ঠাঁ চকৈ উঠা শব্দটোৰ ফালে চাই সিহঁতে দেখিলে গালখনত হাত দি বিভূতি তলমূৰ কৰি বহি আছে। ওচৰতে থিয় হৈ আছে বৃন্দা। প্ৰকাশ, বসন্ত, বৰুণ, ইলা, বৃন্দা, নৱ, সূৰ্য, নীলম আৰু বিভূতি— এই নটাই হৈছে ৰত্নপুৰ গাঁৱৰ নৱৰত্ন। অৱশ্যে বিভূতিৰ এইখন মোমায়েকৰ গাঁওহে। নিজৰ ঘৰখনৰ আৰ্থিক অনাটনে তাক সৰুতেই আনি মোমায়েকৰ ঘৰত থিতাপি লোৱালেহি। গাঁওখনৰ সকলো কামতে আগৰণুৱা নৱৰত্ন সেইদিনাও গোট খাইছিল বকুলজোপাৰ তলত— গাঁৱৰ ৰাসখন পতা সম্পৰ্কে আলোচনা কৰিবলৈ। সকলো ঠিক হ’ল। এতিয়া ৰাইজক গোট খুৱাই নাটভাগ মেলি ভাও-ভাৱৰীয়া ঠিক কৰিলেই হ’ল।
— ‘এইবাৰ বেলেগক ভাও নিদিওঁ বুজিছ। আমি নিজেই ভাও ল’ম।’ বসন্তই হাঁহি হাঁহি কৈছিল।
— ‘বঢ়িয়া হ’ব।’ নীলমে বসন্তৰ কথাতে সুৰ মিলালে।
— ‘ঠিক আছে, মইতো শংঙ্খচূড় আছোঁৱেই, মেক-আপৰ খৰচো নালাগে।’ সূৰ্যই হাঁহি হাঁহি ক’লে। তাৰ কথাত গোটেইকেইটাই গিৰিজনি মাৰি হাঁহি উঠিল।
— ‘কৃষ্ণ তেনেহ’লে বিভূতিয়েই হ’ব। এতিয়া বিভূতি ক’চোন— তই কৃষ্ণ হ’লে, তোৰ ৰাধা কোন হ’ব?’
— ‘কিয়, তই দেখোন আছই।’ বিভূতিয়েও কোনো চিন্তা নকৰাকৈ ইলাৰ মুখলৈ চাই ক’লে। ঠিক ইয়াৰ পাছতেই সিহঁতৰ কাণত পৰিছিল শব্দটো। থৰ হৈ ৰৈ গৈছিল বিভূতি। আনবোৰো নিশ্চুপ হৈ ৰৈছিল। সিহঁতেও ধৰিব পৰা নাছিল কথাটো কি হ’ল! এসময়ত বৃন্দা খঙেৰে আঁতৰি গৈছিল সিহঁতক তাতে এৰি। এটা-দুটাকৈ সিহঁতে আহি বিভূতিক ঘেৰি ধৰিছিলহি, কিন্তু কোনেও তাক সান্ত্বনা দিয়াৰ সাহস গোটাব পৰা নাছিল। নিঃশব্দে, নিশ্চুপে সকলো ঘৰা-ঘৰি গৈছিল।
মোমায়েক জগন্নাথ শইকীয়া আচৰিত হৈছিল বিভূতিৰ কথা শুনি। সি বোলে ইয়াত আৰু নাথাকে। মামীয়েকৰ কন্দা-কটা, মোমায়েকৰ বুজনি— একোৱেই টলাব নোৱাৰিলে তাক। পুৱাই সি গৈ নীলমৰ ঘৰ ওলাইছিলগৈ।
— ‘ইহঁতকেইটাক লগ কৰিব নোৱাৰিলো। তোকে মাত লগাই যাওঁ বুলি সোমালো।’
— ‘যাৱ, কলৈ যাৱ?’ নীলমে আচৰিত হৈ তাক সুধিছিল।
— ‘ঘৰলৈ।’ বিভূতিয়ে কোনোমতে উত্তৰটো দিছিল।
— ‘কেতিয়া আহিবি?’
— ‘একেবাৰে ওলালো। বৃন্দাক এইখন দিবি।’ নীলমৰ প্ৰশ্নটোৰ উত্তৰত সৰু কাগজ এখন নীলমৰ হাতত দি সি কৈছিল।
সেই যে সি ওলাই গৈছিল নীলমহঁতৰ পদূলিৰ পৰা, তাৰ পাছৰ পঁচিশটা বছৰত কোনো সম্পৰ্ক ৰখা নাছিল ৰত্নপুৰৰ লগত। আনকি মোমায়েকহঁতৰ ঘৰলৈয়ো সি অহা নাছিল। বৃন্দা নামটোৱে যেন তাক বাৰে বাৰে বাধা দি আহিছিল ৰত্নপুৰলৈ আহিবলৈ। আজি সি আহিছে তাৰ স্কুলৰ ঠিকনাত পোৱা এখন চিঠিৰ কাৰণেহে। সি এৰি থৈ অহা সিহঁতৰ শৈশৱৰ ৰম্যভূমি ৰত্নপুৰত সিহঁতে নিজ হাতে গঢ় দিয়া পুথিভঁৰালটোৱে পঁচিশ বছৰত ভৰি দিব। সিহঁতৰ লগৰ সকলোবোৰ গোট খাব। সি যাবই লাগিব বোলে। শেষত তাক চিঠিখনত সকীয়াই দিছে— যদি সি নাযায়, সি যাতে ধৰি লয় তাৰ শৈশৱৰ বন্ধুকেইটা আৰু এই পৃথিৱীত নাই।
— ‘দাদা, সুৱাগপুৰ পালোহি।’
কণ্ডাক্টৰজনৰ মাতত তাৰ টোপনি ভাগিল। ওৰেটো নিশাৰ যাত্ৰাৰ অন্তত সি গাড়ীৰ পৰা নামিল। সুৱাগপুৰ নামৰ ঠাইকণেও ইতিমধ্যে সাৰ পাইছে। ইয়াৰ পৰা সি যাব লাগিব পাঁচ মাইল দূৰৈৰ তাৰ কলিজাৰ এফাল ৰত্নপুৰলৈ।
গাড়ীখনৰ পৰা নামি সি আচৰিত হ’ল। এইখন তাৰ চিনাকি সুৱাগপুৰখন হয় জানো? এই সাত বজাতে ৰাস্তাৰ কাষত গোট খাই আছে বিশ-ত্ৰিশখনমান সৰু গাড়ী আৰু টেম্প’। সি তাৰ চিনাকি কৃষ্ণচূড়াজোপাৰ ফালে চালে। সুৱাগপুৰলৈ আহিব লগা থিয়েটাৰ পাৰ্টি এটাৰ বেনাৰ এখন গাত মেৰিয়াই তাৰ চিনাকি কৃষ্ণচূড়া গছজোপা থিয় হৈ আছে। সেইজোপাৰ তলতে থকা তিনিখন দোকান আৰু পৰিবহণৰ একমাত্ৰ ভৰসা প্ৰফুল্লকাইৰ ৰিক্সাখনেৰে চেণ্টাৰ নাম পোৱা সুৱাগপুৰে এতিয়া শতাধিক দোকানৰ সমষ্টিৰে চহৰ উপাধি ল’লে। সি চাৰিউফালে চকু ফুৰালে। প্ৰফুল্লকাইৰ ৰিক্সাখন ক’ত? ধেৎ! কি কথাবোৰ যে ভাবিছোঁ! মই ইয়াৰ পৰা যাওঁতেই দেখোন প্ৰফুল্লকাইৰ বয়স আছিল ষাঠিৰ ওপৰত আৰু আজিকালিনো বাৰু কোন ৰিক্সাত উঠিব?
— ‘কলৈ যাব?’ টেম্প’খনৰ পৰা মূৰটো উলিয়াই ল’ৰাজনে তাক সুধিলে।
— ‘ৰত্নপুৰ।’ সি চমুৱাই কৈ থ’লে। হাইস্কুলৰ পৰা কলেজ পাছ কৰালৈকে এই পাঁচ মাইল বাট সিহঁত সুৱাগপুৰৰ পৰা খোজকাঢ়িয়েই আহিছিল। কিমান যে কথা, কিমান যে কাহিনী!
মোমায়েকৰ ঘৰ পায়েই মামীয়েকৰ অভিযোগ-আবদাৰৰ অন্তত ভাতমুঠি খাই তেতিয়াই ওলাই নোযোৱাৰ সিদ্ধান্ত লৈ বিভূতিয়ে বিছনাখনত বাগৰ দিলে। কোঠাটো প্ৰায় একেই আছে। পুৰণি কথাবোৰ ভাবি থাকোঁতেই কেতিয়ানো তাৰ টোপনি আহিল, সি গমেই নাপালে। মোবাইল ফোনটোৰ কল্কল্নিতহে তাৰ টোপনি ভাগিল। সি ধহমহকৈ বিছনাখনত বহিল। নাই, কোনোবা কোম্পানীৰ ফোন।
— ‘সাৰ পালি? ৰ মই চাহ বাকোঁ।’
মামীয়েকে দিয়া চাহকাপ খাই সি ওলাই যাবলৈ সাজু হ’ল। লাহে লাহে সন্ধ্যা নামিছে। অক্টোবৰ মাহৰ নাতিশীতোষ্ণ সন্ধ্যাটো বেয়া লগা নাই তাৰ। সি এখোজ-দুখোজকৈ আগবাঢ়িল। একেই আছে গাঁওখন। আগৰ দৰেই শান্ত। উঠি অহা চামটোক উদণ্ড হ’বলৈ সম্ভৱতঃ আগৰ চামে সুবিধা দিয়া নাই। সি গৈ লাইব্ৰেৰীটোৰ সন্মুখত ৰ’ল। মঞ্চসংযুক্ত বিশাল ৰভাখনে লাইব্ৰেৰী ঘৰটো ঢাকি ধৰিছে। সি মঞ্চটো সজাই থকা ল’ৰাকেইটাৰ ফালে চাই থাকোঁতেই ওচৰতে ছোৱালী এজনীৰ মাত শুনিলে— ‘কাৰোবাক বিচাৰিছে নেকি?’
— ‘নীলম— ।’
সি বাক্যটো শেষ কৰাৰ আগতেই ছোৱালীজনীয়ে ক’লে— ‘আপুনি নীলম খুৰাক বিচাৰিছে? আহক।’
ছোৱালীজনীৰ ব্যৱহাৰতেই সি গম পালে, তাৰ অনুমান সত্য। ঠাইকণৰ বাট-পথবোৰহে পকা হৈছে, সম্বন্ধৰ বীজ সিঁচিব পৰাকৈ মনবোৰ এতিয়াও লুপথুপীয়াই হৈ আছে।
তাৰ হঠাৎ-প্ৰৱেশে মৌন কৰি পেলালে অলপ আগলৈকে হাঁহিৰে উচ্ছল হৈ থকা সৰু কোঠাটো।
— ‘আহকচোন, আহক। বহক।’ সূৰ্যই সসন্মানে তালৈ চকী এখন আগবঢ়াই দিলে।
— ‘শঙ্খচূড়ো সভ্য হ’ল নেকি আজিকালি? কৃষ্ণক বহিবলৈ চকী আগবঢ়াই দিছ যে?’ তাৰ কথাত গোটেইকেইটা জাপ মাৰি উঠিল। সমস্বৰে ভাহি আহিল এটা শব্দ— বিভূতি! সিহঁতৰ আনন্দৰ লহৰ বিয়পি গৈ ৰভাতল পালেগৈ। নতুন চামটোৱে সিহঁতক ঘেৰি ধৰিলে। সি চাৰিউফালে চালে। সকলো আছে। ইলা, মহিমাহঁতৰ শিৰত সেন্দূৰৰ ৰেঘাবোৰ জিলিকি আছে।
— ‘বৃন্দা ক’ত? বৃন্দা!’ তাৰ মুখৰ পৰা ক’ব নোৱৰাকৈয়ে ওলাই আহিল।
— ‘হ’ব দে, সেইবোৰ পাছত পাতিম।’ সূৰ্যই যেন তাৰ প্ৰশ্নটোৰ পৰা হাত সাৰিবলৈহে বিচাৰিছে।
নিশা ঘৰলৈ ঘূৰাৰ বাটত নীলমে কৈছিল বৃন্দাৰ কাহিনী। কেনেকৈ তাই বাছি লৈছে এক অকলশৰীয়া জীৱন। সিদিনাৰ সেই ঘটনাটোৰ পৰা কেনেদৰে আজিও আঁতৰি ফুৰিছে সিহঁতৰ পৰা, কেনেকৈ নিঃসঙ্গ হৈ ৰৈছে বৃন্দা। সি স্থিৰ কৰিলে কাইলৈ পুৱাই যাব বৃন্দাহঁতৰ ঘৰলৈ।
পাছদিনা পুৱা সি বৃন্দাহঁতৰ ঘৰ পালেগৈ। কলিং বেলটো দিয়াৰ খন্তেক সময়ৰ পাছতেই বৃন্দাহঁতৰ ঘৰৰ দুৱাৰখন খোল খালে।
— ‘বৃন্দা ।’ সি লাহেকৈ মাত লগালে। বৃন্দাই আচৰিত হৈ তাৰ মুখলৈ চালে। ‘বিভূতি আক’— ।’
— ‘বিভূ তই!’ তাৰ কথা শুনি বৃন্দাই চিঞৰি উঠিল।
তাক হাতত ধৰি টানি নি তাই ভিতৰ পোৱালেগৈ। চোফাখনত বহিয়েই সি কোঠাটোত চকু ফুৰালে। বেৰত ওলমি থকা বৃন্দাৰ মাক-দেউতাকৰ যুগ্ম ফটোখন মালা এধাৰে সাবটি আছে। তাৰ দৃষ্টি অনুসৰণ কৰি তাই ক’লে— ‘দহ বছৰেই হ’ল।’
— ‘চাহ নকৰিবি। মই দুদিন আছোঁ। কাইলৈ খামহি চাহ।’ তাই ভিতৰলৈ যাবলৈ ধৰোঁতেই সি ক’লে। কাম কৰা মানুহজনীয়ে পানী এগিলাচ দি গ’ল। সি বৃন্দাৰ মুখলৈ চাই ৰ’ল। একেই আছে তাই। বয়সে আমনি নকৰা এখন মুখ। দেখিলে দুকুৰিৰ ডেওনা পাৰ হোৱা মানুহ এজনী যেন নালাগে।
— ‘কি চাইছ ইমানকৈ— ?’ বৃন্দাৰ মাতত সি উচপ খাই উঠিল। হাতত লৈ থকা গিলাচটোৰ পৰা পানী অলপ তাৰ পেণ্টটোত পৰিল। তাই চিৎকাৰ কৰি উঠিল।
— ‘একো নহয় দে, পানীহে।’ সি সহজভাৱে কৈ থ’লে। তাৰ এতিয়া এনেকুৱা লাগিছে যেন পোন বাটটোৰ পৰা এটা উপ-পথেদি নামি গ’লেহে সি ৰক্ষা পৰিব।
— ‘তই একেই আছ।’ সি কথাৰ মোৰ সলালে।
— ‘এৰা অ’। একেই থাকি গ’লো মই। একেই ঠাই, একেই জীৱন! গতি কেতিয়াও নাপালো। পানীৰ তলৰ শিলৰ দৰে একে ঠাইতে ৰৈ আছোঁ। খালী ক্ষয় গৈছোঁ।’ সি তললৈ মূৰ কৰি বহি ৰ’ল।
— ‘মোৰ কথা পাছত শুনিবি বাৰু। ইয়ালৈ আহিছ যেতিয়া চবেই ক’ব মোৰ কথা। এতিয়া তোৰ কথা ক।’
— ‘মোৰ কথা! কি ক’ম?’
— ‘সংসাৰ?’
— ‘ঠিকেই চলি আছে— ।’ মুখামুখিকৈ বহি থকা তাইৰ তপত হুমুনিয়াহটোৱে তাৰ কপালখন চুই গ’ল।
— ‘ল’ৰা-ছোৱালী কেইটা?’
— ‘পোন্ধৰশ। এইবাৰ আৰু বাঢ়িব চাগে।’ সি হাঁহি হাঁহি ক’লে।
— ‘তোৰ এই স্বভাৱটো নগ’ল নহয়?’
— ‘মোৰ স্কুলখনেই মোৰ সংসাৰ অ’!’
— ‘বিয়া?’ শব্দটো বৃন্দাৰ মুখৰ পৰা প্ৰয়োজনতকৈ বেছি জোৰেৰে ওলাল।
— ‘ভাবিবলৈকে নহ’ল। জানো, সময়বোৰনো কেনি পাৰ হৈ গ’ল।’
— ‘সময় পাৰ হৈ গ’ল! তোৰ দেখোন আঠচল্লিশ হৈছেহে। তই ইয়াৰ পৰা যাওঁতে তোৰ আছিল তেইশ বছৰ। এতিয়া পঁচিশ বছৰৰ পাছত তই আকৌ আহিছ।’ সি আচৰিত হ’ল। ইমান ধুনীয়াকৈ ৰাখিছে তাই তাৰ বয়সৰ হিচাপটো।
— ‘তোৰ কথা ক।’
— ‘মোৰ কথা! বিয়াত নবহিলো।’ তাই শেঁতা হাঁহি এটা মাৰিলে।
— ‘গম পাইছোঁ।’
— ‘জেদ। তইতো জানই মই কিমান জেদী আছিলো। মোৰ ভালপোৱা কোনোবাই লৈ যাব— সেইটো কথা মই সহ্য কৰিব পৰা নাছিলো। কিন্তু মই নিষ্ঠুৰো নাছিলো। মোৰ কাৰণে কাৰোবাৰ কলিজা ভগাৰ কথা গম পোৱাৰ পাছত ময়ো হাঁহিব পৰা নাছিলো।’ চকুৰ কোণত জমা হোৱা পানীকণ মচি লৈ তাই আকৌ কৈ গ’ল— ‘চাকৰিটো হোৱাৰ পাছত মই আৰু জেদী হৈ উঠিলো। জেদৰ লগতে স্বাৱলম্বী শব্দটো মোৰ জীৱনত যোগ হ’ল। অসন্তোষ এটা লৈ মা-দেউতাও গ’লগৈ।’
সি বৃন্দাৰ ফালে আচৰিত হৈ চালে। বৃন্দাৰ কথাবোৰ যেন দূৰৈৰ পৰা ভাহি অহা একো একোটা সৰু সৰু শব্দৰ ঢৌহে।
— ‘আনে ভবাদি তয়ো মোক পাগলী বুলি ভাবিছ নেকি?’ বৃন্দাই তাৰ চকুলৈ চাই সুধিলে। সি একো উত্তৰ নিদিলে। তাইৰ বগা মুখখনে এতিয়া ৰঙচুৱা বৰণ ধৰিছে। জেতুকা সানি ৰঙা কৰা চুলিকেইডাল কপালত লিপিত খাই আছে। চুলিখিনিৰ মাজৰ ৰংহীন সেওঁতাটো বেছি নিস্তেজ লাগিছে— যেন এটা নিৰ্জন আলি আৰু সেই আলিটোকে সাৰথি কৰি সি ক্ৰমশঃ সোমাই গৈ আছে এখন অগম্য অৰণ্যৰ মাজলৈ।
— ‘আমনি নেপাবি। বহুদিনৰ পাছত কথা পাতিছোঁ যে! ৰাধা-কৃষ্ণৰ কথা মনত আছেনে তোৰ?’ অলপ নিস্তবদ্ধতাৰ অন্তত বৃন্দাই আকৌ আৰম্ভ কৰিলে। তাৰ লাহে লাহে ভয় লাগিবলৈ ধৰিলে। সি আচৰিত হৈ তাইৰ ফালে চালে।
— ‘ৰাধাই এবাৰ অহংকাৰ কৰি কৃষ্ণৰ বোকোচাত উঠিব বিচাৰিছিল। কৃষ্ণ ঠাইতে নাইকিয়া হ’ল। ৰাধাৰ অহংকাৰ, জেদ সকলো পানীত নল-খাগৰি উটাদি উটি গ’ল।’ তাইৰ কথা শুনি বিভূতিয়ে ইমান ভয় খালে যে সি কোঠাটোৰ পৰা দৌৰ মাৰি ওলাই যোৱাৰ সিদ্ধান্ত লৈ পেলালে।
— ‘কি হ’ল। ভয় খাইছ নেকি?’ বৃন্দাই তালৈ চাই হাঁহি হাঁহি সুধিলে।
— ‘ভয়! আৰু তোলৈ!’ সি সোঁৱে-বাওঁৱে মূৰটো লৰাই উত্তৰ দিলে। বৃন্দাৰ হাঁহিটো এইবাৰ শব্দ কৰি ওলাল।
— ‘তেনেহ’লে ৰাতি নৌপুৱাওঁতেই গাঁও এৰি পলাই গৈছিলি কিয়?’
বৃন্দাৰ কথাই বিভূতিৰ আত্মসন্মানত এইবাৰ সঁচাকৈয়ে আঘাত হানিলে। কেনেকৈ যে পঁচিশ বছৰৰ আগতে উঠা সেই অঁকৰা খংটো আকৌ উঠিল, সি গমেই নাপালে।
— ‘তোৰ কাৰণে গৈছিলো। তোৰ কাৰণে গাঁও এৰি গুচি গৈছিলো মই। ভয়ত নহয়, দুখত। তই মোক নুবুজাৰ দুখত।’ গিলাচত থকা অৱশিষ্ট পানীকণ একে উশাহতে খাই সি নিশ্চুপ হৈ ৰ’ল। তাই একো নোকোৱাকৈ গিলাচটো হাতত লৈ ভিতৰলৈ সোমাই গ’ল। তাৰ নিজৰ ওপৰতে খং উঠিল। ইমান দিনে বুকুৰ মাজত সাঁচি ৰখা কথাটো সি কিয় কৈ দিব লাগে!
— ‘খং কৰি নাথাকিবি।’ তাই ধোঁৱাই থকা কফিৰ কাপ দুটা কাজু বাদামৰ প্লেটখনৰ সৈতে টেবুলখনত থ’লে। সি আকৌ এবাৰ আচৰিত হ’ল। তাইক ইমান টানকৈ কোৱাৰ পাছতো তাইৰ মুখত কোনো প্ৰতিক্ৰিয়া নাই। শান্ত, সমাহিত এখন মুখ। তাৰ নিজৰে বেয়া লাগিল।
— ‘বেয়া নাপাবি।’ সি কফিৰ কাপটো হাতত লৈ ক’লে।
— ‘তই চাগে ভাবিছ, এইজনীৰ খং নুঠে নেকি?’ তাই হাঁহি হাঁহি তাৰ হাতত কাজুকেইটামান দিলে।
— ‘ভাবিমেইতো। যিজনী ছোৱালীয়ে…।’
— ‘সেইবোৰ থ। তই গুচি যোৱাৰ পাছত খং, মৰম, ভালপোৱা— এইবোৰ চব বাদ দিলো। কাক খং কৰিম? কাক মৰম কৰিম? কাক ভাল পাম? চব নিৰ্দয়।’
শেষৰ শব্দটোৱে তাক বেয়াকৈ কোবাই গ’ল।
— ‘তই আৰু অকণমান সময় দিব পাৰিবিনে বিভূ? ইয়াৰ পাছত মই আৰু কোনো দিনে তোক আমনি নকৰোঁ।’
সি একো উত্তৰ নিদিলে। মাথোঁ তলমূৰ কৰি বহি ৰ’ল। অৱশ্যে তাৰ উত্তৰলৈ অপেক্ষা নকৰি ইতিমধ্যে বৃন্দা ভিতৰলৈ সোমাই গৈছিল। এইবাৰ হাতত এটা সৰু বেগ লৈ তাই ঠিক তাৰ সন্মুখৰ বেতৰ চকীখনত বহি ল’লে। সি অবাক হৈ চাই আছে। বেগটোৰ পৰা যাদুকৰে বস্তু উলিওৱাদি তায়ো উলিয়াই আছে বেগৰ ভিতৰৰ বস্তুবোৰ। দুটামান ডাক টিকট, কিতাপ প্ৰকাশৰ বিজ্ঞাপনৰ সৰু সৰু টুকুৰা, দলিল, এখন পুৰণি মদৰুৱা ৰং ধৰা কেলেণ্ডাৰৰ এটা পাত আৰু শুভবিবাহ লিখা এটা খাম। কেলেণ্ডাৰৰ পাতটো আৰু খামটো টেবুলৰ ওপৰত থৈ আন বস্তুখিনি তাই আকৌ বেগটোত ভৰাই থ’লে।
— ‘এইটো তাৰিখতে তই গাঁও এৰি গৈছিলি।’ আওপুৰণি কেলেণ্ডাৰৰ পাতটোৰ ৰঙা ৰং দিয়া তাৰিখটোত আঙুলিটো থৈ তাই ক’লে। ‘যাওঁতে তই নীলমৰ হাতত এই কাগজখন দি গৈছিলি। এই কাগজ টুকুৰাত তই মাত্ৰ এটা বাক্য লিখি থৈ গৈছিলি— এই গাঁৱত আৰু নাথাকোঁ, য’ত ভালপোৱা মানুহেই জীৱন্তে দাহ কৰে ভালপোৱাজনক।’
শুভবিবাহ বুলি লিখা খামটোৰ পৰা কাগজ এচিটা উলিয়াই তাই হাতত ল’লে। সি একো ক’ব পৰা নাছিল। দুটোপালমান চকুৰ পানী ওলাই আহিবলৈ বাট বিচাৰি উথপথপখন লগাইছে।
— ‘ইয়াৰ পাছতো তই কবি নে তই মোক ভালপোৱা নাছিলি?’ বৃন্দাৰ মাতত এইবাৰ পৰম আকূতি।
— ‘আৰু তই!’
— ‘ময়ো ভাল পাইছিলো তোক। আচলতে ভালপোৱানো কি মই চাগে বুজাই নাছিলো। সিদিনা সন্ধ্যা মই ভাবিছিলো তই চাগে কবি— বৃন্দা তোৰ ৰাধা হ’ব। কিন্তু তই নকলি। তোৰ মুখত মোৰ নামটোৰ সলনি ইলাৰ নামটো শুনি মই পাগলী হৈ গৈছিলো। তাৰ পাছদিনাই তই গুচি গৈছিলি। মোক ক্ষমা খোজাৰ সুযোগটোও নিদিলি। ময়ো পলাবলৈ ল’লো মানুহৰ পৰা। আচলতে আমি দুয়োটাই পলৰীয়া।’
— ‘ময়ো ভাবিছিলো মোৰ অৱস্থাটোৱে মোক চাগে কৃষ্ণ হোৱাৰ অনুমতি নিদিয়ে। কাৰণ তই ৰাধা। এই সম্ভ্ৰান্ত গাঁওখনৰ সম্ভ্ৰান্ত পৰিয়াল এটাৰ একমাত্ৰ ছোৱালী তই। তোৰ ওচৰত যেন মই এটা মূল্যহীন পাতি পইচা, সেই কথাটো চাগে তোৰ চৰটোৰে মোক বুজাই দিছিলি। মোক চৰ মৰা ছোৱালীজনীয়ে মোকনো কিয় ভাল পাব? মই পোৱা অপমান আৰু ভালপোৱা মানুহক হেৰুৱাৰ দুখে মোক পাগল কৰি পেলাইছিল।’ বিভূতিয়ে একে উশাহতে কথাখিনি কৈ বৃন্দাৰ মুখলৈ চালে।
— ‘এই ৰচনাখনকে গাবলৈ তই অত বছৰ লগালি।’ বৃন্দাৰ মুখখন সুখৰ বালিচন্দাৰে জিকমিক কৰিছিল।
— ‘লগ পালো ভালেই হ’ল দে। অন্ততঃ দেৰিকৈ হ’লেও ভুলবোৰ আঁতৰাব পাৰিলো।’ কথাখিনি কৈয়ে বিভূতি যাবলৈ বুলি উঠিল।
— ‘তাৰমানে আমাৰ জীৱনটো কেৱল ভুল শুধৰোৱাৰ সময় হিচাপেই পাৰ হ’ল!’ বৃন্দাই যেন কোনোমতেহে চকুপানীখিনি সামৰি থৈছে।
— ‘ওঁ।’ সি মাত্ৰ শলাগি থ’লে।
সি লাহে লাহে ওলাই আহি বৃন্দাহঁতৰ চোতালত ভৰি দিলে। বাৰাণ্ডাৰ খুঁটা এটাত ধৰি তাই বিভূতিলৈকে চাই ৰৈ আছে। তাৰো এবাৰ ঘূৰি চাবৰ মন গৈছিল। মনটোক কোনোমতে দমাই সি আগবাঢ়িল। এইবাৰ হীৰুদাৰ কবিতা এফাকি ওঁঠত গুজি সি খোজ চলালে—
“মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণ গুণ শব্দ
এনেকৈ ৰু-ৰুৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে বাহিৰে।”
❧ | অধিক গল্প: