অসংখ্য ভাবৰ বুৰবুৰণি তুলি বুকুৰ ভিতৰত যেন সৃষ্টি হৈছে এক সুগভীৰ খাদ! আৰু দৃষ্টি আৰু চিন্তাই ঢুকি নোপোৱা মস্তিষ্কৰ অতল গহ্বৰত নিনাদিত হৈছে মাথোঁ এটাই বাক্য— ‘মোৰ দোষ কি?’
হঠাৎ এন্ধাৰবোৰ চাৰিওফালে বিয়পি পৰিল৷ জীপ গাড়ীখনৰ দ্ৰুত গতিত বাহিৰৰ বতাহজাকে আহি অভিজ্ঞানৰ কাণে-মূৰে বৰ নিষ্ঠুৰভাৱে আঘাত কৰিবলৈ ধৰিলে৷ কিছু ক্ষণ মৌনৰ অন্তত অভিয়ে গাড়ীৰ সন্মুখৰ আসনত বহি থকা আৰক্ষীজনৰ ফালে চাই নম্ৰভাৱে সুধিলে— ‘মোক এনেকৈ থানালৈ কিয় নিয়া হৈছে ছাৰ?’ অকণো পলম নকৰি আৰক্ষীজনে উত্তৰ দিলে— ‘থানালৈ গৈ সকলো গম পাব, ব’লক৷’
সেই সময়খিনিতে অভিৰ লগৰ বন্ধু কেইজনমানৰ বাৰে বাৰে ফোন আহিবলৈ লোৱাত লগতে বহি যোৱা আৰক্ষী বিষয়াজনে অতি সংযতভাৱে ফোন ৰিচিভ নকৰিবলৈ কৈ অভিজ্ঞানৰ ব্যৱসায়-বাণিজ্য তথা পৰিয়াল সম্পৰ্কে আতিগুৰি মাৰি সুধিলে৷ সোধা মতেই অভিয়ে উত্তৰ দি গ’ল৷ তেনেকৈয়ে কিছু দূৰ অতিক্ৰম হোৱাত পিছফালে বহি যোৱা আৰক্ষীৰ কনিষ্টবল এজনে তাৰ পৰাই মাত দিলে— ‘থানা পাওঁতে ৰাতি হ’বগৈ; আপুনি ভাত খাব নে ৰুটি খাব দাদা?’
—‘সেইবোৰ একো নালাগে। আপোনালোকৰ কৰিবলগীয়াখিনি কৰি মোক ঘৰলৈ উভতাই পঠিয়ালেই বহু উপকৃত হ’ম৷ ৰাতি বেছি হ’লে মা-জনীয়ে বৰ চিন্তা কৰিব, তাতে অসুখীয়া মানুহ।’
হঠাৎ অভিৰ ম’বাইলটো পুনৰ বাজি উঠিল৷ হিয়াৰ নামটো ফোনৰ স্ক্ৰীনত দেখাৰ লগে লগে অভিৰ মনটো অস্থিৰ হৈ উঠিল৷ ছেঃ তাইক কথাবোৰ ক’ব পৰা হ’লে…! কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি ফোনটো ৰিচিভ কৰে কেনেকৈ!
যিমানে সময় বাঢ়িছে ক্ৰমাৎ মনৰ অস্থিৰতাও দ্ৰুত গতিত বৃদ্ধি পাইছে৷ অনেক চিন্তাৰে ভাৰাক্ৰান্ত হৈ অভিৰ মূৰটো তললৈ হালি পৰিছে। হঠাৎ গাড়ীখন ৰখাই দিয়া হ’ল। মূৰ তুলি চাই দেখে যে সন্মুখত থানাখনৰ ১০০ পাৱাৰৰ বাল্ব এটা জ্বলি আছে। থানাৰ বাহিৰত কেইজনমান কনিষ্টবল অহা-যোৱা কৰি আছে।
—‘থানা পালোহি, নামক দাদা৷’
আৰক্ষী হাবিলদাৰজনৰ মাতত যেন অভি কিবা অজলাটোৰ দৰে হৈ পৰিল। কি ঘটিছে, কি ঘটিবলৈ গৈ আছে— একো উৱাদিহ পোৱা নাই। গাড়ীৰ পৰা নামিয়ে মৌন হৈ আৰক্ষী দুজনৰ পিছে পিছে গৈ থানাত সোমাল৷ অভিক দেখাৰ লগে লগেই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে বহাৰ পৰাই মাত লগালে— ‘অভিজ্ঞান বৰুৱা, আপুনি আজি আমাৰ লগত ইয়াতে ৰাতিটো কটাব লাগিব৷ চিন্তা কৰিব নালাগে, আমি সকলোবোৰ আছোঁৱেই৷’
অভিৰ মূৰত যেন আকাশখন ভাগি পৰিল। বহু প্ৰশ্নই মনৰ মাজত হাহাকাৰ কৰি থাকিল যদিও সেইবোৰ একো জানিবলৈ ইচ্ছা নকৰি অতি অসহায়ভাৱে ক’লে— ‘মই ঘৰলৈ এবাৰ ফোন কৰিব পাৰিমনে ছাৰ?’
বিষয়াজনে একো ক’বলৈ নৌপাওঁতেই হুৰমুৰকৈ চাৰি-পাঁচজন সাংবাদিক হাতত কেমেৰা লৈ থানাৰ ভিতৰলৈ চিধাই সোমাই আহি অভিক বেৰি ধৰি এটাৰ পাছত এটা প্ৰশ্ন নিক্ষেপ কৰিবলৈ ধৰিলে— ‘আপুনিয়ে অভিজ্ঞান বৰুৱা নহয়নে? সেই ফটোবোৰ আপুনি নিজেই তুলিছিলনে?’
ফটোৰ কথা সোধাতহে অভিয়ে ঘটনাৰ কিছু কথা অনুমান কৰিব পাৰিলে…।
—‘নহয়, ফটোবোৰ মই তোলা নহয়৷ চ’ছিয়েল মেডিয়াত আগতেই বিভিন্ন ধৰণে প্ৰচাৰ হোৱা ফটো সেয়া৷’
অভিৰ কথাৰ লগে লগে সাংবাদিককেইজনৰ সৈতে থকা কেইজনমান মানুহ উগ্ৰ হৈ চিঞৰ-বাখৰ কৰিবলৈ লোৱাত আৰক্ষী বিষয়া এজনে সকলোকে বাহিৰলৈ ওলাই যাবলৈ কঠোৰভাৱে নিৰ্দেশ দিয়াত পৰিৱেশটো কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল৷ কেইমুহূৰ্তমান পাছতে প্ৰীতম আৰু দুজন বন্ধু আহি থানাত উপস্থিত হ’ল৷ প্ৰীতমক দেখাৰ লগে লগে যেন অভিয়ে বুকুত অফুৰন্ত সাহ পালে৷ নাপাবইনো কিয়, সৰুৰে পৰা ইজনে খুন্দা খালে সিজনে কষ্ট পোৱাৰ দৰে বন্ধুত্ব! প্ৰীতমে দৌৰি যোৱা দি গৈ অভিক সাৱতি ধৰি ক’লে— ‘এয়া সকলো মোৰ বাবেই হ’ল, সেইদিনা ময়েই ফটোবোৰ তোক…।’
—‘এতিয়া সেইবোৰ বাদ দে প্ৰীতম, ঘটিবলগীয়াখিনি ঘটিলেই৷ এতিয়া বাকী কৰিবলগীয়াখিনি কৰিলেহে আমাৰ লাভ হ’ব৷’
কিছু সময় প্ৰীতমে ঠিক কৰা উকিলৰ লগত কৰিবলগীয়া আলোচনাকে ধৰি ঘটনাৰ সৈতে জড়িত বিভিন্ন কথা-বতৰা পাতি পুৱাই সোনকালে আহি কামবোৰ কৰিবহি বুলি প্ৰীতমহঁত ঘৰলৈ উভতিল৷ তেওঁলোক যোৱাৰ পাছতে ভাৰপ্ৰাপ্ত বিষয়াজনে অভিক ওচৰলৈ মাতি নি সুধিলে— ‘এইজনৰ লগত আপোনাৰ হয়তো কিবা সুসম্পৰ্ক আছে নহয়নে বৰুৱা?’
—‘হয় ছাৰ, মোৰ বাল্য বন্ধু প্ৰীতম বৰুৱা৷ আজিৰ স্বাৰ্থপৰ পৃথিৱীখনত অন্ধৰ দৰে যদি কাৰোবাক বিশ্বাস কৰিব পাৰোঁ, সেইজন প্ৰীতমেই।’
—‘মিঃ অভিজ্ঞান বৰুৱা, পাৰিলে গাৰ নোমডালকো ইমান বিশ্বাস নকৰিব…।’
হঠাৎ তেখেতে কিয় তেনেকৈ ক’লে বুলি মনটোত কিছু খেলি-মেলি লাগিবলৈ ধৰোঁতেই আৰক্ষী বিষয়াজনৰ উপদেশ আৰু থানাৰ নিয়ম-অনুশাসন ৰক্ষাৰ অৰ্থে লকআপৰ ফালে অভি আগবাঢ়িল৷
নিশা দুই বাজিছে৷ অভিৰ দৃষ্টি যেন থানাৰ ঘড়ীটোতে গৈ থৰ হৈ পৰিল। মনটোত প্ৰচণ্ড এজাক ধুমুহাৰ তাণ্ডব! অন্যায়ৰ বিৰুদ্ধে মাত মতাটোও এটা অপৰাধ নে? মহৰ কামোৰ, কাষৰ পায়খানা-প্ৰস্ৰাৱঘৰৰ পৰা ভাহি অহা ভেকেটা-ভেকেট গোন্ধত ক’তনো আৰু অভিৰ টোপনি যায়! ৰেলিংকেইডালত ধৰিয়েই অধীৰ অপেক্ষাৰে ধৰালৈ পোহৰ নামি অহালৈ অপেক্ষা কৰি বাহিৰৰ ফালে চাই ৰ’ল!
—‘অভি অভি! সাৰ পাইছানে?’
খকমককৈ সাৰ পাই চকু দুটা মোহাৰি অভিয়ে দেখিলে সন্মুখত হিয়া।
—‘হিয়া, তুমি…!’
—‘অ মই। কেনেকৈ কি হ’ল অভি?’
—‘বিশেষ ময়ো একো গম নাপাওঁ, হয়তো কোনো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলী হৈছোঁ।’
—‘খবৰটো শুনিয়ে বহুবাৰ ফোন কৰিলো, কেনেকৈ বা আছা, কি কৰিছা…! ৰাতিটো টোপনি নাই।’
—‘পোহৰলৈ বাট চাওঁতে চাওঁতে মোৰো কেতিয়া টোপনি আহিল গমেই নাপাওঁ৷’
—‘তুমি চাগৈ কালিৰে পৰা ভোকতে আছা, মই ৰুটী দুখনমান লৈ আনিছোঁ৷ মুখখন ধুই খাই লোৱা৷’
—‘খাবলৈকে মন নাই হিয়া, ভোকচোন নলগাই হ’ল!’
—‘নাখালে সকলো সমাধান হৈ যাবনে? যিকোনো ৰাজনৈতিক কথাত মাত দিবলৈ মই কিমান মানা কৰিলো, নাই নুশুনিলা। আৰে, ক’বলৈ কেৱল তুমিহে আছানে সংসাৰত?’
—‘সকলোৱে যদি তেনেকৈয়ে ভাবে, শুদ্ধ শব্দটো সমূলি নাইকিয়া হৈ কেৱল অশুদ্ধ শব্দটোৱেহে সকলোতে ৰাজত্ব কৰিব হিয়া।’
—‘তোমাক আৰু বুজাই লাভ নাই অভি…।’
—‘হ’ব দিয়া, তুমি এতিয়া ঘৰলৈ যোৱা। পাৰিলে মাৰ এবাৰ খবৰ কৰি আহিবা৷ উকীলৰ সৈতে প্ৰীতম পাবহিয়ে এতিয়া, তুমি যোৱাগৈ যোৱা৷’
অনিচ্ছাসত্তেও অভিৰ কথা পেলাব নোৱাৰি হিয়া ঘৰলৈ উভতিল৷ কিছু সময়ৰ পাছতে লগৰ কেইবাজনো বন্ধু আহি অভিৰ সন্মুখত উপস্থিত হ’ল আৰু কেনেকৈ কি কৰিব, নকৰিব আদি কথাবোৰ লৈ সকলো ব্যস্ত হৈ পৰিল৷ কিন্তু অভিৰ চকু দুটা বাৰে বাৰে বাহিৰৰ দুৱাৰখনৰ ফালেহে যাবলৈ ধৰিলে।
দহ বাজিবৰ হ’ল, প্ৰীতম আহোঁতে কিয় বা পলম কৰিছে! প্ৰীতমে উকিল আনিব আনিব বুলি বাট চাওঁতে চাওঁতে দিনৰ বহুখিনি সময়েই পাৰ হ’ল, কিন্তু প্ৰীতমৰ কোনো দেখা-সাক্ষাতেই নাই! এপাকত থানাৰ আৰক্ষী জোৱান এজনে অভিক স্বাস্থ্য পৰীক্ষাৰ বাবে ওচৰৰ চৰকাৰী চিকিৎসালয়খনলৈ যাবলৈ সাজু হ’বলৈ কৈ থৈ গ’ল৷ তেনেতে ওখ ছেণ্ডেলৰ টক টক শব্দ৷ সন্মুখত হিয়া আৰু এজন ভদ্ৰ লোক৷
—‘হিয়া, তুমি আকৌ আহিলা? মিছাতে কিয় তাঁতবাতিখন কৰি আছা বাৰু! মোৰ সৈতে ইহঁত আছে নহয়।’
—‘অভি, অকণমান ৰ’বা। এখেত অনিল দুৱৰা, জিলাখনৰ ভিতৰত এগৰাকী নাম থকা উকীল৷’
—‘কিন্তু প্ৰীতম…।’
হিয়াই অভিক আৰু কিবা ক’বলৈ সুযোগ নিদি ক’লে— ‘তোমাৰ কামখিনি এখেতেই কৰিব৷ ইতিমধ্যে জামিনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ এখেতে সাজু কৰিছেই৷ চিন্তা কৰিব নালাগে, সকলো হৈ যাব৷’
স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতেই অভিক আদালতলৈ নিয়া হ’ল৷ চিনাকি বন্ধুবৰ্গ, সহকৰ্মী তথা পৰিয়ালৰ বিভিন্ন সদস্য আদালতৰ সন্মুখত অভিলৈ অধীৰ অপেক্ষাৰে ৰৈ আছে৷ সকলোকে দেখি প্ৰথমে অভি কিছু আবেগিক হৈ পৰিছিল যদিও বেছি ক্ষণ নিজকে দুৰ্বল হ’বলৈ নিদিলে৷ অভিৰ লগতে সকলো উৎকণ্ঠিত— কি হ’ব, কি নহ’ব…! আদালতৰ বিভিন্ন কাম, বিভিন্ন ফৰ্মেলিটী৷ সময়বোৰো নিজস্ব গতিত বাগৰিছে। অপেক্ষাৰ অন্তত এক অনাকাংক্ষিত পৰিৱেশ। সকলোৰে মনবোৰ হাহাকাৰ কৰি উঠিল৷ হিয়াই মানসিকভাৱে কিছু অসুস্থ হৈ কাষৰ চকীখনতে বহি ক’লে— ‘কি হৈ গ’ল এয়া, কি হৈ গ’ল অভি…!’
অভি নিৰ্বাক, নিস্তব্ধ! আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ ৰায় দান কৰাৰ পাছত মৌন হৈ অভি আৰক্ষীৰ নিৰ্দেশত আৰক্ষীৰ নিৰ্দিষ্ট বাহনখনত উঠি দুৱাৰ মুখৰ পৰা ঘূৰি চাই দেখে সেই মুহূৰ্তত চিনাকি সকলো একো একোটা যেন চন পৰা কপৌহে! চকুপানী মচি মচি হিয়া দৌৰি আহি অভিৰ হাতখনকে থপিয়াই ধৰি লৈ ক’লে— ‘সকলো ঠিক হ’ব অভি, হতাশ নহ’বা৷ মই অতি সোনকালে তোমাক লৈ আনিম তাৰ পৰা।’
—‘হিয়া, প্ৰীতমো কিবা বিপদত পৰিছে সম্ভৱ, তুমি খবৰ এটা কৰিবাচোন।’
—‘হ’ব অভি, লোকৰ কথা ভাবি ভাবি আজি তোমাৰ এই অৱস্থা৷ বহুত হ’ল, বহুত কৰিলা আৰু নালাগে৷’
—‘হেই পাগলী, কি কৈছা এইবোৰ? আৰুনো কোন আছে মোৰ নিজৰ বুলিবলৈ৷ হ’ব দিয়া, তুমি ঘৰলৈ যোৱা৷ মাক কথাবোৰ বুজাই ক’বা৷’
কাৰাগাৰৰ অভিমুখে যিমানে বাছখন আগবাঢ়ি গৈছে, অভিৰ মনটো ক্ৰমে আতংকিত হৈ পৰিছে৷ মনটোত মাজে মাজে প্ৰীতমক লগ নোপোৱাৰ কথাটোৱেও ক্ৰিয়া কৰি থাকিল৷ কিছু সময়ৰ পাছতে অভিয়ে কেতিয়াও নেদেখা কাৰাগাৰৰ মজিয়াত ভৰি পেলালে৷ ভিতৰলৈ সোমাই যোৱাৰ লগে লগেই অভিয়ে বিভিন্ন কয়দীৰ বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হ’ল৷ তাৰ মাজৰ পৰাই প্ৰায় সংখ্যকেই সহানুভূতিও দৰ্শালে৷
লাহে লাহে অভিয়ে কাৰাগাৰৰ ভিতৰৰ পৰিৱেশ, নিয়মাৱলীসমূহ নিজ চকুৰে দেখিবলৈ পালে, অৱগত হ’ল৷ লাহে লাহে ধৰালৈ এন্ধাৰ নামি আহিল। সময়বোৰ নাযায়-নুপুৱায়। ৰাতি ১২ মান বজাত হঠাৎ অভিয়ে চক খাই শোৱাৰ পৰা বহি পৰিল৷ অভিৰ এনে লাগিল যেন কাষতে কোনোবাই কিবা খান্দি আছে, কিবা কাটি আছে! কিন্তু এই ৰাতিখন কোন হ’ব পাৰে? মাজে মাজে কোনোবাই ফুচফুচাই কথা পাতি থকাৰ দৰেও শুনিবলৈ পালে। অপৰিচিত এই ৰাতিৰ পৰিৱেশটোৱে অভিৰ মনত সংশয়ৰ সৃষ্টি কৰিলে৷ হঠাৎ অভিৰ মনত পৰিল প্ৰীতমৰ কথা৷ প্ৰীতমে যে প্ৰায়েই আজৰি পৰত লগ হ’লেই কাৰাগাৰত ভ্ৰমি ফুৰা প্ৰেতাত্মাৰ কাহিনীবোৰ কৈছিল! কিমানে যে এই কাৰাগাৰবোৰত আত্মহত্যা কৰে, কিমানক যে ফাঁচী দিয়া হয়! সেই ঘটনাবোৰৰ সৈতে এই শব্দবোৰৰ কিবা সম্পৰ্ক নাইতো? বিভিন্ন কথাই অভিৰ মনটোত বিভিন্ন ধৰণে ক্ৰিয়া কৰিবলৈ ধৰিলে৷ ভয়ে ভয়ে ৰেলিংকেইডালৰ ফাঁকেৰে মূৰটো অলপ বেঁকা কৰি চাওঁতে দেখিলে যে আহিয়ে চিনাকি হোৱা দুজনমান কয়দীয়ে বহি তাচ খেলি কথা পাতি আছে৷ সিফালে দুজনমানে কৰতেৰে কিবা কাঁঠ নে বাঁহ কাটি আছে। সকলো স্বাভাৱিক অৱস্থাতে দেখি মনত উদয় হোৱা ভয়বোৰ কিছু আঁতৰিল আৰু লাহে লাহে অভি নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল৷
অতি কম সময়ৰ ভিতৰতে অভিৰ সৈতে তাত থকা প্ৰায় কয়দীৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিল৷ ভবা বা শুনাতকৈ এক পৃথক আৰু অনন্য পৰিৱেশ কাৰাগাৰৰ৷ কাৰাগাৰলৈ আহি থাকোঁতে বাটত কাৰাগাৰ সম্পৰ্কে অভিয়ে যিবোৰ ধাৰণা লৈছিল, তাতকৈ সম্পূৰ্ণ পৃথক৷ সুবিধা মতে মন গ’লে লুডু খেলাই লুডু খেলে, কেৰম খেলাই কেৰম খেলে, কিছুমান পুৰণা কয়দীৰ নতুন হাজোতী-কয়দীয়ে পকা চুলি বাছে, কাপোৰ ইস্ত্ৰি কৰাই কাপোৰ ইস্ত্ৰি কৰে, ভকতীয়া কয়দীয়ে নামঘৰলৈ গৈ ভাগৱত পাঠ কৰে৷ মুঠতে মানুহৰেই এক অন্য জগত এই কাৰাগাৰ৷ এই কথাবোৰে কিছু সময়ৰ বাবে অভিক চিন্তামুক্ত কৰিলেও বিভিন্ন আশংকাই খন্তেকতে পুনৰ বেৰি ধৰেহি৷ প্ৰীতমক লৈও অভি চিন্তিত৷
উকীলৰ সৈতে সকলো কাম নিজে ঠিক কৰাৰ কথা, কিন্তু কি বা বিপদত পৰিল সি…! সময়বোৰে যিমানে বাগৰ সলাইছে, সিমানে বিভিন্ন কথাই আহি জুমুৰি ধৰি অভিক অস্থিৰ কৰি তুলিছেহি৷ কিমান দিন বা আৰু এনেকৈ কয়দী হৈ থাকিব লাগে আদি বিভিন্ন ভাব! মত বিনিময়ত তাত থকা কোনোৱে যদি কৈছে ১৪ দিন থাকিব লাগিব, কোনোৱে আকৌ কৈছে তিনিদিনৰ আগত জামিন নহয়— যেন উচ্চতম ন্যায়লয়ৰ একো একোজন অধিবক্তাহে! অৱশ্যে অভিজ্ঞতাও নথকা নহয়। একমাত্ৰ ঈশ্বৰক চিন্তি তেওঁলোকৰ সৈতেই আমন-জিমনকৈ বহি দুই-এটা কথা পাতি থাকিল৷ তেনেতে গেটত থকা ল’ৰা এজন দৌৰি দৌৰি দূৰৰ পৰাই চিঞৰি ক’লে— ‘অভিজ্ঞান বৰুৱাৰ জামিন হৈ গ’ল, অভিজ্ঞান বৰুৱাৰ জামিন মঞ্জুৰ৷’
অভিয়ে যেন নিজৰ কাণকেই বিশ্বাস কৰিব নোৱাৰিলে৷ ল’ৰাজনে ওচৰলৈ আহি পুনৰ ক’লে— ‘দাদা, আজি আপুনি ঘৰলৈ যাব পাৰিব৷ আহক, আপোনাক নিবলৈ বাহিৰত বহুত মানুহ ৰৈ আছে৷’
অভিয়ে খবৰটো শুনি হাঁহিবই নে কান্দিবই একো ধৰিব নোৱাৰিলে। লগত বহি থকা কয়দীকেইজনৰ চকুবোৰো সেমেকি উঠিল৷
সকলোকে আদৰ-সন্মানেৰে মাত লগাই অভি বাহিৰলৈ ওলাই আহিল৷ বাহিৰত অনেক শুভাকাংক্ষী। সকলোৰে মুখত আনন্দৰ হাঁহি৷ বৈ অহা আনন্দৰ চকুপানীখিনিক অভিয়ে বাধা দিব নোৱাৰিলে৷ হিয়াই দৌৰি আহি অভিক সাৱতি ধৰিলে।
—‘অভি, কৈছিলো নহয়— সকলো ঠিক হ’ব।’
—‘প্ৰীতম আজিও নাহিল হিয়া…!’
—‘সেইবোৰ কথা বাদ দিয়া এতিয়া, ঘৰলৈ ব’লা। চোৱাচোন কিমান মানুহ আহিছে তোমাক নিবলৈ।’
—‘এৰা…!’
উল্লাস-আনন্দ মনেৰে সকলো ঘৰমুখী হ’ল৷ ঘৰলৈ গৈ থাকোঁতে আধা বাটতে হঠাৎ অভিয়ে গাড়ীখন ৰখাবলৈ দি খিৰিকীৰ আইনাখন নমাই বাহিৰলৈ মূৰটো উলিয়াই চোৱাত যি দেখিলে খন্তেকৰ বাবে প্ৰথমতে নিজৰ চকু দুটাকে বিশ্বাস কৰিব পৰা নোৱাৰিলে!
—‘যিটো প্ৰীতমে ৰাজনৈতিক দালাল, লম্পট মহেশ্বৰ ফুকনৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে, সমাজৰ এজাক তেনেকুৱা দালালৰ মুখা খোলাৰ উদ্দেশ্যেৰে পৰিকল্পনাৰ ওপৰি পৰিকল্পনা কৰি গ’ল, আজি সেই প্ৰীতম বৰুৱা দালাল মহেশ্বৰ ফুকনৰ লগত একেখন গাড়ীত কেনেকৈ হিয়া?’
—‘এয়াই হ’ল আজিৰ লেতেৰা ৰাজনীতি অভি৷ কথাবোৰ মই সেইদিনা তোমাক লকআপত লগ কৰিবলৈ যাওঁতেই গম পালো৷ থানাৰ আৰক্ষী বিষয়াজনে সেই তেতিয়াই মোক থানাৰ বাহিৰত লগ কৰি কথাখিনি কৈছিল৷ তেখেতে কোৱা মতে মহেশ্বৰ ফুকনৰ সৈতে থানাত গোচৰ লিখাবলৈ সেইদিনা লগত প্ৰীতমো আহিছিল৷’
অভিৰ মুখৰ মাতটো যেন কোনোবাই কাঢ়ি লৈ গ’ল! মানুহ ইমান বিশ্বাসঘাটক কি দৰে হ’ব পাৰে…! কেনেকৈ মগজু বিক্ৰী কৰিব পাৰে মানুহে…! অভিৰ তাত আৰু ৰৈ থকাৰ ধৈৰ্য নহ’ল৷ ক্ৰমাৎ গাড়ীৰ গতি দ্ৰুত হ’ল৷ বাহিৰৰ বতাহজাকে খিৰিকীৰে আহি অভিৰ মুখখনত বাৰুকৈ কোবালে৷ হিয়াই খিৰিকীৰ আইনাখন ওপৰলৈ তুলি দিবলৈ লওঁতেই অভিয়ে ক’লে— ‘থাকিবলৈ দিয়া হিয়া, অভিজ্ঞতা আৰু অনুসূচনাৰ বা এয়া; বাধা নিদিবা…! এই অভিজ্ঞতাৰ বলতেই জীৱনে কাৰাগাৰৰ বাহিৰ-ভিতৰ সকলো দেখুৱালে, এজন অপৰাধী বুলিও নিজৰ সৈতে চিনাকি কৰাই দিলে!’
হিয়াই নীৰৱ-নিস্তব্ধ হৈ অভিৰ হাতখনত ধৰি থাকিল৷ অভিৰ মনৰ অৱস্থাটো হিয়াৰ বাহিৰে আৰু কোনেনো বুজি পাব…!
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।