদল বিজ্ঞানী তথা গৱেষকে প্ৰমাণ কৰি দেখুৱাইছিল যে ভাৰতীয় নির্ধাৰিত সময় যদি আধা ঘণ্টাও আগুৱাই আনে, তেন্তে ভাৰতবর্ষত প্ৰতি বছৰে ১৭-১৮% শক্তি অর্থ্যাৎ ২.১৭ বিলিয়ন kWh (Kilowatt hour) বিদ্যুৎ ৰাহি কৰিব পৰা যাব। অসম তথা উত্তৰ-পূবৰ ক্ষেত্ৰত এই পৰিমাণ আৰু অধিক হ’ব।
উত্তৰ-পূর্বাঞ্চলৰ অর্থনৈতিক উন্নয়নৰ বাবে সুকীয়া টাইম জ’নৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে। অসমৰ জাতীয় সংগঠনসমূহেও বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰিব পৰা নাই বা ইয়াক লৈ সক্ৰিয়তা প্ৰদর্শন কৰা নাই। আগন্তক দিনত ৰাজ্য চৰকাৰসমূহে সক্ৰিয়তাৰে বিষয়টো আগবঢ়াই নি কেন্দ্ৰীয় চৰকাৰক এই বিষয়ত অধ্যয়ন কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব লাগিব। ইংৰাজীত কোৱাৰ দৰে, “Nothing valuable can be lost by taking time”। সময় আৰু শক্তিৰ অপচয় ৰোধ কৰিব নোৱাৰিলে অনাগত দিনত যে অসম তথা উত্তৰ-পূর্বাঞ্চল অর্থনৈতিকভাবে অধিক অগ্ৰসৰ হ’ব নোৱাৰিব সেয়া নিশ্চিত।
❧ | আৰু পঢ়ক: উত্তৰ-পূৰ্বাঞ্চল: য’ত ‘সময়ৰ টিকনি’ পিছফালে উৰে