এ টা নির্দিষ্ট ভৌগোলিক পৰিসীমাৰ ভিতৰত নিজস্ব সামাজিক আৰু সাংস্কৃতিক মান বজাই ৰাখি সমন্বয়ৰ মাজেদি বসবাস কৰা লোকসকলক লৈয়ে একোটা জাতি গঢ় লৈ উঠে আৰু সেই লােকসকলৰ জাতীয় চেতনাবোধৰ মাধ্যমেদিয়েই জাতিটোৰ পৰিচয় উজ্জীৱীত হৈ উঠে। প্রকৃতাৰ্থত প্রতিজন ব্যক্তিয়েই নিজৰ দেশখনক আৰু জাতিটোক অকৃত্রিমভাৱে ভাল পাব পাৰিলেই, নিজৰ ন্যস্তস্বার্থক বিসর্জন দি মহান স্বার্থৰ হকে কাম কৰাৰ মানসিকতা গঢ়ি তুলিব পাৰিলেই জাতিটোক উচ্চ আসনত প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ব পৰা যায় আৰু ইয়েই জাতীয় চেতনাৰ আদৰ্শক উজ্জ্বলতৰ কৰি এটা উন্নত জাতিৰ ইতিহাস ৰচনা কৰে।
বিশ্বৰ ভিতৰতে বৃহত্তম গণতান্ত্রিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ এখন অংগৰাজ্য হিচাপে আমাৰ ৰাজ্য অসমৰ লােকসকলে প্রকৃতপক্ষে নিজস্ব ভাষা, নিজস্ব সংস্কৃতি, নিজস্ব সামাজিক ব্যৱস্থা আদি দিশসমূহ সামৰি সুস্থ-সবল অসমীয়া জাতি হিচাপে পৰিচয় দাঙি ধৰিব পাৰিছােঁনে? সাম্প্রতিক সময়ত এইটো এটা ডাঙৰ প্রশ্ন হিচাপে দেখা গৈছে । দেখা গৈছে– বিশ্বৰ উন্নত জাতিসমূহৰ লােকসকল সদা-সর্বদা জাতিটোৰ সন্মান আৰু মৰ্যাদাৰ প্রতি সচেতন আৰু তেওঁলােকে জাতীয় চেতনাৰ আদৰ্শক আন্তৰিকতাৰে গ্ৰহণ কৰি বিশ্বদৰবাৰত নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । কিন্তু বিভিন্ন সমস্যাত পৰা আমাৰ জাতিটোক মুকলি বতাহৰ মাজলৈ আনিবলৈ যেন কাৰােৰে সময় নাই। ৰাজ্যখনত ৰাইজৰ দ্বাৰা গঠিত এখন চৰকাৰ আছে, কিন্তু প্ৰৱঞ্চনা, প্ৰতাৰণা, বােকা ছটিওৱাৰ খেলত ব্যস্ত হৈ ৰাইজৰ সুখ-সুবিধাৰ প্রতি যেন এই সকলৰ দৃষ্টি দিবলৈ সময় নাই। চৌদিশে দুর্নীতিৰ পােহাৰ । দুর্নীতিগ্রস্ত মন্ত্রী, আমােলা-বিষয়াৰ পৰা এটা জাতিয়ে বাৰু কি আশা কৰিব পাৰে? পদে পদে বিপদত পৰা, চেপা কুঁহিয়াৰৰ সিতা হৈ পৰা সাধাৰণ শ্রেণীৰ অসমীয়াই এতিয়া নাকান্দিলে একো নাপায়। সম্পদৰে পৰিপূর্ণ আমাৰ অসমৰ অসমীয়াই পাইছে কি? ৰাজ্যখনৰ সম্পদৰাজি লুণ্ঠন কৰাই হ’ল কেন্দ্রৰ প্রধান ধর্ম। অসমীয়াৰ আপুৰুগীয়া সম্পদ ভাষাটোও যেন নিয়তিৰ কৰাল গ্রাসত পৰাৰ উপক্রম হৈছে। ১৯৭২ চনত শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ দাবীত ৰাজ্যখনত হৈ যােৱা ব্যাপক আন্দোলনৰ পাছতাে শেহতীয়াকৈ অসমীয়া ভাষা প্রচলন কৰিবলৈ অসম সাহিত্য সভাই পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছে। বিষয়টো ইতিবাচক। কিন্তু মাতৃভূমিতে মাতৃভাষা ৰক্ষাৰ বাবে আন্দোলন কৰিবলগীয়া অৱস্থা কিমান সন্তোষজনক বা দুর্ভাগ্যজনক, সেয়া বুজাই কোৱাৰ প্রয়ােজন নিশ্চয় নাই।
দৰাচলতে ভাষা হৈছে এটা জাতিৰ প্ৰথম আৰু প্রধান পৰিচয়। গতিকে অসমীয়া ভাষা অসমীয়া জাতিৰ মূল উপাদান। মাতৃভাষাৰ কথিত আৰু লিখিত– এই দুয়ােটা ৰূপৰ লগতেই প্রতিজন ব্যক্তি, প্রতিজন সন্তান গভীৰভাৱে পৰিচিত হ’লেহে প্ৰকৃতাৰ্থত আমাৰ ৰাজ্যখন আৰু আমাৰ জাতিটোৱে শিৰ উচ্চ কৰাৰ শক্তি লাভ কৰিব। প্রকৃতাৰ্থত ভাষাৰ অধ্যয়ন আৰু চর্চাই শব্দৰ ভাণ্ডাৰ চহকী কৰে। এই ক্ষেত্ৰত আমাৰ বিদ্যালয়সমূহৰ ভূমিকাও অপৰিহার্য। দেখা গৈছে, অসমৰ অফিচ-কাছাৰিত আমাৰ ৰাজ্যিক ভাষা প্রচলনত চৰকাৰী পক্ষই যেনেভাৱে অনীহা প্রকাশ কৰি আহিছে, ঠিক তেনেকৈয়ে শিক্ষাৰ ক্ষেত্ৰতাে যথেষ্ট ত্ৰুটি আছে। শৈক্ষিক দিশত, বিশেষকৈ চৰকাৰী প্রাথমিক বিদ্যালয়সমূহ ত্ৰুটিমুক্ত নােহােৱাৰ বাবেই ৰাজ্যখনৰ সিংহভাগ অভিভাৱকৰেই নিজ নিজ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভর্তি কৰােৱাৰ প্রৱণতা গঢ় লৈ উঠিছে। লগতে ইংৰাজী মাধ্যমত শিক্ষা দিয়াব পাৰিলেহে উপযুক্ত মানুহ হৈ উঠিব বুলি গঢ়ি উঠা ধাৰণাই সম্প্রতি আমাৰ ভাষাটোৰ প্রতিয়েই চৰম সংকট কঢ়িয়াই আনিছে। আনহাতে আমাৰ উঠি অহা প্ৰজন্মৰ এটা অংশৰ মাজত অসমীয়া লিখিত ভাষাজ্ঞানৰ অভাৱ আৰু অসমীয়া ভাষাৰ প্রতি চৰম অনীহাৰ ভাব সােমাই পৰাটো স্বাভাৱিক বিষয়ত পৰিণত হৈছে। এয়া এক নিম্নগামী গতি বুলি ক’ব পৰা যায় আৰু এই গতিয়ে অসমীয়া ভাষা শিকাৰ দিশত যে এক ঋণাত্মক প্রভাৱ পেলাব সি নিশ্চিত।
বিভিন্ন জাতি-জনগােষ্ঠীৰে সংমিশ্ৰিত অসমীয়া জাতিয়ে মাতৃভাষা অসমীয়াকে সাবটি থাকিলে নহ’ব, সিও ধুৰূপ। অসমীয়াৰ লগতে দেশৰ অন্যান্য আঞ্চলিক ভাষা; ইংৰাজী, হিন্দী, ফৰাচী,আৰবী আদি ভাষাৰ শিক্ষা লাভ কৰাটোও প্রয়ােজন। আনহাতে অসমৰ থলুৱা বড়াে, কাৰ্বি, তিৱা, মিছিং, আদিবাসী, কোঁচ-ৰাজবংশী আদি ভাষাও সমানে আয়ত্ব কৰিব লাগিব আৰু সকলাে থলুৱা ভাষা-সংস্কৃতিৰ উন্নয়ন হ’বই লাগিব। কিন্তু আমাৰ অসমীয়াৰ পৰিচয় অসমীয়া ভাষা। এই অসমীয়া ভাষা জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব– তাত দ্বিমত হ’বলগীয়া নাই। কিন্তু আমি অসমীয়াই আমাৰ নিজৰ মাতৃভাষাটোৰ উন্নয়নৰ বাবে কি কৰিছােঁ সেইটোহে ভাবিবলগীয়া। আমাৰ নিজৰ সন্তানসকলক ভাষাটোৰ প্রতি সম্মান জনাবলৈ শিকাইছােনে? জন্মৰ পাছতেই আজিৰ একাংশ অসমীয়াই তেওঁলােকৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ালেহে উপযুক্ত নাগৰিক হ’ব বুলি ভাবিবলৈ লৈছে আৰু কার্যক্ষেত্ৰতাে তাকেই কৰিছে। বহু অসমীয়া সন্তানে অসমীয়াত কৰা প্ৰশ্নৰ উত্তৰ অসমীয়াত দিব নাজানে। তােমাৰ নাম কি বুলি সুধিলে উত্তৰ পােৱা যায়– “মাই নেম্ ইজ…”! মামা-মামী, পেহা-পেহী, খুৰা-খুৰী আদি শব্দবােৰ এইসকল নতুন প্রজন্মই শিকাই নাই। টিভি চিৰিয়েল, কার্টুন, মােবাইল, ইণ্টাৰনেট, ফেচবুক, হােৱাটছএপত একেৰাহে ব্যস্ত হৈ থকা এনে শিশুৱে অতিথিক কৰিবলগীয়া ব্যৱহাৰ অর্থাৎ অসমীয়াৰ সামাজিক ৰীতিসমূহৰাে শিক্ষা লাভ কৰা নাই। এয়া সকলােৱে দেখি থকা উদাহৰণহে মাথােন। গতিকে এক কথাত ক’ব পৰা যায়, আমাৰ ভাষাটোৰ বিকৃতি ঘটিছে আৰু জাতীয় চিন্তাধাৰাতাে কেণা লাগিছে।
❧ | আৰু পঢ়ক: মাতৃভাষা আৰু আদৰ-অনাদৰ ইত্যাদি
এইটো ঠিক যে অসমৰ চৰকাৰী ভাষা আইনৰ সফল ৰূপায়ণত চৰকাৰী বিভাগবিলাকে একো মনােযােগ দিয়া নাই। চৰকাৰী বিভাগসমূহত অসমীয়া ভাষা এলাগী হৈ থকাৰ বাবেই সকলাে শ্রেণীৰ ৰাইজ বিপদত পৰিছে আৰু ভাষাটোও কোঙা হ’বলৈ বাধ্য হৈছে। ১৯৬০ চনত ‘অসম চৰকাৰী ভাষা আইন’ গৃহীত হােৱাৰ পাছত কেইবাবাৰাে সংশােধন হৈছিল যদিও ১৯৮৫ চনত অসমৰ সকলাে কার্যালয়ত অসমীয়া ভাষা প্রয়ােগ কৰিবলৈ চৰকাৰীভাৱে নির্দেশ দিয়া হৈছিল। আনহাতে, ১৯৭০ চনত গ্ৰহণ কৰা আইন অনুযায়ী সকলাে শ্ৰেণীৰ ৰাইজে অভাৱ-অভিযােগসমূহ ৰাজ্যত চলা যিকোনাে ভাষাতে জনাব পৰাৰ অধিকাৰ লাভ কৰিছিল। ইয়াৰ বিপৰীতে চৰকাৰে ৰাইজৰ আবেদনৰ উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়াত, কাছাৰ জিলাত বাংলাত, স্বায়ত্বশাসিত জিলাসমূহত ইংৰাজীত দিব লাগিব বুলি কৰা এই আইন বলৱৎকৰণৰ পাছত এতিয়াৰ পৰা প্রায় ৩০ বছৰ আগতে ইয়াৰ সংশােধিত ৰূপৰ বলৱৎকৰণ হৈছিল যদিও বাস্তৱক্ষেত্ৰত অসমৰ চৰকাৰী কার্যালয়সমূহত ইংৰাজী ভাষাইহে মুখ্য স্থান পাই আহিছে, যাৰ বাবে সাধাৰণ চহা ৰাইজে ইংৰাজীত আবেদন-নিবেদন জনােৱাৰ ক্ষেত্ৰত কিমান কষ্ট ভােগ কৰিবলগীয়া হৈছে, সেই কথা সকলােৱে জানে। এতিয়া এনেকুৱা এটা ধাৰণা শিপাই পৰিছে যে অসমীয়া ভাষাত ক’লে বা লিখিলে যেন বৰ সৰু হৈ যাব লাগিব আৰু ইয়াৰ বিপৰীতে ইংৰাজী প্রয়ােগ হ’লে যেন সকলাে ফালৰ পৰাই সন্মানজনক স্থিতি ৰক্ষা কৰিব পাৰিব। বিষয়টো চিন্তা কৰিবলগীয়া। সকলােতকৈ পৰিতাপৰ বিষয়, অসমত থকা ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষা বাধ্যতামূলক কৰিবলৈ জনমত সৃষ্টি কৰিবলগীয়া হৈছে। কর্ণাটক চৰকাৰে দহ বছৰৰ আগতেই চাৰি শতাধিক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত কানাড়া ভাষা বাধ্যতামূলক কৰিছিল। অসমত অসম চৰকাৰে নােৱাৰিব কিয়? মাথোন সদিচ্ছা লাগিব। আমি পাহৰিব নেলাগিব– প্রথমতে আমি অসমীয়া, তাৰ পিছতহে আমি ভাৰতীয় নাগৰিক। আমি জনা উচিত– মাতৃভাষাৰ সীমিত জ্ঞানেৰে নিজৰ পৰিচয় দাঙি ধৰিব কাহানিও নােৱাৰি। শেহতীয়াকৈ ৰাজ্য চৰকাৰে বড়াে ভাষাক বড়াে অধ্যুষিত এলেকাৰ সহযােগী ভাষা হিচাপে হিচাপে স্বীকৃতি প্রদান কৰিছে। স্বাভাৱিকতে এইটো আদৰণীয় আৰু গ্রহণযােগ্য। ৰাজ্য চৰকাৰৰ এই উচিত পদক্ষেপে বড়াে সমাজৰ লগতে বিভিন্ন জাতি-জনগােষ্ঠীৰ সমন্বয়ৰে পুষ্ট অসমীয়া জাতিৰ মৰ্যাদা ৰক্ষাত যথেষ্ট সমল যােগাব বুলি আমি নিশ্চিত।
❧ | আৰু পঢ়ক: মাতৃভাষা স্বাভিমান হওক
এই কথা অস্বীকাৰ কৰিব নােৱাৰি যে সম্প্রতি ইংৰাজী ভাষাই বিশ্বৰ সংযােগী ভাষাৰ স্থান দখল কৰিছে আৰু দৈনন্দিন জীৱনৰ সর্বস্তৰতে ই প্রয়ােজনীয় হিচাপে গণ্য হৈছে। গতিকে সঁচা অৰ্থতেই এই ভাষাত ভাল দখল থাকিলেহে বিশ্বৰ বিভিন্ন স্তৰত খাপ খাব পৰা যাব। এটা দশকৰ আগলৈকে জাপান, চীন আদি দেশত ইংৰাজী ভাষাই বিশেষ স্থিতি লাভ কৰা নাছিল যদিও পৰিস্থিতি আৰু পৰিৱেশৰ তাগিদাত ইংৰাজী ভাষাক এনেবােৰ দেশেও আঁকোৱালি ল’ব লগাত পৰিছে। গতিকে বিশ্বৰ বিভিন্ন দেশৰ সমাজ জীৱনৰ অতি ভিতৰভাগলৈকে যে ইংৰাজী ভাষা প্ৰসাৰিত হৈছে, তাক সকলােৱে স্বীকাৰ কৰিবই লাগিব আৰু সেই কাৰণেই ইংৰাজী ভাষাত ব্যুৎপত্তি যে লাভ কৰাটো অতি প্রয়ােজন, সেই কথাও মানি ল’ব লাগিব। বিদেশত চাকৰি কৰিবৰ কাৰণে, ফুৰিবৰ বাবে, দেশৰ চুকে-কোণে যিকোনাে পৰিৱেশত মিলি পৰিবৰ বাবে, উচ্চ শিক্ষা লাভ কৰাৰ বাবে আদি অনেক দিশত ইংৰাজীকে ধৰি অন্যান্য ভাষাৰ শিক্ষা লাভ কৰাৰ প্রয়ােজনীয়তা নুই কৰিব নোৱাৰি। অসমৰ বাহিৰলৈ যাবই লাগিব, বিশ্বৰ বিভিন্ন ক্ষেত্ৰত নিজকে প্রতিষ্ঠা কৰিবই লাগিব, বিভিন্ন ভাষা শিকিবই লাগিব, ব্যুৎপত্তি লাভ কৰিবই লাগিব; কিন্তু সেই বুলি মাতৃভাষাক আওকাণ কৰি ইংৰাজীক মুখ্য স্থান দি অসমীয়া ক’ব বা লিখিব নজনা বিষয়টো কেতিয়াও গ্রহণযােগ্য হ’ব নােৱাৰে। প্রণিধানযােগ্য যে ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণে বিদেশী ভাষা এটাক জ্ঞান আহৰণৰ মাধ্যম কৰি লােৱাটো শিক্ষাবিজ্ঞানৰ দৃষ্টিতেই অযুক্তিকৰ বুলি মাতৃভাষাৰ সপক্ষে থিয় দিয়াৰ লগতে ১৯৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগৰ প্রতিবেদনত মাতৃভাষা শিক্ষাৰ ওপৰত গুৰুত্ব প্রদান কৰি কৈছিল– “মাতৃভাষা শিকা মানে কেৱল লিখা-পঢ়া বা শব্দভাণ্ডাৰ বৃদ্ধিৰ কথাটোৱেই নুবুজায়, ই হৈছে ছাত্র-ছাত্রীৰ সামগ্রিক ব্যক্তিত্বৰ বিকাশ সাধন কৰাৰ উৎকৃষ্ট আৰু মননশীল মাধ্যম।” ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণে গ্ৰহণ কৰা এই স্থিতিৰ বহুকেইটা দশক পাৰ হৈ যােৱাৰ পাছতো আমি আমাৰ মাতৃভাষাৰ উচিত মূল্যায়ন কৰিছােঁনে?
❧ | আৰু পঢ়ক: জুবিন গাৰ্গৰ আবেদন: আইৰ মুখৰ মাত
আমি দৃঢ় হােৱা দৰকাৰ– আমি পৃথিৱীৰ যি ভাষাই নিশিকোঁ কিয়, মাতৃভাষা সকলােৰে ওপৰত আৰু ইয়াক অৱহেলা কৰাটো কোনাে কাৰণতে সহ্য কৰা নহ’ব। কাৰণ মাতৃভাষা হ’ল একেধাৰে সঁজুলি, আনন্দ, সুখ আৰু জ্ঞানৰ উৎস, ৰুচি আৰু অনুভূতিৰ পৰিচালক। সেইবাবেই আমি নকল চাহাব হােৱাৰ বাসনা ত্যাগ কৰি জাতিটো আৰু ভাষাটোৰ প্ৰতি থকা দায়ৱদ্ধতা স্বীকাৰ কৰি উঠি অহা প্ৰজন্মক একো একোজন ভাল অসমীয়া কৰি গঢ়ি তুলিবলৈ সংকল্প গ্রহণ কৰিব লাগিব। এই মুহূৰ্তত এয়াই সময়ৰ আহ্বান।