লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ এমুঠি গীত

লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ এমুঠি গীত
  • 06 Oct, 2021

গী তিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাই অসমীয়া সংগীত জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াই গৈছে। তেখেতৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৬ নৱেম্বৰ তাৰিখে নগাঁও জিলাৰ পুৰণিগুদামৰ ভীমৰ গাঁৱত আৰু মৃত্যু হৈছিল ১৯৮০ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে। ৰুদ্ৰ বৰুৱা ৰচিত গীতত শিল্পীগৰাকীয়ে নিজে কণ্ঠদান কৰাৰ বাহিৰে খগেন মহন্ত, অৰ্চনা মহন্ত, দিপালী বৰঠাকুৰ, অণিমা ভট্টাচাৰ্য, নীলিমা খাতুন আদি স্বনামধন্য শিল্পীয়ে কণ্ঠ নিগৰাইছিল।

ৰুদ্ৰ বৰুৱাৰ এমুঠি গীত পাঠক সমাজলৈ আগবঢ়োৱা হ’ল।

পকা ধানৰ মাজে মাজে সৰু সৰু আলি

পকা ধানৰ মাজে মাজে
সৰু সৰু আলি অ’ সৰু সৰু আলি
আলিত পৰি গীত জোৰে জাক বালিমাহী।

হিমচেঁচা বতাহ আহি ধান গ’লে চুমি
দাৱনীয়ে হাতত কাঁচি খৰাই ল’লে তুলি
অ’ যাওঁ কি নাযাওঁ খোজেৰে
পাওঁ কি নাপাওঁ ভাবেৰে
সুৰুকীয়া বাট গ’লে বুলি৷

পকা ধানে হালি-জালি
দাৱনীক কয় আহাঁ বুলি
দাৱনীয়ে সেৱা জনাই
ধানৰ গোছত মাৰে মুঠি
সোণগুটিৰ ভৰত হাতৰ ধৰে সিৰামূৰি
জাক দাৱনীৰ জিৰণি গীতে পথাৰ ধৰে জুৰি
সৰু সৰু চৰাইবোৰে
লাজত পলাই উৰা মাৰে
ধান ফালি ফালি।

ধানৰ পাতে কাটে
তেজ ডোঙা পাতে।
সোণগুটিৰ ভৰত
জোন বিৰিয়া ভাগে
তেওতো আমাৰ দুখ নাই
ধানে হাঁহি হঁহুৱায়।
উলাহেৰে গীত গাঁও মন সঁফুৰা খুলি খুলি।

তাঁতৰ দোৰেপতি চলাই ঘনেপতি

তাঁতৰ দোৰেপতি চলাই ঘনেপতি
পলকত টোলোঠা ঘূৰে
কোননো সেই গৰাকী চিলনীৰ ঐ জীয়ৰী
ছেলেংনো ছকঠীয়া জোৰে।

একাঁঠু ঐ বোকাতে কোনেনো ঐ কঠীয়া
আষিয়ে আষিয়ে তোলে
ভৰিতনো কোবে পৰি কাণৰে ঐ থুৰীয়া
ইফালে সিফালে লৰে।

কাষত এটি মূৰত এটি শুৱাই ভৰা কলচী
জাক পাতি পানী আনে মেনকা নে উর্বশী
খোজৰ লাচত কঁকাল হালে জালে
চিনিছোঁ ঐ চিনিছোঁ মুখৰ হাঁহিত বুজিছোঁ
অসমীৰে জীয়ৰী অসমীৰে বোৱাৰী
বাই-ভনী-কুটুমী মোৰে।

অ’ মইনা চেনাই তোৰ

অ’ মইনা চেনাই তোৰ
ওঁঠৰ হাঁহি হৰিলে কোনে
দেহাৰে তেজ-মঙহে দেহাতে ঐ শুকালে
কতেনো তোক ধৰিলে ঘূণে।

হাতৰ গামেখাৰু ডিঙিৰে ঐ মাদলি
ভাত-কাপোৰ বিচাৰি গোলাত দিলি বন্ধকী
বৰষে তোৰ দুচকুৰ কোণে ঐ
কাকেনো তই দিবি দায়
তোৰে হিয়া ভুকুৱাই
কোনেনো তোৰ কথাটি শুনে।

হায় ঐ হায় হায়
বাৰীৰ পাছেফালে বৰ আমৰ ডালতে
কুলি-কেতেকীয়ে ৰৈ নো ৰৈ নামাতে
ফেঁচাই কুৰুলিয়াই ঘনে
নিশাটো নিউ নিউ শুনি তোৰ উৰে জীউ
ভয়তে টোপনি নাহে৷

সোণৰ তোৰ দেশৰে সোণগুঁই মৰিলে ঐ
পথাৰো বাঁজী হ’লে
ৰাইজ লগে লাগি নিজক নাচাৰিলে
দুখৰ তোৰ নপৰে ওৰে।

পাতৰ আঁৰে আঁৰে চুচুক-চামাক

পাতৰ আঁৰে আঁৰে চুচুক-চামাক
লাৱনী মুখখনিৰ ভুমুক-ভামাক
আহোঁ নাহোঁ কৰি আহিলে
আহি খিলেখিলাই হাঁহিলে
বাউলী ব’হাগী নাচিলে।

দুম দুম দুম আকাশে গাজিলে
ৰিব্ ৰিব্ ৰিব্ বা-ছাটি বলিলে
জিৰ্ জিৰ্ জিৰ্ পাতে গীত জুৰিলে
তৰাদৈ অ’ ভদীয়া অ’
টোপনি তহঁতৰ ভাগিল নে?

ধিনিকি ধিনদাও ঢোলৰে মাত
শুনি ডেকাধনি লাগিছে গাত
টিঁহিটি পেঁপাতে বাজিছে সুৰ
চিলনীৰ জী কৰিছ কি
অ’ বিহুৰ তোৰ গামোচা ওলালনে?

গোঁ-কৈ গগনা কঁপিলে
জা-কৈ ঝিলিৰ গীত চৰিলে
সুৰতে বৰষুণ পৰিলে
পথাৰখন পানীৰে ভৰিলে
উতলা নাচোনখন সামৰি থ
ৰোৱনীৰ সাজটি পিন্ধি তই ল।
বতৰৰ বতাহজাক বলিলে
কঠীয়া হালিলে জালিলে
খৰে কৰ গোছ দিওঁ বোকাতে
অ’ বৰষুণ এৰাৰ এই ছেগতে।

চিকিমিকি ডালিম গুটি

চিকিমিকি ডালিম গুটি
জিকিমিকি কৰে সৌৱা
হাঁহোনে নেহাঁহো সৌৱা
মিচিক মাচাক কৰে চোৱা
সেয়া বাৰু কোন?
(মোৰে) পূর্ণিমাৰে জোন
নৈৰ ঘাটত দেখি অহা মোৰে কেঁচাসোণ।

অ’ চিৰিলি ঐ চিৰিলি হাতৰে ঐ আঙুলি
ভৰিৰে ঐ আঙুলি ঘন
কমোৱা তুলাৰে জোলা উৰোঁ উৰোঁ যেনে দেহি
তেনে কৰে কুমলীয়া মন।
সেয়া বাৰু কোন?
(মোৰে) তেনেই আপোন
তাঁতৰ পাতত ৰচে এৱেঁ ধুনীয়া সপোন।

হাত দুখনি কিনো চাবা
যেন হাতীৰ শুঁৰ
ৰহণ চৰাই গোটা খাৰু
বাজে জুনুক জুন
জাংফাই কেৰুযোৰ
পনীয়লি বাখৰবোৰ
কাণৰ লটিত জিলেমিলাই জ্বলে।
অ’ সেয়া বাৰু কোন?
মোৰ চিনাকি দেখোন
(যাৰ) পথাৰৰে বোকাত চৰে ধুনীয়া নাচোন।

আমি অসমৰে জীয়ৰী অ’

আমি অসমৰে জীয়ৰী অ’
আমি অসমৰে বোৱাৰী অ’
পাঁজি সেৰা কাটি ৰাতিতে টঙালি বৈ
পুৱালৈ দিওঁ আঁটি।

দীঘ-বাণিত ৰচোঁ আমি পৰীৰ দেশৰ সাধু
চিলনীৰে জী আমি জানো কিবা যাদু
মুঠিতে লুকোৱা চেলেং বৈ দিব পাৰোঁ।

এড়ি-মুগা-পাট আমাৰ ঘৰৰে জেউতি
দেশে দেশে আমাৰ বস্ত্ৰৰ বিয়পে খিয়াতি
নিজে পিন্ধো, পিন্ধাও আনক আমিয়ে বৈ-কাটি।

গৰকাৰে চাবে চাবে টোলোঠাৰে পাকে পাকে
আশাৰে ফুল ফুলে অ’ আশাৰে ফুল ফুলে
বৃন্দাৱনৰ ছবিখনি আঁকো কাপোৰতে।

কাষত কলচী হালি-জালি

কাষত কলচী হালি-জালি
কোন মেনকা আহে
খোজত কিনো নাচোন ভমক
চকুত সপোন ভাহে।

খোপাত গোঁজা মালতীপাহি
গোন্ধত আমোলমোল
ওঁঠত সনা বৰহমথুৰি
নখত জেতুকাৰ বোল
সোণ বৰণীয়া মুগা বসনত
দেহাৰে জেউতি চৰে।

(অ’) পথৰুৱা আলিৰ ওপৰত
কাৰ শুৱলা গীত
(অ’) জাকৰুৱা গাভৰুহঁতৰ
উলাহ উতলা চিত
খেতিৰ শেষত ভোগালী বিহুৰ
আশাৰ সপোন দেখে
পাঁজিসেৰীয়া আঙুলি মূৰত
দোমাহীৰ দিন লেখে।

কেলৈ ল’লি জনম

কেলৈ ল’লি জনম
কেলৈ লাগে মৰম
বছেৰেকৰ বিহুতে
বিলাবলে’ নহ’লে
সাঁচি কি কৰিবি মিঠা মৰম।

কেলৈ লাগে যৌৱন
কেলৈ লাগে জীৱন
বিজুলীৰ চমকত মনৰ ময়ূৰীয়ে
যদিহে নধৰে পেখন।

কেতেকী কপৌ নাহৰ
ফুলি কি কৰিব তগৰ
গাভৰুৰ খোপাটি যদিহে নুশুৱাই
ফুলত কোন হ’বনো মগন।

কেলৈ টোপনি ক্ষতি
নোলালে গামোচা জুতি
ন-বছৰতে দিবলৈ নহ’লে
জপাত থৈ কি হ’ব বিহুৱান।

জিলমিল জিলমিল তৰাটি ডুবিলে

জিলমিল জিলমিল তৰাটি ডুবিলে
ৰিব্ ৰিব্ ৰিব্ ৰিব্ বা-ছাটি বলিলে
অ’ আমি ফেঁহুজালি পৰত আজি
মুকলি মনেৰে
সূৰুযকে বাউলি দিওঁ আমাৰ দুহাতেৰে।

টিপ্ টিপ্ টিপ্ টিপ্ টোপে টোপে
নিয়ৰ কণা সৰে
জিকমিক জিকমিক দূবৰিতে
মুকুতা হৈ জ্বলে
জাকি মাৰি পাৰজাকে
কুৰুলিয়াই উলাহতে
পাখিৰ ধূলি পখালি লৈ
নিয়ৰৰ কণাৰে
সূৰুযকে বাউলি দিওঁ
আমাৰ দুহাতেৰে।

গুণ গুণ গুণ গুণ বতাহতে
প্রভাতী সুৰ বাজে
সেই সুৰতে মন আমাৰ
নতুন সাজে সাজে
হাজাৰ ৰাতিৰ জাৰ খেদোঁ
এই ৰ’দ চেৰেঙাৰে।

অ’ তুলতুল অ’ বুলবুল

অ’ তুলতুল অ’ বুলবুল
অ’ সেউতী তৰা
লুকা-ভাকু ভাল নালাগে
খেল কইনা-দৰা।

তুলতুল আমাৰ কইনা হওক
বুলবুলে হওক দৰা
মই নামতী, নাম লগাই দিওঁ
দৰাঘৰীয়াক যোৰা
অ’ সেউতী হ দৰা মাক
ঘট-টেকেলি ধৰা।

কোৰোকাৰে দূৰলিতে
চাউল হ’ব বালি
কচুপাতত শলাকানি
সেয়ে হ’ব চাকি
পানী-পচাত পানী তুলিম
দূৰণিৰ ঘাট গড়া।

পাতাবাহাৰ পাত আনি
বেইখনি ল’ম সাজি
মিছামিছি হালধিৰে
দুয়োকো নোৱাম আমি
তৰাই ল’ব তুলতুলক
সেউতীয়ে বুলবুলক
দাঙি আনি বহুৱাব
বেই তলৰ পৰা।

❧ | আৰু পঢ়ক: পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ একুকি গীত

হয়েৰা জেতুকী বাই

হয়েৰা জেতুকী বাই
চুলি তোৰ পকালি, দাঁতবোৰ সৰালি
পৰৰ ঘৰে ঘৰে নাম-গুণ গাই।

কাৰোবাৰ পুতেকে কোনোবাৰ জীয়েকক
নিবলৈ পাতিছে বিয়া
জোঁৱাইৰ বা কি নাম, যোৰা দি কি গাম
তোৰহে তৎ নাইকিয়া।
(বোলো) সাজিছ কাচিছ হয়
চাবি আক’ বাইটি তই
চহকীৰ বিয়ালৈ ছাল-ছিগা নামতীক
মতাৰ যে ঠিকনা নাই।

অ’ বোলো জেতুকী বাই
তোৰ যে জীয়েৰক যমে কাঢ়ি নিলে
বুকু শুদা পৰি যায়
পৰৰে জীয়ৰীক জোঁৱাইয়ে নিওঁতে
কান্দ তই নামকে গাই।
ৰভাঘৰ শুৱনি জীয়ৰী-বোৱাৰী
তোলৈ ঠাইকে নাই
বিয়াৰ তই নামতী বিয়াত হে সোঁৱৰে
পুৱালৈ পাহৰি যায়।

গামোচাৰে আঁচলতে পদুমৰে চকা

গামোচাৰে আঁচলতে পদুমৰে চকা
মূৰতে মেৰিয়াই আহে পাহোৱাল ডেকা।
(তাৰ) খোজে খোজে লৰে-চৰে দুটি কলাফুল
(তাৰ) উশাহতে লৰে-চৰে বুকুৰ মঙহবোৰ
(তাৰ) পিঠিখনিত ৰ’দ পৰি জ্বলে ঘামৰ টোপা
মূৰতে মেৰিয়াই আহে পাহোৱাল ডেকা।

(তাৰ) দুখ-ভাগৰত মন নেভাগে
সেও নামানে পৰি
দেও-ভূতে তাৰ সাহটো দেখি
যায় ফালৰি কাটি
ভৰিৰে সি গচকি যায়
বাটৰ বিপদ বাধা।
মূৰতে মেৰিয়াই আহে পাহোৱাল ডেকা।

(তাৰ ওঁঠ দুখনিত মিঠা হাঁহি
নিতৌ লাগি আছে
(তাৰ) মুকুতা যেন চকু দুটাত
আশা ভৰি আছে
সেই হাঁহিটিত সেই চাৱনিত
আছে বহুত কথা।
মূৰতে মেৰিয়াই আহে পাহোৱাল ডেকা।

বন্ধু সময় পালে

বন্ধু…
সময় পালে আমাৰ ফালে
এবাৰ আহি যাবা
সহজ-সৰল গাঁৱৰ জীৱন
খন্তেক ৰৈ চাবা।

যান-বাহনৰ সুযোগ নাই
আওহতীয়া আমাৰ ঠাই
বাট বোলোঁতে হয়তো বন্ধু
অনেক দুখেই পাবা।
অনাহাৰে দিন কটাওঁ
তাত গধূলি-পুৱা।

খেৰ-বাঁহৰ অনেক পঁজা
গাঁও ভৰি পাবা
দন-খৰিয়াল শুনি শুনি
তাতেই অকণ ৰ’বা
নাঙঠ শিশুৰ ধূলিৰ খেলা
ৰৈ ৰৈ তাতে চাবা।
অশিক্ষিত লাজুক সিহঁত
কাষলৈ নামাতিবা
চহৰৰ পৰা কিবা নিলে
দূৰৈৰ পৰাই দিবা।
পিয়াহ লাগি বন্ধু তুমি
নুখুজিবা পানী
খাল-বিলৰ ঘোলা পানী
নিদিওঁ তোমাক আনি।
ফেঁচাৰ চিঞৰ নুশুনিবা
হয়তো বন্ধু ভয় খাবা
লাহে লাহে চহৰলৈ বাটটি ভিৰাই ল’বা
আমাৰ গাঁৱৰ ছবিখনি
মনত আঁকি নিবা।

মোৰ অসমীৰে হাবি-বননিতে

মোৰ অসমীৰে হাবি-বননিতে
চেঁকুৰা চেঁকুৰা সোণে জিকেমিকাই থাকে।
পাহাৰ-পৰেবতে জুৰি
সোণাৰু-শাল শাৰী শাৰী
অগৰু-চন্দন আৰু কত ভাগে ভাগে
বতাহতে হালে-জালে
মিচিকি মিচিকি হাঁহি
সোণৰে ভাৰ চপাবলৈ কাষৰলৈ মাতে।

সেউজীয়া কুমলীয়া চাহগছৰ পুলিটি
(তাৰ) পাতে পাতে হেজাৰ টকাৰ
উঠেনো জুনজুননি,
তাকে দেখি বণিক সাউদ আহে জাকে জাকে
অসমীৰে ৰূপ চাই চকুতে ঘুমটি নাই
দুহাতে সামৰি শেষ কৰিব নোৱাৰে।

কয়লাৰে খনি আছে মাটিৰ বুকু ভৰি
পনীয়া সোণৰে উঠে ইয়াতে লহৰি
অসমীয়ে চেনেহ-চুমা জগতকে যাঁচে
মৰমৰে জুতি পাই আলহীৰে শেষ নাই
সময়ৰে ছেগ চাই শোৱা-পাটি পাৰে।

দুখৰেনো ৰাতিটো কেতিয়া পুৱাব

দুখৰেনো ৰাতিটো কেতিয়া পুৱাব
অসমী আইৰ মুখখনি কোনে উজলাব।

খোলে তালে দবাই কাঁহে,
কীর্তন দশম ঘোষাই নামে
তাহানিৰে দিন আকৌ কেতিয়া ঘূৰিব
দুলড়ী লেচাৰী পদে সুৱদি সুৰীয়া গীতে
কেতিয়াকৈ বতাহত মোৰ কঁপনি তুলিব।

ভুৰুকাতে হাতী ভৰাই কোনে দেখুৱাব
মেঠোনৰে শিঙত ধৰি কোনে নচুৱাব
লুইতৰে নীলা পানী তেজেৰে ৰাঙলী কৰি
আকৌ এবাৰ কোনে বাৰু শতৰু খেদাব।
আছেনে মোৰ ভনীটি অসমী আইৰ জীয়ৰী
ঢালে-তৰোৱালে পাৰে ৰণুৱা সাজিব
দেশৰে খিয়াতি ৰাখি জনমভূমিৰ হকে
হাঁহি হাঁহি ৰণৰ থলীত প্রাণ বলি দিব।

❧ | আৰু পঢ়ক: শিল্পী-সঙ্গীতজ্ঞ বনকোঁৱৰ আনন্দিৰাম দাস

লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ এমুঠি গীত | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook