বুকুত সাঁচি ৰাখিছা দুখন পাহাৰ
আৰু
এখন সাগৰ
কিমানে বগাব খোজে সেই পাহাৰ
কিমানে চুব খোজে মনৰ
কোমলতা
সাগৰখন তোমাৰ
বুকুত
আদিতম এটি সুৰ
দীঘলীয়াকৈ বাজি থাকে
ইপাৰ-সিপাৰ
চুই
কিমান নাবিকে নাও বাই চাব খোজে
মেলি দিয়া জাহাজৰ লঙ্গৰ পেলাই
সাজিব খোজে
এটি দ্বীপ
তুমি আকাশৰ নীলাখিনিত আঁকিছা ৰামধেনু
তোমাৰ চকুৰ মণিত
সাগৰৰ পানী
পাহাৰৰ ওখ মাটি
তুমি এখন মানচিত্ৰ
তুমি এটা গোলক
তুমি প্ৰকৃতি।
📚 | আৰু পঢ়ক:
- ভালপাওঁ, ভালপাওঁ 💕
- এখনি অকলশৰীয়া নাও
- উচ্চতাৰ পদ্য
- শিকলিৰে বান্ধি থোৱা প্ৰেম
- জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ কবিতা
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক