১ ৯৬১ চন, পুহ মাহৰ এতি শীতৰ সন্ধিয়া, জুইৰ আগত চাহৰ বাটিটো হাতত লৈ মোৰ সৰু খুৰাই পিতাক সুধিছিল,— কাকা, এই বসন্ত আৰু প্ৰৱীণক এদিন গুৱাহাটী চহৰখন দেখুৱাই আনো নেকি? কথাটি শুনি মোৰ মনটোৱে ভিতৰে ভিতৰে চহৰখনক লৈ কল্পনা কৰিব ধৰিছিল। পিতাই কিবা এটি কোৱাৰ আগতে মই মোৰ অনুৰোধ আগুৱাই দি কৈছিলো যে আমাৰ যিহেতু বন্ধ চলি আছে, মোক আৰু প্ৰৱীণ কাকা (দাদা)ক যাতে যাবলৈ অনুমতি দিয়ে। পিতাই মোৰ চকুত চহৰখন চোৱাৰ হেঁপাহ দেখি হাঁহি মাৰি কলে,— যাব খুজিছ যেতিয়া যাবি বাৰু। কিন্তু চহৰলৈ যাবলৈ হ’লে এটা ভাল চোলাৰ প্ৰয়োজন নহ’ব জানো? নতুন চোলাৰ কথা শুনি ফূৰ্তি দুগুণে বাঢ়িল।
আমাৰ পিতা এজন সাধাৰণ খেতিয়ক আছিল। খেতিৰ উপাৰ্জনেৰে তেখেতে আমাৰ যৌথ পৰিয়ালটো নিয়াৰিকৈ চলাই নিছিল আৰু তাৰ মাজতে দুই-এপইচা সাঁচিছিল পৰিয়ালটিৰ ভৱিষ্যতৰ কাৰণে। নিজৰ জমা পইচাকেইটামান উলিয়াই পিতাই আমাক হাফ চাৰ্ট দুটা আৰু লগতে টায়াৰৰ চেণ্ডেল দুযোৰো কিনি দিছিল আমাৰ সাপ্তাহিক নদলা বজাৰৰ পৰা। সেই টায়াৰৰ চেণ্ডেল দুযোৰ পানীৰে চাফ-চিকুণকৈ ধুই মাটিমাহৰ জাবৰৰ জুইত শুকাবলৈ দিছিলো যাতে সোনকালে নষ্ট নহয়। চেণ্ডেলযোৰ শুকুওৱাৰ পাছত বাঁহৰ আলনাত সযতনে ৰাখিছিলো। আমাৰ পৰিয়ালত সেই সময়ত জোতা-চেণ্ডেলৰ ব্যৱহাৰ নাছিলেই, সন্ধিয়াৰ পৰা বিছনালৈ যোৱালৈকে আমি খৰমহে ব্যৱহাৰ কৰিছিলো। লগৰবোৰক চেণ্ডেলযোৰ দেখুৱাই গুৱাহাটীলৈ যোৱাৰ কথা কৈ মই বহুত গৰ্ব অনুভৱ কৰিছিলো।
প্ৰায়ে ৰাতি শোৱাৰ সময়ত গুৱাহাটী চহৰখন কল্পনাতে আঁকি এটি মিঠা আমেজ পাইছিলো। ডাঙৰ ডাঙৰ অট্টালিকাৰ মাজেৰে নিজকে খোজ কাঢ়ি গৈ থকাৰ কল্পনা কৰি ইমান যে আনন্দ অনুভৱ কৰিছিলো! ব্ৰহ্মপুত্ৰ নদীখনক দেখাৰ কল্পনাই মোক মাজৰাতিলৈকে শুবলৈ দিয়া নাছিল। এনেকৈ দিন বাগৰি অৱশেষত সেই দিনটো অহিল, যিটো দিনৰ কাৰণে আমি হেঁপাহেৰে বাট চাই আছিলো।
এফালে মোৰ আৰু প্ৰৱীণ কাকাৰ আনন্দৰ কোনো সীমা নাছিল আৰু আনফালে আমাৰ আইয়ে চকুলো মচি কৈছিল— তহঁত বহুত সৰু হৈ আছ অ’ বাপু…, তহঁত চাৰি-পাঁচ বছৰীয়া দুটাই সেই বিশাল ব্ৰহ্মপুত্ৰখন কেনেকৈ পাৰ হবি? তদুপৰি চহৰৰ বাট-পথবোৰত বহুত গাড়ী-মটৰ চলাচল কৰে…। আইৰ ভয় দেখি খুৰাই মাত দিলে,— বৌ, তুমি ইমান চিন্তা কৰিছা যে? ইহঁতৰ লগত মই থাকিমেই নহয়। আইয়ে আমাক সাবটি ধৰি ক’লে,— তহঁতে তাত ভালকৈ থাকিবি দেই আৰু ৰাস্তা-ঘাট পাৰ হওঁতে খুৰাৰৰ হাত এৰি নিদিবি। আইয়ে আমাক হাতত কেইটামান পিঠা–লাড়ুৰ টোপোলা ৰাস্তাত খাবলৈ দি নানানটা কথা বুজাই বিদায় দিলে।
ৰাতিপুৱাৰ যাত্ৰাবোৰে এটি বেলেগ ধৰণৰ আবেগ প্ৰদান কৰে। সেই যাত্ৰাটো আমাৰ বাবে কোনো সাধাৰণ যাত্ৰা নাছিল, সেই যাত্ৰাটোৱে মোৰ মনত চহৰখনক ওচৰৰ পৰা চোৱাৰ সুযোগেৰে এটি কৌতুহল জগাই তুলিছিল। যিহেতু আমি এখন সৰু ভিতৰুৱা গাঁৱৰ বাসিন্দা আছিলো, আমাৰ বাবে সেই দিনটো স্মৰণীয় হৈ গৈছিল।
মাঘ আৰু ব’হাগ বিহুৰ বতৰত প্ৰায়ে আমাৰ সৰু খুৰাই গুৱাহাটীত গাখীৰৰ বেপাৰ কৰিছিল আৰু সেই সুযোগতে আমাক চহৰখন দেখুৱাবলৈ নিছিল। নতুন চোলা, ‘পেটলুং’ (হাফ পেণ্ট) আৰু টায়াৰৰ চেণ্ডেল পিন্ধি আনন্দতে কেতিয়া যে বাছষ্টেণ্ড পালো, ক’বই নোৱাৰিলো। আমাক বাছত বহুৱাই খুৰাই গাখীৰৰ টিন আৰু অন্যান্য যাৱতীয় বস্তুবোৰৰ সৈতে পিছৰ চিটটোত আমাৰ ওচৰতে বহি লৈছিল । বাছখন চামতাৰ পৰা হাজো হৈ এটা সময়ত আমিনগাঁও পাইছিল। আমি বাছৰ পৰা নামি বিশাল ব্ৰহ্মপুত্ৰখন দেখি আচৰিত হৈ পৰিছিলো— ইমান ডাঙৰ নদী এখন থাকিব পাৰে! নদীখন মোৰ কল্পনাতকৈ কেইবাগুণেই বিশাল আছিল। নদীখন চাই আমি এটি সেৱা জনালো আৰু খুৰাৰ সৈতে আগবাঢ়িলো। নদীৰ ঘাটত ডাঙৰ নৌকাকেইখনমান দেখি মই খুৰাক সুধিলো,— আমি এই নাৱত উঠি যাম নেকি খুৰা? খুৰাই ক’লে,— অঁ। এইবোৰক লঞ্চ্ বুলি কয় বসন্ত। মই তেতিয়াহে বুজি পাইছিলো যে ইমান ডাঙৰ নৌকাও থাকিব পাৰে। খুৰাই ভালদৰে বুজাই ক’লে,— দুখন নৌকা লগ কৰি ইঞ্জিনৰ জৰিয়তে চলোৱা হয় আৰু ইয়াকে লঞ্চ্ বুলি কোৱা হয়, গতিকে তহঁতে ভয় খাব নেলাগে।
নিজকে বিশাল ব্ৰহ্মপুত্ৰৰ মাজত অনুভৱ কৰা সেয়া মোৰ প্ৰথম সুযোগ আছিল। পানীৰ মাজেৰে যাত্ৰা কৰি যোৱা কল্পনাটো অৱশেষত দিঠক হ’ল। সেই অনুভুতিটোৱে মোক এটি ক্ষীণ হাঁহিৰে জীপাল কৰি তোলে। সোঁতে সোঁতে আমি আনটো পাৰ— কাছাৰী ঘাট পালোহি। গাখীৰৰ টিনকেইটা এখন সৰু ভেনত উঠাই খুৰাই আমাকো সেই ভেনখনতে বহুৱাই লৈ গুৱাহাটীৰ বামুণীমৈদামৰ ৰে’ল লাইনৰ ওচৰতে থকা ডাঙৰ খুৰাৰ বাহা (কোঠা/ভাড়াঘৰ) পোৱালেগৈ ।
ডাঙৰ খুৰা এজন ঠিকাদাৰ আছিল, সেই সময়ত ৰে’লৱে কোৱাৰ্টাবোৰ সজাৰ ঠিকা পাইছিল। আমি ডাঙৰ খুৰাৰ বাহা পাওঁতে প্ৰায় সন্ধিয়াই হৈছিল। তেখেতৰ বাহা পাই দেখিছিলো যে খুৰাই লগৰীয়াৰ লগত তাচ খেলি আছিল। ডাঙৰ খুৰাই আমি দুয়োকে দেখি বহুত আচৰিত হৈছিল আৰু ভালো পাইছিল। খুৰাৰ বন্ধুবোৰে আমাৰ নাম সুধিছিল আৰু আমাৰ গুৱাহাটী যাত্ৰাৰ বিষয়ে সুধিছিল। লগতে আমাৰ চোলা আৰু টায়াৰৰ চেণ্ডেলৰ বিষয়ে সুধিছিল। মই এই চোলা আৰু চেণ্ডেল আমাৰ সাপ্তাহিক নদলা বজাৰৰ পৰা পিতাই কিনি দিছিল বুলি গৌৰৱেৰে ক’লো। খুৰাই আমাক ততাতৈয়াকৈ ওচৰৰ চাহ দোকানলৈ নি চাহ-ছিঙাৰা খুৱাইছিল। আমি বৰ তৃপ্তিৰে খাইছিলো। ৰাতি আমি ডাঙৰ খুৰাৰ বাহাত ভাত খাই শুই থাকিলো।
পাছদিনাখন দুপৰীয়াৰৰ ভাত খাই খুৰাই মোক আৰু কাকাক ফাঁচী বজাৰলৈ লৈ গৈ বাটাৰ জোতা আৰু মোজা কিনি দিছিল। আমাৰ টায়াৰৰ চেণ্ডেল দেখি খুৰাৰ বন্ধুসকলে ইয়াকে লৈ প্ৰশ্ন কৰা দেখি খুৰাই চাগে মনতে ক’ৰবাত লজ্জান্বিত অনুভৱ কৰিছিল আৰু আমাক ততাতৈয়াকৈ জোতা-মোজা কিনি দিছিল। মই জোতাযোৰ হাতত লৈ আচৰিত হৈ ৰৈছিলো, কাৰণ যিটো সময়ত আমি গাঁৱত খালি ভৰিৰে খেলি-ধূলি আছিলো, য’ত কেৱল শোৱাৰ আগতহে খৰম পিন্ধি ভৰি-হাত ধুইছিলো, তেনে সময়ত নিজৰ বাবে ভাল জোতা এযোৰ পিন্ধাটো আমাৰ কল্পনাৰ বহু বাহিৰত আছিল। মই আৰু কাকাই ৰাতি জোতা দুযোৰৰ গন্ধ আলেঙে আলেঙে শুঙি বৰ আনন্দ পাইছিলো। নতুন জোতা-মোজা পিন্ধি আমি ডাঙৰ খুৰাৰ লগত পাছদিনাখন আগফালে মূৰ থকা ছিটিবাছত উঠি চিৰিয়াখানা চাবলৈ গৈছিলো। তাত নানা ধৰণৰ জীৱ-জন্তু, চৰাই-চিৰিকটি চাই আমি বহুত ভাল পাইছিলো। লগতে চহৰখনৰ ৰং-বিৰঙৰ দুই-তিনি মহলীয়া ঘৰবোৰ আৰু চাইনবোৰ্ডবোৰ চাই চাই আপ্লুত হৈছিলো।
কেইদিনমান চহৰখন হেঁপাহেৰে চাই এদিন আমি ঘৰলৈ উভতিবলৈ সাজু হ’লো। মই মনতে এটা কথাকে ভাবি আছিলো যাতে আমি বেলি বুৰ যোৱাৰ আগত ঘৰ গৈ পাওঁ। কাৰণ দিনে-পোহৰে গৈ পালে মোৰ লগৰীয়াহঁতে মোৰ নতুন জোতাযোৰ দেখা পাব আৰু নিশ্চয় কিবা মন্তব্য দিব। কিন্তু ঘৰ পোৱাৰ আগতেই নিশাৰ এন্ধাৰ নামি আহিল ধৰাৰ বুকুলৈ। তেতিয়া মনটো খুব বেয়া লাগিছিল। মই গুৱাহাটীৰ পৰা গৈ পোৱা গম পাই মোৰ বন্ধুবোৰে পাছদিনা ৰাতিপুৱা মোৰ ঘৰত উপস্থিত হৈ নতুন জোতাযোৰ লিৰিকি-বিদাৰি চালে আৰু গুৱাহাটী চহৰৰ বিষয়ে উৎসুকতাৰে নানা প্ৰশ্ন কৰিলে। সিহঁতৰ আগত মই মোৰ অভিজ্ঞতা প্ৰকাশ কৰি গৌৰৱ অনুভৱ কৰিছিলো।
❧ | আৰু পঢ়ক: জীৱন সোণোৱালী…
এখন ভিতৰুৱা গাঁৱৰ পৰা ওলাই সৰু কালতে গুৱাহাটী চহৰখন, লগতে ব্ৰহ্মপুত্ৰ নদীখন দেখি মই আপ্লুত হৈ পৰিছিলো। এতিয়াও স্মৃতিবোৰে মোক আবেগিক কৰি বাল্যকালৰ দিনলৈ মনত পেলাই দিয়ে। সেই যাত্ৰাৰ মনোৰম দৃশ্য, ভাল লগা মুহূৰ্ত, আমাৰ কণমানি হৃদয়ত উৎপন্ন হোৱা কৌতূহল, আৱেগ আৰু অনুভূতিবোৰ মোৰ স্মৃতিৰ এখিলা পৃষ্ঠাত চিৰজীৱনৰ বাবে ৰৈ গ’ল।
(মোৰ জীয়ৰী ডলী বৰ্মনৰ বিশেষ উদ্গনি আৰু সহায়ৰ বাবে এইখিনি লিখিবলৈ অনুপ্ৰেৰণা পালো— লেখক।)