আপুনি দিয়ক মোক এটা শিৰোনাম,
এটা কবিতা দিম মই আপোনাক,
আপুনি দিয়ক মোক শব্দ কিছুমান,
তাৰ এক ক্ৰম দিম মই আপোনাক৷
আপুনি দিয়ক মোক কিছু অলংকাৰ,
তাৰে সজাম মই কবিতা আপোনাৰ৷
আপুনি দিয়ক মোক অলপ শয়ন জিৰণিৰ,
মই দিম আপোনাক এটা নীলা চৰাই দূৰণিৰ৷
নীলা চৰাই পুহিবলৈ লাগে খুদকণ শোকৰ,
আৰু লাগে বুকুৰ একোণত নিৰলা এটি পঁজা,
খুদকণ আৰু পঁজা নাথাকিলেও মই দিব
পাৰিম আপোনাক নীলা চৰাইৰ এই কবিতা৷
❧ | আৰু পঢ়ক:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...