মঞ্চস্থ হ’ব: কলাক্ষেত্ৰত সপোনজ্যোতি ঠাকুৰৰ ‘ভগ্নাৱশেষ’

মঞ্চস্থ হ’ব: কলাক্ষেত্ৰত সপোনজ্যোতি ঠাকুৰৰ ‘ভগ্নাৱশেষ’

হা ২৫ ছেপ্টেম্বৰ (২০২৬) তাৰিখে দেৰগাঁও নাট্যচৰ্চা কেন্দ্ৰই শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সহযোগত কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ (পাঞ্জাবাৰী, গুৱাহাটী)ত মঞ্চস্থ কৰিব সপোনজ্যোতি ঠাকুৰৰ নতুন নাটক ‘ভগ্নাৱশেষ’। নাটকখনিৰ পৰিচালনাও সপোনজ্যোতি ঠাকুৰৰ।

সন্ধ্যা ৬.৩০ বজাত মঞ্চস্থ হ’বলগীয়া নাটকখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে— উজ্জ্বল ৰাজখোৱা, পৱিত্ৰ শইকীয়া, ত্ৰৈলোক্য বৰুৱা, দনি সন্দিকৈ, সত্যেন শইকীয়া, ৰাজৰ্ষি মাধৱ ফুকন, দৰ্শনা দেৱী, পম্পি নাথ আৰু বনদীপা গাৰ্গীয়ে।

Bhagnawasesh Drama Artists
ভগ্নাৱশেষ নাটকৰ শিল্পী, কলা-কুশলী

নাটকৰ আলোকসজ্জা আৰু প্ৰক্ষেপনৰ দায়িত্বত আছে ৰাতুল বৰা, সংগীত প্ৰয়োগ দিম্পী নাথৰ আৰু দৃশ্যসজ্জাৰ দায়িত্বত আছে— পৰশ, দেৱজিৎ আৰু কাশ্মীৰ।

নিৰ্ধাৰিত সময়ৰ কমেও পাঁচ মিনিট আগতেই প্ৰেক্ষাগৃহত নাট্যপ্ৰেমীৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।

মঞ্চস্থ হ’ব: কলাক্ষেত্ৰত সপোনজ্যোতি ঠাকুৰৰ ‘ভগ্নাৱশেষ’ | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক