কবিতা এটা লিখি প্ৰতিবাদ কৰোঁ
ইয়াৰ বাহিৰে কি কৰিব পাৰি
দেশত জুই লাগিছে
মানুহ পাই মৰিছে নে নেপাই মৰিছে
খাই মৰিছে নে নেখায় মৰিছে
কবিতা এটা লিখি প্ৰতিবাদ কৰোঁ
ৰাস্তাত বহি থাকিব নোৱাৰোঁ
সমদল শোভাযাত্ৰা উলিয়াব নোৱাৰোঁ
ক’লা পোছাক পিন্ধিব নোৱাৰোঁ
কিহে বাধা দিয়ে
কোনে কণ্ঠ ৰুদ্ধ কৰে
চিপাহী নে আইন নে কৰ
উজানত পৰা মাছ ধৰিবলৈ খাপ দি থকা
ৰঙা নীলা সেউজীয়া ৰং দেখিলে
খাকী ৰং যেন লাগে
উজাই আহে মুখলৈ গৰম এসোঁতা তেজ
কবিতা এটা লিখি প্ৰতিবাদ কৰোঁ সময়ৰ
কবিতা এটা লিখি প্ৰতিবাদ কৰোঁ ৰঙৰ।
❧ | আৰু পঢ়ক:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...