নীলা শিয়ালৰ শিং

নীলা শিয়ালৰ শিং
  • 24 May, 2024

গাই চোৰ। চালাক-চতুৰ বগাই চোৰৰ নাম নুশুনা মানুহ আস্ত অঞ্চলটোতেই নাই। পেন্দুকণা শেঙুন-নকাটোৰ পৰা, ঊদফাই উঠি মৰণপাটী লোৱাজনলৈকে বগাই চোৰৰ নাম-ধাম-কাম মুখস্থ। নিজ গাঁওখনৰ উপৰিও কাষৰীয়া দুই-চাৰিখন গাঁও বগাইৰ এক্তিয়াৰৰ ভিতৰত। ঘটি-লোটা-কাঁহী-বাটিৰ পৰা আৰম্ভ কৰি হাঁহ-কুকুৰা-ছাগলীলৈকে; বাৰীৰ তামোল-পাণ-আম-কঁঠালৰ পৰা ধৰি লেম-চাকি-চাইকেললৈকে বগাইৰ আয়ত্ত্বৰ আওতাত। ইয়াতকৈ ওপৰলৈ বগাই যোৱা নাই। নাযায়ো। শক্তি চাইহে ভক্তি। ধৰা নপৰাকৈ, ঔ-কিল নোখোৱাকৈ কামফেৰা কৰি স্বভাৱ আৰু অভাৱক তৰাই থাকিব পাৰিলেই হ’ল।

বগাই ওখই ছফুট। আফগানী চেহেৰা। থাওকাল থূলন্তৰ দেহাটি চালে চকুৰোৱা। নাম যেনে, গাৰ ৰঙো তেনে। এদিনীয়া মানুহে কাহানিও ফুটকে নাপাব বগাইৰ কৰ্ম, যদিহে আন কোনোবাই সকীয়াই নিদিয়ে।

মিঠামুখীয়া মহাটেঙৰ বগাই মহামুখেশ্বৰ। কথাৰ মহলা মাৰি, দেশ-দুনিয়াৰ নানান কিচিমৰ গল্প-গুজব কৰি বগাইয়ে সৱাকে মুহূৰ্ততে মুহিব পাৰে। আইটি, বাইটি, খুৰীটি, দেহা, সোণ, কলিজা, সৰুপোণা, বৰপোণা, সৰুপাই, বৰপাই, ককাইদেউ, দদাইদেউ, মোমাই, ভাগিন বুলি মিঠাকৈ মাতেৰে নিজ গাঁও আৰু চুবুৰীয়া গাঁৱৰ মানুহমখাক বগাইয়ে মৌ-বৰষাই থয়।

বটাৰ পৰা তামোলে-পাণে মুখত ভৰাই, চূণ এসোপা তৰ্জনী আঙুলিত লৈ বগাইয়ে গাঁৱৰ কোনোবা এঘৰত যদি দিনৰ ভাগত কয়,—
“আহোঁ দে খুৰীদেউ, গৰুক পানী খুওৱাৰ সময় হ’ল।”
“যাগৈ যা মৰাটো। পিছে ৰাতিলৈ বাৰী ফুৰিবলৈ নাহিবি জুইলগা।”
মিচিকি হাঁহি এটা মাৰি বগাই লাফ মাৰি চাইকেলত উঠি ভুৰুং। কিন্তু আঁৰ চকুৰে চাবলগীয়া, মিলাবলগীয়াখিনি সি মিলাই থৈ আহে। সেইদিনা নহ’লেও, পাছদিনা বা দুদিনমানৰ পাছত চাই থৈ অহা বস্তুভাগৰ দিহা লগায়।

গাঁৱৰ এমূৰৰ ভোগেশ্বৰ বৰাই ঘনকৈ বৈ শিয়াল টাটী এখন দি আছে। যাওক বগাই সেইফালে দিনৰ ভাগত। ৰাতি ফুৰাৰ আগতীয়া তদন্ত কৰিবলৈ। চাইকেল ৰখাই সুধিবয়েই— “দদাই, টাটীখন বৰ ওখ আৰু ঘনকৈ দিলে দেখোন, একেবাৰে শিয়াল টাটী।” জেওৰা পুতিবলৈ বুলি হাতত লৈ থকা মুদগৰডাল দেখুৱাই হাঁহি হাঁহি খুৰাদেৱে কয়— “কিয় ৰাতি ফুৰিবলৈ আহিলে তোৰ অসুবিধা হ’ব হ’বলা? ধৰা পৰিলে বেটা, এইডাল দেখিছ? ঘিলা কাঢ়িম মাকপোহা।”

বগাইৰ চুৰ কৰাৰ কায়দা-কিটিপো অনেক। এই দেখ, এই নেদেখ। কাণ্ডটো কৰি মুহূৰ্ততে সি যেন বতাহৰ লগত মিলিহে যাব পাৰে। চাই থাকোঁতেই, চকুৰ পচাৰতে কামভাগ কৰি অলপ সময়ৰ বাবে নেদেখা-নোহোৱা হৈ ফৎচনে ঘূৰি আহি ৰাইজৰ মাজৰ এজন হৈ বহি থাকিব পাৰে। নিতে নতুন নতুন নমুনাৰে হাত চাফাই কৰাত সিদ্ধহস্ত বগাই চোৰ।

গাঁৱৰে গৰুবাটৰ কাষৰ, বয়সে ভাটি দিয়া বাপধন ডাং-বৰলাটো হৈ আছে। এইবাৰ বহাগৰ শেষৰ ফালে কইনা এজনী ঘৰ সুমুওৱাৰ দিহা কৰিছে। সেয়ে ঘৰটোৰ পচি-উৱলি যোৱা উলূখেৰসোপা গুচাই টিনপাট লগাইছে। নিশা হুঁচৰি মাৰিবলৈ যোৱা ৰাইজে বাপধনৰ চোতালত খুহুতীয়াকৈ গাবলৈ ধৰিলে, “বোলে কোন বাৰু সৌজন বাপধন মহাজন, খেৰ গুচাই লগালে টিন ঐ গোবিন্দাই ৰাম।”

হুঁচৰি সামৰি ৰাইজে সেৱা ধৰা বাপধনক ধেমেলীয়াকৈ দীঘলীয়া আশীৰ্বাদ এফেৰি দিয়ে মানে, ছাঁ পৰি আন্ধাৰ হৈ থকা গোহালি ঘৰৰ পাৰৰ বাহত ছফুটীয়া বগাইয়ে হাত খেপিয়ালেগৈয়ে।

‘অ’ হৰি, অ’ ৰাম’ কয় মানে চিঁচিঁয়াই থকা পাৰ পোৱালি দুযোৰা বগাইয়ে বাৰীয়েদিয়েই পোনাই ঘৰ পোৱাই দিয়েগৈ। চোতাল এৰি ৰাইজ আহি পদূলি পায় মানে সি চুৰিয়াখন এহাতেৰে দাঙি, “এই পেচাপ কৰি আহিলোগৈ ৰহ্‌” বুলি বাপধনে শৰাইত কেইটকা দিলে ধনভঁৰালীক সোধে।

সম্বন্ধত বগাইৰ দূৰ সম্পৰ্কীয় মোমায়েক গোপাল গায়ন। দুখন গাঁৱৰ সিফালে ঘৰ। দুই-তিনি মাহৰ মূৰত কেতিয়াবা বগাইয়ে সেইফালে পাক এটা মাৰে। খা-খবৰ লয়। মাজতে গৈ বৰা ধানৰ কঠীয়াৰ সঁচ এপাল্লাও সলনিত আনিছেগৈ। মামীদেয়েও ঘৰৰ খা-খবৰ লৈ চাহ-তামোল খুৱাই পঠিয়ায়। বাৰীতে হোৱা পাতিলাও এটাও “হো, এইটো লৈ যা” বুলি দিও পঠিয়ায়।

এদিনাখন সন্ধিয়া লাগোঁ লাগোঁ হওঁতে মোমাইদেউৰ বৰজীয়ৰী নিৰুয়ে পদূলিমুখত কন্দনামুৱাকৈ চিঞৰ-বাখৰ লগালে— “অ’ মাই, মাই অ’, এইফালে আহচোন।”

গায়ননী মামীদেউ উধাতু খাই দৌৰি আহিল।

“কি হ’ল অই? চিঞৰত গগন ফালিছ যে।”
“আমাৰ ক’লা খাহীটো দেখোন নাই। এৰালডাল আছে, ছাগলীটো নাই।”

কাষৰ ঘৰৰ আইটুৰ লগত চেংগুটি খেলি থাকোঁতে কেতিয়ানো সন্ধিয়া লাগিল, তাই গমকে নাপালে। ছাগলীকেইটা অনাৰ সময় যে কেতিয়াবাই পাৰ হৈ গ’ল সেই কথা তায়ো গম পাইছে। দোষ তাইৰো আছে।

ভাতৰ মাৰ কাঢ়ি থোৱা নিসনিকণ, মুঠি মুঠি খুদ্‌ চাউল খুৱাই তেলাল কৰা খাহীটো এইবাৰ দুৰ্গাপূজাত ভাল দামত বেচি পোৱা পইচাৰ লগত আৰু কেইটামান টকা যোগ দি মাজু জীয়েকৰ বাবে চাৰিআলিৰ সোমেশ্বৰ সোণাৰীৰ দোকানত সোণৰ ফুলি এযোৰ গঢ়োৱাৰ কথা পাতি থৈছিল।

মামীদেৱে মূৰে-কপালে হাত দিলে। দুচকুৰে সৰসৰকৈ দুধাৰি চকুলো ওলাই আহিল।

বাৰীতে হোৱা পাতিলাওৰ লগত মাছ অকণ দি খাবৰ বাবে মাছ আনিবলৈ গায়ন মোমাইদেউ বজাৰলৈ গৈছিল। মাছ পালেও। জীয়া ভাঙন পোৱালি। বিলাহী আধাসেৰৰ সৈতে মাছসহ পদূলিমুখ পোৱা মোমাইদেৱে বজাৰৰ মোনা পদূলিতে পেলালে— “কৃষ্ণ কৃষ্ণ প্ৰভু, কোন নাৰকীয়ে মোৰ তেজটোপা খালে অ’?”

গোটখোৱা চুবুৰীয়াৰ মাজৰ বয়োজ্যেষ্ঠ ভোলা আতৈয়ে সান্ত্বনা আৰু বিধান এভাগ লগতে দিলে— “হ’ব দিয়ক বাপজন, ইমানতে ৰ’ল যে। ইয়াতকৈ যে ডাঙৰ ক্ষতি একো নহ’ল। ঈশ্বৰে ফল দেখুৱাব দিয়ক। আপুনি বৰ নামঘৰত বন্তি এগচি দি দিব।”

অসমীয়া চুটিগল্প

চুবুৰীয়া ৰাইজমখাই গুণাগথা কৰি ঘৰাঘৰি যায় মানে বগাইয়ে জিভাৰ তলত গছৰ পাত এখিলা খাজে খাপে খুৱাই খাহীক নিমাতী কইনা কৰি নি চেনেল পোৱাই দিলে। চেনেল মানে গাঁৱৰ পৰা দহ কিল’মিটাৰ দূৰৈৰ কাচেম কচাইৰ মাংসৰ দোকান। কাচেম কচাইয়েও তৎমুহূৰ্ততে জবাই কৰি তেল পিছলা খাহীক চেলাই, ওভোতাই ওলোমাই, ‘ছীনা’, ‘ৰান’ ভাগে ভাগে ধাৰাল দাখনেৰে খহাই খহাই এপোৱা, আধা কেজি, এক কেজিকৈ বিক্ৰী কৰি প্ৰায় সাং কৰিলেই।

বগাইৰ বৰককায়েক বুবাইৰ চাৰিআলিত পাণ-তামোলৰ টঙী দোকান এখন আছে। আঠ-দহ পোণ তামোল, দহ-বাৰ কুৰি পাণ দিনটোত বিক্ৰী হয়। বজাৰ বেয়া গ’লে এশ, ভাল হ’লে তিনিশ টকামান বাচে। বুবাইহঁতৰ চাৰিটা ককাই-ভাই। ভনীয়েক জানকী নাইনত পঢ়ি থাকোঁতেই বগাইৰ বন্ধু গাঁৱৰে লৱকান্তই পলুৱাই নিছিল। এতিয়া তাই নাতি-নাতিনীৰ মুখ দেখি-মেলি আজৰি। বাপেক-মাক ঢুকোৱাৰ পাছত চাৰিটা ককাই-ভায়ে মাটি-বাৰী ভগাই ভাই-ভাই ঠাই-ঠাই হ’ল। পূবৰ ফালে ডাঙৰ ককায়েক বুবাই, তাৰ পাছত একাদিক্ৰমে বুলন, বুধাই আৰু একেবাৰে শেষত বগাই। ভাগে ভাগে ভেটি, ভাগে ভাগে ঘৰ-বাৰী, ভাগে ভাগে পদূলি। পাছে বাৰীৰ মাজেদিয়েই জপনা খুলি ইঘৰৰ পৰা সিঘৰলৈ সাউৎকৈ যাব পৰা উৱা-সোৱা বাট একোটা আছে। সেই বাটেৰেই বাৰীতে হোৱা কল এআষি, শাক-পাচলি দুডালমান, গাখীৰ এগিলাচ, মাছ-পুঠি দুটামান লৈ জা-জোৱালীকেইজনীৰ মাজত আহ-যাহ চলি থাকে। মাজে মাজে মাছ-মাংস, মাটিদালি-ঔটেঙা, ওলকচু-ঔটেঙা, কচু পাতত দিয়া আদিৰ তৰকাৰীও বাটিচালনা হৈ থাকে।

বাৰীত কাচকল এথোক পৰিল। বুলন আৰু বুধাইৰ ঘৰত এআষিকৈ দি হাতত এআষি লৈ বৰককায়েক বুবাই আহি বগাইৰ চোতাল পালেহি। চোতালত ৰৈ চকু ফুৰাওঁতেই বগাইৰ বাৰীত পকি থকা পৈণত তামোল দুথোক দেখি বগাইক ক’লে— “পকা তামোলকেইটা খাওঁতা-সোধোঁতা নাই হৈ ওলমি আছে দেখোন। মোকে দিবি। তামোলৰ গ্ৰাহক ঢেৰ। লোকৰ পৰা যি দৰত কিনো, তোকো তাকেই দিম।”

বগাইয়ে বোলে— “হ’ব যা, কালিলৈ দোকানতে দিমগৈ।”

পিছৰ দিনা বুবায়ে দোকানতে তামোল পালে। গণি গণি ভায়েকক টকা কেইটাও দিলে।

দুদিনমানৰ পাছত দাঁতোন কৰিবলৈ বুলি নিজৰ তামোলৰ বাৰীৰ ঢাপত থকা সৌৰাগছৰ ঠানি এডাল ছিঙিবলৈ গৈ দেখে; নাই। গেলা তামোল কৰি চৰা দামত বেচিম বুলি থোৱা নিজৰ বাৰীৰ পকা তামোলৰ এজোপা গছৰ তামোল দুথোক নাই। বাৰীয়েদিয়েই বগাইৰ চোতাল পাই দেখে কালি দেখি থোৱা দুথোকো নাই। বুবায়ে মুখৰ থুই সোপা পেলাই ভোৰভোৰালে— “মহাকালে মোৰ বাৰীৰ দুথোক নি মোকেই বেচিলে। বেটাই বিশ্বাস জন্মাবলৈ বুলি নিজৰ দুথোকো পাৰিলে। কিন্তু সেয়া গৈ টাউন পালেগৈ। এই কালৰ কাণ্ড দেখিছা।”

গাঁৱৰ এমূৰে থকা হৰিকান্ত দাসৰ চীনা হাঁহ তিনিজনী, মতা হাঁহ দুটাৰ সৈতে পুখুৰীত চৰি থকাৰ পৰায়েই নাই। তিনিদিন হ’ল, খোজ-খবৰ একো নাই। দহ দিনমানৰ পাছত গাঁৱৰে ৰত্নই তিনিখনমান গাঁৱৰ সিফালৰ ন-ধনী ৰমেশ ৰাজখোৱাৰ ঘৰত তেলাল হাঁহেৰে খাই অহা ন-খোৱাটোৰ কথা বৰকৈ কৈ থকা শুনি আহি পুতেক দেৱই বাপেক হৰিকান্তক ক’লেহি— “অ’ ববাই, ন-খোৱাত বোলে পাঁচটা চীনা হাঁহ মাৰিছে। ৰত্নই কেইবাদিনো লেক্‌লেকাই আছে।”

পুতেকৰ কথা শুনি গা-চেবোৱা হৰিকান্তই দেদানদাৰে গৈ ৰমেশ ৰাজখোৱাৰ ম’জাইক কৰা পকী বাৰাণ্ডাত উঠিলগৈ।

“ককাইদেউ, দায় নধৰিব। কথা এষাৰ সোধোঁ।” ‘সোধা আকৌ, বাৰু আগে বহি লোৱাচোন’ বুলি ৰাজখুৱাই হৰিকান্তক চাহ-তামোল খুৱাই তেওঁৰ ন-খোৱাত যে পাঁচটা তেলাল হাঁহ খুওৱা হৈছিল আৰু হাঁহকেইটা যে বগাইয়ে নিজৰ ফাৰ্মৰ পৰা আনি কম দামতেই দি একেবাৰে কাটি-বাছি সহায় কৰি লৈ, ন-খোৱা খায়ো লৈছিল, আদ্যোপান্ত বিৱৰি ক’লে।

মূৰে-কপালে হাত দি হৰিকান্তই ভোৰভোৰালে— “হুঁ, কালযৱনে হাঁহৰ ফাৰ্ম খুলিছে। জীয়া ফাঁকিখন দেখিছা। দিন-ডকাইতে দিনতেই কায়দা কৰি হাঁহকেইটা পুখুৰীৰ পৰা চম্পৎ কৰিলে।”

ভাদ মাহ সোমাইছে মাত্ৰ। গাঁৱৰ বৰ নামঘৰত সন্ধিয়া সন্ধিয়া শাস্ত্ৰ পাঠ চলিবলৈ লৈছে। দুই-এঘৰে ভকতৰ খোৱাৰ যোগান দিয়া আৰম্ভ কৰিছে। গাঁৱৰে এল পি স্কুলৰ প্ৰধান শিক্ষক হোমেশ্বৰ হাজৰিকাই সেইদিনা দহভকতৰ বাবে যোগান দিছে। ভকতৰ সংখ্যাও আনদিনাতকৈ বেছি। হাজৰিকাই তিনিখন গাঁৱৰ সিপাৰে থকা নোওৱা-ধুওৱা সখী শৰৎ শইকীয়াক পাঠলৈ নিমন্ত্ৰণ দিছে। সুৰ-সঞ্চাৰেৰে সখাৰাম সংস্কাৰিত।

শৰৎ সখাৰামৰ মিহি গলাৰ টানত শাস্ত্ৰৰ তিনি অধ্যায় ভকত-বৈষ্ণৱৰ সমুচ্চাৰিত সুৰত “বোলো হৰি ৰাম অ’ ৰাম” বুলি সুন্দৰকৈ আধ্যা পৰিছে। ইফালে ৰান্ধনীশালত খেলৰ দেউৰী সোণাৰাম সুত আৰু লুকু বৰুৱাই পাঁচফোৰণ চম্ভাৰ কৰি মচুৰমাহৰ দালিত তেলফোৰণ মাৰি গোটেই নামঘৰ মলমলাই তুলিছে। আৰু এআধ্যা যাওক বুলি শাস্ত্ৰভাগ খেলৰ পাঠেক অতুল বৰালৈ আগবঢ়াই দি শইকীয়া বাহিৰলৈ আহি সৰুপানীকণ চুই, চাধা এপালি তলুৱাত মোহাৰি চাই দেখে, ঠিকেই আছে। তেওঁ য’ত থৈ গৈছে, তাতেই আছে। নামঘৰৰ বাটচ’ৰাত লগোৱা ফিলামেণ্টযুক্ত বাল্বটোৰ ক্ষীণ পোহৰ ফ্লেমত পৰি জিলিকি আছে— BSA।

শাস্ত্ৰৰ সামৰণি পৰিল। ৰাইজ ঢাৰি-কঠ পাৰি বহিল। দেউৰীয়ে আগবঢ়াই দিয়া চাউল সিজোৱা প্ৰসাদৰ আগত সেৱকীয়ে ঘোষা টানি সেৱা ধৰিলে। খেলৰ নামতি বয়োজ্যেষ্ঠ গহীন বৰাই আশীৰ্বাদ দিবলৈ ধৰিলে—
“বোলে অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্ম সাৰ। প্ৰভু, অন্ন ব্ৰহ্মই কৰি আছে জগতক উদ্ধাৰ॥ আজি যি উদ্দেশ্য আগত ৰাখি সেৱকীয়ে দহ ভকতলৈ বুলি অন্নদান কৰিছে, সেই অন্নদানৰ ফলভাগী কৰি সেৱকীক কল্যাণে কৃপা কৰিব লাগে, এইখিনি প্ৰাৰ্থনা, আও অ’ হৰি, আও অ’ ৰাম।”

ভকতে এমুঠি দুমুঠিকৈ অন্ন মুখত দিওঁতেই গ’ল নহয় দুপকৈ কাৰেণ্টটো। পথাৰৰ দুশ নলৰ মাজেদি যোৱা মেইন লাইনত ডাঙৰকৈ শব্দ এটা হ’ল। আজি আৰু অহাৰ আশা নাই। সাত পুৰণি চাকি দুটা, ধিমিক্‌ ধামাক্‌কৈ জ্বলা লেম দুটামান জ্বলাই ৰাইজে চাউল সিজোৱা মুঠি খাই অঁতালে।

হাত-মুখ ধুই মুহুদি কৰি ৰাইজ আৰু সখাৰামৰ পৰা বিদায় লৈ শৰৎ শইকীয়াই পিন্ধি থকা পাঞ্জাৱী চোলাটোৰ পকেটৰ পৰা সৰুকৈ ৰচী বান্ধি খাৰুৱাৰে থোৱা চাবিপাত উলিয়াই খৰখেদাকৈ আহি দেখে; নাই। নাই মানে নায়েই। সৌ সিদিনা ‘হৰিপদ চাইকেল ষ্টোৰ’ৰ পৰা কিনি অনা বাইশ ইঞ্চিৰ ফুল চেইন ক’ভাৰৰ বি এছ এ কোম্পানীৰ চাইকেলখন নাই।

সকলো চাপিকুচি আহিল। নিশা হ’লে সাপক দীঘলনেজীয়া বোলা ৰাইজে সেইবিধ দেখিলে ‘আস্তিক আস্তিক, গড়ুণ্ড গড়ুণ্ড, তপা তপা তিনি তপা’ বুলি নাম লোৱা এজন তপা বেউলা বৰুৱাই সুধিলে— “প্ৰভু, আপুনি তলা মাৰিছিল নে নাই?”
“মাৰিছিলো হে বাপ, এইপাত চাবি চাওক। নিলে বাপ্পেকে।”
শইকীয়াই ফোঁপাবলৈ ধৰিলে। হোমেশ্বৰ হাজৰিকাও গৰগৰাই উঠিল— “এই মহাপাতেকীয়েই নিলে। নহ’লে ক’ৰ বিলাতৰ চোৰ আহিবহে! ইয়াৰ কিন্তু ব্যৱস্থা এটা কৰিব লাগিব ৰাইজ। চোৰৰ জাত। গাঁওখন তহিলং কৰিহে এৰিব।”

জাতত ধৰি কোৱা বাক্যফেৰাই বগাইৰ তিনি ককায়েক বুবাই, বুলন আৰু বুধাইক বৰকৈ বিন্ধিলে।

ৰাইজে ইকথা-সিকথাকৈ গুণাগথা কৰি থাকে মানে, বগাইয়ে চাইকেলৰ স্পকেৰে তলা খুলি লৈ যোৱা বাইশ ইঞ্চিৰ বি এছ এ গৈ চেনেল পহুঁচি গ’লগৈ। চেনেলেও বগাইক দিবলগীয়াটো দি, পুলিচৰ চৌধ্য গোষ্ঠীয়েও উলিয়াব নোৱৰা জেগাত চাইকেল সুমুৱাই দিলেগৈ।

বগাইহঁতৰ গাঁৱৰ পাফফালৰ পথাৰখন পাৰ হ’লেই তাৰ বন্ধু ভাইজানহঁতৰ গৰীয়া গাঁওখন। তালৈ গ’লেই সিহঁতৰ পদূলিমুখত থকা ডেকাচাংখনত বহি নানান কথা পাতি দুয়োটাই সময় পাৰ কৰে।

এবাৰ ৰমজানৰ ৰোজা চলি আছিল। সন্ধিয়া আজান পৰাৰ লগে লগেই ইফতাৰৰ সময় হোৱাত গাঁওখনৰ মানুহবোৰ ঘৰে ঘৰে সোমাল। আগতীয়াকৈ চৰজমিন কৰি থোৱা বগাইয়ে সেই সুযোগতে পেণ্টৰ পকেটত ভৰাই নিয়া দুফাল আলুৰে দুটা মতা কুকুৰাৰ মুহূৰ্ততে মাত বন্ধ কৰি মোনাত ভৰাই পথাৰেদিয়েই ঘৰ সোমালহি। কুকুৰাৰ জোঙা ঠোঁটত আলুফাল হেঁচা মাৰি সুমুৱাই দিয়াত, ঠোঁটৰ সন্মুখভাগৰ জোঙটো আলু ভেদি ওলাই আহিল। ডেউকা মোটোকাই, ভৰি বান্ধি দিয়াৰ লগে লগে কুকুৰাৰ সাত জনমেও কেট্‌কুট্‌ কৰিব নোৱৰা হ’ল।

ৰোজা ভাঙি, তামোল এখন খাই, বিড়ি এটা জ্বলাই বাটলৈ ওলাই অহা খলিল কেকা, মফিজ চাচাই তৎ ধৰাৰ পূৰ্বেই বগাইয়ে নিজ হাতে চৰু জুৰি, তপত কেৰাহীত কুকুৰাক মচলা মথি তৈলস্নান কৰালেই।

মহাচোৰ বগাইৰ বৃত্তান্ত কৈ থাকিলেও ওৰ নপৰে। সাত দিন সাত ৰাতি বখানি থাকিলেও শেষ নহয়। বগাইৰ মাক মালতীৰো বোলে হাতলৰ চুৰণী স্বভাৱ এটা আছিল। ৰাইজৰ দুই-একে কয়। বগাই পেটত থাকোঁতে হেনো মালতীয়ে চকুৰ পচাৰতে, কথাৰ লাচতে চাদৰৰ আঁচলত, মেখেলাৰ খোঁচনিত বস্তু দেখ-নেদেখ কৰিছিল। বস্তু আৰুনো কি? লাওটো, কোমোৰাটো, পাণ দুখিলা, তামোল চাৰিটা, শাক দুমুঠি, জলকীয়া এমুঠি, পকা ফল এটা-দুটা। এইবোৰেই আৰু। বগাইয়ে বোলে অভিমন্যুই গৰ্ভতে বেহুত সোমোৱা শিকাদি পোনে পোনে হাতফুৰুৱা বিদ্যাভাগ মাকৰ পৰায়েই পালে।

বগাইক লৈ কত মেল-বিচাৰ, কত শা-শপত, কত জৰিমনা, কত গুৱা-দণ্ড-সেৱা। কিন্তু নেচেল। শিকীয়াৰ পোকৰ একেটায়েই। দুই-এবাৰ পুলিচেও ধৰি নিনিয়া নহয়। কিন্তু সিফালেও সেই। থানালৈ দুই-এবাৰ অহা-যোৱা কৰিয়েই দেখনিয়াৰ বগাইয়ে মাৰঘাত মাৰিলে। চাকৰি সূত্ৰে থানা চৌহদৰ কোৱাৰ্টাৰত থকা নিতাই পুলিচৰ মেট্ৰিক ফেইল মাজু জীয়েক প্ৰেমলতাক ৰুক্মিণী হৰণ কায়দাৰে আনি, অজ্ঞাতবাস খাটি, ভালেমান দিনৰ পাছত ঘৰ সুমুৱালেহি। ৰাইজে বেণ্ডপাৰ্টি বজাই বুঢ়া বিয়াও পাতি দিলে। ভাবিলে যে বিয়া-বাৰু পাতি বিষয়ী-সংসাৰী হ’ল যিহেতু এতিয়া অকণমান গতি লাগিব। পিছে নাই, পুলিচৰ জোঁৱাই হৈ বগাইৰ একাঁজলি চৰিলহে।

বগাইৰ বাপেক লম্বোধৰ বৰা। ওখই-পাখই, গায়ে-গাৰিয়ে প্ৰকাণ্ড মানুহ। ডাক নাম— ল’ৰা। গাঁৱৰ বৰবায়ন। গঞাই মাতে— লম্বা ল’ৰা বায়ন। এপতীয়া কালৰে পৰা খোলৰ চাপৰেৰে চৌদিশে ৰজনজনাই থকা লম্বা ল’ৰা বায়নে খোল নবজায়। খোল খুন্দে। লম্বা ল’ৰাৰ দেউতাক অম্বুৰাম বায়নেও খোল নবজাই খোল খুন্দিছিল। তেওঁ লম্বা ল’ৰাক কৈছিল— “অই পিতৌ, খোলটো নমাই আনচোন, দুখুন্দামান দিওঁ।”

গাঁৱৰ, অঞ্চলৰ ৰাস-ভাওনা, প্ৰসঙ্গ-কীৰ্তনত লম্বা ল’ৰাৰ খোলৰ বুলনিয়ে নামঘৰ-ভাগিক পৱিত্ৰ কৰি তোলে। দেৱবাদ্যভাগিয়ে লম্বা ল’ৰাক বৰকৈ মানে। যেনেকৈ এতিয়া বুধাইক মানে। খোলৰ চেৱত ৰাসৰ গোপীয়ে নামঘৰৰ মাজেদি উলিয়াই দিয়া বাটেৰে কেইপাক মাৰে গমেই নাপায়। ভাওনাত ৰজাৰ প্ৰৱেশ, অসুৰৰ প্ৰৱেশ, দুই বীৰৰ ঘোৰ যুদ্ধ; বাজি উঠিলেই নহয় লম্বা ল’ৰাৰ খোল। পৰিল নহয় খোলত আঙুলিৰ চাপৰ। নামঘৰৰ বাজৰ পৰা ডেকা-দঙৰাই দেদাউৰি মাৰে— “মাৰক, মাৰক, মাৰক বায়ন আৰু এভাইল।”

লম্বা ল’ৰা বায়নৰ হাত যেনেকৈ চলে, গলাও তেনেকৈয়ে চলে। হাতেৰে খোল বজাই গীত ঘাঁটি ৰাস-ভাওনা চলাব পৰা দ্বিতীয় এজন বায়ন অঞ্চলটোত নাই। বৰগীত, টোটয়, চপয়, বিলাপ, পয়াৰ সকলো মুখস্থ। কেনিও পেলাব নোৱাৰি। মহাৰাস এভাগ চলাবলৈ লম্বা ল’ৰা অকলেই কাফি। লেখ-জোখ নোহোৱাকৈ চলাইছেও।

ককাক-দেউতাকৰ দেৱবাদ্য বজোৱাৰ এই বিদ্যাভাগ এতিয়া তৃতীয় পুতেক বুধাইয়েহে ৰাখিছে। গুণী বাপেক লম্বা ল’ৰাৰ হাতৰ বিদ্যাভাগ পালে বুধায়ে। বুধাই বায়নকো সকলোৱে চিনে, জানে। ইফালে বাপেকৰ পৰা বগাইয়ে চেহেৰাৰ লগতে গলাভাগো পালে। যেন অবিকল লম্বা ল’ৰাহে। বাপেক চাই পুতেক। ৰাইজে নাট মেলিলেই মূল ভাওটো সাবেককৈ বগাইলৈ থাকিবয়েই। নাটভাগ লাগে গুৰুজনাৰে হওক বা কাল্পনিকেই হওক। বগা-ছিগা, ওখ-পাখ বগাইয়ে শ্ৰীকৃষ্ণ, শ্ৰীৰামচন্দ্ৰ, ধৰ্মৰাজ যুধিষ্ঠিৰ, মহাবলী কৰ্ণ, গাণ্ডীৱধাৰী অৰ্জুনকে আদি কৰি ঘাই ঘাই ভাওবোৰত ভাও দি দহো ৰাইজৰ মন মুহিব পাৰে।

ৰামবিজয় ভাওনাভাগিৰ শ্ৰীৰামচন্দ্ৰৰ ভাওটো বগাইৰ নামত চিল-মোহৰ মৰা। থাওকতে বচন, বিলাপ, পয়াৰ মুখস্থ কৰি, সুন্দৰকৈ ভাও দিব পৰা বগাইৰ পাছে পাছে ভাওনাৰ স্থায়ী সূত্ৰধাৰী মণিৰাম শইকীয়া হাতত নাটভাগ, চকুত চশ্‌মা লৈ দৌৰি ফুৰিব নালাগে। যেনেকৈ অন্য ভাৱৰীয়াৰ ক্ষেত্ৰত প্ৰায়ে লাগে।

শ্ৰীৰামচন্দ্ৰৰ ৰূপত বগাইৰ প্ৰৱেশ চাবলগীয়া। মাজত সীতা, শেষত ভাই লক্ষণক লৈ ধীমা লয়ত কৰা প্ৰৱেশে দহো ৰাইজক দৰক লগায়। ৰাজকুমাৰ ৰামচন্দ্ৰৰ পৰা বনবাসী ৰামচন্দ্ৰ হৈ, ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰি অযোধ্যাৰ ৰজা শ্ৰীৰামচন্দ্ৰ হোৱালৈকে ছফুটীয়া বগাইৰ ভাও চালে চাই থাকিবলগীয়া। এন লাগে যেন সঁচাকৈয়ে মহাপ্ৰভু শ্ৰীৰামচন্দ্ৰই এই কলিযুগত আহি গাঁৱৰ নামঘৰত প্ৰৱেশ কৰিছেহি।

পিঠিত কাঁড়ৰ তূণ, বাওঁকান্ধত ধনুখন, হাতত এপাট বা দুপাত কাঁড় লৈ, ৰেৱত মহন্তই পেইণ্ট-পাউদাৰ কৰি পাতল নীলা বৰণীয়াটো কৰি পঠিওৱা শ্ৰীৰামচন্দ্ৰৰূপী বগাইয়ে প্ৰৱেশ স্থানত আহি থিয় দিয়ে। বগা চেলেং এখন এটা মূৰে হৰিকান্ত দাসে ধৰে, আনটো মূৰে ককায়েক বুলনে ধৰে। আনটো ককায়েক বুধাই বায়নৰ খোলৰ চেৱত বনবাসী শ্ৰীৰামচন্দ্ৰ বগাইয়ে ধীৰ গতিৰে প্ৰৱেশ কৰে। হৰিকান্তই আঁৰ কাপোৰখন এৰিয়েই শ্ৰীৰামচন্দ্ৰৰূপী বগাইক দুহাতেৰে নমস্কাৰ এভাগ কৰে। বগাইয়ে হৰিকান্তলৈ চাই সৰুকৈ হাঁহি এটা মাৰে। হৰিকান্তই চকু দুটা মুদি দিয়ে। তেওঁৰ দুচকুত শ্ৰীৰামচন্দ্ৰৰূপী বগাইৰ ভৰা মুখখন উজলি উঠে।

গুণাৰাম গায়নে বুধাই বায়নক কৈ উঠে— “বুধাই ধৰিবি, ৰাগ সিন্ধুৰা, তাল একতালি।”

বুধাই বায়নৰ খোলৰ বোলত শ্ৰীৰামচন্দ্ৰই ধীমা গতিৰে নামঘৰত প্ৰৱেশ কৰে। গুণাৰাম গায়নে গীত জোৰে,—

ধ্ৰুং॥
ভেলি পৰৱেশ, পৰমেশ ৰঘুনাথে।
সংগে সোদৰ শৰ ধনু ধৰি হাতে॥

পদ॥
শ্যাম ৰুচিৰ চিৰ পীত পৰকাশ।
পংকজ নয়ন বয়ন মন্দ হাস॥
মণিময় মুকুট কুণ্ডল গণ্ড দোলে।
হেৰি মূকতি মন মনমথ ভোলে॥
মাণিক মোতি জ্যোতি হেমহাৰা।
গগন উজোৰ যৈচন ৰুচি তাৰা॥
চৰণক ৰঞ্জি মঞ্জিৰ মণি ৰোল।
কৃষ্ণ কিঙ্কৰ ওহি শঙ্কৰ বোল॥

সূত্ৰধাৰী মণিৰাম শইকীয়াই ডাঙৰ মাতটোৰে কৈ উঠে— “আহে সভাসদ লোক, ওহি পৰকাৰে শ্ৰীৰামচন্দ্ৰ প্ৰৱেশ কৰিয়া যথাস্থানে উপৱিষ্ট হুয়া ৰহল। তদনন্তৰে…।”

বগাই যিমানেই আগুৱাই যায়, সিমানেই গোপীনীৰ মাজত বহি থকা ঘৈণীয়েক প্ৰেমলতাৰ বুকু গৰ্বত ওফন্দি যায়। ভাওনা চাবলৈ আবেলিতে সপৰিয়ালে আহি পোৱা গোপাল গায়ন মোমাইদেউ, ককায়েক বুবাই, হেডমাষ্টৰ হোমেশ্বৰ হাজৰিকা, সখাৰাম শৰৎ শইকীয়া, ন-ধনী ৰমেশ ৰাজখোৱা, বেউলা তপা, শহুৰেক নিতাই পুলিচকে আদি কৰি ভাৰস্তৰ ৰাইজখনে বহি থকাৰ পৰায়েই বগাইলৈ সেৱা এভাগ ধৰে। ভাওনা চলি থকাৰ মাজত বাপধনে ভাৱে-ভক্তিৰে শ্ৰীৰামচন্দ্ৰ ৰূপী বগাইক নামঘৰৰ বৰ কেটেলীটোৰ পৰা লাল চাহ এগিলাচ আৰু কাটা বিস্কুট দুখন দিয়ে।

ভাওনা আগবাঢ়ে। সীতা হৰণৰ পাছত বগাইয়ে মতা বিলাপ-পয়াৰে দৰ্শক ৰাইজক চকু সেমেকাই কন্দুৱাই তোলে। ৰাৱণবধী ৰামৰূপী বগাইক ৰাইজে ভূৰি ভূৰি প্ৰশংসা কৰে। হাত চাপৰিৰে নামঘৰৰ দশোদিশ মুখৰিত হৈ পৰে। ভাৱত সন্তুষ্ট হৈ ৰাইজে দিয়া দহটি টকা, বিছটি টকাৰে বগাইৰ ডিঙিত টকাৰ মালা এডাল হৈ পৰে। বগাইয়েও তথাস্তু ভংগিমাৰে সৱাকে আশীৰ্বাদ দিয়া হেন কৰে।বগাইৰ সমস্ত কু-কৰ্ম ৰাইজৰ তলিফুটা স্মৃতিয়েদি সৰকি পৰি নোহোৱা হয়।

এক বিশেষ ঘটনাৰ লগত বগাইৰ নাম সাঙোৰ খাই পৰাত ঘৈণীয়েকক লৈ এনিশাতে সি গাঁও এৰিলে। ন-ধনী ৰমেশ ৰাজখোৱাৰ ঘৰত ডাঙৰ ডকাইতি কাণ্ড এটা হ’ল। ৰাইজে বগাইকো সন্দেহৰ চকুৰে চালে। বগাইৰ লিংকতেই ডকাইত আহি অঞ্চল সোমাল বুলি ৰাইজে বু-বু বা-বা কৰি তালৈ আঙুলি টোঁৱালে। পুলিচেও বগাইক সোধ-পোছৰ বাবে মতাৰ ব্যৱস্থা কৰিলে। কিন্তু তাৰ পূৰ্বেই বগাই গাঁও এৰি নোহোৱা হ’ল। বিচাৰ-খোচাৰ অনেক চলিল। পাছে বগাইৰ শুংসূত্ৰ একোৱেই পোৱা নগ’ল।

মাজতে কোনোবাই আহি খবৰ দিলে যে বগাই বোলে পাহাৰীয়া ঠাই এখনত কয়লা খন্দাৰ কামত আছিল। তাতেই কয়লাৰ পাহাৰে সুৰংগৰ ভিতৰতে বগাইক হেঁচা মাৰি মাৰিলে। ‘ডেডবডি’ পোৱাৰ প্ৰশ্নয়েই নাহে।

বুবাইৰ চোতালত ৰাইজ বহিল। ৰাইজৰ মাজত কথাৰ উত্তৰা-উত্তৰি লাগিল। ভাটৌনকা চিঁয়া নন্দেশ্বৰ জাঙুৰ খাই উঠিল— “শ নোপোৱাকৈ কেনেকৈ সকাম হ’ব? শ সৎকাৰ হোৱাৰ পাছতহে সকাম-নিকামৰ কথা আহিব ৰাইজ।”

বয়সস্থ সুমল বৰদলৈয়ে বিধান দিলে— “ধানখেৰৰ জুমুঠি এটা সাজি, সেইভাগ সৎকাৰ কৰিও পৰিয়ালটো উদ্ধাৰ হ’ব পাৰে।”

ৰাইজৰ এচামে সুমল বৰদলৈৰ কথামতেই কাম হওক বুলি ক’লে। আন এচামে নন্দেশ্বৰৰ কথাত হয়ভৰ দি, উভোঁহা কাটি বুবাইৰ চোতাল এৰিলে। প্ৰথমবাৰলৈ গাঁৱৰ ৰাইজখন দুভাগ হ’ল। ইমানদিনে কঢ়ামুঠীয়াকৈ এটা খেল হৈ থকা ৰাইজখন বগাইৰ বাবেই দুটা খেলত ভাগ হ’ল।

সকামৰ দিনা এটা খেলৰ ভকত-বৈষ্ণৱে নাম-গুণ গাই সেৱা পাতিলে। ৰুমালত প্ৰসাদৰ টোপোলা বান্ধি ভোজে-ভাতে খাই ৰাইজ ঘৰমুৱা হ’ল। আনটো খেলে ভূন-ভূন ভান-ভান কৰি মুখ ওফোন্দাই থাকিল। বগাইৰ আখ্যান ইমানতে অন্ত পৰিল।

লাহে লাহে ৰাইজৰ বৰমূৰীয়াসকল দুই-এককৈ প্ৰায়বোৰেই বৈকুণ্ঠগামী হ’ল। চকুৰ কেটেৰেক্ট অপাৰেশন কৰি আহি বুবায়েও বহু দিনলৈকে ক’লা চশমা এযোৰ পিন্ধি থাকিল। গাঁৱত নাট-ভাওনা কমি আহিল। খোলটোত ভালকৈ চাপৰ এাট মাৰিব পৰা ল’ৰা-পোণা এটা, খামীডাঠ চেহেৰাৰে ৰজনজনাই যোৱাকৈ হুমকি এটা দিব পৰা ডেকা এটা, সুৰ লগাই বিলাপ-পয়াৰ এফাকি মাতিব পৰা মানুহ এটা নোহোৱা হৈ আহিবলৈ ধৰিলে।

চৰকাৰৰ পৰা মাহেকত পোৱা বিনামূলীয়া চাউল, আঁচনিৰ নগদ ধনকেইটা লৈ খাই-বৈ চলি থকা মানুহেৰে গাঁওখন ভৰি গ’ল। ৰাজনীতিৰ ভোটাৰ, কেডাৰ, লীডাৰেৰ গোটেইখন উখল-মাখল। বিৰ দি বাট নোপোৱা অৱস্থা। অনেক ৰকমৰ আঁচনি। থাৰ্টি-ফিফ্‌টি পাৰ্চেণ্ট, চাবচিডিৰ বাবে হেতাওপৰা, পঞ্চায়ত অফিচ, ব্লক অফিচলৈকে লোকে-লোকাৰণ্য।

তেনেতে এদিন ডাঙৰ মন্ত্ৰী এজনৰ সভা এখন গাঁৱৰ মধ্যখণ্ডত থকা খেল পথাৰত আয়োজিত হ’ল। দলে-বলে মানুহ আহি খেলপথাৰ ভৰি পৰিল। গাঁৱৰ পাৰ্টি কৰা ল’ৰাকেইটাৰ গাত তৎ নাই।

সময়ত সদলবলে মন্ত্ৰী আহিল। মন্ত্ৰীৰ লগত অনেক নেতা-পালিনেতা আহি সভাঘৰ ভৰি পৰিল। দামী গাড়ী এখনৰ পৰা ওখ-পাখ মানুহ এজন নামিল। পিন্ধনত শুধ বগা কুৰ্টা-পায়জামা, মুখত এমুখ ৰঙচুৱা দাঢ়ি, কপালত ৰঙা তিলক, চকুত দামী ক’লা চশমা এযোৰ। গহীন-গম্ভীৰ খোজেৰে মন্ত্ৰীৰ গাতে লাগি অহা মানুহজন গৈ মঞ্চত বহিল।

আসনৰ প্ৰথম শাৰীত বহি থকা বুবাই, বুলন, বুধাই, বাপধন, হৰিকান্ত, অৱসৰী হোমেশ্বৰ হাজৰিকা, চকুত ছানি পৰা সোণাৰাম সুত, লুকু বৰুৱা আদিয়ো ইজনে সিজনৰ চকুলৈ চোৱা-চুই কৰিলে।

মন্ত্ৰীয়ে ৰাইজক উদ্দেশ্যি অনেক ভাষণ, অনেক প্ৰতিশ্ৰুতি হুৰাহুৰে দি গ’ল। হাত চাপৰিৰ শব্দত গোটেইখন তল-ওপৰ হ’ল। এসময়ত মন্ত্ৰীয়ে সেই মানুহজনক চিনাকি কৰি দিলে— “ৰাইজ এখেত আমাৰ পাৰ্টিৰ এজন একনিষ্ঠ সেৱক ব্ৰজনাথ ব্ৰহ্মচাৰী। এখেতে বহু বছৰ ধৰি পৰ্বতৰ কুৰুঙত সোমাই গভীৰ ধ্যান কৰি সিদ্ধি লাভ কৰিছে। সেই সিদ্ধিৰে তেওঁ ব্ৰহ্মাণ্ডত চাৰণ কৰিব পাৰে বাবেই তেখেতৰ নাম ব্ৰজনাথ ব্ৰহ্মচাৰী। এখেত আমাৰ পাৰ্টিৰ এজন একনিষ্ঠ সেৱক। এইবাৰ এখেতে আপোনালোকক সেৱা আগবঢ়াবলৈ আহিছে। এয়া আমাৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ বিষয়। অহা নিৰ্বাচনত এখেতে আপোনালোকৰ সমষ্টিৰ পৰা আমাৰ পাৰ্টিৰ হৈ নিৰ্বাচন খেলিব। গতিকে আপোনালোকে বিপুল ভোটত এখেতক জয়ী কৰিব লাগিব। কওক জয়ী কৰিব নে নকৰে।”

ব্ৰজনাথ ব্ৰহ্মাচাৰীয়ে থিয় হৈ ৰাইজক উদ্দেশ্যি সেৱা এভাগ কৰিলে। ‘জিন্দাবাদ জিন্দাবাদ’ ধ্বনিৰে গোটেইখন উপচি পৰিল। মঞ্চৰ পৰাই তেওঁ হাত জোকাৰি ৰাইজক অভিবাদন জনালে।

যথাসময়ত নিৰ্বাচন অনুষ্ঠিত হ’ল। শ্লোগানত আকাশ-বতাহ কঁপি উঠিল।

“এইবাৰ ভোটত জিকিব কোন,— ব্ৰজনাথ ব্ৰহ্মচাৰী আৰু কোন।” “ব্ৰজনাথ ব্ৰহ্মচাৰী তুম আগে চলো,— হাম তুমহাৰা সাথ হে।” “ব্ৰজনাথ ব্ৰহ্মচাৰী জিন্দাবাদ,— জিন্দাবাদ জিন্দাবাদ।”

যথাসময়ত ভোট গণনাৰ ফলাফল আহিল। এগজিট প’ল মতেই, আশা কৰা ধৰণেই বিপুল ভোটত ব্ৰজনাথ ব্ৰহ্মচাৰী জয়ী হ’ল। গাঁও, অঞ্চল তথা সমষ্টিৰ ৰাইজে সীমাহীন সন্তোষেৰে ক’লে— “তেখেত জিকিবয়েই, তেখেত অৱতাৰী পুৰুষ। তেখেত সিদ্ধ পুৰুষ। ঘৰ-সংসাৰ নকৰা ব্ৰহ্মচাৰী ব্যক্তি।”

পাছে সকলো তল পেলাই এটা অভেদ্য কাহিনী ৰাইজে আৱিষ্কাৰ কৰাৰ দৰে কৰিলে। যি কাহিনী ইমুখ সিমুখকৈ মুখ বাগৰি শজন, হাজাৰজন, লাখজন, কোটি কোটিজনৰ মুখে মুখে চৰ্চিত হ’বলৈ ধৰিলে।

ব্ৰজনাথ ব্ৰহ্মচাৰীৰ হাতত হেনো শিয়ালৰ শিং এযোৰ আছে। হয়, নীলা শিয়ালৰ এযোৰ ৰহস্যময় ভাগ্যৱান শিং। যিযোৰ শিঙক তেওঁ অতি সংগোপনে, অতি সযতনে নিজৰ হাতত ৰাখি থৈছে।

সেই কথাৰ প্ৰমাণ হাতে হাতে পোৱা গ’ল।

এদিনাখন গাঁৱৰ বৰনামঘৰলৈ গুৰুঘাত মাৰি গায়ন-বায়নসকলে স্থানীয় বিধায়ক, সিদ্ধপুৰুষ ব্ৰজনাথ ব্ৰহ্মচাৰীক আদৰি আনিলে। ওখ-পাখ সুন্দৰ মানুহজন আহি থকা দৃশ্যটো বৰকৈ চাবলগীয়া হৈছে। ৰাইজে হাতযোৰ কৰি তেওঁক নমস্কাৰ জনাইছে। কলা চশমাৰ আঁৰত তেওঁ ধীৰ গতিৰে আহি নামঘৰৰ বাটচ’ৰা পালে। গামোচাৰ ভৰত ডিঙিত ঠাই নোহোৱা হৈছে। বাটচ’ৰাৰ সন্মুখ পাই তেওঁ সেৱা এভাগ কৰিবলৈ আঁঠু কাঢ়ি হালি দিলে। ঠেলা-হেঁচাত, কিবা জুতিত হঠাতে তেওঁৰ কলা চশমাযোৰ খুলি গ’ল। উত্তেজনা আৰু আনন্দত বুবাইয়ে চিঞৰি দিলে— “এইটো দেখোন আমাৰ…!”

থিয় দিয়া ব্ৰজনাথ ব্ৰহ্মচাৰীৰ দুচকুত নীলা শিয়ালৰ শিং এযোৰ স্পষ্টকৈ জিলিকি উঠিল।

❧ | অধিক গল্প:

নীলা শিয়ালৰ শিং | সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা

Follow Nilacharai on Facebook