সংবাদপত্ৰৰ দায়িত্ব

সংবাদপত্ৰৰ দায়িত্ব
  • 20 Mar, 2025

ণতন্ত্ৰৰ এটা প্ৰধান স্তম্ভ হ’ল সংবাদ পত্ৰ। সংবাদ পত্ৰৰ জৰিয়তে প্ৰকৃতাৰ্থত পক্ষে বা বিপক্ষে থকা সকলো ৰাজনৈতিক দলৰে মত, কাৰ্য আৰু সফলতা বা বিফলতাৰ মূল্যায়ন কৰিব পৰা যায়। চৰকাৰৰ আঁচনিসমূহৰ যুক্তিযুক্ততা যিদৰে ফঁহিয়াই চাব পাৰি, ঠিক সেইদৰে সেই আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ যাওঁতে সৃষ্টি হোৱা সমস্যা, সফলতা-বিফলতা আদি সকলোবোৰ কথাই আলোচনাৰ মাজলৈ আনিব পাৰি। অকল যে চৰকাৰী পক্ষৰ কাম-কাজহে আলোচনাৰ মাজলৈ আনিব পাৰি, সেইটো নহয়, বিৰোধী দলসমূহে চৰকাৰী আঁচনিসমূহ কিদৰে গ্ৰহণ কৰিছে, তেনে আঁচনিৰ পক্ষে বা বিপক্ষে তেওঁলোকে কিবা কৰিব পাৰে নেকি বা কৰিছে নেকি, তেনে কাম-কাজসমূহৰ ফলাফল কি হ’ব, সেই কথাসমূহো সংবাদ পত্ৰই পৰ্যালোচনা কৰিব পাৰে। সংবাদ পত্ৰই প্ৰকৃতাৰ্থত শাসক আৰু বিৰোধী উভয়ৰে কাৰণে সমাজৰ প্ৰকৃত চিত্ৰটো অংকন কৰি অৱস্থা বুজাত সহায় কৰে। সংবাদ পত্ৰ যদি নাথাকে বা সংবাদ পত্ৰ যদি শাসক দলে নিজৰ ইচ্ছামতে চলায় বা চেন্সৰ কৰে, তেন্তে সংবাদ পত্ৰই প্ৰকৃতাৰ্থত সমাজ, অৰ্থনীতি আৰু ৰাজনীতিৰ প্ৰকৃত বেৰ’মিটাৰ হিচাপে কাম কৰিব নোৱাৰে।

সংবাদ পত্ৰ কিয় নিৰপেক্ষ হ’ব লাগে,— এই প্ৰশ্নটোকে জুখি চোৱা যাওক বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত। অধ্যয়নৰ বাবে আমাৰ প্ৰথম আৰু প্ৰধান আৰ্হি হ’ব পাৰে ছোভিয়েট ৰাছিয়া। ছোভিয়েট ৰাছিয়াত সমাজতন্ত্ৰ গজগজীয়া কৰাৰ উদ্দেশ্য আগত ৰাখি যি শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল, সেই ব্যৱস্থা কালক্ৰমত বৈপ্লৱিক চৰিত্ৰহীন, আমোলাতান্ত্ৰিক আৰু কৰ্তৃত্ববাদী হৈ পৰিছিল। এই ব্যৱস্থাত বাতৰি কাকত আৰু আলোচনীসমূহ আছিল মূলতঃ দলীয় আমোলাতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত। গতিকে এইবোৰত সদায় দলীয় নেতাসকলৰ বা জনতাৰ পৰা বিচ্ছিন্ন হৈ পৰা দলীয় আমোলাতন্ত্ৰৰ দ্বাৰা চেন্সৰ কৰা বাতৰিহে সাধাৰণতে প্ৰকাশ পাইছিল। গতিকে দলৰ বাহিৰৰ মানুহখিনিৰ কাম-কাজ, মনোবেদনা আদি প্ৰকাশ কৰাটো এটা অসম্ভৱ বেপাৰ আছিল। দলীয় নেতাৰ নিৰ্দেশত ঘটা দুষ্কাৰ্য, দুৰ্নীতি, অন্যায় সদায় জনতাৰ অগোচৰেই থাকি গৈছিল। চৰকাৰৰ কাম-কাজ বেয়া পোৱা লোকসকলে নিজৰ মত ব্যক্ত কৰাৰ সুবিধা নাছিল, চৰকাৰ বিৰোধীয়ে নিজৰ মত ব্যক্ত কৰিলে হয় প্ৰাণ হেৰুৱাবলগীয়া হৈছিল নাইবা কাৰাগাৰত দিন কটাবলগীয়া হৈছিল।

একদলীয় শাসনৰ নামত চলা এনে স্বৈৰতান্ত্ৰিকতাৰ ফলত বিৰোধীসকলৰ ভূমিকা হৈছিল শত্ৰুতামূলক, গোপনে তেওঁলোকে বাট চাই থাকিবলগীয়া হৈছিল বিদেশী সংবাদ পত্ৰলৈ, তেওঁলোক হৈ পৰিছিল ষড়যন্ত্ৰমূলক কামৰ অংশীদাৰ। কাৰণ মুক্তভাৱে কথা প্ৰকাশ কৰাৰ সুবিধা দেশৰ ভিতৰত নাছিল। স্তেলিনবাদৰ অন্ধযুগ হিচাপে এই অধ্যায়টো পৃথিৱীৰ ইতিহাসত চিহ্নিত হ’লেও প্ৰকৃতাৰ্থত ইয়াৰ অত্যন্ত গৰ্হিত অশুভ ফলবিলাক মুক্তভাৱে প্ৰকাশ পাইছিল স্তেলিনৰ মৃত্যুৰ পাছতহে। স্তেলিনৰ যুগতো গৃহ-বিদ্ৰোহ, যুদ্ধ-বিগ্ৰহ আদিৰে জটিল হোৱা বাবে দেশৰ স্বাৰ্থতে কিছুমান কঠোৰ নীতি অনুসৰণ কৰিবলগা হৈছিল, এই কঠোৰ ব্যৱস্থাসমূহকে স্তেলিনৰ পাছৰ যুগত আমোলা আৰু দলীয় সামৰিক নেতৃত্বই নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিবলৈ ধৰিলে। এই পৰ্যায়তো ভয়াৱহ আমোলাতান্ত্ৰিক আৰু জনতাৰ পৰা বিচ্ছিন্ন হৈ পৰা সত্ত্বেও প্ৰাভদা, ইজভেস্তিয়া আদি কাকতবোৰে মূলতঃ চৰকাৰী বক্তব্যবোৰকে প্ৰচাৰ কৰি, ভিতৰি ভিতৰি উঁৱলি যোৱা ৰাছিয়াৰ শাসন ব্যৱস্থাটোৰ বাহিৰৰ ঢাকনিখন সুন্দৰ কৰি ৰাখিছিল। এই ঢাকনিখন যে সুন্দৰ নহয়, তাক বৰিছ পেষ্টাৰনেক, ছলঝোনটছিন আদি ঔপন্যাসিকে ভিন্ন দৃষ্টিভঙ্গীৰে পৃথিৱীৰ জনতাৰ সন্মুখত ছবি আঁকিলে।

এই আমোলাতান্ত্ৰিক ব্যৱস্থাটোক আটাইতকৈ ডাঙৰ আঘাত হানিলে ৰাছিয়াৰ বিজ্ঞানীসকলে। অৰ্থনৈতিক ব্যৱস্থাটোক দুঃখজনকভাৱে দৰিদ্ৰ হৈ থকা অৱস্থাত (তুলনামূলকভাৱে) সামৰিক অস্ত্ৰ উৎপাদন আৰু বিপ্লৱ ৰপ্তানি কৰাৰ নামত নিজ দেশৰ আধিপত্য বিস্তাৰ কৰাৰ মানসিকতাৰে কাম কৰা নেতৃবৃন্দৰ বিৰুদ্ধে ছোভিয়েট ৰাছিয়াৰ বিজ্ঞানীসকলে ছাখাৰভৰ নেতৃত্বত প্ৰথম চৰম আঘাত হানিলে। বিজ্ঞানী আৰু বুদ্ধিজীবী তথা যুদ্ধবিৰোধী লোকসকলৰ সমবেত প্ৰচেষ্টাই আমোলাতান্ত্ৰিকতা আৰু কৰ্তৃত্ববাদে জুৰুলা কৰা ছোভিয়েট ৰাছিয়াৰ পতন মাতিলে। কিন্তু ৰাছিয়াৰ দলীয় মুখপত্ৰবিলাকে এই ধ্বংসমুখী অৱস্থাটো ঢাকি ৰাখিবলৈহে শেষলৈকে প্ৰচেষ্টা কৰিছিল। গতিকে অসত্য তথ্যৰে অকল পাঠককে বিভ্ৰান্ত কৰিছিল, সেইটো নহয়, বিভ্ৰান্ত কৰিছিল ৰাছিয়াৰ কমিউনিষ্ট পাৰ্টি আৰু চৰকাৰকো। অৰ্থাৎ যাৰ উপকাৰ কৰিবৰ বাবে একদিশদৰ্শী বাতৰি দিছিল, তাৰেইহে বেছি ক্ষতি হৈছিল। ছোভিয়েট ৰাছিয়াৰ দৰেই পূব ইউৰোপৰ দেশসমূহৰো একেই দশা হৈছিল।

ভাৰতৰ ক্ষেত্ৰত আমি দেখা পাওঁ এটা সুন্দৰ উদাহৰণ। জৰুৰীকালীন অৱস্থাত বাতৰি কাকতসমূহে চৰকাৰী চেন্সৰ মানি লৈ চৰকাৰ বিৰোধী বাৰ্তা প্ৰকাশ প্ৰায় বন্ধ ৰাখিছিল। জৰুৰীকালীন ক্ষমতাৰ অপপ্ৰয়োগ, অত্যাচাৰ আদিৰ বাতৰি প্ৰকাশ পোৱা নাছিল। তথাপি দেখা গ’ল যে জৰুৰীকালীন অৱস্থাৰ অৱসানৰ বাবে হোৱা আন্দোলনৰ অন্তত কংগ্ৰেছ (ই) দল পৰাজয়ৰ সন্মুখীন হৈছিল। এই ক্ষেত্ৰতো দেখা যায় যে যাৰ উপকাৰ কৰিবৰ বাবে নিয়ন্ত্ৰণমূলক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল, সেই কৰ্তৃত্ববাদী চৰকাৰৰে ক্ষতি হৈছিল বেছি।

কিয় এনে হয়? ইতিহাসৰ শিক্ষা কিয় এনেধৰণৰ? কৰ্তৃত্ববাদে কিয় নিয়ন্ত্ৰণৰ জৰিয়তে কাৰ্যৰ সুফল নাপায়? এনে প্ৰশ্নবোৰৰ উত্তৰো তেনেই সহজ। নিয়ন্ত্ৰিত সংবাদ পত্ৰসমূহে এক দিশদৰ্শী বাতৰি পৰিৱেশন কৰা বাবেই প্ৰকৃততে বাতৰিৰ ওপৰত জন-সাধাৰণৰ আস্থা হেৰায়। তেওঁলোকে বাতৰি কাকতসমূহ বিশ্বাস নকৰা হয়। বাতৰি কাকতে যিদৰে বুজায়, মানুহে তাৰ বিপৰীত অৰ্থটো বুজিবলৈ আৰম্ভ কৰে। গতিকে নিয়ন্ত্ৰিত বাতৰি কাকতে যেতিয়া সংবাদ পত্ৰত লিখে যে চৰকাৰৰ জনপ্ৰিয়তা বাঢ়িছে, তেতিয়া মানুহে ধৰি লয় যে চৰকাৰৰ জনপ্ৰিয়তা কমিছে। ফলত নিয়ন্ত্ৰণ থকা অৱস্থাত জয় জয় ময় ময় হৈ থকা চৰকাৰ এটাৰো নিয়ন্ত্ৰণ উঠি যোৱাৰ লগে লগে অৱস্থা অতি বেয়া হয়।

সংবাদ পত্ৰৰ ভূমিকা কিয় মুক্ত আৰু নিৰপেক্ষ হ’ব লাগে, সেই কথা আমি ওপৰৰ আলোচনাৰ পৰা বুজিব পাৰোঁ। চৰকাৰে নিজেই আচলতে নিয়ন্ত্ৰণ ব্যৱস্থা বাদ দিব লাগে। মুক্তভাৱে সংবাদ পত্ৰ চলিবলৈ দিব লাগে। তেহে মুক্তভাৱে গণতান্ত্ৰিক দৃষ্টিভংগী গঢ় লৈ উঠিব আৰু মানুহে স্বাধীন বিকাশৰ পথেদি চৰকাৰ আৰু ৰাষ্ট্ৰক আগবঢ়াই নিব পাৰিব।

বৰ্তমান সংবাদ পত্ৰসমূহৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিলে আমাৰ কেইবাটাও বিভ্ৰান্তিকৰ প্ৰৱণতা চকুত পৰে। যেনে—

এক. কিছুমান বাতৰি কাকত অদৰকাৰীভাৱে চৰকাৰমুখী আৰু কিছুমান একদিশদৰ্শীভাৱে চৰকাৰ বিমুখী। চৰকাৰমুখীসমূহে কেৱল চৰকাৰৰ বন্দনাকে গায়। চৰকাৰবিমুখীবিলাকে আনহাতে চৰকাৰৰ কুৎসা ৰটনা আৰু ভুল কামবোৰত আলোকপাত কৰাত গুৰুত্ব দিয়ে। ফলত মানুহৰ সত্য আৰু অসত্য বুজাত অসুবিধা হয়।

দুই. চৰকাৰমুখী আৰু চৰকাৰবিমুখী দুয়ো ধৰণৰ বাতৰি কাকতৰে আকৌ দুটা প্ৰৱণতা আছে। প্ৰথম কথা, এনে বাতৰি কাকতসমূহৰ বেছিভাগেই মন্ত্ৰী, মহাজন, উদ্যোগপতি, হৰ্ষদ মেহতা, শোভা দে আৰু অমিতাভ বচ্চনহঁতৰ সিফালে থকা দৰিদ্ৰ মানুহৰ সমাজখন দেখাই নাপায়। গতিকে অতি স্বাভাৱিক কাৰণতে এনে বাতৰি কাকতসমূহৰ জৰিয়তে জনসাধাৰণৰ জীৱনৰ প্ৰকৃত অৱস্থা কেতিয়াও ফুটি নুঠে। এনে সংবাদ পত্ৰই আমাৰ সমাজত বেছি, য’ত সমাজৰ সাধাৰণ মানুহৰ জীৱনৰ প্ৰকৃত অৱস্থাৰ কথা লিখাতকৈ অৱস্থাপন্ন ঘৰৰ পোহনীয়া কুকুৰৰ স্বাস্থ্যৰ কথা লিখি ভাল পায়। অৱশ্যে সকলো সংবাদ পত্ৰই যে সেইটো কৰে, আমি তেনে অভিযোগ উত্থাপন কৰিব নোৱাৰোঁ বা কৰা উচিতো নহয়। কিন্তু এই সম্পদশালী বা দেশৰ ৰাজনীতিৰ প্ৰতিপত্তিশালীসকলৰ প্ৰতি দেখুওৱা পক্ষপাতিত্বই যে আমাৰ সংবাদপত্ৰসমূহৰ গুৰুত্ব সত্যনিষ্ঠ মাধ্যম হিচাপে তেনেই হ্ৰাস কৰিছে, তাক আমি সহজেই ক’ব পাৰোঁ।

তিনি. আমাৰ সংবাদ পত্ৰসমূহৰ একাংশৰ আন এটা প্ৰৱণতা হ’ল মুখৰোচক কাহিনী ৰটনা কৰা, প্ৰকৃত সত্য যদি মাত্ৰ পঁচিশ পইচাৰহে, তেন্তে খুন্দি-ভাজি, ডাল জোৰা দি এনে এটা অৱস্থাৰ সৃষ্টি কৰা হয় যে মানুহে মুখৰোচক সস্তীয়া কাহিনীটোৰ মাজৰ পৰা প্ৰকৃত সত্যখিনি বিচাৰি উলিয়াব নোৱৰা হয়। কিছুমানত আকৌ বজাৰ বিস্তাৰৰ উদ্দেশ্যে সস্তীয়া, গৰম বা উতলা খবৰবোৰ প্ৰকাশ কৰাত গুৰুত্ব আৰোপ কৰা হয়।

চাৰি. স্থানীয় বা আঞ্চলিক পৰ্যায়ৰ বাতৰি কাকতসমূহৰ ক্ষেত্ৰত আকৌ এই প্ৰৱণতা বৰ্তমান দেখা গৈছে যে এনে কাকতসমূহে বিশ্ব আৰু দেশৰ প্ৰধান ঘটনা প্ৰৱাহ সাধাৰণতে প্ৰকাশ নকৰে। তাৰ ঠাইত থলুৱা গৰম কাহিনী, হত্যা, লুণ্ঠন, ধৰ্ষণ আদিৰ বাতৰিৰে পৃষ্ঠা ভৰাই দিয়ে। ইয়াৰ ফলস্বৰূপে ক্ৰেতাৰ ৰুচিবোধেই যে নিম্নগামী হৈছে, সেইটো নহয়, বিশ্ব আৰু দেশৰ প্ৰধান খবৰবোৰ সৰবৰাহ নকৰি প্ৰকৃত অৰ্থত ক্ৰেতাক বিশ্বাসঘাতকতা কৰাও হয়। কাৰণ কাকতৰ ক্ৰেতাই বিশ্ব আৰু দেশৰ মূল ঘটনাসমূহৰ যদি সামান্য আভাসো বাতৰি কাকতসমূহৰ জৰিয়তে নাপায়, তেন্তে তেওঁলোকে কিদৰে শেহতীয়া তথ্যৰে নিজৰ জ্ঞানৰ ভঁৰাল চহকী কৰিব? তেওঁলোকে থলুৱা অসমীয়া কাকত এখন লোৱাৰ উপৰি এনে ক্ষেত্ৰত সৰ্বভাৰতীয় আৰু বিশ্বৰ ঘটনাক্ৰমৰ লগত সম্পৰ্ক ৰাখিবৰ বাবে আন এখন বাতৰি কাকত ল’ব লাগিব। ক্ৰেতাক এনে অসুবিধাত পেলোৱাৰ সলনি বাতৰি কাকতে বিশ্ব আৰু দেশৰ প্ৰধান ঘটনাসমূহৰ চমুকৈ হ’লেও এটা আভাস থলুৱা বাতৰি কাকতসমূহত দিব পাৰে।

উক্ত প্ৰৱণতাসমূহৰ বিষয়ে আমি আলোচনা কৰিছোঁ মূলতঃ অসমীয়া ভাষাৰ বাতৰি কাকতসমূহৰ লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি। উক্ত প্ৰৱণতাসমূহ দূৰ কৰিবৰ বাবে সক্ষম হ’ব পাৰিব কেবল এদল সাহসী, নিৰপেক্ষ (সত্যনিষ্ঠ) সাংবাদিক আৰু এচাম সচেতন পাঠকেহে।

এই কথা এতিয়া বহলভাৱে ব্যাখ্যা নকৰিলেও চলিব যে আমি যি নিৰপেক্ষতাৰ কথা ওপৰত উল্লেখ কৰিছোঁ, সেয়া সত্যনিষ্ঠাৰ বাহিৰে আন একো নহয়। সাংবাদিকসকল হ’ব লাগিব সত্যনিষ্ঠ;— নিৰপেক্ষ তেহে হ’ব পাৰিব। সাংবাদিকৰ বাবে সত্যৰ বাহিৰে শিৰ নত কৰিবলৈ বা পূজা কৰিবলৈ আছে কি? নানাৰঙী তথ্য-পাতিৰে ভৰা বাস্তৱ ঘটনাৱলীৰ মাজৰ পৰা হাঁহে চেকি পেলোৱাৰ দৰে লেতেৰা পানীভাগ পেলাই দি প্ৰয়োজনীয় সাৰ বা প্ৰকৃত বস্তুভাগ উলিয়াই অনাটো সাংবাদিকৰ কৰ্তব্য।

এনে সত্যনিষ্ঠ সাংবাদিকসকলে প্ৰকৃতাৰ্থত নাগৰিকসকলক সচেতন, সাহসী আৰু সত্যনিষ্ঠ কৰি তুলিব পাৰে। ইয়াৰ জৰিয়তে প্ৰকৃতাৰ্থত ৰচনা হ’ব পাৰে সুস্থ গণতন্ত্ৰৰ মূল ভেটি।

ৰচনা কাল: ১৯৯৪
পূৰ্ব প্ৰকাশ: অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উৎসৱ উদযাপন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ (ডিচেম্বৰ, ১৯৯৪)

❧ | আৰু পঢ়ক:

সংবাদপত্ৰৰ দায়িত্ব | যতীন্দ্ৰ কুমাৰ বৰগোহাঞি

Follow Nilacharai on Facebook