নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

পাহাৰীয়া ৰাস্তা এটাৰ বুকুৰে গৈ থাকোঁতে

পাহাৰীয়া ৰাস্তা এটাৰ বুকুৰে গৈ থাকোঁতে

পাহাৰীয়া ৰাস্তা এটাৰ বুকুৰে ৰে’লেৰে গৈ আছোঁ
মোৰ কাষতে শুই পৰিছে পাহাৰীয়া জোনটো

মোৰ আনটো কাষত
এজন বৃদ্ধই বুদ্ধৰ কথা এহাল শিশুক ক’বলৈ ধৰিছে
তেওঁৰ মুখখন শেঁতা অথচ চকুহাল
ঠিক অৰ্জুনৰ হাতখনৰ দৰেই তীক্ষ্ণ।

মোৰ পিছফালে এগৰাকী ষোল্ল বছৰীয়া কিশোৰী
তাই খুব সম্ভৱ বসন্তৰ গান গোৱা
চৰাই এজনীৰ কাৰণে এটা বাহ সাজি আছে
মুখত ওলমাই থৈছে প্ৰথম প্ৰেমৰ পোহৰ।

পাহাৰীয়া জোনাকৰ গোন্ধটো আহি নাকত লাগিছেহি
শাৰী শাৰী পাইনবোৰক ৰাস্তাৰ কাষত এৰি থৈ
গৈ থাকোঁতে এজোপা বিশেষ পাইনত মোৰ চকু পৰিল
ওখ পাইনজোপাই মোক ক’লে
কিদৰে গছজোপাক ভিৰৰ মাজতে এঘৰীয়া কৰি ৰাখি থৈছে
মই বুজাই-নুবুজাই কেৱল মূৰটো জোকাৰি
গছজোপাক বিদায় দিলো।

বুদ্ধৰ কথা শেষ হৈছিল সম্ভৱ
তেওঁৰ কোনো মাত নাই
ষোল্ল বছৰীয়া কিশোৰীগৰাকীও সাৰশূন্য

দেখিলো,
পাহাৰৰ সিপাৰৰ পৰা পাইনবোৰ জ্বলি আহিল
আৰু ওখ পাইনজোপাৰ ডাল এটাত বহি
বৃদ্ধ আৰু কিশোৰীয়ে শেষবাৰৰ বাবে মোক
হাত জোকাৰি জোকাৰি বিদায় জনালে।

আৰু পঢ়ক
ধূলিকণা মই

ধূলিকণা মই

অনিৰ্বাণ দত্ত

খুচুৰা

খুচুৰা

নয়ন মণি মিশ্ৰ

বিপন্ন সময়

বিপন্ন সময়

উৎপল বৰকটকী

এই লেখকৰ সকলো লেখা চাওক →
পাহাৰীয়া ৰাস্তা এটাৰ বুকুৰে গৈ থাকোঁতে | দেৱাশিস হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...