আবৃত্তি বোলা কামফেৰাৰ লগত মানুহৰ চিনাকি বেছি দিনৰ নহয় আৰু ই যেন সকলোৰে বাবে সহজসাধ্য কাম। মুখস্থ থকা পদ্য এটা নিজৰ ভংগীৰে জাত-সুৰ লগাই মাতি দিলেই আবৃত্তি কৰা হয় বুলি বা কিতাপৰ লেখা এটা চাই চাই পাঠ কৰিলেই আবৃত্তি কৰা বুলি ভবা মানুহ তাহানিও আছিল আৰু এতিয়াও বহুতৰে ধাৰণা তদ্ৰুপ। তেতিয়াৰ মইনা মেল, মইনা পাৰিজাতবোৰতো পদ্যৰ মুখস্থ মতা প্ৰতিযোগিতা হৈছিল। এতিয়া আবৃত্তিক আদৰি সমাজৰ বৰচ’ৰাত ঠাই দিয়াৰ সময়তো বহুতৰ বাবে ই এক সহজসাধ্য বা চৰ্চা ব্যতিৰেকে আয়ত্তাধীন কৰিব পৰা বিধৰ কলা হৈয়ে আছে।
আবৃত্তি শিল্পই বিংশ শতাব্দীৰ আদি কালত সমাজৰ স্বীকৃতি পালেও ইয়াৰ বীজ নিহিত আছিল আৰ্য যুগৰ চৌষষ্ঠি কলাৰ অন্তৰ্গত দুটা কলাত। সেই দুটা কলা হ’ল— সংপাঠ্য আৰু মানসী কাব্যক্ৰিয়া। সংপাঠ্য হ’ল ৰসোপলব্ধিৰ বাবে সম্যক পাঠ আৰু মানসী কাব্যক্ৰিয়া হ’ল মাত্ৰা, পংক্তি, সংযোগ, অসংযোগ, ছন্দ, বিন্যাস ইত্যাদি সঠিকভাৱে অনুসৰণ কৰি শ্ৰোতাৰ সন্মুখত পাঠ কৰা কাৰ্য। পাছৰ যুগতো প্ৰতি ৰাজসভাতে কাব্য পাঠৰ ৰেৱাজ চলি আছিল। কবিসকলে মুখে মুখে তৎকালীন বিষয়বস্তুক লৈ ৰচনা কৰা কাব্যৰ আবৃত্তিয়ে শ্ৰোতাক বহুকাল ধৰি আপ্লুত কৰি আহিছিল। তেনে চাৰণ কবিৰ কাব্যাবৃত্তি অসমকে ধৰি ভাৰতৰ সকলো ঠাইতে প্ৰচলিত আছিল।
কলিকতাৰ হিন্দু কলেজৰ শিক্ষক ডিৰোজিওৰ ইংৰাজী কবিতাৰ পাঠ বা ৰেচিটেশ্বনে (Recitation) (ক্ৰিয়া হ’লে উচ্চাৰণ ‘ৰিচাইট্’) সেই সময়ৰ বংগীয় শিক্ষিত সমাজক আকৰ্ষিত কৰিছিল। সেই কলেজৰ ছাত্ৰ মধুসূদন দত্তৰ আবৃত্তি-প্ৰীতিয়ে তেওঁক ব্লেংক ভাৰ্চৰ প্ৰতি আকৰ্ষিত কৰে আৰু তেওঁ শেষত ধ্বনি আৰু প্ৰবহমানতাৰ ওপৰত গুৰুত্ব দি অমিত্ৰাক্ষৰ ছন্দ ৰচনাত প্ৰবৃত্ত হয়। সেই সময়তে কলিকতাৰ ইউনিভাৰ্চিটি ইন্সটিউটত নিয়মিত কলেজ আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। সেই ইন্সটিউটৰ অন্যতম সভ্যৰূপে প্ৰখ্যাত অভিনেতা শিশিৰ কুমাৰ ভাদুৰীও অন্তৰ্ভুক্ত হয় ১৯০৮ চনত। বঙালী আৰু ইংৰাজী বহু কবিতা তেওঁৰ কণ্ঠস্থ আছিল আৰু আবৃত্তিত অগ্ৰণী আছিল। অৱশ্যে তেওঁৰ পেচা আছিল অভিনয় আৰু আবৃত্তি আছিল চৌখিন বিলাস। সেই সময়ৰ অভিনেতাসকলে কণ্ঠসাধনাৰ উপায় হিচাপে আবৃত্তিক গ্ৰহণ কৰিছিল।
অসমৰো চন্দ্ৰ ফুকন প্ৰমুখ্যে কেইবাজনো অভিনেতাই স্বতন্ত্ৰৰীয়াভাৱে আবৃত্তি চৰ্চা কৰিছিল। ভাৰতীয় গণনাট্য সংঘ, গণতান্ত্ৰিক লেখক সংস্থা আদিয়ে আবৃত্তিক গণ মাধ্যম ৰূপে গ্ৰহণ কৰি এই কলা মাধ্যমক এক বহল মাত্ৰা দিয়ে। আকাশবাণীয়ে ইয়াৰ পেচাদাৰী মৰ্যাদা বৃদ্ধি কৰে।
সংস্কৃত ৰস সাহিত্যই ‘আবৃত্তি সৰ্ব শাস্ত্ৰানাং বোধোদপি গৰীয়সী’ বুলি কোৱাৰ কাৰণ নোহোৱাও নহয়। প্ৰাচীন শাস্ত্ৰকাৰসকলৰ ৰচনা আছিল মৌখিক আৰু ইয়াক এজনৰ পৰা আনজনলৈ হস্তান্তৰৰ মাধ্যম আছিল আবৃত্তি। আৰু তেতিয়া ৰচনাসমূহো আছিল কাব্য কিম্বা কাব্যধৰ্মী। আবৃত্তি কৰোঁতে কৰোঁতে মৰ্মাৰ্থ উপলব্ধ হয়গৈ। প্ৰথমেই বোধত গুৰুত্ব দিলে গ্ৰহণ তথা সংৰক্ষণ বাধাপ্ৰাপ্ত হোৱাৰ ভয় থাকে।
বৰ্তমান কিন্তু আবৃত্তি এক শিল্পৰূপে প্ৰতিষ্ঠিত; সেয়ে আবৃত্তিৰ বাবে লোৱা বিষয় আবৃত্তিকাৰৰ বোধগম্য হ’বই লাগিব। (সেয়ে বিখ্যাত কবিৰ একোটা কবিতা জোৰ কৰি শিশু এটিক আবৃত্তি কৰিবলৈ দিলে এফালে যেনেকৈ ভাটৌৰ মাতহে হয়, আনহাতে শিশুটিৰো স্মৰণ আৰু প্ৰকাশৰ ক্ষমতা ধ্বংস কৰাহে হয়)। বোধহীনভাৱে এটা সুৰ লগাই অনৰ্গল কোনো কবিতা বা ৰচনা গাই গ’লে প্ৰকৃতাৰ্থত আবৃত্তি নহ’ব; কাৰণ বুজি নেপালে প্ৰকৃত আৱেগ, ভাব আদি অনুধাৱন কৰি কণ্ঠস্বৰ প্ৰয়োগ অসম্ভৱ।
সকলো কলা মাধ্যমেৰে উদ্দেশ্য ৰস সৃষ্টি। ৰস সৃষ্টিৰ বাবে লাগিব ৰসবোধ। ৰসবোধ হ’ব, যদিহে শব্দ, পংক্তি, বাক্য, চৰণ, স্তৱকসমূহৰ অৰ্থভেদ কৰিব পাৰে। কেৱল অভিধাৰ্থয়ো প্ৰকৃত ৰসৰ সন্ধান দিব নোৱাৰিব পাৰে, কাৰণ একোটা শব্দ বা বাক্যৰ লক্ষণা-ব্যঞ্জনাৰ উপৰিও ব্যৱহাৰিক অৰ্থ বুজি নাপালে স্বৰ প্ৰয়োগৰ দ্বাৰা নিৰ্দিষ্ট ৰসৰ উদ্ৰেক কৰিব নোৱাৰে। এটা সৰু উদাহৰণ— বৰ মানে ডাঙৰ, আশীৰ্বাদ বা দৰাও হ’ব পাৰে। এই সমোচ্চাৰিত শব্দটোৱে ব্যৱহাৰিকভাৱে ভিন্নাৰ্থ প্ৰকাশ কৰিবও পাৰে। যেনে— ‘শিৱৰ বৰ ল’লে বৰ পাই হেনো’ বা ‘মোক বৰো নালাগে সেয়ে বৰো নলওঁ’। ইয়াত বৰ শব্দটোৱে আশিস আৰু দৰা অৰ্থ প্ৰকাশ কৰি যমকৰূপী সৌন্দৰ্যৰো সৃষ্টি কৰিছে। ইয়াৰ বৰ শব্দটোৰ যিকোনো এটা (ধৰক শ্ৰেষ্ঠ) অৰ্থ বুজিলেই ৰস আদায় কৰাটো সম্ভৱনে?
লাচিতৰ আহ্বান: জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ আবৃত্তি
সম্পাদনা কক্ষ
সকলো কলাৰে পশ্চাদ্ভূমিত থাকে এক বিজ্ঞান। বিজ্ঞানসন্মত সকলো চৰ্চাই স্থায়ী বা ক্ৰমোন্নত হ’ব পাৰে। আবৃত্তি যিহেতু কাণ্ঠ্যকলা, সেয়ে কণ্ঠৰ ধ্বনি সৃষ্টিৰ বৈজ্ঞানিক প্ৰক্ৰিয়া সম্পৰ্কে জানিবই লাগে। এই প্ৰক্ৰিয়াত নিয়োজিত শাৰীৰিক অংগ, যেনে—নাসিকা গহ্বৰ, কঠিন তালু, কোমল তালু, দাঁত, দাঁতৰ মাঢ়ি, দুই ওঁঠ, গলবিল, আলজিভা, স্বৰতন্ত্ৰ আদিৰ স্নান আৰু কাম সম্পৰ্কীয় জ্ঞান ব্যতিৰেকে বিশুদ্ধ আৰু স্পষ্ট উচ্চাৰণ অসম্ভৱ। ভুল উচ্চাৰণে অৰ্থ বিকৃতি ঘটায়। ‘আবৃত্তি’ শব্দটোৱেই ‘আবৃতি’ ৰূপে উচ্চাৰিত হ’লে অৰ্থ হ’ব আচৰণ। মানুহৰ প্ৰতিটো অংগই এলেহুৱা হ’বলৈ ভাল পায়। ব্যায়াম আৰু অভ্যাসৰ দ্বাৰা হাত-ভৰি, হাওফাও আদিক যেনেকৈ সক্ৰিয় কৰা যায়, সেইদৰে ব্যায়াম আৰু অভ্যাসৰ দ্বাৰা ওঁঠ, জিভা, তালু আদিৰ জঠৰতা দূৰ কৰি স্পষ্ট উচ্চাৰণ সহজ কৰি তুলিব লাগে। অন্যথা আবিত্ৰী, আবিৰ্তি, গুবৰ পেলা, গুলাপ বৰা, তুমালোক, কেচুৱাক কুলাত ল আদি উচ্চাৰণ বিকৃতি স্বাভাৱিক হৈ পৰে।
উশাহ-নিশাহ নিয়ন্ত্ৰণে স্বৰ উৎপাদনত সহায় কৰে। এইবোৰ কথা বৈজ্ঞানিকভাৱে স্বীকৃত। উশাহ বৃদ্ধিৰ ব্যায়ামৰ দ্বাৰা দীঘল বাক্য বিৰতিহীনভাৱে উচ্চাৰণ কৰাটো সহজ কৰি তুলিব পাৰি। ব্যায়ামৰ লগতে আসন, প্ৰাণায়াম আদিও এই দিশত ফলপ্ৰসু।
ভাষা বিজ্ঞান, ছন্দশিল্প, অলংকাৰ শাস্ত্ৰৰ অধ্যয়ন-অভ্যাসন আবৃত্তিৰ বাবে অতি প্ৰয়োজন। স্বৰৰ আৰোহণ-অবৰোহন, অনুকৰণ আদি অভ্যাসৰ দ্বাৰাহে আয়ত্ত হয়। উদাত্ত, অনুদাত্ত, স্বৰিত, কম্পিত, ফুচফুচীয়া আদি স্বৰ উৎপাদন আৰু সঠিক প্ৰয়োগ অবিহনে শব্দমন্ত্ৰৰে শ্ৰোতাক মোহিব পৰা নাযায়।
ছন্দজ্ঞানে লয়ৰ নিয়ন্ত্ৰণ আৰু অলংকাৰ জ্ঞানে সৌন্দৰ্য উপভোগ তথা প্ৰকাশত সহায় কৰে। মাত্ৰা, পৰ্ব, অনুপৰ্ব, চৰণ, স্তৱক, যতি-বিৰাম, যুগ্ম পৰ্ব আদিৰ অধ্যয়নে আবৃত্তি আয়ত্তৰ পথ সুগম কৰে।
‘আৱেগৰ বন্দী কবি, নোহে নিয়মৰ’— সঁচা, কিন্তু সঞ্চাৰিত আৱেগক ৰীতিগতভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মূৰে ভৰি কঢ়া সদৃশহে হয়। ৰসসৃষ্টি আবৃত্তি কলাৰ উদ্দেশ্য আৰু ইয়াক যিহেতু কণ্ঠস্বৰৰ দ্বাৰাহে কৰিব লাগিব, সেয়ে ভাব অনুযায়ী স্বৰক্ষেপন সম্ভৱ কৰি তুলিবলৈ শিকিব লাগিব। কাৰণ ভাবৰ পৰাহে ৰসৰ সৃষ্টি হয়। ভাব অনুযায়ী স্বৰ কিদৰে নিয়ন্ত্ৰণ কৰিব লাগে, তাক ভৰত মুনিয়ে নাট্যশাস্ত্ৰত বৰ্ণনা কৰিছে, যেনে|—ৰতি, হাস, কৰুণ আদি ভাবত স্বৰৰ গতি বিলম্বিত আৰু স্বৰস্তৰ মন্দ্ৰ; বীৰ, ক্ৰোধ, অদ্ভুত আদি ভাবত গতি দ্ৰুত আৰু স্বৰস্তৰ উচ্চ; ভয়, জুগুপ্সা আদি ভাবত গতি দ্ৰুত কিন্তু স্বৰস্তৰ নিম্ন হ’ব লাগে। এইখিনি কথাকে ইংৰাজী গ্ৰন্থসমূহত Inflexion বুলি অভিহিত কৰিছে। কণ্ঠস্বৰৰ সৌন্দৰ্য সৃষ্টিত অনুৰণন অতি প্ৰয়োজন। অনুৰণন অৰ্থাৎ সূক্ষ্ম পৰিশীলিত স্বৰ কম্পন প্ৰভূত অভ্যাস অবিহনে অসম্ভৱ; কিতাপ পঢ়ি পঢ়ি শিকা সম্ভৱ নহয়।
অথ → ভাৱ → ৰস → স্বৰৰ গতি → স্বৰস্তৰৰ সমন্বয়। বিশুদ্ধ আৰু স্পষ্ট উচ্চাৰণ অবিহনে আবৃত্তি হৈ পৰে আমনিদায়ক চিঞৰ-বাখৰ। বহু সময়ত বীৰ ৰসৰ কথা, বচন বা কবিতাত ৰুদ্ৰ ৰস উদ্ৰেক হোৱা দেখা যায়। অমিত্ৰাক্ষৰ ছন্দৰ ক্ষেত্ৰত এই বিকৃতি অধিক অথচ ভোলানাথ দাসৰ কাব্যচৰ্চা কৰাসকলে জানে অমিত্ৰাক্ষৰ মাত্ৰেই ৰৌদ্ৰ বা বীৰ ৰসাত্মক নহয়। তদুপৰি বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, অম্বিকাগিৰী বা কমলাকান্তৰ কবিতা মাত্ৰেই উদাত্ত কণ্ঠ প্ৰয়োগ হ’ব লাগে জাতীয় ধাৰণা লৈয়ে এইসকল কবিৰ কবিতা আবৃত্তি কৰি প্ৰতিযোগিতাত যোগ দিয়া বহুতক লগ পাইছোঁ। বহুতে ভাবে, মাইক্ৰফোনযোগে সুকণ্ঠ সৃষ্টি কৰিব পাৰি। সেই ধাৰণা অলীক। সাধিত স্বৰ এনেয়ে সুন্দৰ, যন্ত্ৰ থাকক বা নাথাকক। বহুতে পাঠ আৰু আবৃত্তিৰ পাৰ্থক্য বুজি নাপায়। ভাবানুগ পাঠ মাত্ৰেই আবৃত্তি বোলা সকলে বুজা উচিত— পাঠ কোনো শিল্প নহয়, আবৃত্তিহে শিল্প। শিলনি বননি ভাঙি দ্ৰুত পদক্ষেপৰে খোজকঢ়াক পাঠৰ লগত ৰিজাব পাৰি, কিন্তু আবৃত্তি হ’ল কাব্যনদীৰ শীতল জলত স্বচ্ছন্দ, স্বাধীন, তথা অনায়াস অৱগাহন, য’ত আন্তৰিক আনন্দ বিৰাজমান।
পাঠ কম আয়াসতে আয়ত্ত হয়। আবৃত্তিৰ বাবে অনুশীলন আৰু অভ্যাসৰ প্ৰয়োজন। পাঠ দৃষ্টিনিৰ্ভৰ; আবৃত্তি স্মৃতিনিৰ্ভৰ। স্মৃতিৰ পৰা প্ৰকাশিত বক্তব্য নিজা বক্তব্য হেন হয়। তেতিয়াহে ৰসসিক্ত বক্তব্য শ্ৰোতাৰ কৰ্ণপথে বোৱাই দি শ্ৰোতাৰ হৃদয়ক ৰসাপ্লুত কৰিব পাৰি। সেয়াই সাৰ্থক আবৃত্তি।
কাৰ্লাইলে (Thomas Carlyle) কৈছিল— We are all poets when we read a poem well। প্লেট’ (Plato)ই কৈছে— কবিতা সুন্দৰভাৱে আবৃত্তি কৰিব পৰাটো কেৱল শিল্পই নহয়, ই এক প্ৰেৰণাও।
পাঠ কোনো কলা নহয়, আবৃত্তি কিন্তু কলা; কিন্তু পাঠ বাদ দি আবৃত্তি নহয়। আবৃত্তি আয়ত্তৰ বাবে বিশুদ্ধ পাঠ প্ৰথম সোপান। যিমানে পাঠ কৰিব, সিমানেই অৰ্থ হৃদয়ংগম হ’ব, ভাব অনুভূত হ’ব, কথাবস্তুৱে স্মৃতিত ভৰ কৰিব, ৰসাস্বাদন সহজ হ’ব; লগে লগে কাব্যসোঁতত অৱগাহন অনায়াস আৰু সুখদায়ক হ’ব। বহু যুক্তি-তৰ্কলৈ নগৈয়ো ক’ব পাৰোঁ— আবৃত্তিত অংগভংগীৰ স্থান নাই, কাৰণ ই অভিনয় নহয়। যাৰ কণ্ঠত নৃত্য নাই, তাৰহে হাত-ভৰিয়ে ক্ৰিয়া কৰে।
পশ্চিম বংগৰ শিক্ষাক্ষেত্ৰত আবৃত্তিক পাঠ্যসূচীৰ অন্তৰ্ভুক্ত কৰা হৈছে, নাটককো কৰা হৈছে। অসমত কেতিয়াবা হ’বনে? সংগীত, নৃত্য, বোৱা-কটা আদি শিক্ষাক্ষেত্ৰৰ অন্তৰ্ভুক্ত, অথচ বিদ্যালয়ত নাই। এইবোৰৰ চৰ্চাৰ বাবে থকা কেন্দ্ৰবোৰতো ছাত্ৰ নাই কিয়? ৰেৱাজ কৰিবলৈ, আখৰা কৰিবলৈ সময় নাই কিয়? অথচ প্ৰতিযোগিতাত প্ৰতিযোগী ওলায়। এই মানসতাই নতুন প্ৰজন্মৰ সুকুমাৰ কলাৰ ভাব-চিন্তাৰ স্ফুৰণ ঘটাবনে? একোটি শিশুক যিকোনো সুকুমাৰ কলাৰ লগত পৰিচয় নকৰালে তাৰ হৃদয়বৃত্তি শুকাই কৰ্কৰীয়া মাৰিব, প্ৰীতিভৰা শান্তিপূৰ্ণ সমাজ গঠনত বাধাৰ সৃষ্টি হ’ব।
আবৃত্তি এনে এক শিল্প, যি মানৱ মনক পৰিশীলিত কৰি আনন্দময় প্ৰেৰণা যোগাব পাৰে, কথনভংগী আকৰ্ষণীয় কৰি তুলিব পাৰে আৰু বৰ্তমান ৰেডিঅ’-টিভিৰ যুগত ই পেচা হিচাপেও পৰিচিত। ই এনে এক কলা, যাক চৰ্চা কৰিবলৈ (নাটকৰ দৰে) কোনো দল গঠনৰ প্ৰয়োজন নহয়, বাদ্যযন্ত্ৰ ক্ৰয়ৰ খৰচ নাই, আৰ্টপেপাৰ-ৰং-তুলি নিবিচাৰিলেও হয়, কেৱল প্ৰকৃতিদত্ত কণ্ঠক পুষ্ট কৰি নিজস্ব চৰ্চাৰে আনন্দময় পৰিমণ্ডল সৃষ্টি কৰি ল’ব পাৰি। অৱশ্যে সকলো কলাৰ দৰেই ইয়াতো বৈজ্ঞানিক আধাৰৰ লগত পৰিচিত হৈ ল’ব লাগিব; তাৰ বাবেও ঠায়ে ঠায়ে বিদ্যালয় গঠন হৈছে— সুবিধা ল’ব জানিলেই হ’ল।
প্ৰতিযোগিতা সম্পৰ্কেও কিছু চিন্তাৰ প্ৰয়োজন আছে। পুৰস্কাৰ দি সংগঠকসকলে আনন্দ পায়, কিন্তু কুৰিজন প্ৰতিযোগীৰ ১৭জনেই বিফলতাৰ নিৰানন্দত ভোগে। এই ক্ষেত্ৰত বিচাৰ পদ্ধতিৰো চিন্তা-চৰ্চা হ’ব লাগে। বিচাৰকৰ আসন অলংকৃত কৰাসকলেও এই দিশত চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে। সততে বিচাৰকৰ আসনত বহাসকলেও আলোচনা চক্ৰ আদি যোগেও এই বিষয়ে অবগত হৈ ল’ব পাৰে। কোনোবাই মুখস্থৰ ওপৰত, কোনোবাই মাতটোত, কোনোবাই হাত-ভৰি জোকৰাত, কোনোবাই কম বয়সৰ প্ৰতিযোগীয়ে দীঘল (বা অবোধ্য) কবিতা মতা কাৰ্যত গুৰুত্ব দিয়েই পুৰস্কাৰ প্ৰাপকজন বিচাৰি উলিয়ায়। প্ৰকৃততে স্মৃতি, ছন্দ, যতিবোধ, উচ্চাৰণৰ শুদ্ধতা, স্পষ্টতা, স্বৰণিয়ন্ত্ৰণ দক্ষতা, ভাৱানুগ পৰিকল্পনা তথা প্ৰকাশ আৰু এই সকলোৰে সাৰ্বিক সমন্বয় আদি বিষয়ৰ বিচাৰ কৰিহে আবৃত্তি প্ৰতিযোগীক পুৰস্কৃত কৰিব পাৰি, যাৰ অভাৱত হিতে বিপৰীত হোৱাহে পৰিলক্ষিত হৈছে।
সংগীতৰ দৰেই আবৃত্তিৰ পাঠ্যক্ৰম আৰু শিক্ষণীয় বিষয়ৰ পৰিধি বিশাল। এই প্ৰবন্ধ বিশাল সাগৰৰ এটোপাল পানী মাত্ৰ। ইয়াৰ দ্বাৰাই অতি চমু পৰিচয় দিয়াহে হৈছে। তদুপৰি এই কলা প্ৰয়োগিক কলা, সেয়ে কোনো প্ৰবন্ধ বা পাঠ্যপুথি পঢ়ি আয়ত্ত কৰিব নোৱাৰি। অৱশ্যে, সকলো কলাৰে পাঠ আৰু পঠন প্ৰাথমিক আৰু গুৰুত্বপূৰ্ণ কাৰ্য। মধুসূদন দত্তৰ এষাৰ কথাৰে সামৰিছোঁ— Read, read and read. Teach your ears the new tune— পঢ়া পঢ়া আৰু পঢ়া। নতুন সুৰৰ মূৰ্ছনা অনুধাৱন কৰিবলৈ তোমাৰ কাণক শিক্ষিত কৰা!
আবৃত্তি: নৱকান্ত বৰুৱাৰ কবিতা ৰাৱণ
সম্পাদনা কক্ষ
- বিষ্ণুপ্ৰসাদ ৰাভাৰ আবৃত্তি উপযোগী কবিতা
- তোষপ্ৰভা কলিতাৰ কবিতা ‘দ্ৰৌপদী’ৰ আবৃত্তি আৰু পূৰ্ণ পাঠ
- জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’: পাঠ আৰু আবৃত্তি
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক

