জলছবি

প্ৰকাশ: ১২ এপ্ৰিল, ২০১৮ | অন্তিম সম্পাদনা: ১২ এপ্ৰিল, ২০১৮

‘নাই নহ’ব। কোনােপধ্যেই নহ’ব।’ নয়নে নেতিবাচক অর্থৰে মূৰটো বাওঁফালৰ পৰা সোঁফাললৈ এনেকৈ জোকাৰিবলৈ ধৰিলে যেন বলধ গৰু এটাই চুটত কামুৰি থকা ডাঁহ খেদিবলৈহে মূৰটো জোকাৰিছে। নয়নে ভাল পায় কাৰণে নীতিয়ে আজি বাৰীত নিজে নিজে গজা জিলমিল শাক আৰু বিলাহীৰে ভাঙোন মাছৰ আঞ্জা এখন ৰান্ধিছিল। নয়নে দাইলেৰেহে ভাত সানি খাই আছিল, মাছৰ আঞ্জাখনত হাত দিয়াই নাছিল। নীতিয়ে কথাটো উলিওৱাৰ পাছত সি আধা খােৱাকৈয়ে, সৰহখিনি ভাত কাঁহীতে এৰি ভাতৰ পাতৰ পৰা উঠি আহিল।

‘কি হ’ল, উঠি গ’লা যে? ভাতকেইটাইনো কি জগৰ লগালে?’ কৈ একো লাভ নাই বুলিও নীতিয়ে নােকাৱাকৈ থাকিব নােৱাৰিলে। কিন্তু নয়নে তাইৰ কথাৰ উত্তৰ দিয়াটোতাে দূৰৰ কথা, তাইলৈ কেৰাহিকৈয়ো নাচালে।

নয়নে আধা খােৱাকৈ এৰি থৈ যােৱা ভাত-আঞ্জাখিনিলৈ চাই চাই নীতিয়ে ভাবিলে, তাই বাৰু এইকণ সময়ত কথাটো উলিয়াই ভুল কৰিলে নেকি? কিন্তু এইকণ সময়তে কথাটো নুলিয়াই কেতিয়া উলিয়াব? কথাটো উলিয়াবলৈ এইকণ সময়েইতাে উপযুক্ত সময়। অৱশ্যে আৰু অকণমান সময় আছে, ৰাতি বিছনাত পৰাৰ পাছত টোপনি অহাৰ আগৰ সময়কণ। কিন্তু সেই সময়কণত নীতিয়ে এনেকুৱা গুৰুতৰ আলােচনা কৰিবলৈ মন নকৰে। দিনটো বিভিন্ন কামত গৰুখাতন দিয়াৰ পাছত সেইকণ সময় তাই একান্ত নিজাকৈ কটাব খােজে। সেই সময়কণত তাই মন আৰু দেহক জীপাল কৰিব পৰা কথাহে পাতিব খােজে।

নীতিৰ মনটোৱে হঠাতে হাহাকাৰ কৰি উঠিল। মনটো অনুতাপত দগ্ধ হ’ল। ছেঃ! মানুহটোৱে আজি গােটেই দিনটো আধাপেটীয়াকৈ কটাব লাগিব। নয়নে অফিছলৈ টিফিন নিনিয়ে। মন গ’লে, ভােক লাগিলে অফিছৰ কেন্টিনৰ পৰাই কিবা এটা অনাই খায়। তথাপি নীতিয়ে তৎপৰতাৰে নয়নৰ কাৰণে টিফিন এটা প্রস্তুত কৰিলে।

আনদিনা অফিছলৈ যােৱাৰ আগেয়ে নয়নক টাই, ৰুমাল, ব্রিফকেছ আদি সদায় নীতিয়েই যােগাৰ কৰি দিব লাগে। আজি পিছে এইবােৰ বস্তু সি নিজেই যােগাৰ কৰি ললে। আনদিনা অফিছলৈ যােৱাৰ আগেয়ে নয়নে সদায় নীতিক নলগালেও মাক-দেউতাকক মাত এষাৰ লগাই যায়। আজি পিছে সি সেই কামটোও নকৰিলে। খৰ খােজেৰে বেডৰূমৰ পৰা ওলাই ড্রয়িংৰূমৰ মাজ পাওঁতে নয়নৰ পিছে পিছে প্রায় দৌৰি যােৱাদি গৈ নীতিয়ে যেতিয়া টিফিন বক্সটো তালৈ আগবঢ়াই দিলে, সি নীতিলৈ পােন্দোৱাকৈ চাই সুধিলে, ‘কি দিছা এয়া?’
‘টিফিন। লান্স আৱাৰত খাই ল’বা।’
‘মােক স্কুলীয়া ল’ৰা-ছােৱালী বুলি ভাবিছা নেকি? টমি আছে নহয়, তাকে দিয়াগৈ।’ নীতিক আৰু কথা ক’বলৈ সুবিধা নিদি নয়ন পুনৰ খৰ খােজেৰে আগফালে পৰ্ছত থকা গাড়ীখনৰ ওচৰলৈ আগবাঢ়ি গ’ল। নীতি শিল পৰা কপৌৰ দৰে ঠাইতে থৰ লাগি ৰ’ল। তাইৰ মনটো ক্ষোভ আৰু অভিমানেৰে ভৰি পৰিল। গােটেই কথাটোত তাইৰ গাত অকণাে দোষ নাই। এনে স্থলত নয়নে বাৰু অনাহকতে তাইক কিয় খং কৰিছে? উৰহৰ খং ভগা ঢাৰিত জাৰিছে।

ঘৰৰ পৰা ওলাই অফিছ পােৱালৈকে নয়নৰ খঙৰ মাত্ৰাটো একেই থাকিল। নিজৰ কোঠাটোত সােমাই ৰিভলভিং চেয়াৰখনত গাটো এৰি দি, ছিগাৰেট এটা জ্বলাই খৰ খৰকৈ দুটামান টান মৰাৰ পাছতহে তাৰ মগজটো অলপ ঠাণ্ডা হ’ল। সি বে’লটো বজাই পিয়নটোক মাতিলে আৰু ক’লে, ‘আজি মই বেলেগ কাম নকৰোঁ। কেৱল পেণ্ডিং হৈ থকা ফাইল কেইটামানহে চাম। গতিকে মােৰ ৰূমলৈ কাকো আহিবলৈ নিদিবি।’

পিয়নটো ওলাই যােৱাৰ পাছত নয়নে বহি থকাতে চকীখন এপাক ঘূৰাই খিৰিকী এখনৰ পিনে মুখ কৰি ল’লে। অফিছটোৰ দুমহলাত থকা তাৰ এই ৰুমটোৰ এই খিৰিকীখনেদি কাষৰ অসম আৰ্হিৰ ঘৰটোৰ মূধচটো দৃষ্টিগােচৰ হৈ থাকে। ঘৰটোৰ মামৰে ধৰা টিনখিনিত দুটা মিস্ত্রিয়ে সেউজীয়া ৰং এটা মাৰি আছিল। মিস্ত্রি দুটাৰ ওপৰত দৃষ্টি ৰাখি ছিগাৰেটটোত দীঘলীয়া টান মাৰি মাৰি নয়নে ভাবিলে, সি বাৰু জোখতকৈ বেছি কঠোৰ হ’ল নেকি? কিন্তু পাছ মুহূর্ততে হাঁহে পাখি কঁটলাৰ দৰে সি মনটো জোঁকাৰি দিলে। নাই নাই, সি কঠোৰেই হ’ব লাগিব। অৰূপা সিহঁতৰ একমাত্র, অতি মৰমৰ, বুকুৰ এফাল যেন ভনীয়েকজনী যেতিয়া সিহঁতৰ ওচৰত ইমান কঠোৰ হ’ব পাৰিলে, সি বা সিহঁত তাইৰ ওচৰত কঠোৰ হ’ব নােৱাৰিব কিয়? আৰু সিহঁতেওতো অৰূপাক সেই কেতিয়াই, তাই সমৰৰ লগত পলাই যােৱাৰ পাছতে মৰিল বুলি চৰু-হাৰি পুৰিছিল। এতিয়া আকৌ মৰা মানুহজনী কেনেকৈ জীৱ? সি বা সিহঁতেনাে কেনেকৈ জীয়াব? অৰূপা পলাই যােৱা ঘটনাটোৰ লগত সিহঁতৰ মান-অভিমান, সন্মান, সংস্কাৰ সকলাে জড়িত হৈ আছে আৰু আগলৈও জড়িত হৈ থাকিব, যেনেকৈ দ ক্ষতচিহ্ন এটা মানুহৰ গালত আমৰণ লাগি থাকে।

অতি কম সময়ৰ ভিতৰতে নয়নৰ মেজত থকা এছট্রে’টো ছিগাৰেটৰ টুকুৰাৰে ভৰি পৰিল। সি সাধাৰণতে ইমান ছিগাৰেট নাখায়। দিনটোত তিনিটা বা চাৰিটাহে খায়। অৱশ্যে অৰূপা সমৰৰ লগত পলাই গ’ল বুলি জনাৰ দিনাখনাে সি এনেকৈ ছিগাৰেট খাইছিল, ইটোৰ পাছত সিটোকৈ।

অৰূপা তিনিটা ককায়েকৰ একমাত্ৰ ভনীয়েক। নয়নৰ সৰু ভায়েকতকৈয়াে অৰূপা সাত বছৰৰ সৰু। আচলতে কিবা দুর্ঘটনাবশতঃহে, মাক-দেউতাকৰ কিবা ভুল বুজাবুজিতহে অৰূপা সিহঁতৰ মাজলৈ আহিছিল। কিমান যে মৰম নকৰিছিল সিহঁতে তাইক। মাক-দেউতাকৰ লগতে সিহঁত তিনিটাইও তাইক অতি আদৰত ডাঙৰ-দীঘল কৰিছিল। সিহঁতৰ কাৰণে তাই হৈ পৰিছিল মূৰত থ’লে ওকণিয়ে খােৱা, মাটিত থ’লে পৰুৱাই খােৱা। অৰূপা কলেজ পােৱাৰ পাছতাে সিহঁতৰ মানত তাই তেনেই সৰু হৈয়েই আছিল। কলেজলৈ বুলি ওলাই গৈ তাই যে সমৰ নামৰ ল’ৰা এটাৰ লগত চিনেমা চায়গৈ, পার্কত বহি ডেৰ-দুঘণ্টা সময় পাৰ কৰি দিয়ে, ব্ৰহ্মপুত্ৰৰ পাৰলৈ ফুৰিবলৈ যায়,– এনেকুৱা কথাবােৰ নয়নহঁতে প্রথমতে বিশ্বাসেই কৰিব পৰা নাছিল। ধনীৰ ঘৰৰ মৰ-গাধ ল’ৰা এটাক যেন-তেন প্রকাৰে মেট্রিকৰ দেওনা পাৰ কৰাবলৈ টিউশ্যন মাষ্টৰে অংক আৰু ইংৰাজী বুজোৱাৰ দৰে নয়নহঁতেও প্ৰেম আৰু জীৱন সম্পর্কে অৰূপাক অনেক কথা বুজাইছিল। কিন্তু একো কামত অহা নাছিল। এদিন কলেজৰ পৰা বাহিৰে বাহিৰে তাই সমৰহঁতৰ বৰঘৰ শুৱনি কৰিছিলগৈ। যি হ’ল হ’ল, ঘৰখনৰ একমাত্ৰ ছােৱালীজনীকনো কেনেকৈ দলিয়াই পেলাব, আজিকালি এনেকুৱা ঘটনা ঘটিয়েই থাকে, অৰূপাতাে অজাতিলৈ যােৱা নাই,— এনেকুৱা কথা কিছুমানৰ দ্বাৰা প্ৰভাৱিত আৰু অনুপ্রাণিত হৈ মাক-দেউতাক, ভায়েক দুটা, ভাই-বােৱাৰী দুজনী আৰু আনকি নীতিয়েও সমৰহঁতৰ লগত সম্বন্ধ এটা স্থাপন কৰিবলৈ মন মেলিছিল যদিও নয়নৰ ‘সূচ্যগ্র মেদিনী নিদিওঁ’ মনােভাবৰ কথা গম পাই সকলাে মনে মনে আছিল।

ইয়াৰ পাছত নয়নহঁতৰ নিচিনা পৰিয়াল এটাত সাধাৰণতে যি হয়, সেয়াই হৈছিল। নয়নৰ দেউতাকৰ হঠাতে ষ্ট্র’ক হৈ দেহৰ এফাল পেৰালাইজড্ হৈছিল, মাকৰ ব্লাড ছুগাৰ আৰু কঁকালৰ বিষটো বাঢ়ি গৈছিল। শান্ত-শিষ্ট স্বভাৱৰ নয়ন খিংখিঙীয়া

হৈ পৰিছিল, সি হকে-বিহকে নীতিক গালি পাৰিবলৈ লৈছিল, ছােৱালী তিনিজনীৰ গাত হাত উঠাইছিল, যি দুটা কাম আগতে সি কাহানিও কৰা নাছিল। নয়নহঁতৰ ষ্টেণ্ডাৰ্ডৰ লগত নিমিলা মানুহ কিছুমানৰ ওচৰত সিহঁত অধোবদনে থাকিব লগা হৈছিল, মানুহবােৰৰ বক্রোক্তি সহ্য কৰি থাকিব লগা হৈছিল। নয়নৰ ভায়েক দুটা নিজৰ নিজৰ পৰিয়াল লৈ বাহিৰত, এটা দিল্লীত, আনটো বেংগালুৰুত থাকে। গতিকে সিহঁতৰ প্রতিক্রিয়া ভালদৰে জানিব পৰা নগৈছিল। কিছুমান পৰিস্থিতিৰ পৰা সিহঁত সাৰি আছিল।

একেখন নগৰতে সমৰহঁতৰ ঘৰ। এতেকে নয়নহঁতে আৰ-তাৰ মুখৰ পৰা অৰূপাৰ ডাঁৰৰ বাতৰি ডাঁৰে পাই আছিল। ঘােচখােৰ বাপেকৰ একমাত্র পুত্ৰ, কাম-বন নােহােৱা, মদপী, চৰিত্ৰহীন সমৰে দুমাহমান পাছত যৌতুকৰ ধন-সম্পত্তি বিচাৰি অৰূপাৰ গাত হাত তােলা, ঘৰত কুটা এগছ ইফালৰ পৰা সিফাল কৰি নােপােৱা অৰূপাৰ হতুৱাই চাকৰণীৰ দৰে কাম কৰােৱা, অৰূপাৰ ছােৱালী এজনী জন্ম হােৱা, ছােৱালী জন্ম দিয়া কাৰণে শাহুৱেকে অৰূপাক নগুৰনাগতি কৰা আৰু অৱশেষত সমৰ আৰু শাহুেৱকৰ অত্যাচাৰত তিষ্ঠিব নােৱাৰি অৰূপা ঘৰলৈ গুচি আহিব খােজা খবৰটো। একেবাৰে শেহৰ খবৰটো অৱশ্যে অৰূপাৰ অন্তৰংগ বান্ধৱী এজনীৰ জৰিয়তেহে প্ৰথমতে নীতিৰ কাণত পৰিছিল আৰু তাৰ পাছত আজি ৰাতিপুৱা নীতিৰ জৰিয়তে নয়নৰ কাণত।

অফিছ ছুটীৰ পাছত নয়ন আজি ঘৰলৈ নগ’ল। নীতিৰ লগত মুখামুখি হ’ব লাগে বুলিয়েই আৰু মুখামুখি হ’লে তাই অৰূপাৰ প্রত্যাগমনৰ কথাটো উলিয়াব বুলিয়েই গােটেই পিছবেলাটো সি পুৰণি বন্ধু-বান্ধৱকেইটামানৰ ঘৰত ফুৰি কটালে।

ইপিনে নীতিয়ে সিদ্ধান্ত লৈ থৈছিল, তাইৰ ইচ্ছা নােযােৱা সময়খিনিতে কথাটো পুনৰ উলিয়াব ,নয়নৰ মন গলাবলৈ, তাৰ পৰা সদুত্তৰ পাবলৈ পুনৰ চেষ্টা এটা চলাব।

ৰাতি ভাত খােৱাৰ সময়তহে নয়ন ঘৰলৈ উভতিল। আনদিনা ভাত খাই উঠি সি দহ মিনিটমান আগফালৰ বননিখনত পায়চাৰি কৰে, পােন্ধৰ মিনিটমান বাৰাণ্ডাতে বহি ছিগাৰেট এটা খায়, আধা ঘণ্টামান বিছনাত অর্ধশয়ন অৱস্থাতে থাকি কিতাপ পঢ়ে। তাৰ পাছতহে সি টোপনিৰ কোলাত সােমায়। আজি পিছে সি ভাত খাই উঠি চিধাই বেডৰূমত সােমাল। নয়নহঁতৰ চোতাল যেন প্রকাণ্ড বিছনাখনৰ এটা ফাল বেৰত লগ লগাই থােৱা। ৰাতিপুৱা সােনকালে উঠিব লাগে কাৰণে নীতি সদায় মুখৰ ফালে শােৱে। নয়নহঁতৰ লগতে শােৱা সিহঁতৰ সৰুজনী ছােৱালী জুমি মাজত আৰু নয়ন বেৰৰ কাষত।

আৰু পঢ়ক:  ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড: সংগী

নীতিয়ে পাকঘৰ সামৰি-সুতৰি, শাহুৱেক-শহুৰেকক ঔষধ-পাতি, বেডপেন, চৰিয়া আদি যতনাই দি যেতিয়া বেডৰূমত সােমাল, তেতিয়া নয়নে বেৰৰ ফালে মুখ কৰি শুই আছিল। নীতিয়ে গম পাইছিল, নয়নৰ টোপনি অহা নাই। বিছনাখনৰ কাষতে ড্রেছিং আইনাখন। তাত গােটেই বিছনাখন প্রতিবিম্বিত হৈ থাকে। গতিকে ড্রেছিং আইনাখনৰ সমুখত ৰৈ সদায় সনা ক্রিমটো মুখত সানি সানিয়েই নীতিয়ে নয়নক সুধিলে, ‘কথাটো তুমি কি চিন্তা কৰিলা?’

‘চিন্তা কৰিবলৈ আৰু কিটো আছে? তাই যেনেকৈয়ে গৈছিল তেনেকৈয়ে মৰকগৈ। তাইক এইখন ঘৰত সােমাবলৈ মই কেতিয়াও নিদিওঁ।’ বেৰৰ পিনে মুখ কৰি থকাৰ পৰা নয়নে এইবাৰ ওপৰ পিনে মুখ কৰিলে। নীতিয়ে বুজিলে, নয়নৰ খংটো এতিয়াও চুলিৰ আগতে আছে। খংটো নমাবলৈ তাইৰ মৰমৰ হাঁকুটি লগােৱাৰ বাহিৰে আৰু গত্যন্তৰ নাই। নীতিয়ে বিছনাখনত উঠি টোপনিত লালকাল দি থকা জুমিক দাঙি সমুখৰ পিনে আনিলে আৰু নিজে মাজত সােমালগৈ। নয়নৰ চুলিৰ জংগলখিনিৰ মাজেৰে আঙুলিৰ জবকা চলাই চলাই তাই ক’লে, ‘অৰূপা গুচি অহা কথাটোত মাহঁত সকলােৰে সমর্থন আছে। এতিয়া যদি তুমি কথাটোত না কৰা, সকলােৱে মােকহে দুষিব। বােলে…।’
‘বোলে নয়নে ঘৈণীয়েকৰ কথা শুনিছে। সি এক নম্বৰৰ তিৰােতাসেৰুৱা।
‘অঁতাে, মানুহে তেনেকৈয়ে ভাবিব।’
‘ভাবক যেনেকৈয়ে ভাবে। তাত মােৰ কি আহে-যায়?’
‘তেনেহ’লে তুমিও মােৰ গাত বিনা দোষত চেকা পৰাটো বাঞ্ছা কৰা?’

নীতিৰ খোঁচটোৱে এইবাৰ অলপ কাম দিলে, আচল চিকিৎসা চলাৰ আগতে পেইনকিলাৰে কাম দিয়াৰ দৰে। নয়নে মনে মনে থাকি ভাবিলে, নাই তাৰ লগত যােৱা দহটা বছৰে ছাঁৰ দৰে লাগি থকা এই মানুহজনীৰ গাত বিনা দোষত চেকা লগাটো সি কেতিয়াও কামনা নকৰে। নীতিয়ে তাৰ কাৰণে, ছােৱালী তিনিজনীৰ কাৰণে, শাহুৱেক-শহুৰেকৰ কাৰণে কম কৰিছেনে! ঘৰখন চম্ভালিবৰ কাৰণেই তাই চৰকাৰী স্কুলৰ চাকৰিটো এৰি দিছিল। নিজৰ অনিচ্ছা সত্ত্বেও কেৱল শাহুৱেক আৰু তাৰ ইচ্ছাতে এটা পুত্র সন্তানৰ আশাত মাথোঁ দুবছৰীয়া অন্তৰত এজনী এজনীকৈ তিনিজনী ছােৱালীৰ জন্ম দিছিল।

‘কি হ’ল, একো নক’লা যে?’ নীতিয়ে নয়নৰ চুলিকোছাত খামুচি ধৰি মৃদুভাৱে জোকাৰি দিলে। নাই, নয়নে এইবাৰ উত্তৰ নিদিলে। কিন্তু তাৰ মৌনতায়েই যেন নীতিক বহু কথা কৈ দিলে। নয়নৰ চুলিৰ আগত থকা খংটো যে তাই নমাব পাৰিছে, নিজে বিচৰা ধৰণৰ উত্তৰ এটাই যে তাই নয়নৰ পৰা পাব, সেই কথা নীতিয়ে ভালদৰে বুজি পালে। এতিয়া মাথোঁ প্রয়ােজন মৰমৰ হাঁকুটিডালত জোৰ দিয়াৰ।

পাছদিনা ৰাতিপুৱা ভাতৰ পাতত নীতিয়ে কথাটো উলিওৱাৰ আগতেই নয়নেই উপযাচি ক’লে, ‘মই এটা সিদ্ধান্ত ল’লাে।’
কি সিদ্ধান্ত?’ নয়নৰ কাঁহীত বেঙেনা ভাজি এচকল দিবলৈ অহা নীতিয়ে আগ্ৰহেৰে সুধিলে।
‘অৰূপা আমাৰ ঘৰত মাত্র তিনি মাহ থাকিব পাৰিব।’ নীতিয়ে কাঁহীত দিয়া গৰম বেঙেনা ভাজিচকলৰ পৰা এটুকুৰা ভাঙি নয়নে মুখত ভৰালে।
‘তাৰ পাছত তাই ক’ত থাকিব?’ বেঙেনা ভাজি লৰােৱা পিতলৰ খন্তিচলা হাতত লৈ থাকিয়েই নীতি নয়নৰ কাষৰ চকী এখনত বহি পৰিল।
‘আমাৰ বাৰহলীয়াত থকা ভাড়াঘৰটোত থাকিব। আৰু তাইৰ উপাৰ্জনৰ পথ তাই নিজেই উলিয়াই ল’ব লাগিব।’
‘কিয়?’
‘তাই কৰা অপকর্মটোৰ কাৰণে তাইৰ এয়া শাস্তি।’

নয়নৰ ভাত খাই হৈছিল। সি চকীখন আনদিনাতকৈ অলপ জোৰেৰে পিছলৈ ঠেলি বেছিনটোৰ ওচৰলৈ উঠি গ’ল। অৰূপাৰ উপৰি আৰু তিনি-চাৰিজনী ছােৱালী থাকিবৰ জোখাৰে যে এই ঘৰটোত ঠাই ওলাব, প্রয়ােজন হলে অৰূপাই যে এইখন ঘৰতে থাকিয়েই উপার্জনৰ পথ এটা উলিয়াই ল’ব পাৰিব, সৰু ছােৱালী এজনীৰ সৈতে অৰূপাৰ দৰে গাভৰু ছােৱালী এজনী আজিকালি দিনত অকলশৰে থকাটো যে অনুচিত,— এনে কথা কিছুমান নীতিয়ে মনতেহে পাগুলিলে, মুখ ফুটাই নয়নক ক’বলৈ তাইৰ সাহস নহ’ল। নয়নৰ হৃদয়খন অলপ হ’লেও গলিছে, সি তিনি মাহ সময় দিছে, এয়াই যথেষ্ট। তিনি মাহ সময় একেবাৰে কম সময় নহয়। এই তিনি মাহৰ ভিতৰতে অৰূপা আৰু তাইৰ ছােৱালীজনীৰ মৰমৰ উত্তাপে নয়নৰ হৃদয়খন নিশ্চয় গলাব পাৰিব।

নয়ন অফিছলৈ ওলাই যােৱাৰ পাছতে নীতিয়ে বান্ধৱীজনীৰ জৰিয়তে তাইলৈ সেউজ সংকেত পঠালে। নীতিয়ে ভাবিছিল, অৰূপা দুদিনমান পাছত আহিব। কিন্তু অৰূপা সেইদিনাই, নয়ন অফিছৰ পৰা আৰু ৰুমি-চুমি স্কুলৰ পৰা আহি পােৱাৰ আগেয়েই ৰিক্সা এখনৰ পৰা পদূলিমুখত নামিলহি। লগত জীয়েক ছবি আৰু এটা সৰু ছুটকেছ। আগফালৰ ঘাঁহনিডৰা পাৰ নােহােৱালৈকে অৰূপাই নিজকে চম্ভালি ৰাখিব পাৰিছিল। কিন্তু ড্রয়িং ৰুমটোত ভৰি থােৱাৰ পাছতে তাই বৌৱেকৰ বুকুত সােমাই হুকহুকাই কান্দি উঠিল। নীতিৰো চকুৰ পানী ওলাল। মাক পিছে নাতিনীয়েকক লৈহে ব্যস্ত হৈ পৰিল। ছবিৰ দেহৰ এনেকুৱা এটা অংশ নাথাকিল য’ত তেওঁৰ চুমাৰ পৰশ নপৰাকৈ থাকিল। এই গােটেই কাণ্ড-কাৰখানাবােৰ জুমিয়ে চকুত চোৰাং চিকাৰীৰ টৰ্চৰ পােহৰ পৰা পহুৰ দৰে থৰ লাগি চাই থাকিল।

আধা ঘণ্টামানৰ পাছত মুখ-হাত ধুই, চাহ একাপ খাই অৰূপা যেতিয়া অলপ শান্ত হ’ল, নীতিয়ে তাইক সুধিলে, ‘ক’ৰ্টৰ কামবােৰ নকৰাকৈ তুমি যে এনেকৈ গুচি আহিলা, সমৰে যদি তােমাক নিবলৈ আহে?’
‘নাহে।’
‘কিয়?’
‘তাৰ বেলেগে এজনী ছােৱালীৰ লগত সম্পর্ক হৈছে। মই এনেকৈ গুচি অহাৰ কাৰণে সি ভালহে পাইছে।’
‘কি?’ নীতিৰ মাতটো যথেষ্ট ডাঙৰকৈ ওলাল। অৰূপাই পিছে একো উত্তৰ নিদি পিৰিচখনত বাকী ৰােৱা ভুজিয়াখিনি চামুচখনেৰে লৰাই থাকিল। নীতিয়ে পুনৰ সুধিলে, ‘তুমি এনেকুৱা এটা ল’ৰাৰ কাৰণেই পাগল হৈছিলা? আমাৰ মৰম-চেনেহক ভৰিৰে মােহাৰি পেলাইছিলা?’

অৰূপা এইবাৰাে মনে মনে থাকিল। তাইৰ দুচকুৰ পৰা পুনৰ চকুপানী বৈ আহিল।

অৰূপাৰ নিজৰ কোঠাটোকে নীতিয়ে ৰহিলা বাইৰ হতুৱাই সৰাই-মচাই ঠিক কৰি দিলে। অৰূপা কোঠাটোত যি সােমাল, তাৰ পৰা ওলাবলৈ আৰু মন নকৰিলে। কানসমনীয়া জুমিৰ লগ পাই ছবি অৱশ্যে যথেষ্টখিনি সহজ হ’ব পাৰিছিল। ৰুমি আৰু চুমি স্কুলৰ পৰা অহাৰ পাছততো এইখন যে তাইৰ এখন সম্পূর্ণ অচিনাকি ঘৰ, সেই কথা তাই একেবাৰে পাহৰি পেলালে।

নয়নে অফিছৰ পৰা ঘূৰি আহি আগফালৰ ঘাঁহনিখনত নিজৰ ছােৱালী তিনিজনীৰ সৈতে খেলি থকা ছবিক দেখি বিশেষ একো গুৰুত্ব নিদিলে। সিহঁত কেইজনীৰ লগৰে কোনােবা বুলি ভাবি ল’লে। কিন্তু বেডৰূমত সােমাই গাৰ কোটটো নীতিৰ হাতত তুলি দিয়াৰ পাছতে তাই যেতিয়া ক’লে, ‘অৰূপা আহিল’, নয়নৰ আৰু বুজিবলৈ বাকী নাথাকিল আগফালে ৰুমিহঁতৰ লগত খেলি থকা ছােৱালীজনী যে অৰূপাৰে, তাৰ একমাত্র ভাগিনীয়েক। জোতা-মােজা নােখােলাকৈয়ে সি আগফাল পালেগৈ। ছবিক আঁতৰৰ পৰাই সি অলপ সময় চাই থাকিল। তাৰ পাছত তাইক ওচৰলৈ মাতি কোলাত তুলি ল’লে। ছবিয়ে প্রথমে অচিনাকি মানুহ এজনৰ কোলাত উঠিবলৈ সংকোচ কৰিছিল। কিন্তু নয়নৰ ডাঙৰ ছােৱালী ৰুমিয়ে যেতিয়া অভিভাৱকত্ব খটুৱাই ‘এয়া তােমাৰ মামা, ডাঙৰ মামা’ বুলি ক’লে, তাইৰ সংকোচ আঁতৰি গ’ল।

অৰূপা তেতিয়াও নিজৰ কোঠাতে সােমায়েই আছিল। নয়নে হাত-মুখ ধুই, চাহ একাপ খাই অৰূপাৰ কোঠাটোৰ দুৱাৰমুখত উপস্থিত হ’লগৈ। আঁতৰাওঁ-নাতৰাওঁকৈ পর্দাখন আঁতৰালে। অৰূপাই ভৰি দুটা বিছনাখনত উঠাই, আঁঠু দুটাত মূৰ গুজি বহি আছে। সম্পূর্ণ চাৰি বছৰৰ মূৰত নিজৰ ভনীয়েকৰ লগত নয়নৰ মুখামুখি। তাৰ বুকুখনৰ কোনােবা এটা অংশ মােচৰ খাই উঠিল। সি ধীৰে ধীৰে কোঠাটোলৈ সােমাই গ’ল আৰু অৰূপা বহি থকা বিছনাখনৰ কাষতে থকা চকীখনত বহি পৰিল। অৰূপা নিজৰ ভাবত ইমানেই মগ্ন আছিল যে নয়ন চকীখনত বহাৰ পাছতহে তাইৰ অনুভৱ হ’ল, কোঠাটোত কোনােবা এজন সােমাইছে। তাই মূৰটো সামান্যভাৱে দাঙিলে আৰু কাষতে নয়নক দেখি প্রথমতে প্রায় চক খােৱাৰ নিচিনা কৰিলে। তাৰ পাছত বিছনাখনৰ পৰা একে জাপেই নামিল, মজিয়াখনতে বহি, ককায়েকৰ আঁঠু দুটাৰ মাজত মূৰটো সুমুৱাই তাই হুকহুককৈ কান্দিবলৈ ধৰিলে। নয়নৰ দুচকু সেমেকি আহিল। সি মুখেৰে একো নামাতি মাথোঁ ভনীয়েকৰ চুলিখিনিৰ মাজেৰে আলফুলকৈ হাতটো বুলাই থাকিল।

[su_button url=”https://nilacharai.com/story-jalachabi-dhrubajyoti-sharma/2/” style=”flat” background=”#e72b27″ size=”7″ center=”yes” radius=”5″ icon=”https://nilacharai.com/wp-content/uploads/2018/02/next-navi-btn.png”]পৰৱৰ্তী পৃষ্ঠা[/su_button]

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts