আ
ঙ্গিকং ভুবনং যস্য বাচিকং সৰ্ব্ব বাঙ্গয়ম।
আহাৰ্যং চন্দ্ৰ তাৰাদি তং নুমঃ সাত্বিকং শিৱম॥
সমগ্ৰ ভুৱন (পৃথিৱী) যাৰ আঙ্গিক অভিনয়, সমস্ত শাস্ত্ৰ যাৰ বাচিক অভিনয়, চন্দ্ৰ-নক্ষত্ৰাদি যাৰ আহাৰ্য অভিনয়, স্বয়ং যিজনা সাত্ত্বিক অভিনয়ৰ মূৰ্ত প্ৰকাশ,— সেই শিৱক আমি প্ৰণাম কৰোঁ।
এই ‘শিৱ’ নিশ্চয় নিৰাকাৰ পৰম ব্ৰহ্ম। নিৰাকাৰ পৰম ব্ৰহ্মই ৰজোগুণ অৱলম্বন কৰি ব্ৰহ্মা ৰূপে এই জগত সৃষ্টি কৰে। সত্ত্বগুণ অৱলম্বন কৰি বিষ্ণু ৰূপে জগত পালন কৰে আৰু তমোগুণ অৱলম্বন কৰি ৰুদ্ৰ ৰূপে এই জগত ধ্বংস কৰে।
আমাৰ পৌৰাণিক শাস্ত্ৰত শিৱক নৃত্যৰ জনক বা সৃষ্টিকৰ্তা বুলি উল্লেখ কৰিছে। সেইবাবে শিৱৰ আন এটা নাম নটৰাজ। ভৰত মুনিৰ নাট্যশাস্ত্ৰৰ চতুৰ্থ অধ্যায়ত তাণ্ডৱ নৃত্যৰ বিস্তৃত বিৱৰণ আছে। শাস্ত্ৰমতে ব্ৰহ্মাই ভৰত মুনিক নাট্যশাস্ত্ৰৰ শিক্ষা প্ৰদান কৰিছিল। এই ভৰত মুনিয়ে অপ্সৰাসকলৰ লগত মহাদেৱৰ সন্মুখত নাট্য, নৃত্ত আৰু নৃত্য প্ৰদৰ্শন কৰিছিল।
মহাদেৱে ত্ৰিপুৰাসুৰক বধ কৰি যি নৃত্য কৰিছিল, তাক স্মৰণ কৰি নিজৰ শ্ৰেষ্ঠ শিষ্য তণ্ডুৰ দ্বাৰা ভৰত মুনিক নৃত্য শিক্ষা দিয়াইছিল আৰু পাৰ্ৱতীয়ে তণ্ডুক লাস্য নৃত্যৰ শিক্ষা প্ৰদান কৰিছিল।
নৃত্যনো কি? তাল আৰু লয় ৰাখি, ভাৱ আৰু অভিনয় প্ৰকাশ কৰি শৰীৰৰ অঙ্গ সঞ্চালন কৰাকে ‘নৃত্য’ বোলা হয়। আনহাতে কেৱল তাল আৰু লয়ত অঙ্গ সঞ্চালন কৰাকে ‘নৃত্ত’ বোলা হয়। আনহাতে উদ্ধত নৃত্যক তাণ্ডৱ আৰু কোমল নৃত্যক লাস্য নৃত্য বোলে।
এয়া নৃত্যৰ সন্দৰ্ভত আমাৰ শাস্ত্ৰত উল্লেখিত কথা। আমি আলোচনা কৰিবলৈ সামান্য প্ৰয়াস কৰিছোঁ আমাৰ সাংস্কৃতিক স্বাভিমান, আমাৰ ঐতিহ্য— সত্ৰীয়া নৃত্যৰ বিষয়ে, সাম্প্ৰতিক সময়ত এই নৃত্যকলাৰ সন্মুখৰ প্ৰত্যাহ্বানৰ বিষয়ে।
নৃত্যৰ সংজ্ঞা, বৈশিষ্ট্য আৰু স্বৰূপ আদি সকলো ফালৰ পৰা লক্ষ্য কৰিলে আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে আমাক দি থৈ যোৱা অনন্য সুন্দৰ সুকুমাৰ কলাৰ ভিতৰত নৃত্য, গীত, বাদ্য আৰু নাট্য আমাৰ বাবে আপুৰুগীয়া সম্পদ। এই অমূল্য সম্পদৰাজিক নজহা-নপমাকৈ যেনেদৰে আমাৰ পূৰ্বপুৰুষে আমাৰ বাবে সংৰক্ষণ কৰি গ’ল, তেনেদৰে উত্তৰপুৰুষৰ বাবে এই নৃত্যশৈলীৰ ৰূপ, ৰস আৰু গৰিমা অক্ষত ৰখাৰ দায়িত্ব বৰ্তমান প্ৰজন্মৰ। কিন্তু দুখৰ কথা, আমি যেন সেই দায়িত্ব ভাল ধৰণে পালন কৰা নাই। কেৱল নৃত্যৰ সামান্য শিক্ষা লৈ মঞ্চই মঞ্চই, দেশে-বিদেশে পৰিৱেশন কৰিলেই আমাৰ দায়িত্ব শেষ নহয়। সত্ৰীয়া নৃত্যৰ বিভূতি-বৈভৱ শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ নকৰিলে এই আপুৰুগীয়া সম্পদভাগে সময়ৰ সোঁতত নিজস্ব গৰিমা হেৰুৱাই পেলাব।
এতিয়া ডিজিটেল যুগ। সেয়েহে সকলো কলাই ভৌগোলিক সীমাৰ পৰিধি অতিক্ৰমি বহল ক্ষেত্ৰলৈ বিস্তাৰিত হোৱাৰ লগতে এটি কলাই আনটোক সহজে প্ৰভাৱিত কৰে। এই সৰ্বগ্ৰাসী প্ৰভাৱৰ পৰা আমাৰ নৃত্য কলাটিক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।
আমাৰ নৃত্য কলাটিৰ বৈশিষ্ট্যসমূহ অনুধাৱন কৰিব নোৱাৰিলে আমি সচৰাচৰ দেখি থকা বৰ্তমানৰ ৰূপসমূহৰ ভিতৰত কোনখিনি শুদ্ধ, কোনখিনি অন্য কলাৰ দ্বাৰা প্ৰভাৱিত হৈছে তাক নিৰ্ণয় কৰাত অসুবিধা হ’ব। বৰ্তমান সণ্ঢালনিকৈ চলি থকা সত্ৰীয়া নৃত্যৰ ৰূপটোৰ মূলৰ লগত কিমান মিল বা কিমান অমিল, সেই দিশৰ প্ৰতি লক্ষ্য ৰখা বৰ প্ৰয়োজনীয় হৈ পৰিছে। শাস্ত্ৰীয় নৃত্যক ধ্ৰুপদী নৃত্যও বোলা হয়। ধ্ৰুপদী শব্দৰ অৰ্থ প্ৰাচীন, গতিকে প্ৰাচীন ৰূপটো উলাই কৰিলে বা এলাগী কৰিলে নচলিব। আমাৰ সৌভাগ্য যে আমাৰ সত্ৰীয়া নৃত্যধাৰাটি শ শ বছৰ পুৰণি যদিও ই নিজস্ব গুণ-গৰিমা আৰু বৈশিষ্ট্য অটুট ৰাখি এক জীৱন্ত পৰম্পৰা ৰূপত এতিয়ালৈকে বৰ্তি আছে। গতিকে সত্ৰীয়া নৃত্যৰ প্ৰাচীন ৰূপ আৰু বৰ্তমানৰ ৰূপৰ মাজত বিশেষ পাৰ্থক্য থাকিব নালাগে। বৰ্তমানৰ আধুনিক সমাজে গ্ৰহণ কৰকেইবা নকৰক, প্ৰাচীন ৰূপটো অক্ষুণ্ণ নাৰাখিলে সেয়া ধ্ৰুপদী হ’ব নোৱাৰে।
সত্ৰীয়া নৃত্যৰ প্ৰকৃত ৰূপটো কেনে আছিল, সেয়া আমি গমি চাবলৈ সহায় ল’ব লাগিব শাস্ত্ৰৰ। ভৰতৰ নাট্যশাস্ত্ৰ, অভিনয় দৰ্পণ আদিৰ দৰে সত্ৰীয়া নৃত্যৰ পৃথক শাস্ত্ৰ আছে বুলি আমি নাজানো। কেৱল হস্ত সন্দৰ্ভত শুভঙ্কৰ কবিৰ ‘শ্ৰীহস্ত মুক্তাৱলী’ নামৰ গ্ৰন্থখনৰ বাহিৰে আন গ্ৰন্থ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। এইখন পুথিত বৰ্ণিত হস্তৰ উপৰিও সত্ৰীয়া নৃত্যত আৰু বহুতো বৈশিষ্ট্যপূৰ্ণ নিজস্ব হস্ত আছে। গতিকে এইখন পুথিক সত্ৰীয়া নৃত্যৰ আধাৰ গ্ৰন্থ বুলিব নোৱাৰি। সত্ৰীয়া নৃত্য প্ৰজন্মৰ পৰা প্ৰজন্মলৈ পৰম্পৰাগত ৰূপত বৈ আহিছে। সকলোৱে জানে যে সত্ৰসমূহৰ বয়োজ্যেষ্ঠ সত্ৰীয়া অধ্যাপকসকলেই হ’ল এই নৃত্যৰ ব্যাকৰণ। বাহ্যিক কাৰকৰ দ্বাৰা কমকৈ প্ৰভাৱিত হোৱা এই সকলৰ হাততে সত্ৰীয়া নৃত্যৰ আচল ৰূপটো সংৰক্ষিত হৈ আছে বুলিব পাৰি। কিন্তু দুখৰ বিষয় যে এই সকল মহা গুণী শিল্পী এজন এজনকৈ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে। এই সকলৰ পিছৰ প্ৰজন্মৰ প্ৰায়ভাগেই বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈ সত্ৰীয়া নৃত্যৰ প্ৰাচীন মৌলিক গুণসমূহক গুৰুত্ব দিবলৈ এৰি নতুন এক সংমিশ্ৰিত নৃত্যকলাৰ প্ৰচলনত নিজকে জড়িত কৰিবলৈ লৈছে। যাৰ বাবে স্বনামধন্য কলা সমালোচক কপিলা বাৎসায়নে এসময়ত ক’বলৈ বাধ্য হৈছিল যে সত্ৰীয়া নৃত্য এতিয়া কেইবাটাও ঘৰাণা বা স্কুলত বিভক্ত হৈ পৰিছে, কোনোবাটো কথক সত্ৰীয়া নৃত্য, কোনোবাটো ভাৰত নাট্যম আৰু এতিয়াও কোনো কোনো সত্ৰত অবিকৃত থকা সত্ৰৰ সত্ৰীয়া নৃত্য। কথাটো বৰ চিন্তনীয়। নৱ প্ৰজন্মই বা অসমৰ বাহিৰৰ নৃত্য শিকাৰু, গৱেষকে কোন বিধক আঁকোৱালি ল’ব?
সত্ৰীয়া নৃত্যৰ বাবে অহোপুৰুষাৰ্থ কৰা সকলৰ ভিতৰত ড° মহেশ্বৰ নেওগ আৰু কেশৱ চাংকাকতিদেৱে ১৯৬০-ৰ দশকতে সত্ৰৰ গুণী অধ্যাপকসকলৰ পৰা যথেষ্ট সমল গোটাই ১৯৭৫ চনতে যুগুতাই উলিওৱা আৰু অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ‘সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল’ গ্ৰন্থখন বৰ্তমান প্ৰজন্মৰ বাবে এক উল্লেখযোগ্য সম্পদ। ঠিক সেইদৰে সত্ৰীয়া নৃত্যৰ গৱেষক ড° জগন্নাথ মহন্তদেৱৰ গৱেষণা গ্ৰন্থ ‘The Sattriya Dance of Assam’খনো এখন উল্লেখযোগ্য গ্ৰন্থ। সত্ৰীয়া নৃত্যৰ প্ৰাচীনত্ব, মৌলিক বৈশিষ্ট্য, আন আন নৃত্যৰ লগত থকা সাদৃশ্য আৰু পাৰ্থক্যসমূহ অনুভৱ কৰি নিখুঁত ৰূপে চৰ্চা আৰু প্ৰসাৰ কৰিলেহে সত্ৰীয়া নৃত্যক বিশ্ব দৰবাৰত সঠিক আৰু শুদ্ধ ৰূপত উপস্থাপন কৰা হ’ব।
❧ | আৰু পঢ়ক: অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য
সময়ৰ লগত তাল মিলাই প্ৰাচীন ৰূপ-ৰসক অৱজ্ঞা কৰাৰ প্ৰৱণতা আজিৰ দিনত সকলো ক্ষেত্ৰতে বৃদ্ধি পাব ধৰিছে। পুৰণিত নতুন আ-অলঙ্কাৰ আৰু সাজ পিন্ধাই অধিক ৰংচঙীয়া কৰাৰ প্ৰৱণতাই আমাৰ সাংস্কৃতিক ঐতিহ্যৰ ওপৰত কুঠাৰাঘাত কৰিছে। অলঙ্কাৰ অৰু আভৰণৰ ভৰত ভিতৰৰ মূল শৰীৰৰ ৰূপটো আজিকালি ভালকৈ দৃশ্যমান নোহোৱাৰ দৰেই হৈছেগৈ।
Follow Nilacharai on Facebook